সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ কিয় আৱশ্যক:

Why General Category needs Reservation: সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ কিয় আৱশ্যক:

১৯৫০ চনৰ ভাৰতবৰ্ষৰ সামাজিক ব্যৱস্হা আৰু আজিৰ অৰ্থাৎ ২০১৬ চনৰ সামাজিক ব্যৱস্হাৰ মাজত বহু পাৰ্থক্য আছে যি সময়ত বি. আৰ. অম্বেদকাৰদেৱে ব্যক্তিগত অপমানৰ বাবে সেই সময়ৰ অৰ্থ সামাজিক ব্যৱস্হাৰ ওপৰত নিৰ্ভৰ কৰি জাতিগত সাংবিধানিক বৈষম্যতাৰ সৃষ্টিৰে নিৰ্যাতিত সকলক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল, সেয়া নিশ্চয়কৈ আদৰণীয় আছিল কিন্তু অম্বেদকাৰদেৱ যদি বৰ্তমানৰ যুগৰ কোনো সাধাৰণ শ্ৰেণীৰ লোকৰ ঘৰত জন্ম হেতেন আজি এই ব্যৱস্হাৰ প্ৰত্যাহবান তেওঁও জনালে হয় কাৰণ আজি স্বাধীনতাৰ ৭০ বছৰৰ পিছত পিছপৰা জাতি জনগোষ্ঠী সমূহ আগৰ দৰে পিছ পৰি থকা নাই বৰ্তমান বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ লোক সংৰক্ষণৰ বা নিজৰ যোগ্যতাৰ বলতে হওঁক সমাজৰ বহুতো সন্মানীয় পদত অধিষ্ঠিত এজন পিছপৰা সম্প্ৰদায়ৰ লোক উচ্চপদস্হ চৰকাৰী বিষয়া, ডাক্তৰ, শিক্ষক, ডাঙৰ ঔদ্যৌগিক বা ইঞ্জিণীয়াৰ হোৱাৰ পাছতো তেওঁলোকৰ সন্তানবোৰে সংৰক্ষণৰ সুবিধাসমূহ প্ৰজন্মৰ পিচত প্ৰজন্মই ভোগ কৰি থকাটো উচিতনে ? এতিয়া আগৰ দিন নাই, এতিয়া আগৰদৰে কোটাৰ (Quota) ডাক্তৰৰ ওচৰলৈ যাবলৈ বা কোটাৰ ইঞ্জিণীয়াৰক কামত লগাবলৈ ভয় কৰিব নালাগে কাৰণ এতিয়া শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ ফলাফল সমূহত বা বাছনি পৰীক্ষাৰ ফলাফল সমূহ নিৰীক্ষণ কৰিলে দেখা যায় যে বহুতো পিচপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়ে আগস্হান লাভ কৰিবলৈ সক্ষম হৈছে, যিটো অতি শুভ লক্ষণ কিন্তু তেওঁলোকৰ বাবে অন্য প্ৰকাৰে সাধাৰণ শ্ৰেণীৰ বহুতো ছাত্ৰ-ছাত্ৰী বঞ্চিত লগীয়া হোৱাও দেখা যায় কাৰণ তেওঁলোকে দুই ধৰণে সুবিধাসমূহ লয়, হয় কোটাৰ নাম নহলে সাধাৰণ শ্ৰেণীৰ লোকসকলক বঞ্চিত কৰি আনহাতে এইটোও বুজা উচিত যে, যেতিয়া সাধাৰণ শ্ৰেণীৰ ৫০ শতাংশতকৈ অধিক স্হান পিচপৰা সম্প্ৰদায়ৰ লোকে দখল কৰিবলৈ সক্ষম হৈছে, তেতিয়া সংৰক্ষণৰ প্ৰয়োজন নাই । ইতিমধ্যে SC (Scheduled Caste)নামত ১৫ শতাংশ, ST (Scheduled Tribe) নামত ১৫ শতাংশ আৰু OBC (Other Backward Classes) নামত ২৭ শতাংশ, সৰ্বমুঠ ৫৭ শতাংশ সংৰক্ষিত হৈ আছে বাকী থকা ৪৩ শতাংশত শাৰীৰিক ভাবে পৃথক শ্ৰেণী আৰু অন্যান্য বাবেও সংৰক্ষিত ইয়াৰ ওপৰিও যদি পিছপৰা শ্ৰেণীৰ সকলেও সাধাৰণ শ্ৰেণীৰ স্হানসমূহ দখল কৰে তেতিয়াৰ সাধাৰণ শ্ৰেণীৰ লোকসকলে নিৰাপত্তাহীনতাত ভোগাটো অতি স্বাভাৱিক সাধাৰণ শ্ৰেণী বুলিলে যে সকলো মূধাফুটা বা আৰ্থিক ভাবে সবল এনে নহয় সেইবাবে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবেও সংৰক্ষণৰ কৰাটো উচিত নহলে এই ব্যৱস্হা সম্পূৰ্ন্ন ভাবে পৰিবৰ্তন কৰি অকল শাৰীৰিক ভাবে পৃথক লোকসকলৰ বাবেহে সংৰক্ষণ কৰা উচিত, অন্যথা আকৌ সামাজিক বৈষম্যতা প্ৰকট হোৱাটো স্বাভাৱিক  সেয়েহে উক্ত বিষয়ৰ ওপৰত যুক্তিযুক্ততাৰে বিবেচনা কৰি সংশ্লিষ্ট বিভাগসমূহে আৰু নতুন চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব বুলি আশা ৰ’ল ।


শ্ৰীমনোজ কুমাৰ হাজৰিকা, তেজপুৰ

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল