নমতা বিয়া খোৱা পৰ্ব : (১) বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো
( ১ ) বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো : কথাতে কয় বোলে “ মাতিলে ৰণলৈও যাবা , নামাতিলে সবাহলৈও নাযাবা ” । কিন্তু আমাৰ শৈশৱ আৰু ল ’ ৰালি কালত এই কথাষাৰে আমাৰ ওপৰত বিশেষ কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল । সেইসময়ত আমি নমতা বিয়া অৰ্থাৎ যিবোৰ বিয়ালৈ আমাক নিমন্ত্ৰণ কৰা নাই , তেনেকুৱা কিছুমান বিয়া খাই ফুৰিছিলো আৰু নমতা বিয়া এখন খাই আহি তাত হোৱা ঘটনাবোৰ লগৰীয়াৰ আগত বৰ্ণনা কৰাৰ মজাই বেলেগ আছিল । ‘ মাখি ’ বোলা মানুহ এজনে নমতা বিয়া - বা ৰু বোৰ খাই ফুৰা বিভিন্ন কাহিনীও আমি সেইসময়ত আলোচনা কৰি বৰ ৰস পাইছিলো । এবাৰ আমি এঘৰ মানুহৰ ঘৰত ৰভা দেখি সোমাই গ ’ লো । তেতিয়া আমি ‘ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ’ ( গভৰ্মেন্ট বয়জৰ ) ছাত্ৰ আছিলো । বগা ইউনিফম যোৰৰ লগত এটা বেলেগ ৰঙৰ চোলা লৈ ফু ৰি ছিলো । সেইদিনা চোলাটো সলাই লগৰীয়া কেইজনৰ সৈতে মই নমতা বিয়া ঘৰ এখন ত সোমালো গৈ । তেতিয়া দিনত আজিকালিৰ নিচিনাকৈ বিয়া বাবে ৰঙীন কাপোৰৰ পেণ্ডেল , শ...