ভাড়াঘৰৰ চুক্তি

😀😆😃 ভাড়াঘৰৰ চুক্তি: আলহী আহিব পাৰিব কিন্তু লেট্ৰিন ব্যবহাৰ কৰিব নোৱাৰিব 😁😀😆
এম: কম: ডিগ্ৰী লাভ কৰাৰ পাচত তেজপুৰৰ পৰা গৈ ২০০০ চনত গুৱাহাটিৰ এখন ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিলো ।  দৰ্মহা একেবাৰে কম আছিল।  অকলে এটা ভাড়াঘৰ থাকি চলাটো মোৰ বাবে সম্ভৱপৰ নাছিল ।  সেইখন মহাবিদ্যালয়ৰে কেইজন মান ছাত্ৰৰ লগত মোৰ ভাল সম্পৰ্ক গঢ়লৈ উঠিছিল ।  সিহঁতে ক’লে, “ছাৰ আমাৰ মেচত এটা ৰূম খালি হৈছে, অসুবিধা নাপালে আপুনিও আমাৰ লগত থাকিব পাৰিব”।  মই সিহঁতৰ প্ৰস্তাবত সন্মতি দিলো, কাৰণ সিহঁত মোৰ প্ৰাই বন্ধুৰ দৰে হৈ পৰিছিল।  
আমাৰ মহাবিদ্যালয়ৰ ওচৰতে  লাচিতনগৰতে ভাড়াঘৰটো আছিল।  ভাড়াঘৰটোৰ মালিক আছিল এগৰাকী  আইতা আৰু তেওঁ অবিবাহিতা কন্যা, যি আমাৰ সকলোৰে বাবে বাইদেউ ।   মই তেওঁলোকৰ লগত থাকিম বুলি কোৱাত ঘৰৰ মালিকনী আইতাই বৰ ভাল পাইছিল, তেওঁ ভাবিছিল মই তাত থাকি এজন তত্ত্বাৱধায়ক হিচাবে ল’ৰাবোৰক শাসন কৰিম।  কিন্তু মই অহাৰ পিচৰে পৰা ল’ৰাবোৰৰ উৎপাত দিনক দিনে বাঢ়িবলৈহে ধৰিলে । যেনে ৰূমত ৰাতি এপৰৰলৈ চিঞৰি চিঞৰি গান গোৱা, চেকেণ্ড শ্বো চিনেমা চোৱা ইত্যাদি ইত্যাদি ।  সেইসময়ত মই সিহঁতৰ ল’ৰা ধেমালি বোৰৰ উৎস আছিলো আৰু তাৰ লগতে কেনেদৰে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব লাগে, বিশেষকৈ পঢ়াশুনাৰ তাৰো প্ৰেৰণা দিছিলো।   আমাৰ মালিকনী আইতা  আকৌ বৰ কঠোৰ আছিল। তেওঁ ৰূমত আলহী ৰখাৰ অনুমতি একেবাৰে দিয়া নাছিল।  মোৰ লগতে ছাত্ৰ কেইজনৰো লগৰ ল’ৰাবোৰ প্ৰায়েই গাওঁ পৰা চাকৰিৰ বাবে ইনটাৰ্ভিউ দিবলৈ গুৱাহাটীলৈ আহে, বেকাৰ ল’ৰাবোৰকনো  কেনেকৈ হোটেলত থাকিবলৈ দিয়ে, সেইবাবে প্ৰায়েই আমি আমাৰ মেচতে সিহঁতক ৰাখিবলগীয়া হৈছিল।  কিন্তু মালিকনী আইতাই ৰূমত আলহী ৰক্ষাটো কেতিয়াও সন্মতি দিয়া নাছিল,  সেইবাবে আমাৰ লগত প্ৰায়েই এইবোৰ কাৰণ তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল।  এদিন মই খংতে মালিকনী আইতাক ক’লো, “আমাৰ আলহী আহিলে আমি আমাৰ খোৱাও, আমি আমাৰ লগত কষ্ট কৰি ৰাতি শোৱাও, তাত আপোনাৰ আপত্তি থাকিবলগীয়া কি আছে? " মালিকনী আইতাই অলপ সময় চিন্তা কৰি ক’লে, “তোমালোকে খোৱোৱা, তোমালোকে শোৱোৱা তাত মোৰ আপত্তি নাই,  কিন্তু আমাৰ গাধোৱাঘৰ আৰু পাইখানা ব্যৱহাৰ কৰিব নোৱাৰিব,  কাৰণ গুৱাহাটীত পানীৰ কিমান অভাব আৰু লেট্ৰিন ভৰ্তি হ’লে চাফা কৰোৱাটো কিমান কষ্টকৰ, সেইটো মই হে জাঁনো।  অৱশ্যে কথাটো হয়, বৃদ্ধ মহিলা এগৰাকীৰ বাবে মিউনিসিপাল্টিলৈ গৈ আবেদন কৰি লেট্ৰিনৰ টেংকী চাফা কৰোঁৱাটো বৰ কষ্টকৰ কাম। সেইবাবে আলহী থাকিলেও গাধোৱাঘৰ আৰু পাইখানা ব্যৱহাৰ কৰিব নোৱাৰিব, বাহিৰত থকা জি এম চিৰ ভাড়া  গাধোৱাঘৰ আৰু পাইখানা ব্যৱহাৰ কৰিব লাগিব । ” আমিও মালিকনী আইতাৰ সেই চৰ্ত মানি ল’লো, নহ’লে উপাই নাই ।  এবাৰ জুলাই মাহত যোৰহাটৰ পৰা মোৰ এজন বন্ধু এটা ইনটাৰ্ভিউ দিবলৈ আহি  আমাৰ মেচ থাকিছিল।  তাৰ পেতৰ অসুখ হৈ আছিল ।  উপায় নাপায়  এবাৰ সি আমাৰ ভাড়াঘৰৰ পাইখানাটো ব্যৱহাৰ কৰিবলগীয়া হৈছিল ।  আমাৰ ভাড়াঘৰৰ পাইখানাটো মালিকনী আইতাহঁতৰ পিচফালৰ বাৰান্দাৰ সন্মূখত অৱস্হিত ।  মই সুযোগ চাই তাক  পাইখেনাঘৰত সোমোৱাই থৈ আহিলো । পিচে ওলোৱাৰ সময়ত আইতা পিচফালে বহি আছিল ।  সি এতিয়া ওলাই কেনেকৈ।  বহু সময় গৰমত ভিতৰতে থাকি ঘামিযামি উপায় নাপায় বেচেৰাটো বাহিৰলৈ ওলাই আহিল আৰু মই আইতাৰ হাতত ধৰা পৰিলো ।  চুক্তি ভংগ হোৱাৰ বাবে পিচদিনা মই ভাড়াঘৰৰ মেচ ত্যাগ কৰিব লগা হৈছিল । 
ড০ মনোজ কুমাৰ হাজৰিকা

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল