ৰণ'দাৰ পবিত্র স্মৃতিত

🙏🙏ৰবীন পটঙ্গীয়া ওৰফে ৰণ'দাৰ পবিত্র স্মৃতিত🙏🙏
তেজপুৰ কলিবাৰী অঞ্চল ব্ৰিটিছৰ দিনৰে পৰা এখন বাসস্থানৰ বাবে উপযোগী ঠাই হিচাপে বিবেচিত হৈ আহিছে। সেইবাবে এই অঞ্চল বহুতো গণ্যমান্য  ব্যক্তিৰ বাসস্থান হিচাপে পৰিচিত। কলাগুৰু বিষ্ণু ৰাভা, নটসূৰ্য ফণী শৰ্মা, সাহিত্য কাণ্ডাৰী  পদ্মনাথ গোহাঁই বৰুৱাকে আদিৰ কৰি অসমৰ বিভিন্ন স্থানৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলে কলিবাৰীত নিগাজিকৈ বাস কৰিছিল। কলিবুঢ়ী নামেৰেই কলিবাৰী হ'ল। 
এই কলিবুঢ়ীৰ পৰিয়ালেই হৈছে প্ৰখ্যাত পটঙ্গীয়া পৰিয়াল। এই পৰিয়ালৰে এজন স্বৰ্গীয় ৰবীন পটঙ্গীয়া যাক বহুতেই ৰাণ'দা বুলি সম্বোধন কৰে । তেখেতে আছিল ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম কৰ্মী, অভিনেতা - পৰিচালক, সমাজকৰ্মী তথা মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ খ্যাতিসম্পন্ন অভিনেত্ৰী বীণা পটঙ্গীয়াৰ স্বামী। যদিও কলিবাৰী মিউনিচিপাল্টি এলেকাৰ ভিতৰতে পৰে তথাপিও ইয়াত গাঁৱলীয়া পৰিবেশ, ইঘৰৰ লগত সিঘৰৰ নিবিড় সম্পর্ক। বিহুৰ হুচৰি, বিয়া-বাৰু, পূজা-পাতল, নাম কীৰ্ত্তন  আদিত সকলো ক্ষেত্রতে ৰাণ'দা নহ'লে নহয়।  কলিবাৰীৰ ৰাইজৰ হৈ আশীর্বাদ দিয়া মানুহজন হ'ল ৰাণ'দা। কলিবাৰীৰ কোনোবাৰ মৃত্যু হ'লে শ্মশানত মৃতকৰ সৎকাৰ কৰাৰ বাবে আগবাঢ়ি অহা প্ৰথম মানুহজনেই হ'ল ৰণ'দা। বিপদ-আপদৰ সময়ত আগবাঢ়ি অহা, দিহা পৰামৰ্শ দিয়া আদি সকলো ক্ষেত্রত ৰণ'দাই সকলো। সঁচা  অৰ্থৎ ক'বলৈ হ'ল ৰণ'দা মানুহজন আছিল এজন 'দিলদাৰ' লোক, ধনৰে চলা নহয় মনৰে চলা লোক । আমি দেখাৰে পৰা ৰণ'দা আছিল এজন শকত-আৱত নিপোটল মানুহ আৰু শেষৰ সময়লৈকে তেওঁৰ স্বাস্থ্য অপৰিবৰ্তিত হৈ থাকিল। আজি কিছুদিনৰ পৰা শাৰিৰীক ভাবে তেওঁ বৰ অসুস্থ হৈ আছিল, যদিও সামাজিক মেল-মিটিংত উপস্থিত থাকিবলৈ চেষ্টা কৰিছিল। কলিবাৰী চিত্রলেখা কৃষ্টি সংঘ, তেজপুৰ অ:ভা:উ:সা: সভা, বাণ কলা পৰিষদ, বাণ থিয়েটাৰ কিহৰ লগত জড়িত নাছিল তেওঁ।  যোৱা ৮ নৱেম্বৰ ২০১৯ তাৰিখ শুক্রবাৰে ৰাতিপুৱা ৯:৩০ বজাত তেওঁ স্বৰ্গগামী হয়। সিদিনা তেখেতে যেন গম পাইছিল, হাতত আৰু বেছি সময় নাই। ওচৰৰে প্ৰমোদ'দাক মাতিবলৈ কৈছিল আৰু সোধিছিল "আজি কি বাৰ?, কি তিথি? " আনকি ঘৰৰ লোকসকলক কান্দিবলৈও মানা কৰিছিল। এক পবিত্র আত্মা অনেদৰেই ছাগৈ স্বৰ্গগামী হয়। কবিয়ে কোৱা দৰে " মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নির্লোভ ভাস্কর্য ।" পবিত্র গীতাত কোৱা হৈছে, "জাতস্য হি ধ্ৰুৱোমৃত্যু ধ্ৰুৱংজন্ম মৃতস্য চ । তস্মাদ্ পৰিহাৰ্য্যেহৰ্থে ন ত্বং শোচিতুমহৰ্ষি ।।”
যি জনৰ জন্ম হয়; তেওঁৰ মৃত্যুও নিশ্চিত আৰু যিজনৰ মৃত্যু হয় তেওঁৰ পুণৰ জন্মও নিশ্চিত । মৃত্যুৱে অন্তৰ ব্যথিত কৰিবই । এই ধ্ৰুৱ সত্যক পৰিহাৰ কৰাৰ চিন্তা নকৰিবা। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । ওঁম শান্তি
ড০ মনোজ কুমাৰ হাজৰিকা

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল