অসমীয়া যুৱকৰ ব্যৱসায়ীক চিন্তা-ধাৰা

অসমীয়া যুৱকৰ ব্যৱসায়ীক চিন্তা-ধাৰা



সংস্কৃতত এষাৰ কথা আছে, বাণিজ্যে বসতি লক্ষ্মী, কিন্তু আমাৰ যুৱ সমাজে এই কথাষাৰৰ তাৎপৰ্য্য বুজি নাপায় চাকৰি এটা বিচাৰি হাবাথুৰি খাই ফুৰে, লাগে চৰকাৰী হওঁক বা বেচৰকাৰী । বিশেষকৈ আমাৰ সমাজ ব্যৱস্হাৰ বাবে আমাৰ যুৱসকলৰ মনত এনেকুৱা এটা চিন্তাই গঢ়লৈ উঠিছে যে পঢ়া শুনা শেষ কৰি চাকৰি এটা গোটাই ল’ব পাৰিলে অতি কম সময়ৰ ভিতৰতে স্বাৱলম্বী হ’ব পৰা যায় । চাকৰিৰ উপযোগী হ’বৰ বাবে আমি আমাৰ গোটেই শৈশৱ, ল’ৰালি, যৌৱন কাল নিজকে এজন ভাল চকুত লগা চাকৰিয়াল হিচাপে গঢ়ি তোলাত খৰচ কৰো। আমাৰ জীৱনৰ বহুমূলীয়া সময়খিনি এনে কাৰ্য্যত নিয়োজিত কৰাৰ পিছত, যদিহে আমি এজন ভাল চাকৰি দিওঁতা বা ক্ৰেতা পাওঁ, যি আমাৰ যোগ্যতাৰ সঠিক মূলাঙ্কন কৰিব পাৰে, তেতিয়া নিজকে ধন্য মানি সেই ক্ৰেতাজনক সেৱা কৰাৰ নামত জীৱনৰ বাকী খিনি সময় উচৰ্গা কৰি পৰম সন্তুষ্টি লাভ কৰো । আৰু যদি তেনে এজন ক্ৰেতাৰ অভাব হয় বা চাকৰি বজাৰখনত নিজকে বিক্ৰী কৰাত অপৰাগত হওঁ, তেতিয়াহে আচল বিপদটো নামি আহে । তেতিয়া অৱস্হা, “হালৰো নহ’লো, শালৰো নহ’লো” যেন হয় । আৱশ্য ইয়াৰ আৰু বহুতো কাৰণ আছে । যেনে ধৰক লাখ লাখ টকা উৎকোচ দি চাকৰি পোৱা চাকৰিয়াল এজনৰ সন্মান বিশেষকৈ অসমীয়া সমাজত এজন সাধাৰণ ব্যৱসায়ীতকৈ বহু বেছি । বিয়াৰ বজাৰখনতো ব্যৱসায়ী দৰা বুলিলে ছোৱালী পক্ষই নাক কোঁচাই । দৰা লাগে ঘোচ দি চাকৰিলৈ দৰমহা নোপোৱা হ’লেও চলিব । ভাৰতবৰ্ষত এনেবহুতো সম্প্ৰদায়ৰ লোক আছে, যিয়ে নেকি চাকৰিয়ালৰ তুলনাত এজন ব্যৱসায়ীক বেছি প্ৰাধান্য দিয়ে । বিশেষকৈ মাৰোৱাৰী, গুজৰাটী লোকসকলৰ ধাৰণা যে এজন চাকৰিয়াল যিমানেই উচ্চ পদবীৰ নহওঁক কিয় তেওঁ সদায় আনৰ তলতীয়া । ব্যৱসায়ী সকল হ’ল স্বাধীনচিতীয়া লোক, আজি এটা সৰু সাধাৰণ ব্যৱসায় আৰম্ভ কৰিলেও কালিলৈ ই এটা বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান হোৱাৰ সম্ভৱণা আছে । আৰু তাতোতকৈ ডাঙৰ কথাটো হ’ল যে এজন ব্যৱসায়ী তেওঁৰ ব্যৱসায়টো পৈতৃক সম্পতি হিচাপে তেওঁৰ ল’ৰা ছোৱালীয়ে দি যাব পাৰে । কিন্তু এজন চাকৰিয়ালৰ চাকৰিটো তেওঁৰ ল’ৰা ছোৱালীয়ে কেতিয়াও পৈতৃক সম্পতি হিচাপে লাভ কৰিব নোৱাৰে ।  
আমাৰ দেশৰ জলন্ত সমস্যাটো হৈছে নিবনুৱা সমস্যা । কাৰণ আমাৰ দেশত চাকৰি বিচাৰোঁতাৰ অভাব নাই চাকৰি দিওঁতাহে অভাব । সেইবাবে আজিকালি চৰকাৰে ‘উদ্যমীব্যক্তি’ (Entrepreneur) শব্দটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায় । কাৰণ উদ্যমীব্যক্তি এজনে নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে  আনৰ বাবেও কৰ্মসংস্হাপনৰ সৃষ্টি কৰিব পাৰে । ক’বলৈ গ’লে আমাৰ ৰাজ্যত তথাকথিত ব্যৱসায়ীৰ অভাব নাই, কাৰণ চাকৰি নাপালে ব্যৱসায় কৰা বাদে আন উপায় নাই । সেয়েহে, ‘দেখাক দেখি কুকুৰে কৰে একাদশী’ৰ  লেখিয়া ব্যৱসায়ীৰ উদাহৰণও আমাৰ সমাজ বহুত । যেনে ধৰক, কোনোৱে যদি এটা PCO খুলি লাভবান হোৱা দেখিছে, লগে লগে সকলোৱে সেই পথকে অনুসৰণ কৰি গোটেই অঞ্চলটো PCOৰে ভৰাই পেলাইছে । কোনোৱে আকৌ টেম্পু বা ই-ৰিস্কা (Tempo/E-rickshaw) কিনি ভাড়া মাৰি লাভবান হোৱা দেখিছে, সকলোৱে সেইটোকে অনুসৰণ কৰি টেম্পু আৰু ই-ৰিস্কাৰে ৰাস্তাঘাট ভৰাই পেলাইছে । ফলত চাহিদা অনুযায়ী যোগান বেছি হোৱাত সকলোৱে লোকচানৰ মুখ দেখিবলগীয়া হয় । চৰকাৰে উদ্যমীব্যক্তি সকলৰ উন্নয়ণৰ বাবে আগবঢ়োৱা বিভিন্ন ধৰণৰ আঁচনিসমূহও সদ্ ব্যৱহাৰ হোৱা দেখা নাযায় । বহুতে ঋণ ৰেহায় পোৱাৰ (subsidy) আশাত ভুৱা ব্যৱসায় দেখুৱাই চৰকাৰী আঁচনি সমূহৰ অসৎ ব্যৱহাৰ কৰাৰ উদাহৰণও আছে । আজিকালি আমাৰ সমাজত যুৱক সকলৰ আন এটা পচন্দৰ ব্যৱসায় হৈছে, মটৰ গাড়ীৰ ব্যৱসায় । বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহেও অতি সহজতে মটৰগাড়ী কিনিবলৈ ভাড়াক্ৰয় ব্যৱস্হা (Hire Purchases System) ৰে ঋণ আগবঢ়ায় । সেয়েহে ল’ৰাহতে সহজতে গাড়ী ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ’ব বিচাৰে । প্ৰথম অৱস্হাত সাধাৰণতে গাড়ী ব্যৱসায়ৰ পৰা লাভৰ পৰিমান বেছি হয় । কাৰণ গাড়ীখন নতুন হোৱাৰ বাবে গ্ৰাহক বা যাত্ৰীৰ সংখ্যাও বেছি হয় আৰু গাড়ীখনৰ আনুষঙ্গিক ব্যয়ৰ পৰিমানো কম হয়। বহুতে আৰম্ভণিৰ লাভৰ অংশ ভৱিয্যৎৰ অনিশ্চয়তাৰ বাবে নাসাঁচি নিজৰ ভোগবাদী সামগ্ৰী ক্ৰয় কৰাত ব্যৱহাৰ কৰা দেখা যায় । প্ৰায়েই আমাৰ ডেকাসকলে ঋণ লৈ গাড়ীৰ ব্যৱসায় কৰাৰ পাছতে এটা দামী ম’বাইল ফোন আৰু এখন দামী মটৰবাইক কিনা দেখা যায় । কিন্তু ভৱিয্যতৰ অনিশ্চয়তা (Uncertainity)আৰু অৱক্ষয়ৰ (Depreciation)ৰ মূল্যায়ণ নকৰাকে লাভ নিৰ্ণয় কৰিলে কেইমাহ মানৰ পিছতে বিপদত পৰা দেখা যায় । যাৰফলত ঋণৰ মাহেকীয়া কিস্তি সময় মতে পৰিশোধ কৰিব নোৱাৰাৰ ফলত  বেংক বা বৃত্তীয় প্ৰতিষ্ঠানসমূহে গাড়ীখন টানি নিয়াৰ উদাহৰণো অলেখ । বহুতে আকৌ মূলধনৰ অভাবত ব্যৱসায় কথা চিন্তা নকৰি হাত সাবতি বহি থাকে । ইংৰাজীত এষাৰ কথা আছে, “Where there is will, there is way” আৰু অসমীয়াটো একেই “মন কৰিলে ছন, বাকৰি মাটিতে ধন” । প্ৰবল ইচ্ছাশক্তি থাকিলে একোৱেই বাধাৰ প্ৰাচিৰ হ’ব নোৱাৰে । মুলধনৰ পৰিমান কম হ’লে বা নাথাকিলেও ক্ষুদ্ৰ ব্যৱসায় আঁচনিৰে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব পৰা যায়, যাৰ বাবে লাগে মাথো সততা, বিশেষকৈ লেন-দেনৰ ক্ষেত্ৰত । এবাৰ যদি বজাৰত লেন-দেনৰ ক্ষেত্ৰত নিজৰ সুনাম নষ্ট হৈ যায়, আগলৈ আৰু কোনোও ব্যৱসায়ত সহায়ৰ হাত আগনবঢ়াব । সেয়েহে বিশেষকৈ টকা পইচৰ লেনদেনৰ দিশটোত অতি সতৰ্ক হোৱা উচিত, এনেও অসমীয়া লোকৰ এই দিশত বদনাম আছেই । অভিজ্ঞতা নথকাকৈ বা  ব্যৱসায়ৰ প্ৰতি সঠিক জ্ঞান নথকাকৈ ডাঙৰ কাৰোবাৰ এটাত হাত দিয়াটো ভেঁটি মজবুত নোহোৱা অট্ৰালিকা সদৃশ, যি সৰু ভুমিকম্পতে খহি পৰা সম্ভবনা বেছি । আৰু তেনে ব্যৱসায় যদি ঋণ লৈ কৰা হয়, তেতিয়াটো বিপদ নিশ্চিত । কাৰণ লাভ হওঁক বা নহওঁকেই ঋণৰ কিস্তি সুদসহিতে ব্যৱসায়ৰ আৰম্ভণীৰে পৰা পৰিশোধ কৰিব লাগিব ।
     এজন ভাল ব্যৱসায়ী বা উদ্যমীব্যক্তিয়ে এটা অঞ্চলৰ লগতে দেশৰ সৰ্বাঙ্গীণ উন্নয়ণত অৰিহণা যোগায় । যছেফ স্কুমপিটাৰৰ মতে, ‘এজন উদ্যমীব্যক্তি হ’ল এজন সংস্কাৰক যিজনে উৎপাদনৰ উপাদানসমূহৰ নতুন সংযোজনৰে আৰু অনিশ্চয়তা বহন কৰি অৰ্থনৈতিক উন্নয়ণ সাধন কৰে’(An entrepreneur is an innovator who bring economic development through new combinations of factors of production & bear risk) ।এজন উদ্যমীব্যক্তি আৰু এজন ব্যৱসায়ী মাজত পাৰ্থক্য আছে । যেনে সকলো উদ্যমীব্যক্তিয়েই ব্যৱসায়ী হ’ব পাৰে, কিন্তু সকলো ব্যৱসায়ী উদ্যমীব্যক্তি নহ’বও পাৰে । উদ্যমীব্যক্তি সকলে সদায় নিজে কিবা এটা আনকৈ বেলেগ কৰাত গুৰুত্ব দিয়া । তেওঁলোকে সাধাৰণতে আনক অনুসৰণ কৰা দেখা নাযায় । মনিৰাম দেৱান, ৰাধাগোবিন্দ বৰুৱা পৰা আদি কৰি, দীপাংকৰ দত্ত, তনুশ্ৰী হাজৰিকা, প্ৰঞ্জাল শইকীয়া (শিৱসাগৰ), অভিজিৎ বৰুৱালৈকে বহুতো অসমীয়া উদ্যমীব্যক্তি আছে, যিসকলে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকে কৰ্ম সংস্হাপন দিবলৈ সক্ষম হৈছে । আজিকালি বাতৰি কাকতত প্ৰায়েই পঢ়িবলৈ পোৱা যায় যে মীন পালন কৰি, মুগা খেতি কৰি, চাহ খেতি কৰি, ৰবৰ খেতি কৰি, পাণ দোকান দি  অসমীয়া যুৱক স্বাৱলম্বী হোৱাৰ কথা । ই এক অতি শুভলক্ষণ । আমাৰ সমাজক উদ্যমী ব্যক্তিসকলৰ প্ৰয়োজন অতি বেছি । আমেৰিকাৰদৰে ৰাষ্ট্ৰ এখন পৃথিৱীৰ ভিতৰতে উন্নত হোৱাৰ প্ৰধান কাৰণ হ’ল, তাত উদ্যমীব্যক্তিৰ অভাব নাই  । সেয়েহে আমাৰ চৰকাৰে উদ্যমীব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিব লাগে । কাৰণ উদ্যমীব্যক্তি সকল অকল জন্মগতই নহয়, তেওঁলোক সৃষ্টিও কৰিব পৰা যায় । লাগে মাথো সুস্হ সামাজিক বাতাবৰণ, কাৰিকৰী শিক্ষা ব্যৱস্হা আৰু মজবুত আন্তঃগাঠণি ।

তাং: ২৪ জুন ২০১৭                                                                            শ্ৰীমনোজ কুমাৰ হাজৰিকা
সহকাৰী অধ্যাপক
বাণিজ্য বিভাগ
দৰং মহাবিদ্যালয়, তেজপুৰ


Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল