গৰুবিহু নে পেতবিহু (Pet Bihu)
গৰুবিহু নে পেতবিহু (Pet Bihu)
পহিলা বহাগৰ আগদিনা হ'ল গৰুবিহু। গৰুবিহু পতাৰ প্ৰধান উদ্দেশ্য হ'ল গৰু অসমীয়া জনজীৱনৰ এক এৰাব নোৱাৰা সম্পদ আছিল। গাখীৰ দৈ, ক্ৰীম বা খেতিবাতিকে আদি কৰি সকলো ক্ষেত্রতে গৰুৰ অৱদান নুই কৰিব নোৱাৰি। আনকি মৰা গৰুৰ ছালৰ পৰাহে বিহুৰ ঢোল বনাব পাৰি। সেইবাবে দোমাহীৰ দিনা আন আন বিহু পতাৰ আগতে গৰুবিহু পতা হয়। ৰাতিপুৱা গৰুক মাহ হালধিৰে গা ধুৱাই, লাও খা, বেঙেনা খা বুলিকৈ পথাৰলৈ পঠিয়াই দিয়ে। সন্ধিয়া গৰু ঘৰলৈ ঘূৰি আহোতে দীঘলটি মাখিয়তী পাতৰে আদৰি আনি নতুন পঘা লগোৱা হয়। কিন্তু লাহে লাহে যুগৰ পৰিবৰ্তন লগে লগে কুকুৰ আজিকালি যেন অসমীয়াৰ জন জীৱনৰো বিশেষকৈ চহৰীয়া মানুহখিনিৰ অপৰিহাৰ্য্য হৈ পৰিছে। বহু ক্ষেত্রত গৰুতকৈ কুকুৰ অৱদানহে বেছিকৈ পৰিলক্ষিত হৈছে। তাৰ অৱশ্যে কেইবাটাও কাৰণ আছে যেনে আজিকালি পথাৰ, মেৰ আদি নোহোৱাৰ বাবে গৰু পোহাটো সহজ কথা নহয়। ধুনীয়া ধুনীয়া অট্টালিকা সমূহৰ লগত গোহালিটো কল্পনা কৰিব নোৱাৰা কথা। কিন্তু কুকুৰ পোহাৰ ক্ষেত্রত এনেবোৰ অসুবিধাবোৰ নাই । কুকুৰ হৈছে প্ৰভুভক্ত জীৱ তাতে আকৌ বিলাতী হ'লেটো কথাই বেলেগ। কুকুৰ থকা ঘৰটো (Kennel) অট্টালিকাসমূহৰ আগত থাকিলে তাৰ সুবাসহে বঢ়াই। তাতে আজিকালি প্ৰায়বোৰ মানুহ জনসমাবেশৰ মাজতো অকলশৰীয়া। তেওঁলোকৰ বাবে কুকুৰটোৱেই হৈছে সকলোতকৈ আপোন। দিনে দিনে বিদেশী কুকুৰ প্ৰতি মানুহৰ চাহিদা বাঢ়ি অহাৰ লগেলগে বিদেশী কুকুৰৰ এটা ভাল ব্যৱসায়ো গঢ় লৈ উঠিছে৷ এনেবোৰ কাৰণতে বহাগৰ দোমাহীৰ দিনা লাহে লাহে গৰুবিহুৰ ঠাইত পেতবিহু কৰাটো উচিত। ঘৰচীয়াৰ ঠাইত পোহনীয়া কৰা যাওঁক। তেতিয়া সকলোৱেই এই বিহুৰ আনন্দ ল'ব পাৰিব। বহাগৰ দোমাহীৰ ৰাতিপুৱা কুকুৰটো মাহ হালধি ঠাইত দামী দামী চাবোন চেম্পু আদিৰে গা ধুৱাই। তেতিয়া "মাংস খা , হাড়দি খা বছৰে বছৰে বাঢ়ি যা", বুলি গাবও পাৰিব। ধন্যবাদ 
ড০ মনোজ কুমাৰ হাজৰিকা

Comments
Post a Comment