Posts

Showing posts from December, 2021

Careers in Commerce Course: বাণিজ্য পাঠ্যক্ৰমত কেৰিয়াৰ (বৃত্তিগত বা পেচাগত জীৱন)

  বাণিজ্য পাঠ্যক্ৰমৰ commerce stream ৰ চমু পৰিচয় : আমাৰ ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছতে জীৱনৰ এটা ডাঙৰ   সিদ্ধান্ত ল ' ব লগীয়া হয়। কাৰণ কলা (Arts) ,  বিজ্ঞান (Science ) বা বাণিজ্য (Commerce ) যি কোনো এটা পাঠ্যক্ৰম  তেওঁলোকে বাচি ল ' ব লাগে। আমাৰ ৰাজ্যত যিসকল মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক ডাক্তৰী বা ইঞ্জিনিয়াৰিং পঢ়িবলৈ সাধাৰণতে বিজ্ঞানৰ শাখা ত  (Science stream) নাম ভৰ্তি কৰা দেখা যায় । আৰু বুৰঞ্জী , ৰাজনীতি বিজ্ঞান , সাহিত্য বা শিক্ষা বিষয়ত  অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে কলা শাখা (Arts stream) টোকে বাচি লোৱা দেখা যায়। কিন্তু বাণিজ্য পাঠ্যক্ৰম ৰ  ( Commerce stream ) বিষয়ে বহু তো ছাত্ৰ-ছাত্ৰী য়ে এতিয়াও ভালকৈ বুজি উঠা নাই। ক ' মাচ বা বাণিজ্য পাঠ্যক্ৰম হৈ বিভিন্ন বিষয়ৰ যেনে Accountancy হিচাপ বিজ্ঞান , Management ব্যৱস্থাপনা , Economics, Statistics আদি subject ৰ combination মানে বিষয়সমূহৰ সংযোজনৰ এটি সুকীয়া পাঠ্যক্ৰম । যাৰ দ্বাৰা এজন ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলাৰ লগতে ...

প্ৰসংগ ডেকাৰগাওঁ ৰেলষ্টেচনত পাৰ্কিংৰ ব্যৱস্থা ( Parking at Dekargaon Railway Station): অসমীয়া লোকৰ অব্যৱসায়িক চিন্তাধাৰা

Image
  ডেকাৰগাওঁ ৰেলষ্টেচন তেজপুৰ চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত। তেজপুৰ ষ্টেচনৰ পৰা ৰেল চলাচল কৰা বন্ধ হোৱাৰ পাছৰে পৰা ৰেলেৰে যাত্ৰা কৰিবলৈ হ'লে যাত্ৰীসকল ডেকাৰগাওঁ ৰেলষ্টেচনলৈ যাবলগীয়া হয়। দূৰণিবতীয়া ৰেল সমূহৰ সময়সূচী সাধাৰণতে ব্ৰহ্ম পুৱাতে থাকে। সেইবাবে নিজৰ ব্যক্তিগত বাহন বা বাইক-স্কুটিৰে ষ্টেচনলৈ গ'লে ৰেল ধৰিবলৈ সুবিধা হয়। কিন্তু ডেকাৰগাওঁ ৰেলষ্টেচনত বা ওচৰে পাজৰে আজি দহ বছৰে ভাড়া দি গাড়ী বাইক-স্কুটি ৰখাৰ ব্যৱস্থা গঢ়লৈ উঠা নাই । কেতিয়াবা কোনোবাই নিজৰ গাড়ী বা বাইক-স্কুটিৰে ষ্টেচনলৈ যাবলগীয়া হ'লে ষ্টেচনৰ ওচৰৰ চিনাকি মানুহৰ ঘৰ বিচাৰি ফুৰিব লগীয়া হয়। ৰাতিপুৱা খুব সোনকালে কাৰোবাৰ আমনি কৰাটোও উচিত নহয়। ডেকাৰগাওঁ ৰেলষ্টেচনৰ ওচৰত বেছিভাগ অসমীয়া থলুৱা লোকে বসবাস কৰে। যদি সেইঠাইত অনা-অসমীয়া লোকে বসবাস কৰিলে হেঁতেন এই দহ বছৰত সেই অঞ্চলত পেইড পাৰ্কিং লগতে অন্যান্য ব্যৱসায় বাণিজ্যৰে ডেকাৰগাওঁ ৰেলষ্টেচন বাণিজ্য কেন্দ্ৰলৈ পৰিণত হ'ল হয় । আমাৰ সৰ্বসাধাৰণৰ অসমীয়ালোকে বজাৰ অঞ্চলৰ পৰা আতঁৰি থাকিব বিচাৰে । বজাৰ মানেই যেন বজৰুৱা বুলি ধাৰণা কৰোঁতে কৰোঁতে বজাৰসমূহ অনা-অস...

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

Image
এই বিষয়টো সাম্প্ৰতিক সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয়। শিলালিপি, তামৰলিপি, সাঁচিপাঠৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষা-সাহিত্যৰ ক্ৰম বিকাশ কাগজী লিপি, অৰুনোদইৰ যুগৰ ছপা বা মুদ্ৰিত আখৰৰ মাধ্যমেৰে আহি আহি ডিজিটেল যুগত প্ৰবেশ কৰিছে। এইয়াই হৈছে পৰিবৰ্তন, যাক কোনেও নুই কৰিব নোৱাৰে। কিন্তু চিন্তনীয় বিষয় হ'ল এই পৰিবৰ্তন অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বাবে যুগাত্মক নে ঋণাত্মক, আৰ্শীবাদ নে অভিশাপ। ভাষা ক্ষেত্ৰত ক'বলৈ গ'লে ডিজিটেল মাধ্যমত বিশেষ কৈ মোবাইল ফোন সমূহত যি অসমীয়া ভাষা ব্যৱহাৰ দেখা সেইবোৰ চিন্তনীয় বিষয় । কাৰণ অনা অসমীয়া শব্দৰে বা আনৰ পৰা ধাৰ কৰা অসমীয়া সাহিত্য চৰ্চাৰ কৰাটো অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়। তাতোকৈ ডাঙৰ কথা অসমীয়া ভাষা লিখোঁতে দেখা যায় যে বহুসংখ্যক নবপ্ৰজন্মই ইংৰাজী বৰ্ণমালাৰ ব্যৱহাৰ কৰে। ই অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত বাধা সৃষ্টি কৰিব, বিশেষকৈ ইউনিক'ডত অসমীয়া ভাষাৰ সুকীয়া অস্তিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰতটো বাধাৰ সৃষ্টি কৰিব। কাৰণ ইউনিক'ডত ভাষা এটাৰ আখৰ বা চিহ্নসমূহ গণণা কৰা হয়। সেই গণণাৰ ওপৰত ভিত্তি কৰি এটা ভা...

মানুহৰ প্ৰকৃত আয়ুস কাল মাত্ৰ চল্লিচ (৪০) বছৰহে । কিয়? জানো আহক

Image
  ভগৱানে সৃষ্টি সময়ত সকলো প্ৰাণীকে ৪০ বছৰকৈ আয়ুস দি পৃথিবীলৈ পঠাইছিল। কিন্তু জীৱশ্রেষ্ঠ মানুহে ইমান সুন্দৰ পৃথিবীখনত মাত্ৰ ৪০ বছৰ জীৱনকলৈ সন্তুষ্ট নাছিল। সেয়েহে ভগৱানৰ ওচৰত জীৱনৰ আয়ুস বৃদ্ধি কৰিবলৈ প্ৰাৰ্থনা জনালে। তেনেতে গাধৰূপী জীৱই ভগৱানক প্ৰাৰ্থনা কৰিলে যে, "হে, ভগৱান তুমিনো আমাক কি জীৱন দিলা। গোটেই জীৱনটো আনৰ বোজা কঢ়িয়াই থাকোতে যায়। পাৰিলে আমাৰ আয়ুস অলপ কম কৰি দিয়া।" গাধৰ প্ৰাৰ্থনা শুনি ভগবানে গাধৰ আধা আয়ুস কমাই সেই আধা আয়ুস মানুহক দিলে আৰু মানুহৰ আয়ুস ৪০ পৰা ৬০ বছৰলৈ বৃদ্ধি হ'ল। তথাপিও কিন্তু মানুহ সন্তুষ্ট হোৱা নাছিল। এইবাৰ কুকুৰে আহি ভগবানক প্ৰাৰ্থনা কৰিলে, "হে ভগৱান, আমাৰনো কি জীৱন দিলা। গোটেই জীৱনটো আনৰ ৰখীয়া হৈ থাকোতেই যায় আৰু আনৰ খাই জীয়াই থাকিবলগীয়া হয়। সেইবাবে আমাৰ আয়ুস অলপ কম কৰি দিয়া। " ভগৱানে কুকুৰ আয়ুসও আধা কৰি, কুকুৰৰ ২০ বছৰ আয়ুস মানুহকে দিলে। আৰু মানুহৰ আয়ুস ৮০ বছৰ হ'ল গৈ। তাৰপিছত ফেঁচা আহি ভগৱান প্ৰাৰ্থনা জনালে যে তেওঁলোকৰো আয়ুস কম কৰি দিব লাগে। কাৰণ দিনৰ দিনটো ফেঁচাই চকু-কাণ মুদি কণা-কলা হৈ বহি থকাৰ বাদে আন কোনো ...

প্ৰাত:ভ্ৰমণ (Morning Walk)

Image
প্ৰাত:ভ্রমণ মোৰ এক পুৰণিকলীয়া অভ্যাস। সৰুতে মায়ে কৈছিল "শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে" । এই কথাষাৰেই মোৰ পোহৰ হোৱাৰ পাছত বিচনাত শুই থাকিব দিয়া নাছিল। পঢ়ি থকাৰ কালচোৱাত আন্ধাৰে-মোন্ধাৰে মৰ্নিংৱাক কৰিবলৈ যাওঁ। এবাৰ উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে ঘড়িৰ এলাম বজা শব্দ নুশুনি লৰালৰিকৈ উঠি মৰ্নিংৱাক লৈ ওলালোঁ। ভাবিলোঁ আজি বহু দেৰিয়েই হ'ল, কাৰণ আনদিনা দেখাৰ দৰে ঘৰৰ ওচৰৰ মহেন্দ্র বৰদেউতাই ফুল চিঙি থকা দেখা নাই। অচিন্তদাৰ মায়েও আনদিনাৰ দৰে বেলপাত পাৰি থকা দেখা পোৱা নাই, মাত্র জিলীপোকৰ ঝিঁ ঝিঁ শব্দহে মোৰ কাণত বাজি আছে। লাহে লাহে দৌৰি দৌৰি অগ্নিগড় পাহাৰৰ ফালে আগুৱাই গ'লো। তেতিয়া অগ্নিগড় পাহাৰ আজিৰ দৰে বেৰাৰে আগুৰা নাছিল। গছ গছনিৰে ভৰা এটি মুক্ত পাহাৰ আছিল য'ত মৰ্নিংৱাকত অহা প্ৰায় সকলো মানুহে আসন ব্যয়াম আদি কৰিছিল। এনেদৰে লাহে লাহে দৌৰি গৈ মই জিলা কাৰাগাৰৰ (জেলৰ)ওচৰ পালোঁ গৈ। সেইসময়ত আলফা পহৰা দিবলৈ টঙিঘৰ সাজি পুলিচে পহৰা দি আছিল। এজন পুলিচে টঙিঘৰৰ পৰা মাত লগাগে " ভাইটি আজি যে মাজৰাতিতে আহিলা কিয়?" মই প্ৰথমে ভাবিলোঁ, মোক চাগৈ ঠাট্টাহে কৰিছে, পিছত...

ৰাজপথৰ আন্দোলন বনাম ব্যৱসায়-বাণিজ্য

Image
  গণতান্ত্রিকভাবে দেশৰ জনতাই চৰকাৰী পক্ষৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ এক সৰল মাধ্যম হ'ল আন্দোলন, অসহযোগ বা সত্যাগ্ৰহ। কিন্তু ৰাজপথৰ আন্দোলন আৰু ব্যৱসায়-বাণিজ্যৰ উন্নয়ন যেন এটা মুদ্রা দুটা বেলেগ বেলেগ পিঠি। উন্নয়ন হ'লে আন্দোলনৰ সৃষ্টি সাধাৰণতে নহয় আনহাতে আন্দোলন আকৌ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান হেঙাৰ স্বৰূপ। যিখন দেশত বা ৰাজ্যত প্ৰায়ে আন্দোলন, অৰাজকতা সৃষ্টি হৈ থাকে, বন্ধ সংস্কৃতিয়ে গঢ় লৈ উঠে, আইন-কানুনৰ ব্যৱস্থা অতি দূৰ্বল সেই দেশত বা ৰাজ্যত অৰ্থনৈতিক উন্নয়ত আশা কৰাটো কল্পনাৰ অগোচৰ। এটা কথা ঠিক, জাতিৰ পিতা মহাত্মা গান্ধীয়ে বৃটিছৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবৰ বাবে যি গণ আন্দোলন কৰিছিল তাৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। কিন্তু ইতিহাসৰ পাতত এনে কিছুমান বিষয়বস্তু লুকাই আছে যি নেকি গান্ধীজীৰ সেই আন্দোলনক বহুক্ষেত্ৰত প্ৰত্যাহ্বান জনাই আহিছে। আচলতে বৃটিছসকলে ভাৰতবৰ্ষ ত্যাগ কৰাৰ একমাত্র কাৰণ স্বাধীনতা আন্দোলনই নেকি বুলি বহুতে প্ৰশ্নৰ উদয় কৰে। এইবোৰ বিতৰ্কিত বিষয়লৈ নোযোৱাই ভাল। কিন্তু অসমত পৰৱৰ্তী পৰ্যায়ত যিবোৰ আন্দোলন হৈছিল তাৰ বেছি ভাগৰে সুফলকৈ কুফলৰ প্ৰভাৱৰ ফলত জাতিটো য...

১৯ শতিকাৰ এজন সফল ব্যৱসায়ী: সাউদ ভোলানাথ বৰুৱা

Image
  ১৯ শতিকাৰ এজন সফল ব্যৱসায়ী: সাউদ ভোলানাথ বৰুৱা কোনে কয় অসমীয়া মানুহে ব্যৱসায় বাণিজ্য কৰিব নাজানে বুলি! ভাৰতীয় সফল ব্যৱসায়ী জাতিৰ কথা ওলালে সততে নাম লোৱা হয় গুজৰাটী, মাৰোৱাৰী, পাঞ্জাবী বা বেঙ্গলীসকলৰ । কিন্তু ১৯ শতিকাতে স্বদেশৰ লগতে বিদেশতো সফলতাৰে ব্যৱসায় সাম্রাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া ব্যৱসায়ী হ'ল সাউদ ভোলানাথ বৰুৱা। যিদৰে বৰ্তমানৰ টাটা গ্ৰুপৰ স্বত্বাধিকাৰ ৰতন টাটা দানবীৰ টাটা হিচাপে পৰিচিত, ঠিক সেইদৰে ১৯ শতিকাৰ সাউদ ভোলানাথ বৰুৱা কোনো গুণে কম নাছিল। ১৯২০ চনতে কাৰিকৰি প্ৰযুক্তি বিদ্যাৰ উন্নয়ণৰ বাবে ১ লাখ টকাৰ ন্যাস গঢ়িছিল । আজিৰ হিচাপত প্ৰায় এশ কোটি টকা হ’ব । অসম চৰকাৰক প্ৰাথমিক শিক্ষাৰ বাবে আগবঢ়াইছিল কোটি টকাৰ সম্পদ । ১৯২২ চনত ব্ৰিটিছ চৰকাৰক যোৰহাটত " প্ৰিঞ্চ অৱ ৱেলছ " ( Prince of Wales) নামেৰে এখন কাৰিকৰী বিদ্যালয় স্হাপন কৰিবলৈ নগদ ১ লাখ টকাৰ অনুদান আগবঢ়াইছিল। অসমত দানবীৰ, বেঙ্গলত ‘টিম্বাৰ প্ৰিঞ্চ’ আৰু উৰিষ্যাত ‘জুট মাৰ্ছেন্ট’ ৰূপে খ্যাত সাউদ ভোলানাথ বৰুৱাই অকল যে অসমৰ বাবে দান বৰঙণি আগবঢ়াইছিল এনে নহয়; বিশাখাপট্টনমৰ কিং জৰ্জ হস্পিতা...

গৰুবিহু নে পেতবিহু (Pet Bihu)

Image
  গৰুবিহু নে পেতবিহু (Pet Bihu) পহিলা বহাগৰ আগদিনা হ'ল গৰুবিহু। গৰুবিহু পতাৰ প্ৰধান উদ্দেশ্য হ'ল গৰু অসমীয়া জনজীৱনৰ এক এৰাব নোৱাৰা সম্পদ আছিল। গাখীৰ দৈ, ক্ৰীম বা খেতিবাতিকে আদি কৰি সকলো ক্ষেত্রতে গৰুৰ অৱদান নুই কৰিব নোৱাৰি। আনকি মৰা গৰুৰ ছালৰ পৰাহে বিহুৰ ঢোল বনাব পাৰি। সেইবাবে দোমাহীৰ দিনা আন আন বিহু পতাৰ আগতে গৰুবিহু পতা হয়। ৰাতিপুৱা গৰুক মাহ হালধিৰে গা ধুৱাই, লাও খা, বেঙেনা খা বুলিকৈ পথাৰলৈ পঠিয়াই দিয়ে। সন্ধিয়া গৰু ঘৰলৈ ঘূৰি আহোতে দীঘলটি মাখিয়তী পাতৰে আদৰি আনি নতুন পঘা লগোৱা হয়। কিন্তু লাহে লাহে যুগৰ পৰিবৰ্তন লগে লগে কুকুৰ আজিকালি যেন অসমীয়াৰ জন জীৱনৰো বিশেষকৈ চহৰীয়া মানুহখিনিৰ অপৰিহাৰ্য্য হৈ পৰিছে। বহু ক্ষেত্রত গৰুতকৈ কুকুৰ অৱদানহে বেছিকৈ পৰিলক্ষিত হৈছে। তাৰ অৱশ্যে কেইবাটাও কাৰণ আছে যেনে আজিকালি পথাৰ, মেৰ আদি নোহোৱাৰ বাবে গৰু পোহাটো সহজ কথা নহয়। ধুনীয়া ধুনীয়া অট্টালিকা সমূহৰ লগত গোহালিটো কল্পনা কৰিব নোৱাৰা কথা। কিন্তু কুকুৰ পোহাৰ ক্ষেত্রত এনেবোৰ অসুবিধাবোৰ নাই । কুকুৰ হৈছে প্ৰভুভক্ত জীৱ তাতে আকৌ বিলাতী হ'লেটো কথাই বেলেগ। কুকুৰ থকা ঘৰটো (Kennel) অট্টালিক...

মই এজন হিন্দু সনাতন

Image
  মই এজন হিন্দু, কাৰণ মই হিন্দু ধৰ্মাৱলম্বী পিতৃ-মাতৃৰ ঔৰসত জন্ম লভিছোঁ । মই মোৰ ধৰ্মকলৈ যিদৰে গৌৰৱ কৰোঁ, তেনেদৰে আনৰ ধৰ্মকো সমানে সন্মান কৰোঁ । মোৰ বাবে মন্দিৰ, মচজিদ, কোনো প্ৰভেদ নাই । সন্ধ্যা নামঘৰৰ দবা বজালে যেনেদৰে সেৱা কৰোঁ, মচজিদৰ আজান শুনিলেও সেৱা কৰোঁ আৰু ৰাতিপুৱা গীৰ্জাৰ ঘণ্টা বজা শুনিলেও সেৱা কৰোঁ। মোৰ মান সকলো সমান। সকলোতে মই সৰ্বশক্তিমান, সৰ্ববিদ্যমান, নিৰাকাৰ জনকে উপলব্ধি কৰোঁ। মই তথাকথিত ব্ৰাহ্মণ, গোসাই কুলত জন্ম নহ’লেও, ঘৰত নিত্য পূজা অৰ্চনা কৰোঁ । ভগবানৰ ওপৰত অগাধ বিশ্বাস আছে বাবে অন্ধবিশ্বাসৰ পৰা মই বহু আতঁৰত । সপ্তাহ এদিন হ’লেও মন্দিলৈ যাওঁ, পূজাৰীৰ আৰ্শীবাদ ল’বলৈ নহয়, মনৰ প্ৰশান্তিৰ বাবে । সামাজিক ৰীতি-নীতি পালন কৰি, দেৱ-দেৱীৰ পূজা অৰ্চনাত ভাগ ল'লেও, প্ৰকৃতাৰ্থৎ মই এজন সনাতন। এচাম লোকে কৰাৰ দৰে ধৰ্মকলৈ মই কোনো দিন ৰাজনীতি বা ব্যৱসায় কৰা নাই আৰু কেতিয়াও নকৰো । মোৰ মতে পৃথিৱীৰ কোনো ধৰ্মই মানৱ কল্যাণৰ পৰিপণ্হী হ’ব নোৱাৰে আৰু যদি হয় তেন্তে সেইয়া ধৰ্মই নহয় । অৱশ্যে এচাম দুস্কৃতিকাৰীয়ে সদায় নিজ নিজ ধৰ্মক বিপথে পৰিচালিত কৰি অহা দেখা যায় আৰু তাৰ সবল প্ৰতিবাদ আমি সকলোৱ...

যেতিয়া নিজৰ ইনকাম (আয়) নাথাকে, তেতিয়া পইচা বচোৱাই হ'ল ইনমাম

Image
  জোনাকী হলত এদিন চিনেমা চাবলৈ যাওঁতে মোৰ এজন স্কুলীয়া বন্ধু লগ পালোঁ। মই তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলো আৰু মোৰ বন্ধুজনে দিল্লী বিশ্ববিদ্যালয়ত অৰ্থনৈতিক বিভাগত অধ্যয়ন কৰি আছিল । বহুদিনৰ মূৰত দুয়ো দুয়োকে লগ পোৱাত আন্তৰিকতাৰ জোৱাৰ নামি আহিছিল। তেনেতে বন্ধুজনে মোক সুধিলে, " তই চিনেমাখনৰ টিকেট কিনিলি নেকি? " মই বোলো "নাই কিনা।" সি ক'লে, "তেন্তে ঠিক আছে । মই মানে চিনেমা চোৱাৰ কথা নাছিল, কিন্তু খুড়া এজনে মোক ড্ৰেচ চাৰকুলৰ ( ভি: আই: পি: ক্লাচৰ) টিকেট এটা কিনি দিলে। তই যদি ইচ্ছা ক'ৰ মোৰ টিকেটটোকে কিনি চিনেমাখন চাব পাৰ। " মই বোলো ঠিক আছে। মই বন্ধুজনৰ পৰা টিকেটটো কিনি চিনেমাখন চালো। চিনেমাখন শেষ হোৱাৰ পাছত বন্ধুজনকো চিনেমা হ'লৰ ছেকেণ্ড ক্লাচৰ পৰা চিনেমাখন চাই ওলাই অহা দেখিলো। মই সুধিলো "তইটো চিনেমা চোৱাৰ কথা নাছিল ? " সি ক'লে পিছত মন গ'ল বাবে চাই দিলো"। সি মোক অৰ্থনীতিৰ নতুন ফৰ্মুলা এটা কথা শিকাই দিলে যে "যেতিয়া নিজৰ ইনকাম (আয়) নাথাকে, তেতিয়া পইচা বচোৱাটোৱেই হ'ল ইনকাম।" সি ড্ৰেচ চাৰকুলৰ ট...