Posts

Showing posts from 2020

লক-ডাউন আৰু অনলাইন শিক্ষাদানৰ ব্যৱস্থা

Image
🙏 লক-ডাউন আৰু অনলাইন শিক্ষাদানৰ ব্যৱস্থা 🙏 কৰ'ণা ভাইৰাছ কভিড-১৯ৰ আৱিৰ্ভাৰ লগেলগে আমাৰ দেশত লক-ডাউনৰ সমস্যাই দেখা দিলে, তাৰ লগেলগে দৈনন্দিন জীৱন যাত্ৰা শৈলী স্তব্ধ হৈ পৰিল। স্কুল কলেজসমূহ মৰশালিত পৰিণত হোৱা যেন হ'ল। কেতিয়া আকৌ স্বাভাবিক অৱস্থালৈ ঘূৰি আহিব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু নতুন প্ৰযুক্তি কৌশল সৎ ব্যৱহাৰৰ দ্বাৰা ছাত্র-ছাত্রীসকলক বহুপৰিমাণে সকাহ দিবলৈ পৰা যায়। অসমীয়াত এষাৰ কথা আছে "মন কৰিলে ছন, বাকৰি মাটিতে ধন" (Where there is will, there is way) । আজিৰ যুগ, বিজ্ঞান প্ৰযুক্তি যুগ, ইন্টাৰনেটৰ যুগ। বৰ্তমান সময়ত আটাৰ চাহিদাকৈ ডাটাৰ(Data) চাহিদাহে বেছি। প্ৰায়বোৰ কলেজীয়া ছাত্র-ছাত্ৰীৰ হাতত এনড্রয়েড (Android) জাতীয় ম'বাইল ফোন উপলব্ধ, চৰকাৰেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বা দ্বিতীয় শ্ৰেণীত উত্তীর্ণসকলক লেপটপ কম্পিউটাৰ দিয়া ব্যৱস্থা কৰিছে। ভাৰতবৰ্ষত জিঅ' (Jio) ফোনৰ আৰম্ভণি লগে লগে ইন্টাৰনেটৰ ডাটা সুলভ আৰু সহজ লভ্য হৈ পৰিল। বৰ্তমান সময়ত বিনামূল্যে উপলব্ধ গুগল ক্লাছৰূম (Google Classroom), দীক্ষা (Diksha NCRT) , চে নমস্তে (Say Namaste), জুম (Zoom...

কলিবাৰী নামৰ ইতিবৃত্ত

Image
🙏 🙏  কলিবাৰী নামৰ ইতিবৃত্ত 🙏 🙏 তেজপুৰৰ কলিবাৰী ঠাইডোখৰ অসমৰ এক লেখত ল'বলগীয়া অঞ্চল । কাৰণ এই ঠাই ডোখৰৰ পৰা আধুনিক অসমীয়াৰ সাংস্কৃতিক বিপ্লৱৰ সূচনা হৈছিল । ইয়াতেই বাস কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, লম্বোদৰ বৰা, অসমীয়া বোলছবি জগতৰ ভোটাতৰা নিপন গোস্বামী দেৱৰ পিতৃ মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আদি বহুতো স্বনামধন্য লোকে। এই পূণ্য ভূমিতে বাস কৰিছিল ১৮৭২ চনত কলেজৰ মুখ দেখা অসমৰ পঞ্চম জন আৰু তেজপুৰৰ প্ৰথমজন ছাত্ৰ বেথাৰাম শৰ্মা । এই ঠাইতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বহু কেইজন গুণী-জ্ঞানী , গণ্য-মান্য লোকে নিগাজিকৈ বাস কৰিছিল । এইসকল স্বনামধন্য ব্যক্তিয়ে ইয়াত বাস কৰাৰ প্ৰধান কাৰণ মোৰ বোধেৰে দুটা, কলিবাৰী ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ, বাসস্থানৰ বাবে বৰ উপযোগী অঞ্চল আৰু এই ঠাইডোখৰৰ তেজপুৰ কাছাৰীৰ ওচৰতে অৱস্থিত । অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী 'বন্তি' কলিবাৰীৰ পৰাই ওলাইছিল, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (অঃভাঃউঃসাঃ সভা)তেজপুৰৰ শাখা ১৮৮৮ চনত কল...

মেধাসম্পন্ন যুৱক মাধুৰ্য্যৰ কলিতাৰ পৱিত্ৰ সোঁৱৰণত

Image
🙏 মেধাসম্পন্ন যুৱক মাধুৰ্য্যৰ কলিতাৰ পৱিত্ৰ সোঁৱৰণত 🙏 পলে পলে অনুভৱ কৰো মাথো তোমাৰ, ক্ষণে ক্ষণে বিচাৰি ফুৰো মাথো তোমাক। নেদেখিলো জীবন্তে এবাৰো তোমাক, নহ’ল পৰিচয় মোৰ ভিনিহি বুলি তোমাৰ । বিবাহসূত্ৰে সমদ্ধ হ’ল বাইদেউৰাৰ লগত, খুলশালি বুলি গৌৰৱ কৰো সকলোৰে আগত । পলে পলে অনুভৱ কৰো তোমাৰ অনুপস্হিতি, তোমাৰ স্মৃতিৰি আৱৰি আছে আমাৰ সংসাৰখনি। থাকিলা যদিহে তুমি এই মৰতত, বিচাৰি পালো হয় তোমাক এই জনমত । থাকিলা যদিহে তুমি বিদেশৰ কোনো এটা কোণত, লগ কৰিলোঁহেতেন তোমাক জয় কৰি দিগন্তক । তোমাৰ মুখখনি মিলাব বিচাৰো বহুজনৰ লগত, তোমাৰ গুণসমূহ ভাহি থাকে বহু মহাপুৰুষৰ মাজত । ল’বানে জনম তুমি আমাৰ ঔৰসত, হ’বনে তোমাৰ পিতৃৰ পৰিচয় মোৰ সৌভাগ্যত । ৰৈ আছে তোমাৰ পিতৃ-মাতৃ বহু সপোন দেখি, মাতিবানে তুমি তেওঁলোকক আইতা ককা বুলি। শৰীৰৰ বাবেহে মৃত্যু মাথো এই মৰতত, ল’বনে আত্মাই তোমাৰ জনম আকৌ আমাৰ মাজত । ........মনোজ কুমাৰ হাজৰিকা তাং: ২ মাৰ্চ ২০০৮

চাণক্যৰ ব্যৱস্হাপনা তত্ত্ব (Chanakya’s Management Theory)

Image
চাণক্যৰ   ব্যৱস্হাপনা তত্ত্ব Chanakya’s Management Theory আধুনিক ব্যৱস্হাপনা বা মডাৰ্ন মেনেজমেন্ট ( Modern Management) ১৯৫০ চনৰ পৰাহে চৰ্চা কৰা হৈছিল আৰু পিটাৰ ড্ৰা কাৰক এই ব্যৱস্হাপনাৰ জনক হিচাপে স্বীকৃতি দিয়া হয় ।   কিন্তু পিটাৰ ডাকাৰ যুগৰ বহু আগৰে পৰা আমাৰ ভাৰতবৰ্ষত ব্যৱস্হাপনাকে আদি কৰি বিভিন্ন দিশৰ ওপৰত চিন্তা - চৰ্চা কৰা হৈছিল ।   এগৰাকী মহাত্মাৰ মতে আমাৰ মাতৃভুমিত বহু কিংবদন্তীৰ জন্ম হৈছিল আৰু ইয়াৰ বুৰঞ্জীও আছিল অতি প্ৰাচীন । আমাৰ ঋষিমুনি সকল সাধাৰণ শ্ৰেণীৰ লোক নাছিল ।   তেওঁলোকে তেওঁলোকৰ আধ্যাত্মিক শক্তিৰ দ্বাৰা সৌৰজগত , বিশ্ব ব্ৰহ্মাণ্ড কে আদি কৰি বিভিন্ন দিশত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।   আমি যদি আমাৰ গৌৰৱময় ইতিহাসৰ পাত লুটিয়াই চাওঁ আৰু আমাৰ মহাকাব্যসমূহ অধ্যয়ণ কৰো , বৰ্তমানৰ বহুতো   সমস্যাৰ সমাধান বিচাৰি পাবলৈ সক্ষম হ ’ ম ।   আমাৰ মহাকাব্যসমূহ যেনে   ৰামায়ণ , মহাভাৰত আৰু উপনিষদত ব্যৱস্হাপনা বিষয়ে বহুতো ব্যাখ্যা আৰু কৌশল ( Strategie...