ল'ৰালিতে ধেমালিতে: বিহুঘৰৰ চোৰ
🙏 ল'ৰালিতে ধেমালিতে 🙏 🙏 🙏 বিহুঘৰৰ চোৰ 🙏 🙏 ল'ৰালি কালত মাঘবিহু আহিলে মনতো বহু দিনৰ আগৰে পৰা কৌতুহল আৰু অনাবিল আন্দেৰে ওপচি থাকে । এমাহ মান আগৰে পৰা বিহুঘৰৰ বাবে পাহাৰত খেৰ কাটিবলৈ যোৱা, ৰাতি বিহুঘৰত শুৱৰ বাবে পথাৰত ধানৰ নৰা কটা ইত্যাদি ইত্যাদি। আমাৰ ঘৰৰ ওচৰৰ পাহাৰটোত বহু দীঘল দীঘল উলু খেৰ আছিল। সেইবোৰ কাটিবলৈ ৰানাদাৰ লগত পাহাৰলৈ গৈছিলো। দিনজোৰা কাৰ্যসূচী, দুপৰীয়াৰ আহাৰ পযর্ন্ত লৈ গৈছিলো। ৰাতি আমাক বিহু ঘৰত থাকিবলৈ ঘৰৰ পৰা অনুমতি নিদিছিল। কেতিয়াবা কেতিয়াবা বহু কাকূতি-মিনতি কৰিলে ৰাতি বিহুঘৰত ৰাতি থাকিবলৈ অনুমতি পাইছিলো। বিহুঘৰত ৰাতি থকাৰ প্ৰধান উদ্দেশ্যটো হ'ল ৰাতি চোৰ কৰিবলৈ যোৱাটো। অৱশ্যে আমি চোৰ কৰিবলৈ ৰাতিলৈ অপেক্ষাই নকৰিছিলো। সন্ধিয়াৰ পৰাই নিজ নিজ ঘৰতে লগৰীয়াৰ সৈতে জেওৰাচোৰ, আলু, কবি চোৰ কৰিবলৈ আৰম্ভ কৰি দিছিলো। আমাৰ বিহুঘৰৰ চোৰ প্রধান গুৰু আছিল ৰানাদা। ৰানাদাই কিন্তু আমাক ৰাতি চোৰ কৰিবলৈ লগত নিনিয়ে কাৰণ আমি তেতিয়া সৰু আছিলো, "হাইস্কুলত পঢ়া ল'ৰা নট এলাউড"। এবাৰ ৰানাদাই আমাক চোৰ কৰিবলৈ লগত নিয়াৰ বাবে সন্মতি দিলে। কিন্তু ৰানাদাৰ কথা আখৰে আখৰে...