এৰি অহা দিনবোৰ

😢😢😢এৰি অহা দিনবোৰ: তেজপুৰ গভৰ্ণমেন্ট বয়জৰ 😢😢😢
প্ৰাইমাৰী স্কুলত নাম লগোৱাৰ পিছৰে পৰা মাত্ৰ  দুটা প্ৰধান লক্ষ্য, এটা হ'ল চতুর্থ শ্রেণীৰ বৃত্তি পোৱা আৰু আনটো হ'ল তেজপুৰ গভৰ্ণমেন্ট বয়জত অৰ্থাৎ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিট পোৱা। মই অলপ চুটি চাপৰ হোৱাৰ বাবে সকলোৱে মোক ভয় খোৱাইছিল যে গভৰ্ণমেন্ট বয়জ স্কুলত চিট পালেও মই তাৰ বেঞ্চবোৰ ঢুকি  নাপাম বুলি। 
১৯৮৪ চনৰ গভৰ্নমেন্ট বয়জৰ চিট পৰীক্ষাত মই চিট পালো। ঘৰ ওচৰ চুবুৰীয়াৰ শুভেচ্ছা বাণীৰে ভৰি পৰিছে, যেন মই ডাক্তৰ ইন্জিনিয়াৰীং পঢ়িবলৈহে চিট পাইছো। তেতিয়াৰ দিনত গভৰ্ণমেন্ট বয়জ স্কুলত চিট পোৱাটো ডাক্তৰ ইন্জিনিয়াৰীং পঢ়িবলৈ চিট পোৱা দৰেই আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ এখন লেখত ল'বলগীয়া শিক্ষা অনুষ্ঠান। ক্লাচ ফাইভত   অলপ আচহুৱা আচহুৱা  যেন অনুভৱ হৈছিল। কাৰণ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা মই অকলশৰীয়া আছিলো। কাৰ্মে মেমোৰিয়েল স্কুল আৰু চিলভাৰ জুবিলি স্কুলৰ ল'ৰাবোৰ লগত পাত্তাই পোৱা নাছিলো। প্ৰথম মোৰ লগত বন্ধু হৈছিল মাধুর্য মহন্ত আৰু পৰিমল সৰকাৰ। মাধুর্য আছিল ফাৰ্ষ্ট বয় আৰু পৰিমল আছিল মোৰ দৰে চুটি চাপৰ। 'ম' আখৰটোৰ বাবে মানস লহকৰ, মনজিৎ শইকীয়া, মানব বৰুৱা পৰীক্ষাৰ বন্ধু হৈ পৰিল। লাহে লাহে এজন দুজনকৈ বন্ধু বাঢ়ি উজ্জ্বল শৰ্মা, ৰানা প্ৰতাপ বৰ্মন, শশাংক শৰ্মাৰ লগ পালো। শশাংক শৰ্মাৰ লগ পোৱাৰ পিছত স্কুলীয়া জীৱনৰ গতি সলনি হৈ গ'ল। যিমান বোৰ ল'ৰালি দুষ্টামি সুপ্ত অৱস্থাত আছিল শশাংকৰ লগ পাই সেইবোৰৰ পূৰ্ণ গতিত বিকাশ ঘটিছিল। আমি একেখন বেঞ্চতে শশাংক, উজ্জ্বল, ৰানাপ্ৰতাপ, মই আৰু পংকজ শৰ্মা ওৰফে গোৱৰ  বহিছিলো ।  শশাংক আছিল মোৰ আৰু উজ্জ্বলৰ বদমাছীৰ গুৰু আৰু লিডাৰ। আমাৰ উৎপাতত ক্লাছৰ বাকীবোৰৰতো শান্তি নাছিলেই  ছাৰ বাইদেউহঁতেও অশান্তি পাইছিল। আমি কৰা  সকলো বদমাছীৰ ফ'কাচত  মই থাকো আৰু ছাৰ সকলৰ পিটন  আৰু কাণ চেপা  ময়েই খাবলগীয়া হয় । কাৰণ  শশাংক পঢ়াত চোকা কাৰণে সাৰি গৈছিল আৰু উজ্জ্বল ছাৰৰ ল'ৰা হিচাপে। মোৰ সকলোতকৈ ভয় খোৱা দুটা ক্লাচ আছিল। এটা হ'ল শ্ৰদ্ধাৰ বিশ্ব বিজয় বৰুৱা ছাৰৰ ইংৰাজী ক্লাচ আৰু শ্ৰদ্ধাৰ নৰেণ শইকীয়া ছাৰৰ সংস্কৃতৰ ক্লাচ। ক্লাচত পিটন খোৱাৰ সকলোৰে ৰেকৰ্ড মই ভংগ কৰিছিলো। বিশ্ব বিজয় ছাৰক দেখিলেই মোৰ বুকু কপি উঠে। দেখাতেই ইংৰাজৰ নিচিনা আৰু ইংৰাজী ও কয় ইংৰাজৰ নিচিনাকৈ। মোৰ বাবে সাইলাখ 'Imp of the Pleasant Bread' ৰ ' Devil' . ২০ টা ইংৰাজী শব্দ ভিতৰত মোৰ ভাগত বৰ্ডত লিখিবলৈ সদায় মই নোৱাৰাটোৱেই পৰে। ছাৰে কয়, " মই জানিছিলো হাজৰিকা পোৱালী , তই এইটো নোৱাৰিবি বুলি। " তেওঁ উজ্জ্বলক সদায় সাৱধান কৰে যে " তই ইয়াৰ লগত  নবহিবি। বৰ্বাদ হৈ যাবি, বুজিলি" । শশাংকহতৰ লগ পাই সংস্কৃত বিষয়টো ল'লো, কিন্তু শ্লোকবোৰ আৰু সংস্কৃত ব্যাকৰণ মুখস্থ কৰিব নোৱাৰা ফলত নৰেণ শইকীয়া ছাৰৰ খুব পিটন খাইছিলো। কপিল দেৱে যেনেদৰে ক্রিকেট ফিল্ডত বেটেৰে বল পিটে, ঠিক তেনেদৰে নৰেণ শইকীয়া ছাৰও আমাক  পিটে। সেইবাবে ছাৰৰ নাম থৈছিলো  কপিল দেৱ। দেখাটো দাড়িয়ে মোছে কপিল দেৱ যেনেই লাগে। এদিন তেওঁ মোক লগ পাই সোধিছিল, "কি কৰি আছ তই? " মই বোলো ইউনিভাৰ্চিটিত পঢ়ি আছো। ছাৰে আচৰিত হৈ কৈছিল " তই ইউনিভাৰ্চিটি পালি গৈ নে?  বৰ ভাল কথা " । ছাৰে ভাবিছিল মই মেট্ৰিক দিয়াৰ পিছত ছাগৈ পঢ়া শুনা বাদেই দিম নেকি। শশাংকৰ লগত পাই কি কি যে বদমাছী কৰা নাছিলো। আমি ঘৰৰ বাইদেউ-ভন্তীৰ মূৰত মৰা ৰবৰ নি  গুল্টি বনাই কাগজেৰে নুৰা কৰি ক্লাচ চলি থকাৰ সময়ত ল'ৰাবোৰৰ ডিঙি মাৰো । সিহঁতৰ পৰুৱাই কামুৰা যেন লাগে । এবাৰ ক্লাচ নাইনত প্ৰণৱ মজুমদাৰ ছাৰে ৰোলক'ল কৰি থাকোতে এটা ল'ৰালৈ বুলি কাজগৰ নুৰা মাৰোতে গৈ মজুমদাৰ ছাৰৰ নাকত লাগিল গৈ। ছাৰে পিছে খং নকৰাকৈ বৰ মৰমেৰে সোধিছিল, " কোনে এই বস্তুটো আবিষ্কাৰ কৰিছে। তেওঁ ভবিষ্যতে এজন মহান বৈজ্ঞানিক হ'ব পাৰিব। " বুলি বহুতো ভাল ভাল কথাকৈ, আবিস্কাৰক জনক চাব বিচাৰিলে। শশাংকই ক'লে , "যা তই  বনাইছো বুলি কৈ দে, পুৰস্কাৰ-চুৰস্কাৰ কিবা দিব  পাৰে। " মই ছাৰক কৈ দিলো মই বনাইছো বুলি। ছাৰে ক্লাচৰ পিছত কমনৰূমলৈ মাতি পঠালে । মোৰো মনতে এটা বৈজ্ঞানিক ভাৱ জাগি উঠিল, কাৰণ গেলিলিও আইনষ্টাইনো  ছাগৈ এনেকৈয়ে মহান বৈজ্ঞানিক হৈছিল। কমনৰূমলৈ সোমাই যাওঁতে মজুমদাৰ ছাৰে সকলোকে এজন মহান বৈজ্ঞানিক আহিছে বুলি চিনাকি কৰি দি ক'লে, " ই আকৌ ক্লাচত গুল্টি বনাই মাৰে। যা সেই বেতডাল লৈ আহ। " তাৰপিছত আৰু গৰু পিটন। গৰুক যেনে দৰে পিটি পিটি নঙলা বাহিৰ কৰি দিয়ে মোকো কমনৰূমৰ পৰা পিটি পিটি বাহিৰ কৰি দিলে। কমনৰূমৰ পৰা অহাৰ পিছত শশাংকৈ সোধিছিল কি উপহাৰ দিলে বুলি। মই ক'লো  একো ডাল দিয়া নাই। প্ৰদৰ্শনী এখনত ভাগ  ল'বলৈহে মাতিছিল । শ্ৰদ্ধাৰ প্ৰণৱ মজুমদাৰ ছাৰে আমাক আৰু এটা ডাঙৰ উপকাৰ কৰিছিল। আমাৰ জন্মৰ তাৰিখবোৰ মেট্রিক পৰীক্ষাৰ বাবে ঠিক কৰি দিছিল । সেইসূত্রে মণি কুমাৰ চুব্বাৰ পিছতে মোৰো জন্মৰ তাৰিখ দুটা মেট্রিকৰ প্ৰবেশ পত্ৰ অনুসৰি খ্ৰীষ্টমাছৰ দিনা আৰু মিউনিচিপাল্টিৰ জন্মৰ প্ৰমাণ পত্র অনুসৰি ২৮ জানুৱাৰীত। শশাংক শৰ্মাৰ নামটো বাৰে বাৰে ল'বলগীয়া হয় কাৰণ তাৰ অবিহনে মোৰ স্কুলীয়া জীৱনৰ অধ্যায় অসম্পূর্ণ। আমি শুক্ৰবাৰে এঘন্টা লেজাৰত  ঘৰলৈ চাইকেল চলাই ভাত খাবলৈ আহিছিলো । আমাৰ লগত শশাংকও আমাৰ ঘৰলৈ প্ৰায়েই আহিছিল আৰু পাকঘৰৰ সকলো বিস্কুট-চিস্কুট খাই শেষ কৰি থৈ গৈছিল। এবাৰ লেজাৰত ঘৰলৈ আহোতে মাহঁত নাছিল। সি গছতে  আমাৰ বাৰীৰ পকা পকা কল কেইটা খাই থৈ গৈছিল। এবাৰ সি আই: এ: এছ:   (IAS) বিষয়া হোৱা পিছত আমাৰ ঘৰলৈ আহোতে মায়ে তাক সোধিছিল, গছতে কল খোৱাটো নহয় জানে। আৰু যে এনে কিমান স্মৃতিয়ে মাজে মাজে আহি আমনি কৰি থাকে। কিছুমান মাজ নিশাৰ সপোনৰ দৰে স্মৃতিৰ পাতত হেৰাই যায়। মনদ্বীপে সলসলীয়াকৈ পঢ়া পাঠবোৰ আজিও মোৰ কাণত বাজি থাকে। তৱৰেজ, আমিনুল আৰু ইমতাজহঁতৰ ঘৰলৈ ঈদ খাবলৈ যোৱা আজিও মনত পৰি থাকে। শ্ৰদ্ধাৰ জুনু চুলতানাৰ বাইদেউ, শ্ৰদ্ধাৰ অখিল চন্দ্র শৰ্মা ছাৰ আৰু শ্ৰদ্ধাৰ নাৰায়ণ হাজৰিকা ছাৰৰ ইংৰাজীৰ ক্লাচবোৰ, শ্ৰদ্ধাৰ অক্ষয় মিশ্র,  শ্ৰদ্ধাৰ অতুল কটকী আৰু শ্ৰদ্ধাৰ আবুল হুছেইন ছাৰৰ অংকৰ ক্লাচবোৰ, শ্ৰদ্ধাৰ তৃপ্তি বৰা আৰু শ্ৰদ্ধাৰ দ্বীপ্তি বৰা বাইদেউৰ সমাজ বিদ্যাৰ ক্লাচবোৰ, শ্ৰদ্ধাৰ সোমেন্দ্ৰ বৰা ছাৰৰ ভূগোল বুজোৱা পদ্ধতি, শ্ৰদ্ধাৰ নিৰ্মল চলিহা ছাৰৰ এন: চি: চি: ডিচিপ্লিন, শ্ৰদ্ধাৰ জিতেন বৰা ছাৰৰ খেলৰ ব্যয়াম ইত্যাদি ইত্যাদি কেতিয়াবা জানো পাহৰিব পাৰিম। অহা ৯ নৱেম্বৰ ২০১৯ তাৰিখ শনিবাৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সকলো সতীৰ্থ বৃন্দ লগ হৈ আকৌ স্কুলীয়া জীৱনৰ দিনবোৰ ঘূৰাই পোৱাৰ মানসেৰে।
ড০ মনোজ কুমাৰ হাজৰিকা।

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

জুবিন গাৰ্গ ইতিহাস হ'ল