‘অসমীয়াই অসমীয়াৰ প্ৰধান শত্ৰু’
‘অসমীয়াই
অসমীয়াৰ প্ৰধান শত্ৰু’
সাম্প্ৰতিক সময়ত অসমত যি বিদেশী
সমস্যাই গা কৰি উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন অসমীয়া শংকিত হোৱাটো স্বাভাৱিক । দেশত ইতিমধ্যে থকা ১.৫০ লাখ ‘ডি’ ভোটাৰে
ইতিমধ্যে অসমীয়া ভাষা সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাইছে । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা
দি ২০ লাখ হিন্দু শৰণাৰ্থীক নতুনকৈ নাগৰিকত্ব প্ৰদানৰে অসমীয়া জাতিটো একেবাৰে শেষ কৰি
পেলোৱাৰ যি অভিসন্ধি কৰিছে, তাক আমি কিছুমান খাৰ খোৱা অসমীয়াই অনুধাৱন কৰিব পৰা নাই
। এন ডি এ চৰকাৰে নিৰ্বাচনী লাভা-লাভৰ কথা চিন্তা কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰে অসমক ইছলামিক ষ্টেটৰ কবলৰ পৰা মুক্ত কৰাত সহায় কৰিব
পাৰে যদিও জাতিটো হ’লে কোনো কাৰণতে নাবাচিব । ১৯৬০চনৰ অসম চৰকাৰী ভাষা আইন অনুসৰি,
বৰাক উপত্যকাৰ বাদে অসমত অসমীয়া ভাষা প্ৰয়োগ আৰু ব্যৱহাৰ বাধ্যতামূলক, তেনেক্ষেত্ৰত
আজি কেইদিনমানৰ পৰা অসমৰ বিভিন্ন ৰাজহুৱা স্হানত অনাঅসমীয়া ভাষাত ফলক লগোৱা দৃষ্টিগোচৰ
হৈছে । সেইবাবে যোৱা চেপ্টেম্বৰ মাহৰ ১৩ তাৰিখে তেজপুৰ চহৰৰ বিভিন্ন স্হানত শ্ৰীশ্ৰীগণেশ
পূজা উপলক্ষে বাঙালী ভাষাত ফলক লগোৱাৰ আৰু বিজনীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ‘অসমীয়া
মুৰ্দাবাদ’ ধ্বনি দিয়া পৰিপেক্ষিতত ছচিয়েল নেটৱাকিং চাইট ফেচবুকত কিছুমান মন্তব্য ৰাখিছিলো
যাতে ৰাইজৰ দৃষ্টিগোচৰ হয় । কাৰণ ছচিয়েল নেটৱাকিং চাইটবোৰ বৰ্তমান এক অতি সক্ৰিয় গণ
মাধ্যম হিচাপে বিবেচিত হৈছে । এই মন্তব্যবোৰ দেখি বাঙালী সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ
কৰাটো স্বাভাৱিক । কিন্তু তাৎপৰ্য্যৰ বিষয়
এইয়ে যে, যি অসমীয়াৰ প্ৰজন্মই ২৪ ঘণ্টাৰ ১৬ ঘণ্টাৰ বেছি সময় নেটৱাকিং চাইট ফেচবুকত
খৰচ কৰে তেওঁলোকৰ মৌনতা । মোৰ প্ৰিয় আৰু মোক শ্ৰদ্ধা কৰা কেইজন মান বাঙালী ভাষী ছাত্ৰ-ছাত্ৰীয়ে
মোক মহাবিদ্যালয়ত আগছি ধৰি তেওঁলোকৰ আপত্তি দৰ্শালে আৰু লগতে বাঙালী সমাজৰ অতি গুৰুত্বপূৰ্ণ
অনুষ্ঠান তেজপুৰৰ শ্ৰীশ্ৰী হৰিসভাৰ কৰ্মকৰ্তা সকলে অসমীয়া ভাষাত প্ৰস্তুত কৰা এখন নিমন্ত্ৰণী
পত্ৰিকাৰে শ্ৰীশ্ৰীগণেশ পূজালৈ আমন্ত্ৰণ জনালে । তেওঁলোকৰ নিজৰ মাতৃভাষা সংস্কৃতিৰ
প্ৰতি থকা আকুলতা সঁচাই প্ৰশংসনীয়
। আমাৰ নৱ প্ৰজন্মৰ অসমীয়া সকলক দেখি
এনেভাৱ হয় যে এওঁলোকে এসময়ত অসমীয়া ভাষা পাহৰিৱ
। কিয়নো এইসকলৰ বহুতেই কেতিয়াবাই অসমীয়া লিখিবলৈ এৰিলে আৰু কেতিয়াবা অসমীয়াত মনৰ ভাৱ
প্ৰকাশ কৰিবলগীয়া হ’লে ইংৰাজী বৰ্ণমালা ব্যৱহাৰ কৰিবলগীয়া হয় । আজিকালি বহুতো অসমীয়াই মাতৃভাষা লাহে লাহে ক’বলৈও
এৰিছে । নহ’লেনো অসমতে বহুদিন বসবাস কৰা অন্যভাষী লোকসকল, যিসকলে অসমীয়া ভাষা ভালদৰে
ক’ব পাৰে, সেইসকলৰ লগতো নিজৰ মাতৃভাষাত কথা নাপাতি অন্য ভাষাত ভুলে শুদ্ধই কথা পাতি
গৌৰৱবোধ কৰেনে ? অসমৰ বজাৰ বিলাকৰ পৰা ইতিমধ্যে অসমীয়া ভাষা উঠি গৈছে, বহু অসমীয়া ব্যৱসায়ী
আৰু গ্ৰাহকে বজাৰ অংশ আৰু মুনাফা আদায় কৰিবৰ বাবে অসমীয়া ভাষা ত্যাগ কৰিছে । অন্য ভাষীৰ বেপাৰী এজনৰ লগত অসমীয়াত দাম-দৰ কৰিলে
উচিত মূল্যত বয়-বস্তু নাপাবহে যেন তেওঁলোকৰ অনুমান । প্ৰতিযোগিতাৰ কবলত পৰি বহু মাতৃয়ে
সন্তানক মাতৃভাষাৰ পৰা বঞ্চিত কৰা বহুক্ষেত্ৰত দেখা পোৱা যায় । সেয়েহে অনুভৱ হয় ‘অসমীয়া সকলেই
অসমীয়াৰ জাতি আৰু ভাষা সংস্কৃতিৰ প্ৰধান শত্ৰু আন কোনো নহয়’ । আজিৰ পৰা প্ৰায় ১৩০ বছৰ
পূৰ্বে অসমত এনে এক পৰিস্হিতিৰ সৃষ্টি হৈছিল । যি সময়ত কলিকতাত অধ্যয়ন কৰা ছাত্ৰ সকলে
১৮৮৮ গঢ়ি তুলিছিল ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ । যাৰ
লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল:-“কেচুৱা
মাতৃভাষা কেনেকৈ ডাঙৰ-দীঘল হ’ব, কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান
হৈ আপোন গৌৰৱ বেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীয়া আৰু এন্ধাৰ অসমৰ মুখ পোহৰাব পাৰিব,
কেনেকৈ সি দুৰ্বল, ৰুগীয়া আৰু জীৰ্ণ অৱস্হাৰ পৰা সবল, সুস্হ আৰু শকত অৱস্হা পাব ।”
বৰ্তমান সময়ত অসমৰ অকল ব্ৰহ্মপুত্ৰ উপত্যকাতে অসমীয়া ভাষা যেনেতেনে জীয়াই আছে
আমি সকলোৱে মিলি যদি ইয়াক জীয়াই নাৰাখিলে বিশ্বায়ন কোবাল সোঁতত আৰু চৰকাৰৰ উদাসিন নীতিত
ই এদিন চিৰকালৰ বাবে লোপ পাব । অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতৰ পৰা যদি বঙলা ভাষা উঠি যায়,
বিশ্বৰ ৭ম ব্যৱহৃত ভাষা হিচাপে বঙলা ভাষাৰ একো ক্ষতি নহয়, কিন্তু অসমীয়া ভাষাই স্বীকৃতি পাবলৈ পৃথিৱীত অন্য
এখন ঠাই নাই । মাধৱ কন্দলিৰ ভাষাত ৩৪ জাতিৰে গঢ়ি উঠা এই অসম দেশ । য’ত বিভিন্ন ভাষা
সংস্কৃতিৰে সৃষ্টি হৈছিল অসমীয়া ভাষা, এই ভাষা না আহোমৰ না মোগলৰ না বঙ্গৰ । ৰাজস্হানৰ
আগৰৱালা পৰিয়ালৰ জ্যোতি প্ৰসাদ আৰু তেওঁ নাতি পুতি যিদৰে হাড়ে হিমজুৱে অসমীয়া, ঢাকা
জন্ম গ্ৰহণ কৰা বিষ্ণু ৰাভা, পশ্চিম বঙ্গৰ হেমাংগ বিশ্বাসতকৈ শ্ৰেষ্ঠ
অসমীয়া কোন হ’ব পাৰে । বৰ্তমান আন আন জনগোষ্ঠী সকল অসমীয়াৰ পৰা আঁতৰি গৈছে তাৰ বাবে
অসমীয়াসকল দোষী । ১৯৭১ চনৰ পৰাই লোকপিয়লি অনুসৰি অসমীয়া ভাষী লাহে লাহে কমি আহিছে ।
এনে দুৰ্যোগৰ সময়ত অসমীয়া জাতি আৰু ভাষা সংস্কৃতিক বচাবলৈ চৰকাৰৰ লগতে আমি সকলো দৃঢ় প্ৰতিজ্ঞ হোৱাটো উচিত ।
শ্ৰীমনোজ কুমাৰ
হাজৰিকা
সহকাৰী অধ্যাপক
দৰং মহাবিদ্যালয়
তেজপুৰ ।
দূৰভাষ: ৯৬১৩৪১৮৯০
Comments
Post a Comment