শ্ৰদ্ধাৰ সোমেন্দ্ৰ শইকীয়া ছাৰ
🙏🙏তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া:🙏🙏
১) 'অ মেৰা পপনি' মানে কি?
২) MRF ৰ সম্পুর্ন নামটো কি?
৩) Rain Queen Office কোন?
উপৰোক্ত প্ৰশ্ন কেইটা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বৰ্তমানৰ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধা সোমেন্দ্ৰ শইকীয়া ছাৰৰ। তেজপুৰ গভৰ্ণমেন্ট বয়জ স্কুলৰ সপ্তম মান শ্ৰেণীত ছাৰে আমাক ভূগোল পঢ়াইছিল। ভূগোল মোৰ বাবে একেবাৰে বেয়া পোৱা বিষয় আছিল, কাৰণ তেতিয়াটো 'গুগোল' ও নাছিল। ছাৰে ইমান সুন্দৰ সুন্দৰ উপমা দি আমাক ভূগোল পঢ়াইছিল যে ভূগোল মোৰ সকলোতকৈ প্ৰিয় বিষয় হৈ পৰিছিল।
ছাৰে ক্লাচত বিভিন্ন ধৰণৰ খুহুতীয়া কথা কৈ ছাত্ৰসকলক ক্লাচত সহজ কৰিবলৈ সদায় চেষ্টা কৰিছিল, কাৰণ ভয় জ্ঞান লোৱাতকৈ হাঁহি-ধেমালিৰে জ্ঞান লোৱাৰ ওপৰত তেওঁ বেছি জোৰ দিছিল। সেইবাবেই তেওঁ সকলো ছাত্ৰৰ অতি প্ৰিয় শিক্ষক আছিল। তেখেত আছিল এজন ভাল খেলুৱৈও। এবাৰ ছাৰে ক্লাচত কৈছিল যে তেওঁ হেনো ক্ৰিকেট খেলত এটা বলত 22 ৰাণ কৰিছিল । আমি আচৰিত হোৱাত, তেওঁ কৈছিল যে কেইদিনমান আগতে ক্ৰিকেট খেল পথাৰখনত চাৰ্কাছ হৈ গৈছিল আৰু চাৰ্কাছৰ খুটা পোটা গাঁত এটাত বলটো সোমাই যোৱাত চাৰে দৌৰি দৌৰি 22 ৰাণ কৰিবলৈ সক্ষম হৈছিল। যোৱাকালি ৰাতিপুৱা ছাৰ আমাৰ ঘৰলৈ এটা বিশেষ কামত আহিছিল। তেওঁৰ লগত ক্লাচ কৰা বিষয়ত আলোচনা কৰি থাকোতে তেওঁ মোক শিকাইছিল যে কেতিয়াবা কেতিয়াবা ছাত্র-ছাত্ৰীক নতুন চিন্তাৰ খোৰাক দিবলৈও চেষ্টা কৰাটো উচিত। সিদিনা হেনো তেওঁ অসম জাতীয় বিদ্যালয়ত দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ শিক্ষকজন উপস্থিত নথকা সেই ক্লাচটো ল'বলগীয়া হৈছিল। তেতিয়া তেওঁ ছাত্ৰ-ছাত্ৰী সকলক ব্যস্ত কৰি ৰাখিবৰ বাৰে ওপৰোক্ত প্ৰশ্ন কেইটাক কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে বৰ উৎসুকতাৰে প্ৰশ্ন কেইটাৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বেছি গুৰুত্ব সহকাৰে লোৱাৰ বাবে ছাৰে বিচৰা ধৰণে উত্তৰ কেইটা দিব নোৱাৰিলে। প্ৰশ্ন কেইটাৰ উত্তৰ আছিল এনে ধৰণৰ: ১) 'অ মেৰা পপনি' মানে হ'ল অসম মেঘালয় ৰাজ্যিক পথ পৰিবহণ নিগম। ২) MRF মানে হ'ল 'মাজ ৰাস্তাতে ফুটা টায়াৰ। আৰু ৩) Rain Queen Officer মানে হ'ল 'বৰ্ষা ৰাণী বিষয়া'। এজন ভাল শিক্ষকৰ পৰা যিকোনো সময়ত , যিকোনো পৰিস্থিতিত জ্ঞান লভিব পৰা যায়। ছাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি।
ড০ মনোজ কুমাৰ হাজৰিকা
তাং: ১১/১১/২০১৯
Comments
Post a Comment