উদ্ৰোপন
উদ্ৰোপন: গছপুলি ৰোপণৰ এক অভিনৱ প্ৰচেষ্টা
'Global warming' আৰু জলবায়ু পৰিবৰ্তনৰ ভয়াৱহতাৰ পৰা ৰক্ষা পৰিবলৈ গছ গছনিৰ কিমান আৱশ্যকতা সকলোৱে অনুমান কৰিব পাৰিছে। গছপুলি ৰোপণৰ বাবে চৰকাৰ, 'NGO' লগতে বহুতো সংগঠন বা ব্যক্তিয়ে নিজাববীয়াকৈ ও বিভিন্ন ধৰণৰ পদক্ষেপ আৰু কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। যাতে অনাগত বিভীষিকাৰ পৰা পৃথিবীখনক অলপ হ'লেও সকাস দিব পৰা যায়। তেনে এক মহান উদ্দেশ্য আগত ৰাখি তেজপুৰ দৰং মহাবিদ্যালয় ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক হৰেন্দ্র নাথ মৰাং ডাঙৰীয়াই 'উদ্ৰোপন' নামৰ এটি বিশেষ অনুষ্ঠানৰ জন্ম দিছে। যাৰ মূখ্য উদ্দেশ্য হৈছে উৎসৱত লগত সংগতি ৰাখি গছপুলি ৰোপণ।
মৰাং ডাঙৰীয়া আমাৰ মহাবিদ্যালয়ৰ এজন প্ৰকৃতি প্ৰেমী হিচাপে খ্যাত আৰু আমাৰ মহাবিদ্যালয়ৰ 'যাদব পায়েং' বুলিলেও মিছা নহয়। সাম্প্ৰতিক সময়ত নগৰীয়া লোকসকলৰ উৎসৱৰ দিনত বা কোনো এটা শুভদিন গছপুলি এটা ৰোৱলৈ বাৰী বা বাগিচা বুলিবলৈ একো নাথাকে। সেইবাবে মৰাং ডাঙৰীয়াই উদ্ৰোপনৰ জৰিয়তে উৎসৱ বা শুভদিনবোৰত গছপুলি ৰোপণেৰে তেজপুৰ চহৰত এক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ঠিক তেনেদৰে বহু চহৰীয়া লোকেও শুভদিনত বা জন্মদিনত ৰাস্তাৰ কাষত এটা গছপুলি ৰোপণেৰে শুভদিনটিত এক মহান কামত লিপ্ত হ'বলৈও ইচ্ছা প্ৰকাশ কৰে। বহুতে আকৌ ৰাস্তা কাষত নিজৰ ফটোৰ বেনাৰ চিনেমাৰ অভিনেতা বা অভিনেত্রী বা ৰাজনৈতিক নেতাসকলৰ দৰে লগাবলৈ বা চাবলৈ ইচ্ছা প্ৰকাশ কৰে। তাৰ বাবে বেছি পইচা খৰচো কৰিব নালাগে দুহাজাৰ মান খৰচ কৰিলেই "আইৰো বাৰ্তা, গংগাৰো যাত্রা"। মৰাং ডাঙৰীয়াই ভালকৈ জানে যে আজি কালি এনেকুৱা sponsorৰ অভাব নাই। কিন্তু গছপুলি এটা ৰোৱা বা তাক ডাঙৰ কৰাটো সিমান সহজ কাম নহয়। সেইবাবে উৎসৱৰ দিনত গছপুলি এটা ৰাস্তাৰ ক'ত লগাব, কি গছপুলি ৰোৱ, কেনেকৈ ডাঙৰ কৰা হ'ব, কিমান খৰচ পৰিব এই সকলোবোৰৰ দ্বায়িত্ব ল'ব উদ্ৰোপনে। 'Facebook'ৰ তথ্য অনুসৰি এতিয়ালৈকে প্ৰায় ৭৬ জোপা গছপুলি তেজপুৰ চহৰৰ ৰাস্তা কাষত ৰোৱলৈ সক্ষম হৈছে। কিন্তু সিদিনা মৰাং ডাঙৰীয়াৰ এটা 'Facebook Post' দেখি বৰ দুখ পালো। উদ্ৰোপনৰ বেনাৰত ৰোপণ কৰা কেইজোপামান গছপুলি আৰু সেই গছপুলিবোৰৰ জেওৰাত লগোৱা সুন্দৰ সুন্দৰ 'sponsor'ৰ ফটোবোৰ ফালি নলাত পেলোৱা, fencing সমূহ ফালি প্ৰকৃততে গছপুলি আছেনে নাই চোৱা কাৰ্য্য দেখি মনত কেইটামান প্ৰশ্নৰ উদয় হৈছে।প্ৰথমে যিসকল দুষ্কৃতীকাৰীয়ে এনে কাৰ্য্য সম্পন্ন কৰিছে তেওঁলোকক ধিক্কাৰ আৰু গৰিহণা দিছো। কিন্তু কথাটো ইমানতে শেষ কৰাতো উচিত নহ'ব। আপুনি বিচৰা ধৰণে দিহা পৰামৰ্শ আগবঢ়োৱাৰ ধৃষ্টতা নাই যদিও কেইটামান কথা উল্লেখ কৰিব বিচাৰিছো । উদ্ৰোপনৰ publicity, বা গছপুলিসমূহৰ branding কৰা দেখি হয়তো কোনো অসৎলোকে ইয়াৰ বাণিজ্যিকৰণ কৰা হৈছে বুলি ধাৰণা কৰিব পাৰে। কাৰণ ৰাস্তাৰ কাষৰ অন্যান্য সংস্থাসমূহে লগোৱা গছপুলি বোৰত এনে ধৰণৰ বেনাৰ বা পষ্টাৰিং দেখিবলৈ পোৱা নাযায়। তেজপুৰৰ মেইন ৰোডত আজিৰে পৰা কেইবছৰমান আগতে এজন লোকে ৰাস্তাৰ কাষত গছপুলি ৰুইছিল। ফলক নলগোৱাৰ বাবে তেওঁৰ তেখেতৰ সংস্থা বা brand টোৰ নাম জানিব নোৱাৰিলো। কিন্তু বৰ্তমান সেই গছপুলিবোৰ একো একেটো সুন্দৰ ছাতিত পৰিণত হৈছে আৰু চহৰখনৰ সেউজীকৰণত বিশেষ ভূমিকা পালন কৰিছে। অৱশ্যে মৰাং ডাঙৰীয়াই উদ্ৰোপনৰ গতানুগতিকতা ৰক্ষা কৰিবলৈ হয়তো এনেধৰণে বিজ্ঞাপনৰ সহায় ল'ব লগা হৈছে। পাৰিলে ফটো বা নাম প্ৰচাৰ ৰ বাবে sponsor কৰা ধৰণৰ 'customer' সকলক বাদ দি, যি সকলে নাম বা ফটো অবিহনে গছপুলি ৰোৱাৰ 'sponsor' মানে বিত্তীয় সাহায্য কৰিবলৈ আগবাঢ়ি আহে তেনেকুৱা লোকৰ দ্বাৰা এই মহান যাত্ৰা আপুনি অবিৰাম ভাৱে চলাই থাকিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এটা কথা, বয়সীয়া লোকৰ ফটোবোৰত কোনোবাই পিক পেলাই থোৱা দেখিলে যিমান বেয়া লাগে, সৰু সৰু শিশুসকলৰ ফটোবোৰত তেনে কাৰ্য্য কৰা দেখিলে আৰু বেছি বেয়া লাগে। আজিকালিটো মানুহে ভগৱান ফটোবোৰতো পিকাবলৈ কুন্ঠাবোধ নকৰে। গছপুলিসমূহৰ জেওৰাত লগোৱা উদ্ৰোপনৰ নাম আৰু ম'বাইল নম্বৰ চকুৰে মনিব পৰাকে দিলে এই মহান কাৰ্য্য সোণত সুৱগা চৰা হ'ব বুলি মোৰ ধাৰণা। মৰাং ডাঙৰীয়াৰ সকলোবোৰ মহান কাৰ্য্যৰ অংশীদাৰ হ'ব নোৱাৰিলেও সদায় সমৰ্থন জনাই আহিছো আৰু তেখেত সদায় আমাৰ শলাগৰ পাত্ৰ। উত্তৰ লক্ষীমপুৰত যিদৰে উদ্ৰোপনৰ 'branch' স্থাপিত হৈছে তেনেদৰে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন সৰু বৰ চহৰত উদ্ৰোপনৰ শাখা স্হাপন হওঁক আৰু গছপুলি ৰোপণ এই মহান যাত্ৰা সফল হওঁক, তাৰেই কামনাৰে।
সৰ্বদোষমাৰজনাৰে
ড০ মনোজ কুমাৰ হাজৰিকা।
Comments
Post a Comment