পাৰ্ছেল
😆😆😆পাৰ্ছেল 😆😆😆
সৰুৰে পৰাই মোৰ কেমেৰাৰ বৰ চখ আছিল। কিন্তু তেতিয়াৰ দিনত কেমেৰা আৰু ফটো তোলা সিমান সুলভ নাছিল। কেনেবাকৈ কেমেৰা এটা গোটাব পাৰিলেও ফটো তুলি সেইবোৰ ধুৱোৱা বৰ খৰচী আছিল। আজিকালিৰ নিচিনাকৈ বজাৰ কৰা তালিকাখনো ফটো মাৰি নিয়াৰ কথা তেতিয়াৰ দিনত ভাবিবই পৰা বিধৰ নাছিল।
৯০ৰ দশকৰ বাতৰিকাকতসমূহৰ শেষৰ পৃষ্ঠাত প্ৰায়েই কিছুমান বেনামী প্ৰতিষ্ঠানে কিছুমান অংক কৰিবলৈ দিছিল। যিবোৰৰ শুদ্ধ উত্তৰ দিব পাৰিলে কেমেৰা, ঘড়ি আদি পুৰস্কাৰ দিয়া কথা উল্লেখ আছিল। অংকবোৰ সিমান টান নাছিল, অলপ চেষ্টা কৰিলেই পাৰি । তেনেকুৱা এটা অংক মই কেমেৰা এটা পোৱা আশাত কৰি পঠাইছিলো। সেই কথাটো আমাৰ ঘৰৰ ওচৰৰ খুড়া এজনেও জানিছিল। তেওঁৰো কেমেৰাৰ প্ৰতি বৰ চখ আছিল। তেওঁ মোক প্ৰায়েই লগ পালে সোধে মোৰ কেমেৰাটো আহি পালে নে নাই। এদিন মোৰ কেমেৰাটো ভি: পি: পি: পষ্টত (Value Payable Parcel) ডাক যোগে আহি পালে। মই ১২৯ টকা দি মই পাৰ্ছেলটো খুলিব লাগে। সেই সময়ত ১২৯ টকা যোগাৰ কৰাতো মোৰ বাবে সিমান সহজ কথা নাছিল। তাতে ফটো দেখুৱাৰ মতে 'ইয়াচিকা' কেমেৰা বজাৰৰ দাম ৫০০ টকাৰো অধিক। সেইবাবে মই মাক খাটনি জোৰি ১০০ টকাৰ বন্দবস্ত কৰিলো, বাকী ২৯ টকা লগৰ বন্ধু এজনৰ পৰা ধাৰ কৰিলো। ১২৯ টকা দি পাৰ্ছেলটো খুলি মই হতভম্ব, তাত এটা খেলা কেমেৰাহে আছে। মোৰ মন ভাগি পৰিল, কি কৰা যায় এতিয়া। মোৰ ১২৯ টকা পানীত পৰিল। লাজ আৰু ভয়তে কথাটো কাকো জনোৱা নাছিলো, অকল পষ্টমেনজনেহে মোৰ দুখৰ কথা বুজিছিল। পাৰ্ছেলটো যেনেদৰে পাইছিলো তেনে আকৌ বান্ধি-কোন্ধি থলো । দুদিনমান পিছত বন্ধুসকলৰ লগত পিকনিক এটাত যাবৰ বাবে লগৰ এজনৰ পৰা এটা নতুন 'ইয়াচিকা হটচট' কেমেৰা আনিছিলো । সেইসময়তে খুড়াজন আহি ওলাল। আৰু মোক সোধিছিল, "এইটোৱেই তুমি অংক কৰি পোৱা কেমেৰাটো নেকি?" মই ঘপকে 'হয় বুলি' মিছাকৈ কৈ দিলো। তেতিয়া তেওঁ কৈছিল যে তেৱোঁ বোলে কেমেৰা এটা পোৱাৰ বাবে মোৰ নিচিনাকৈ অংক এটা কৰি পঠিয়াইছে। মই মনতে বোলো পাই গ'লো, মই পিন্ধা টুপিটো আন এজনক পিন্ধাবলৈ। যেনেদৰে চেইন চিষ্টেম ব্যৱসায় বিলাকত নিজে পিন্ধা টুপিটো আনক পিন্ধাবলৈ হাবাথুৰি খাই ফুৰে। তেনেদৰে ময়ো পষ্টমেনজনক অনুৰোধ কৰিছিলো মোৰ পাৰ্ছেলটোকে তেওঁ দি টকা কেইটা ঘুৰাই আনিবলৈ। পষ্টমেনজনে প্ৰথমে সন্মতি দিয়া নাছিল। কিন্তু মই তেওঁ কৈছিলো, মানুহজনেটো টুপি পিন্ধিবই, আনৰ পৰা পিন্ধাতকৈ মোৰ পৰাই পিন্ধাক, তেতিয়া পইচা কেইটা ময়েই ঘুৰাই পাম। শেষত পষ্টমেনজনে মোৰ অনুৰোধত সন্মতি জনালেঁ। মই তেজপুৰ কাছাৰিলৈ গৈ খুড়াৰ নাম ঠিকনাটো টাইপ কৰাই আনিলে পাৰ্ছেলটোত লগাই দিলো। পষ্টমেনজনে মোৰ কথামতে খুড়াক পাৰ্ছেলটো দিলে আৰু মই মোৰ পইচা কেইটা যেনে তেনে ঘুৰাই পালো। কেইদিনমানৰ পিছত খুড়াজনে লগ পাই মোক সোধিছিল যে কিয় তেওঁ খেলা কেমেৰা এটাহে পালে। তেতিয়া মই তেওঁক কৈছিলো যে আপোনাৰ কোম্পানিটো ছাগৈ ফ্ৰড আছিল।
ড০ মনোজ কুমাৰ হাজৰিকা
Comments
Post a Comment