"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"
এই বিষয়টো সাম্প্ৰতিক সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয়।
শিলালিপি, তামৰলিপি, সাঁচিপাঠৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষা-সাহিত্যৰ ক্ৰম বিকাশ কাগজী লিপি, অৰুনোদইৰ যুগৰ ছপা বা মুদ্ৰিত আখৰৰ মাধ্যমেৰে আহি আহি ডিজিটেল যুগত প্ৰবেশ কৰিছে। এইয়াই হৈছে পৰিবৰ্তন, যাক কোনেও নুই কৰিব নোৱাৰে। কিন্তু চিন্তনীয় বিষয় হ'ল এই পৰিবৰ্তন অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বাবে যুগাত্মক নে ঋণাত্মক, আৰ্শীবাদ নে অভিশাপ।
ভাষা ক্ষেত্ৰত ক'বলৈ গ'লে ডিজিটেল মাধ্যমত বিশেষ কৈ মোবাইল ফোন সমূহত যি অসমীয়া ভাষা ব্যৱহাৰ দেখা সেইবোৰ চিন্তনীয় বিষয় । কাৰণ অনা অসমীয়া শব্দৰে বা আনৰ পৰা ধাৰ কৰা অসমীয়া সাহিত্য চৰ্চাৰ কৰাটো অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়। তাতোকৈ ডাঙৰ কথা অসমীয়া ভাষা লিখোঁতে দেখা যায় যে বহুসংখ্যক নবপ্ৰজন্মই ইংৰাজী বৰ্ণমালাৰ ব্যৱহাৰ কৰে। ই অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত বাধা সৃষ্টি কৰিব, বিশেষকৈ ইউনিক'ডত অসমীয়া ভাষাৰ সুকীয়া অস্তিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰতটো বাধাৰ সৃষ্টি কৰিব। কাৰণ ইউনিক'ডত ভাষা এটাৰ আখৰ বা চিহ্নসমূহ গণণা কৰা হয়। সেই গণণাৰ ওপৰত ভিত্তি কৰি এটা ভাষাৰ স্বীকৃতি প্ৰদান কৰা হয়। সেইবাবে আমি যিমান পাৰোঁ ইন্টাৰনেটত অসমীয়া লিপিৰ ব্যৱহাৰ কৰি লিখা মেলা কৰিব লাগে। বিশেষকৈ ফেচবুকত বা ফেচবুকৰ পেজ, ই-ব্লক, ই-আলোচনী সমূহত অসমীয়া লিপিৰে অসমীয়া ভাষা-সাহিত্যৰ বিকাশ কৰাটো আৱশ্যক। আজিকালি মোবাইল অসমীয়া লিখিবলৈ অসমীয়া কী-বৰ্ডৰ অভাৱ নাই । মোবাইল কোম্পানীসমূহে মোবাইল ফোন উৎপাদন কৰোতে অসমীয়া ভাষা মোবাইল সমূহত সন্নিবিষ্ট কৰাৰ ওপৰিও ৰ'দালি, ৰামধেনু, জাহ্নৱী, লাচিত আদি অসমীয়া কী-বৰ্ডসমূহ সহজে উপলব্ধ।
সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ক'বলৈ ডিজিটেল মাধ্যমে অসমীয়া সাহিত্যৰ 'ই-জোনাকি যুগ'ৰ সূচনা কৰিছে। যিসময়ত যুৱচামৰ সাহিত্য চৰ্চাকলৈ বুদ্ধিজীৱী সকলে উদ্বেগ প্ৰকাশ কৰিছে, সেই সময়তে নতুন যুৱক যুৱতীসকলে চচিয়েল মিডিয়া/ ফেচবুকৰ জড়িয়তে সাহিত্য ক্ষেত্ৰতখনত নিজকে আত্মপ্ৰকাশ কৰিছে। ই-সাহিত্যৰ কেইবাটাও সুবিধা আছে । যেনে মুদ্ৰনৰ খৰছ অবিহনে একোখন উপন্যাস বা পুথি স্বতন্ত্ৰভাৱে প্ৰকাশক কৰিব পাৰে । লেখক আৰু পাঠকৰ মাজত এটা প্ৰত্যক্ষ সম্পৰ্ক গঢ়লৈ উঠে। লগতে ফেচবুকৰ বিভিন্ন গোটসমূহে যেনে 'অসমীয়াত কথা বতৰা, অসমীয়া ভাষা-সাহিত্য' আদি গোটে ন-লেখাৰুসকলক উদ্গনি যোগায় আহিছে। লগতে নতুন নতুন লেখক, কবি, সাহিত্যক সৃষ্টি কৰিছে।
সংস্কৃতিৰ বিষয়ে ক'বলৈ গ'লে মোবাইল ফোনৰ ইন্টাৰনেটৰ ব্যৱস্থা সুলভ হোৱা আৰু চচিয়েল মিডিয়া বহুল ব্যৱহাৰে বিশেষ কৈ সাংস্কৃতিক জগতখনৰ অমূল পৰিবৰ্তন সাধন কৰিছে । শিল্পীসকলে নিজেই নিজৰ একোখন কৈ মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো ন ন শিল্পীৰ সৃষ্টি হৈছে। অৱশ্যে পেচাদাৰী শিল্পী হোৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা নাই ।
আৰু বিশেষ নকও , আজি বিশিষ্ট বক্তাই এই বিষয়ৰ ওপৰত বিষদভাৱে আলোচনা কৰিব বুলি আশা কৰিলোঁ।
শেষত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ নতুন নতুন আবিষ্কাৰসমূহৰ দুটা দিশ থাকে। এটা ভাল দিশ আৰু এটা বেয়া দিশ। বেয়া দিশসমূহ ত্যাগ কৰি ভাল দিশেৰে আগুৱালে নিশ্চয় অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিত মোবাইল ফোনৰ ব্যৱহাৰ আৰ্শীবাদ স্বৰূপ হ'ব।
ড০ মনোজ কুমাৰ হাজৰিকা
Comments
Post a Comment