তিনি ভক্তৰ কাহিনী
😃😆😄 তিনি ভক্তৰ কাহিনী 😄😆😃 এবাৰ তিনিজন ভক্তই মহাদেৱৰ তপস্যাত বহিল । কাৰণ মহাদেৱক সহজে সন্তুষ্ট কৰিব পৰা যায় আৰু বৰ লাভ কৰিবলৈও সহজ। ভক্ত তিনিজনৰ তপস্যাত সন্তুষ্ট হৈ মহাদেৱ তেওঁলোকৰ সন্মুখত আৱিৰ্ভাৱহৈ কি বৰ লাগে সোধিলে । তেতিয়া প্ৰথমজন ভক্তই বিচাৰিলে যে তেওঁক হেনো এনেকুৱা এটা বৰ লাগে যাতে তেওঁৰ চাৰিওফালে টকাই টকা থাকে । টকাৰ মাজতে যেন তেওঁ সদায় থাকিব পাৰে । দ্বিতীয়জনে বিচাৰিলে তেওঁৰ চাৰিওফালে যেন মদেই মদ থাকে, দেশী-বিদেশী সকলো ধৰণৰ মদ । তৃতীয় জনে বৰ হিচাপে বিচাৰিলে যে তেওঁ যেন সদায় ধুনীয়া ধুনীয়া ষোল্লসী গাভৰু মাজত থাকিব পাৰে । মহাদেৱে তথাস্তু বুলি বৰসমূহ দি অন্তৰ্ধান হৈ গ'ল । পাছত, প্ৰথম জন ভক্ত হ'ল বেংকৰ কেচিয়াৰ, অনবৰত টকাৰ লগতে জড়িত টকাৰ মাজতে থাকে, কিন্তু তাৰ পৰা নিজে এটাও খৰচ কৰিব নোৱাৰে । দ্বিতীয়জন হ'ল মদ-বাৰৰ বাৰটেন্দাৰ (bartender), যিজনে বিভিন্ন দেশী-বিদেশী মদৰ লগতে খেলা কৰি থাকে, কিন্তু তাৰ পৰা নিজে এপেগো খাব নোৱাৰে । আৰু তৃতীয়জন ভক্ত হ'ল কণ্যা মহাবিদ্যালয়ৰ অধ্যাপক । ধুনীয়া ধুনীয়া ষোল্লসী গাভৰু মাজতে থাকে , কিন্তু শ্ৰীকৃষ্ণ হ'ব নোৱাৰে। আৰু ...