Posts
Showing posts from June, 2017
অসমীয়া যুৱকৰ ব্যৱসায়ীক চিন্তা-ধাৰা
- Get link
- X
- Other Apps
অসমীয়া যুৱকৰ ব্যৱসায়ীক চিন্তা-ধাৰা সংস্কৃতত এষাৰ কথা আছে, বাণিজ্যে বসতি লক্ষ্মী, কিন্তু আমাৰ যুৱ সমাজে এই কথাষাৰৰ তাৎপৰ্য্য বুজি নাপায় চাকৰি এটা বিচাৰি হাবাথুৰি খাই ফুৰে, লাগে চৰকাৰী হওঁক বা বেচৰকাৰী । বিশেষকৈ আমাৰ সমাজ ব্যৱস্হাৰ বাবে আমাৰ যুৱসকলৰ মনত এনেকুৱা এটা চিন্তাই গঢ়লৈ উঠিছে যে পঢ়া শুনা শেষ কৰি চাকৰি এটা গোটাই ল’ব পাৰিলে অতি কম সময়ৰ ভিতৰতে স্বাৱলম্বী হ’ব পৰা যায় । চাকৰি ৰ উপযোগী হ’বৰ বাবে আমি আমাৰ গোটেই শৈশৱ, ল’ৰালি, যৌৱন কাল নিজকে এজন ভাল চকুত লগা চাকৰিয়াল হিচাপে গঢ়ি তোলাত খৰচ কৰো। আমাৰ জীৱনৰ বহুমূলীয়া সময়খিনি এনে কাৰ্য্যত নিয়োজিত কৰাৰ পিছত, যদিহে আমি এজন ভাল চাকৰি দিওঁতা বা ক্ৰেতা পাওঁ, যি আমাৰ যোগ্যতাৰ সঠিক মূলাঙ্কন কৰিব পাৰে, তেতিয়া নিজকে ধন্য মানি সেই ক্ৰেতাজনক সেৱা কৰাৰ নামত জীৱনৰ বাকী খিনি সময় উচৰ্গা কৰি পৰম সন্তুষ্টি লাভ কৰো । আৰু যদি তেনে এজন ক্ৰেতাৰ অভাব হয় বা চাকৰি বজাৰখনত নিজকে বিক্ৰী কৰাত অপৰাগত হওঁ, তেতিয়াহে আচল বিপদটো নামি আহে । তেতিয়া অৱস্হা, “হালৰো নহ’লো, শালৰো নহ’লো” যেন হয় । আৱশ্য ইয়াৰ আৰু বহুতো কাৰণ আছে । যেনে ধৰক লাখ লাখ টকা উৎকোচ দি চাকৰি পোৱা চাকৰিয়াল ...
জি এছ টি (GST)ৰ বিষয়ে জানো আহক
- Get link
- X
- Other Apps
সামগ্ৰী আৰু সেৱা কৰ বা Goods and Services Tax পহিলা জুলাই ২০১৭ চনৰ পৰা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন বলবৎ কৰা হ’ব । ভাৰতবৰ্ষত স্বাধীনতা পিছত এইয়ে হৈছে প্ৰথমটো সৰ্ব্ববৃহৎ কৰ সংস্কৰণ । ২০০৩ চনত কেলকাৰ টাস্ক ফ’ৰচৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰি এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত এই বিধেয়কখন ২০১৬ চনৰ ৩ আগষ্ট তাৰিখে আমাৰ দেশৰ সংবিধানৰ ১২২ নং সংশোধনী হিচাপে গৃহীত কৰা হয় । এই বিধেয়কখনৰ মুখ্য উদ্দেশ্য হ’ল এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ । সামগ্ৰী আৰু সেৱা কৰ হৈছে পৰোক্ষ কৰ সমূহৰ একত্ৰিতকৰণ । আমাৰ দেশত দুই ধৰণৰ কৰ আছে ; প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ । প্ৰত্যক্ষ কৰসমূহ হ’ল যেনে আয়কৰ (Income Tax) , কৰ্পোৰেট বা যৌথ-কোম্পানী কৰ (Corporate Tax) , সম্পত্তিৰ কৰ (Property Tax) ইত্যাদি ইত্যাদি । বৰ্তমান সময়ত আমাৰ দেশত চলি থকা পৰোক্ষ কৰসমূহ হ’ল আবকাৰী কৰ, (Excise Duty ), অতিৰিক্ত আবকাৰী কৰ (Additional Excise Duty) , সেৱা কৰ (Services Tax), কিনা-বেচাৰ শুক্ল বা কাষ্টম (Custom Duty), কেন্দ্ৰীয় বিক্ৰী কৰ (Central Sales Taxes), ৰাজ্যিক বিক্ৰী কৰ (State Sales T...