Posts

Showing posts from 2017

এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি

Image
এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি             অহা অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ছয়গাওঁ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্হাৰ ৬০তম বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ’ব, সেইবাবে এ.চি. টি. এ. ৰ সকলো সদস্যলৈ আহ্বান জনাইছো যে এই অধিৱেশনখনত আলোচনা হ’বলগীয়া বিষয়বস্তু সমূহৰ ওপৰত যেন বিশেষ মনোযোগ দিয়ে ।  ‘পাঞ্চিং মেচিন ব্যৱহাৰ কৰা বা নকৰাৰ’ লেখিয়া প্ৰস্তাৱসমূহ যেন এইবাৰ গ্ৰহণ নকৰে ।  যোৱাবাৰ কৰিমগঞ্জ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অসম কলেজ শিক্ষক সংস্হাৰ ৫৯তম বাৰ্ষিক অধিৱেশনখনত সুযোগ বুজি গ্ৰহণ কৰা তেনে এক অবাঞ্চিত প্ৰস্তাৱে অসমৰ কলেজ শিক্ষকসকলক   ৫ চেপ্তেম্বৰ ২০১২ৰ শিক্ষকদিৱসৰ  পৰা  ছাত্ৰ-ছাত্ৰী  তথা সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰাইছিল আৰু ইয়াৰ কাৰণে বৌদ্বিক মহলতো বিশৃংখলতাৰ সৃষ্টি  হৈছিল ।  কলেজশিক্ষকসকল সংবাদ মাধ্যমতো এনে প্ৰস্হাৱৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ঠায়ে ঠায়ে কেইজনমান কলেজশিক্ষকে বা কেইটামান কলেজগোটে ইয়াৰ বিৰোধীতা কৰিছিল যদিও সংবিধান আৰু একতাৰ খাতিৰত তেনে অনৈতিক প্ৰস্তাৱ মানি ল’বলৈ ব...

‘অসমীয়াই অসমীয়াৰ প্ৰধান শত্ৰু’

Image
‘অসমীয়াই অসমীয়াৰ প্ৰধান শত্ৰু’ সাম্প্ৰতিক সময়ত অসমত যি বিদেশী সমস্যাই গা কৰি উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন অসমীয়া শংকিত হোৱাটো  স্বাভাৱিক । দেশত ইতিমধ্যে থকা ১.৫০ লাখ ‘ডি’ ভোটাৰে ইতিমধ্যে অসমীয়া ভাষা সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাইছে । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি ২০ লাখ হিন্দু শৰণাৰ্থীক নতুনকৈ নাগৰিকত্ব প্ৰদানৰে অসমীয়া জাতিটো একেবাৰে শেষ কৰি পেলোৱাৰ যি অভিসন্ধি কৰিছে, তাক আমি কিছুমান খাৰ খোৱা অসমীয়াই অনুধাৱন কৰিব পৰা নাই । এন ডি এ চৰকাৰে নিৰ্বাচনী লাভা-লাভৰ কথা চিন্তা কৰি  হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰে  অসমক ইছলামিক ষ্টেটৰ কবলৰ পৰা মুক্ত কৰাত সহায় কৰিব পাৰে যদিও জাতিটো হ’লে কোনো কাৰণতে নাবাচিব । ১৯৬০চনৰ অসম চৰকাৰী ভাষা আইন অনুসৰি, বৰাক উপত্যকাৰ বাদে অসমত অসমীয়া ভাষা প্ৰয়োগ আৰু ব্যৱহাৰ বাধ্যতামূলক, তেনেক্ষেত্ৰত আজি কেইদিনমানৰ পৰা অসমৰ বিভিন্ন ৰাজহুৱা স্হানত অনাঅসমীয়া ভাষাত ফলক লগোৱা দৃষ্টিগোচৰ হৈছে । সেইবাবে যোৱা চেপ্টেম্বৰ মাহৰ ১৩ তাৰিখে তেজপুৰ চহৰৰ বিভিন্ন স্হানত শ্ৰীশ্ৰীগণেশ পূজা উপলক্ষে বাঙালী ভাষাত ফলক লগোৱাৰ আৰু বিজনীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ‘...

অসমত সঁচাই ৰামৰাজ্য স্হাপন হ’বনে

Image
অসমত সঁচাই ৰামৰাজ্য স্হাপন হ ’ বনে !! ১৯৮৫ চনত যেতিয়া অসমৰ একমাত্ৰ আঞ্চলিক দল অগপই চৰকাৰ গঠণ কৰিছিল , তেতিয়াও অসমৰ ৰাইজে ভাবিছিল অসমত ৰামৰাজ্য স্হাপন হ ’ ব বুলি । কিন্তু কেইদিনমানৰ পিছৰে পৰা অপৰিপক্ক নেতাসকলে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে । প্ৰথমে চৰকাৰী খৰছেৰে বিয়া পাতিবলৈ আৰম্ভ কৰিলে , তাৰপাছত লুণ্ঠন , অপব্যয় , অপচয় , নাৰী কেলেংকাৰিকে আদি কৰি কেলেংকাৰি সীমা নোহোৱা হ ’ ল । জনতাই যিসকলক ৰাম বুলি ভাবিছিল তেখেতসকলক ৰাৱণ বুলি ভাবিবলৈও ভয় কৰা হ ’ ল । কাৰণ ৰাৱণটো কিছু হ ’ ল েও নীতি আদৰ্শ আছিল , এখেত সকলৰটো কোনো ধৰণৰ নীতি আদৰ্শই নাছিল । শত্ৰুৱে আঘাট কৰা পীড়াতকৈ আপোনজনৰ আঘাট বেছি যন্ত্ৰণাদায়ক । তথাপিও অসমৰ ৰাইজে তেওঁলোকক আৰু এটা সুযোগ দিছিল । পিছৰ বাৰটো তেওঁলোক অতি ভয়ানক হৈ পৰিল । উন্নয়ণ স্তব্ধ , ৰাজ্যৰ কেওঁফালে মাথো মুক্ত হত্যা , গুপ্ত হত্যা , ইত্যাদি , ইত্যাদি । ১৯৯৮ চনত মোৰ মনত আছে , কিদৰে সেইসময়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক বিভিন্ন অত্যচা...

সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ কিয় আৱশ্যক:

Image
Why General Category needs Reservation: সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ কিয় আৱশ্যক : ১৯৫০ চনৰ ভাৰতবৰ্ষৰ সামাজিক ব্যৱস্হা আৰু আজিৰ অৰ্থাৎ ২০১৬ চনৰ সামাজিক ব্যৱস্হাৰ মাজত বহু পাৰ্থক্য আছে । যি সময়ত বি . আৰ . অম্বেদকাৰদেৱে ব্যক্তিগত অপমানৰ বাবে সেই সময়ৰ অৰ্থ সামাজিক ব্যৱস্হাৰ ওপৰত নিৰ্ভৰ কৰি জাতিগত সাংবিধানিক বৈষম্যতাৰ সৃষ্টিৰে নিৰ্যাতিত সকলক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল , সেয়া নিশ্চয়কৈ আদৰণীয় আছিল । কিন্তু অম্বেদকাৰদেৱ যদি বৰ্তমানৰ যুগৰ কোনো সাধাৰণ শ্ৰেণীৰ লোকৰ ঘৰত জন্ম হ ’ ল হেতেন আজি এই ব্যৱস্হাৰ প্ৰত্যাহবান তেওঁও জনালে হয় । কাৰণ আজি স্বাধীনতাৰ ৭০ বছৰৰ পিছত পিছপৰা জাতি জনগোষ্ঠী সমূহ আগৰ দৰে পিছ পৰি থকা নাই । বৰ্তমান বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ লোক সংৰক্ষণৰ বা নিজৰ যোগ্যতাৰ বলতে হওঁক সমাজৰ বহুতো সন্মানীয় পদত অধিষ্ঠিত । এজন পিছপৰা সম্প্ৰদায়ৰ লোক উচ্চপদস্হ চৰকাৰী বিষয়া , ডাক্তৰ , শিক্ষক , ডাঙৰ ঔদ্যৌগিক বা ইঞ্জিণীয়াৰ হোৱাৰ পাছতো তেওঁলোকৰ সন্তানবোৰে সংৰক্ষণৰ সুবিধাস...