জি এছ টি (GST)ৰ বিষয়ে জানো আহক
সামগ্ৰী আৰু সেৱা
কৰ বা Goods and Services
Tax
পহিলা জুলাই
২০১৭ চনৰ পৰা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন বলবৎ কৰা
হ’ব । ভাৰতবৰ্ষত স্বাধীনতা পিছত এইয়ে হৈছে প্ৰথমটো সৰ্ব্ববৃহৎ কৰ সংস্কৰণ । ২০০৩ চনত
কেলকাৰ টাস্ক ফ’ৰচৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰি এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত এই বিধেয়কখন
২০১৬ চনৰ ৩ আগষ্ট তাৰিখে আমাৰ দেশৰ সংবিধানৰ ১২২ নং সংশোধনী হিচাপে গৃহীত কৰা হয় ।
এই বিধেয়কখনৰ মুখ্য উদ্দেশ্য হ’ল এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ । সামগ্ৰী আৰু সেৱা
কৰ হৈছে পৰোক্ষ কৰ সমূহৰ একত্ৰিতকৰণ । আমাৰ দেশত দুই ধৰণৰ কৰ আছে ; প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ
কৰ । প্ৰত্যক্ষ কৰসমূহ হ’ল যেনে আয়কৰ (Income Tax) , কৰ্পোৰেট
বা যৌথ-কোম্পানী কৰ (Corporate Tax), সম্পত্তিৰ কৰ (Property Tax) ইত্যাদি ইত্যাদি । বৰ্তমান সময়ত আমাৰ দেশত চলি থকা পৰোক্ষ কৰসমূহ হ’ল
আবকাৰী কৰ, (Excise Duty), অতিৰিক্ত আবকাৰী কৰ (Additional Excise
Duty), সেৱা কৰ (Services Tax), কিনা-বেচাৰ
শুক্ল বা কাষ্টম (Custom Duty), কেন্দ্ৰীয় বিক্ৰী কৰ (Central
Sales Taxes), ৰাজ্যিক বিক্ৰী কৰ (State Sales Tax), আমোদ
প্ৰমোদৰ কৰ (Entertainment Tax), নগৰ শুক্ল (Octroi Duty) আৰু
প্ৰবেশ কৰ (Entry Tax), ক্ৰয় কৰ (Purchase Tax), বিলাসিতা কৰ (Luxury Tax), ইত্যাদি । একেটা সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ পৰোক্ষ কৰ
প্ৰযোজ্য হোৱাৰ বাবে প্ৰত্যক্ষ কৰসমূহৰ তুলনাত পৰোক্ষ কৰসমূহ সংগ্ৰহ কৰাতে চৰকাৰী কৰ্তৃপক্ষ
বেছি অসুবিধাত পৰে । যাৰ সুবিধা এচাম অসাধু
ব্যৱসায়ীয়ে সদায় লাভ কৰি আহিছে আৰু চৰকাৰী কৰ্তৃপক্ষই প্ৰতিটো বিত্তীয়বৰ্ষত এক বুজন
পৰিমানৰ ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ ফলত আমাৰ দেশখনৰ বাজেটখন সদায় ঘাটি
হৈ থাকিবলগীয়া হৈছে । উদাহৰণস্বৰূপে, আপোনাৰ
ঘৰখনৰ বাজেতখন যদি ঘাটি হৈ থাকে, আপুনি জানো সদায় ধাৰলৈ চলিব পাৰিব বা ভৱিয্যতে কোনো
পৰিকল্পনা আনৰ সহায় নোলোৱাকৈ কৰিব পাৰিব নে ?
হয়তো, আপোনাৰ ঘৰখনৰ আন আন সদস্যসকলৰ উপাৰ্জন পৰিমাণ আপোনাৰ ঘৰৰ বাজেটখন পৰিমাণকৈ
বহু বেছি, তথাপিও কিন্তু আপোনাৰ ঘৰখনৰ বাজেট ঘাটি হৈয়ে থাকে । ইয়াৰ প্ৰকৃত অৰ্থ হ’ল আপোনাৰ ঘৰখনৰ আটাইকেইজন সদস্যই
ঘৰখনৰ বাজেটখনলৈ সঠিক ভাবে অৰিহণা যোগান ধৰা নাই, যাৰ বাবে ঘাটি হৈ থাকে । আমাৰ দেশৰ
বাজেটখনৰো প্ৰায় অৱস্হা, সকলো আয়ৰ শিতানৰ পৰা
চৰকাৰে সঠিক ভাবে কৰ আহৰণ কৰিব পৰা নাই । নহ’লেনো পৃথিৱীৰ ১০০ জন ধনীলোকৰ তালিকাত ১০ জনৰো অধিক ভাৰতীয়লোক
থকাৰ পাছতো আজি ৭০ বছৰে আমাৰ দেশৰ বাজেট ঘাটি হৈ থাকিবলগীয়া হয়নে ! আমাৰ দেশৰ এটি বিত্তীয়
বৰ্ষৰ সৰ্বমুঠ বাজেটৰ শিতানৰ পৰিমান হ’ল ১৯ লাখ কোটি টকা আৰু এটি বিত্তীয় বৰ্ষতে ভাৰতবৰ্ষত
কলা ধনৰ সৃষ্টি হয় প্ৰায় ৭০ লাখ কোটি টকা । আমাৰ দেশৰ বজাৰখনেই হ’ল আচলতে কলা ধনৰ প্ৰধান
উৎস । সেইবাবে আমাৰ দেশৰ বজাৰখনত প্ৰযোজ্য হৈ থকা পৰোক্ষ কৰ সমূহৰ এক বৈপ্লবীক পৰিবৰ্তন
সাধন কৰিবলৈ জিএছটি বলবৎ কৰা হৈছে । মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংসদত তেওঁৰ বক্তব্যত
উল্লেখ কৰিছে যে জিএছটি য়ে আমাৰ দেশত থকা কৰ সন্ত্ৰাসবাদীসকলৰ (Tax Terrorism) অন্ত
পেলাব । আশা কৰা হৈছে যে ৫ পৰা ১০ বছৰৰ ভিতৰত আমাৰ দেশৰ ঘাটি বাজেট ৰাহি বাজেটলৈ পৰিবৰ্তন
হ’ব আৰু আমাৰ দেশ প্ৰকৃতাৰ্থৎ স্বনিৰ্ভৰশীল হ’ব পাৰিব ।
সামগ্ৰী
আৰু সেৱা কৰ বা জিএছটি হৈছে আমাৰ দেশত প্ৰযোজ্য হৈ থকা বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহৰ
সংমিশ্ৰণৰ একত্ৰিকৰণৰ সূত্ৰ । ইয়াত সামগ্ৰী আৰু সেৱাৰ ওপৰত কোনো ধৰণৰ পাৰ্থক্য ৰখা
হোৱা নাই । জিএছটি হৈছে কোনো এটা বস্তুৰ উৎপাদনৰ পৰা উপভুক্তাকৈ হস্তান্তৰ কৰোতে প্ৰযোজ্য
হোৱা বিভিন্ন পৰোক্ষ কৰসমূহৰ বিপৰীতে একক পৰোক্ষ
কৰ পদ্ধতি । ই হৈছে জটিল আৰু ব্যাপক কম্পিউটাৰৰ তথ্য প্ৰযুক্তিৰে (IT, Information technology) সমৃব্ধ এক আধুনিক পৰোক্ষ কৰ পদ্ধতি । যি উৎপাদনকাৰীসকল, মধ্যস্হতাকাৰী ব্যৱসায়ীসকলৰ পৰা
উপভুক্তাসকলকো একেখন মঞ্চতে অন্তৰ্ভুক্ত কৰিব । প্ৰতিটো স্হৰতে ‘ইনপুট ট্যাক্ ক্ৰেডিট’
(input tax credit)ৰ বা এবিধ সামগ্ৰী ক্ৰয় কৰোতে আদায় দিয়া কৰ, সামগ্ৰীবিধ বিক্ৰীৰ কৰোতে
আদায় দিব লগা কৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্হাৰ কৰাৰ লগতে যোগ মৃল্যৰ ওপৰতহে কৰ বা ভেট (Vat) পৰিশোধ কৰা
ব্যৱস্হা কৰা হৈছে । যোগান প্ৰক্ৰিয়াত উৎপাদনকাৰী,মধ্যস্হতা ব্যৱসায়ীসকলৰ ভিতৰত
যদি কোনো এজনে কৰ ফাঁকি দিয়ে, তেতিয়া পিছৰজন ব্যৱসায়ীয়ে ‘ইনপুট ট্যাক্ ক্ৰেডিট’ৰ পৰা বঞ্চিত হ’ব আৰু পদ্ধতিটোৰ
সহায়ত কৰ ফাঁকি দিয়াজন ধৰা পৰিব । জিএছটিৰ হাৰ পাঁচটা শিতাণত নিৰ্ধাৰণ কৰা
হৈছে যেনে ০ শতাংশৰ, ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ । নিত্য প্ৰয়োজনীয় আৰু
কৃষিজাত সামগ্ৰীসমূহত শূণ্য শতাংশ বা কম আৰু বিলাসী সামগ্ৰী সমূহৰ ওপৰত ২৮ শতাংশ বা
বেছি জিএছটিৰ হাৰ ধাৰ্য্য কৰা হৈছে । আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ (Federal Structure) প্ৰতি লক্ষ্য ৰাখি জিএছটিক তিনিটা ভাগত বিভক্ত কৰা হৈছে । ৰাজ্য চৰকাৰসমূহে সংগ্ৰহ কৰা জিএছটিক ৰাজ্যিক জিএছটি
(SGST), কেন্দীয়
চৰকাৰে সংগ্ৰহ কৰা জিএছটিক কেন্দ্ৰীয় জিএছটি
(CGST) আৰু
আন্তঃ ৰাজ্যিক বাণিজ্য ওপৰত কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা আৰু সংগ্ৰহ কৰা জিএছটিক সংহত
জিএছটি (Integrated GST) বোলা হৈছে । আৰু যদি ব্যৱসায় প্ৰতিষ্ঠানৰ
বছৰি বিক্ৰীৰ পৰিমান ১.৫ কোটি টকাৰ অধিক হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে জিএছটি বলবৎ কৰিব
আৰু যদি আৰু বছৰি বিক্ৰীৰ পৰিমান ১.৫ কোটি কম হয় ৰাজ্য চৰকাৰে জিএছটি বলবৎ কৰাৰ সিদ্ধান্ত লৈছে ।
জিএছটিৰ
পৰা উৎপাদকাৰী বা ব্যৱসায়ী, উপভুক্তা আৰু চৰকাৰ এই তিনিওটি পক্ষই উপকৃত হ’ব । কমপিউটাৰ
বা ম’বাইল এপ্লিকেচন ডাউণ্ডল’ড কৰি অতি সহজতে ব্যৱসায়ীসকলে কৰৰ বিৱৰণ আৰু কৰ পৰিশোধ
কৰিব পাৰিব । কেচকেডিং ইফেক্টৰ বা কৰৰ ওপৰত কৰ দিব লগা সমস্যাৰ পৰা ব্যৱসায়ীসকলে মুক্তি
পাব আৰু সকলো ঠাইতে এককহাৰিক কৰ বা কৰ সৰলীকৰণৰ
ব্যৱস্হাৰ বাবে উপকৃত হ’ব। অসমত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় বছৰি বিক্ৰীৰ
পৰিমান ১০ লাখ টকাকৈ অধিক আৰু ভাৰতবৰ্ষৰ আন আন ৰাজ্যত ২০ লাখ টকাৰ অধিক হ’লে জিএছটিৰ অধিনত পঞ্জীয়ণ কৰাটো বাধ্যতামূলক । প্ৰথম
অৱস্হাত বয় বস্তুসমূৰ দাম অলপ বৃদ্ধি পোৱাৰ বা দামৰ তাৰত্যম
হোৱাৰ সম্ভৱনা আছে যদিও স্বচতা আৰু কৰ সৰলীকৰণ ব্যৱস্হাৰ
বাবে উপভুক্তাসকলে আত্মসন্তুষ্টি লাভ কৰাৰ লগতে ভৱিযতে ইয়াৰ পৰা উপকৃত হ’ব । কাৰণ উপভোক্তাসকলে
আগতেও সামগ্ৰীৰ ওপৰত কৰ দিছিল আৰু এতিয়াও দিব । পাৰ্থক্য হ’ল যে আগতে তেওঁ দিয়া কৰৰ
সদ্ ব্যৱহাৰ হৈছিল নে নাই উপভোক্তাজনে সেইবিষয়ে নিশ্চিত হ’ব নাছিল কিন্তু এতিয়া হ’ব
পাৰিব বুলি আশা কৰা হৈছে । কিছুমান নিত্য
প্ৰয়োজনীয় সামগ্ৰীৰ জিএছটিৰ হাৰ শূণ্য বা কমকৈ ধাৰ্য্য কৰাৰ বাবে সেই সামগ্ৰীসমূহৰ
মূল্য হ্ৰাস পাব কিন্তু সেৱাক্ষেত্ৰত কৰ কিছু পৰিমানে বৃদ্ধি পোৱাৰ আশংকা আছে। জিএছটিয়ে চৰকাৰী কতৃপক্ষৰ কৰ সংগ্ৰহ প্ৰক্ৰিয়া ক্ষীপ্ৰ
আৰু কম ব্যয়বহুল কৰিব । পৰোক্ষ কৰৰ ওপৰত চৰকাৰৰ সম্পূন্ন নিয়ন্ত্ৰণ থাকিব । পৰোক্ষ
কৰ সংগ্ৰহ বৃদ্ধি পাব আৰু জি:ডি:পি: (GDP) ২ শতাংশ বৃদ্ধি পোৱা সম্ভৱনাও
আছে । ২৯ খন ৰাজ্যৰে গঠিত ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰত জিএছটি বলবৎ কৰাতো সিমান সহজ
কথা নহয় । আটাইকেইখন ৰাজ্য সন্মতি নহ’লে এই বিধায়কখন বৈধ্য কৰাত বহুতো অসুবিধা আছে
। ১২ আগষ্ট ২০১৬ তাৰিখে অসম বিধানসভাত সৰ্বসন্মতি মৰ্মে জিএছটি বিলখন গৃহীত কৰাৰ পিছত
অসমই জিএছটিক সমৰ্থন জনোৱা ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে ।
১৯৫৪ চনত
পুন প্ৰথম বাৰৰ বাবে ফ্ৰাঞ্চত জিএছটি বলবৎ কৰা হৈছিল । তাৰপিছত ক্ৰমে জাপান, দক্ষিণ কোৰিয়া,
ইংলেণ্ড, অষ্ট্ৰেলীয়া দেশসমূহেও জিএছটি বলবৎ কৰে । কেনেডাত আমাৰ দেশৰ দৰে দ্বৈত জিএছটিৰ
(Dual GST) ব্যৱস্হা
কৰা হৈছে । এচিয়ান সন্মিলনৰ ৭খন দেশ ক্ৰমে ইন্দোনেচিয়া(১৯৮৪), কম্বোডিয়া, লছ্, ফিলিপাইন,
ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামত ইতিমধ্যে জিএছটি প্ৰচলন হৈ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্হা
অতি জটিল হোৱা বাবে জিএছটি বলবৎ কৰিব পৰা নাই যদিও সেইদেশত
পৰোক্ষ কৰৰ ব্যৱস্হাত আমাৰ দেশৰ দৰে আসোঁৱাহ নাই । বৰ্তমান
বিশ্বৰ ১৬০ দেশত জিএজটি প্ৰচলন হৈ আছে ।
জিএছটিয়ে
দেশৰ প্ৰায় সমূহ সামগ্ৰী সামৰি লৈছে যদিও পেট্ৰলিয়াম সামগ্ৰীসমূহ আৰু ধপাতযুক্ত সামগ্ৰীসমূহক
জিএছটিৰ আওটাৰ পৰা বাহিত ৰখা হৈছে । ১৪তম জিএছটি কাউঞ্চিলৰ সভা যোৱা ১৮ মে’ ২০১৭ তাৰিখে
শ্ৰীনগত অনুষ্ঠিত হৈ যায় । উক্ত সভাত ১,২১১
বিধ সামগ্ৰীক ৯৮ ভাগত বিভক্ত কৰি জিএছটিৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে ।
শ্ৰীমনোজ কুমাৰ হাজৰিকা
সহকাৰী অধ্যাপক
বাণিজ্য বিভাগ,
দৰং মহাবিদ্যালয়, তেজপুৰ
দূৰভাষ: ৯৬১৩৪১৮৯০৬
আমাৰ অসম কাকত, তাং: ১০-০৫-২০১৭, পৃ নং:৪

Comments
Post a Comment