অসমত সঁচাই ৰামৰাজ্য স্হাপন হ’বনে

অসমত সঁচাই ৰামৰাজ্য স্হাপন বনে !!
১৯৮৫ চনত যেতিয়া অসমৰ একমাত্ৰ আঞ্চলিক দল অগপই চৰকাৰ গঠণ কৰিছিল, তেতিয়াও অসমৰ ৰাইজে ভাবিছিল অসমত ৰামৰাজ্য স্হাপন বুলি কিন্তু কেইদিনমানৰ পিছৰে পৰা অপৰিপক্ক নেতাসকলে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে প্ৰথমে চৰকাৰী খৰছেৰে বিয়া পাতিবলৈ আৰম্ভ কৰিলে, তাৰপাছত লুণ্ঠন, অপব্যয়, অপচয়, নাৰী কেলেংকাৰিকে আদি কৰি কেলেংকাৰি সীমা নোহোৱা জনতাই যিসকলক ৰাম বুলি ভাবিছিল তেখেতসকলক ৰাৱণ বুলি ভাবিবলৈও ভয় কৰা কাৰণ ৰাৱণটো কিছু েও নীতি আদৰ্শ আছিল, এখেত সকলৰটো কোনো ধৰণৰ নীতি আদৰ্শই নাছিল শত্ৰুৱে আঘাট কৰা পীড়াতকৈ আপোনজনৰ আঘাট বেছি যন্ত্ৰণাদায়ক তথাপিও অসমৰ ৰাইজে তেওঁলোকক আৰু এটা সুযোগ দিছিল পিছৰ বাৰটো তেওঁলোক অতি ভয়ানক হৈ পৰিল উন্নয়ণ স্তব্ধ, ৰাজ্যৰ কেওঁফালে মাথো মুক্ত হত্যা, গুপ্ত হত্যা, ইত্যাদি, ইত্যাদি ১৯৯৮ চনত মোৰ মনত আছে, কিদৰে সেইসময়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক বিভিন্ন অত্যচাৰ কৰিছিল মই তেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ, মুখ্যমন্ত্ৰীজনে কামাখ্যা গেটত ভুৱা বিস্ফোৰণ ঘটায় বেয়া কামবোৰ কৰিব বাবে নিজৰ নিৰাপত্তা আৰু বেছি বৃদ্ধি কৰি ৰাইজক কেনেদৰে ৰাজপথত হাৰাশাস্তি কৰিছিল, মোৰ আজিও মনত আছে আমি চিটিবাছত গৰমত ঘণ্টাৰ পাছত ঘণ্টা মহাৰাজ পাৰহৈ যাবলৈ অপেক্ষা কৰোঁৱা আৰু আমি আঙুলি ফুটাই শাও দিয়া মনত আছে নেতা যিমানে ডাঙৰ নহওক কিয়, লাও সদায় পাতৰ তলত জনতাক অসন্তোষ্ট কৰি বেছিদিন ৰাজ ভোগ কৰিব নোৱাৰে আজি প্ৰায় ৩০ বছৰ পাছত অসমৰ ৰাইজে আকৌ এজন ৰাম সদৃশ নেতা আশা কৰিছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে এই সকলোবোৰ অপকৰ্ম আতৰি থাকি পাৰিবনে বাৰু অসমত ৰাম ৰাজ্য স্হাপন কৰিব পাৰিবনে ………শ্ৰীমনোজ কুমাৰ হাজৰিকা, তেজপুৰ

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল