এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি

এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি
            অহা অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ছয়গাওঁ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্হাৰ ৬০তম বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ’ব, সেইবাবে এ.চি. টি. এ. ৰ সকলো সদস্যলৈ আহ্বান জনাইছো যে এই অধিৱেশনখনত আলোচনা হ’বলগীয়া বিষয়বস্তু সমূহৰ ওপৰত যেন বিশেষ মনোযোগ দিয়ে ।  ‘পাঞ্চিং মেচিন ব্যৱহাৰ কৰা বা নকৰাৰ’ লেখিয়া প্ৰস্তাৱসমূহ যেন এইবাৰ গ্ৰহণ নকৰে ।  যোৱাবাৰ কৰিমগঞ্জ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অসম কলেজ শিক্ষক সংস্হাৰ ৫৯তম বাৰ্ষিক অধিৱেশনখনত সুযোগ বুজি গ্ৰহণ কৰা তেনে এক অবাঞ্চিত প্ৰস্তাৱে অসমৰ কলেজ শিক্ষকসকলক  ৫ চেপ্তেম্বৰ ২০১২ৰ শিক্ষকদিৱসৰ  পৰা  ছাত্ৰ-ছাত্ৰী  তথা সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰাইছিল আৰু ইয়াৰ কাৰণে বৌদ্বিক মহলতো বিশৃংখলতাৰ সৃষ্টি  হৈছিল ।  কলেজশিক্ষকসকল সংবাদ মাধ্যমতো এনে প্ৰস্হাৱৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ঠায়ে ঠায়ে কেইজনমান কলেজশিক্ষকে বা কেইটামান কলেজগোটে ইয়াৰ বিৰোধীতা কৰিছিল যদিও সংবিধান আৰু একতাৰ খাতিৰত তেনে অনৈতিক প্ৰস্তাৱ মানি ল’বলৈ বাধ্য কৰোৱা হৈছিল । আমি কেইজনমানে ‘পাঞ্চিং মেচিন ব্যৱহাৰ নকৰাৰ’ প্ৰস্তাৱক  মুকলিকৈ প্ৰত্যাহৱান জনোৱাৰ বাবে আৰু আমাৰ কলেজগোটৰ বিশেষ তৎপৰতাত আমি সংস্হাৰ পৰা বহিস্কৃত হ’ব লগা হ’ল । অসম কলেজ শিক্ষক সংস্হাৰ অধিৱেশনখনত সাধাৰণতে শৈক্ষিক বিষয়বস্তু সমূহে আগস্হান পোৱাটো উচিত । তাৰ লগতে কলেজশিক্ষক সকলৰ পদোন্নতিৰ সুব্যৱস্হাকৰণ, দৰমহা নিয়মীয়াকৰণ, বকেয়াৰ ধন মোকলোৱা, নতুন পেঞ্চন নীতিৰ আসোঁৱাহসমূহ দূৰীকৰণ, পি এইছ. ডি. ডিগ্ৰীৰ কাৰণে ছুটী মঞ্জুৰকৰণকে আদি কৰি কলেজশিক্ষকৰ লগত জড়িত বিভিন্ন সমস্যাসমূহো আলোচনা কৰি তাৰ সমাধানৰ পথ বাচি ওলোৱাটো অতিকৈ আৱশ্যকীয় ।  পাঞ্চিং মেচিন, চিচি কেমেৰা, অধ্যক্ষ-বদলিকৰণ ইত্যাদি অলাগতিয়াল বিষয়সমূহত অনাৱশ্যকীয় চিন্তা-চৰ্চাবোৰ প্ৰযোজন নাই । কিয়নো এনেধৰণৰ প্ৰস্তাৱসমূহে কলেজশিক্ষকসকলৰ সততাৰ ওপৰত সন্দেহৰ প্ৰশ্ন তুলিব পাৰে । অসম কলেজ শিক্ষক সংস্হা অসমৰ বৌদ্বিক জগতৰ সৰ্ব্বোচ্চ অনুষ্ঠান । এই অনুষ্ঠানৰ মান যাতে সদায় অক্ষুন্ন থাকে তাৰবাবে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিখন গঠন কৰাত সন্মানীয় সদস্যসকলে বিশেষ ভূমিকা লোৱাটো অতি আৱশ্যক । ই যাতে চৈতানৰ ৰাজনীতিত পৰিণত নহয় তাৰপ্ৰতি বিশেষ লক্ষ্য ৰখাটো উচিত । সেইবাবে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিখনৰ বাবে মনোনিত প্ৰাৰ্থীসকলৰ  উত্তেজনাপূৰ্ণ চলাহি ভাষণৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকৰ অতীতৰ কৰ্মৰাজি আৰু সততা ওপৰত ভিত্তি কৰি মনোনিত কৰাটো বাঞ্ছনীয় । ৰাজনৈতিক দলৰ নেতাসকলৰ মধ্যস্হতাকাৰী দালালৰূপি বা ঠিকাদাৰৰূপি তথাকথিত নেতা আৰু সদস্যসকলৰ স্হান কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিখনত থকাটো অতিকৈ বিপদজনক । তেনেধৰণৰ নেতাসকলে নিজৰ স্বাৰ্থপূৰণৰ উদ্দেশ্যে সংস্হাৰ নৈতিক দায়িত্ব-কৰ্তব্যক জলাঞ্জলি দিবলৈও কুণ্ঠাবোধ নকৰে ।  কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিখনলৈ নতুন নতুন যোগ্য সদস্যসকলকো মনোনিত কৰিব লাগে যাতে তেওঁলোকেও সংস্হা কাম-কাজ সমূহ কৰিবলৈ সুবিধা পায় আৰু সমিতিখন সদায় একপক্ষীয় হৈ নাথাকে । প্ৰয়োজন হ’লে এইক্ষেত্ৰ সংস্হাৰ সংবিধানখন সংশোধন ঘটাই সমিতিখনত নতুনত্ব  প্ৰদানৰ ব্যৱস্হা কৰিব লাগে । অসম কলেজ শিক্ষক সংস্হাৰ পৰা বহিস্কৃত হ’লেও সংস্হাৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু সন্মান  অটুট্ আছে আৰু  থাকিব । সেইবাবে সংস্হাত যাতে আকৌ বিসম্বাদ, বিভাজন, পদত্যাগৰ দৰে সমস্যাই  গা কৰি নুঠে তাৰেই কামনাৰে ,জয়তু অসম কলেজ শিক্ষক সংস্হা ।
                                                                                      ইতি
                                                                              সংস্হাৰ বহিস্কৃত সদস্য
                                                                             শ্ৰীমনোজ কুমাৰ হাজৰিকা
                                                                             দৰং মহাবিদ্যালয়, তেজপুৰ ।

                                                                               ফোন- ৯৬১৩৪১৮৯০৬

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল