জুবিন গাৰ্গ ইতিহাস হ'ল



জুবিন গাৰ্গ ইতিহাস হ'ল: ১৯৯২ চনত যোৰহাটৰ এখন বিয়া ঘৰত এজন দীঘল চুলি থকা আৰু দীঘল চোলা পিন্ধা ক্ষীণ ল'ৰা দেখিছিলোঁ। লগত জনক এই ল'ৰাজন কোন হয় বুলি সুধাত ক'লে যে এই ল'ৰাজনে গান গায় আৰু অনামিকা নামৰ এটা গানৰ কেছেট বনাইছে। পিছত জানিব পাৰিলোঁ এইজনেই জুবিন গাৰ্গ ওৰফে জুবিন বৰঠাকুৰ ওৰফে গল্ডি ।১৯৯৫ চনত প্ৰথম বাৰৰ বাবে ১০০ টকা দি টিকেট কাটি তেজপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত জুবিন গাৰ্গৰ লাইভ প্ৰগ্ৰেম চাইছিলোঁ । এই অনুষ্ঠানতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই জুবিন গাৰ্গক প্ৰথম বাৰৰ বাবে লগ পাইছিল। এই কথা জুবিন গাৰ্গে এটা ইন্টাৰভিউত উল্লেখো কৰিছিল। সেইদিনা মঞ্চত ড০ ভূপেন হাজৰিকাদেৱে জুবিন গাৰ্গেক কি সুধিছিল? তাৰ সাক্ষী আমি আছিলোঁ। জুবিন গাৰ্গ আছিল সেই সময়ৰ ৰকষ্টাৰ। মঞ্চ বাজি উঠা উচ্চস্তৰৰ সংগীত শুনি ড০ ভূপেন হাজৰিকাদেৱে বিৰক্ত অনুভৱ কৰা যেন অনুমান হৈছিল। সেইবাবে মঞ্চলৈ আহি প্ৰথমে জুবিনৰ নামটোক লৈ সমালোচনা কৰিছিল। কিয় জুবিনে বৰঠাকুৰৰ সলনি গাৰ্গ উপাধি লিখে আৰু গায়ক হ'বলৈ হ'লে যদি নামৰ‌ পাছত গোত্ৰ লিখিব লাগে তেনে হ'লে ড০ ভূপেন হাজৰিকাৰ ঠাইত ভূপেন কাশ্যপ লিখিব লাগিব বুলি কৈছিল। আৰু দীঘল চুলিখিনি টানি টানি চাই সুধিছিল যে চুলি বোৰ সঁচা নে লগোৱা। অৱশ্যে জুবিনে তেতিয়া শিল্পীৰ স্বীকৃতি লাভ কৰা নাছিল। জুবিনৰ লাইভ প্ৰগ্ৰেম ইমানেই সুন্দৰ আছিল যে আমি চাৰি ঘণ্টা সময় নাচি নাচিয়ে পাৰ কৰিছিলোঁ । সেইবাৰ জিলা পুথিভঁৰালৰ বিস্তাৰ ক্ষয় ক্ষতি হোৱাৰ বাবে আগলৈ জুবিন গাৰ্গৰ অনুষ্ঠান পতাৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত কতৃপক্ষই লৈছিল। সেই অনুষ্ঠানটোৰ পিছৰে পৰা মই জুবিনৰ অনুৰাগী হৈ পৰিলোঁ। মায়া কেছেটৰ গানকে আদি কৰি বিভিন্ন ধৰণৰ জুবিনৰ গান গোৱাৰ শৈলী, কণ্ঠত মই মনোমুগ্ধ হৈ পৰিছিলোঁ। জুবিন মোৰ সপোনৰ শিল্পীত পৰিণত হ'ল। তাৰপিছত ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ মূল সাংস্কৃতিক অনুষ্ঠান লৈ জুবিন গাৰ্গক গীত পৰিৱেশন কৰিবলৈ মতা হৈছিল। সাংস্কৃতিক সম্পাদকে এক লাখ টকাত জুবিন গাৰ্গক অনুষ্ঠান কৰিবলৈ বন্দবস্ত কৰিছিল। জুবিনে তাৰ ৰঙা ৰঙৰ Maruti Car খনলৈ আগবেলাতে বিশ্ববিদ্যালয়ত উপস্থিত হ'ল। কিন্তু ধন মেনেজ কৰিব নোৱাৰাৰ বাবে সাংস্কৃতিক সম্পাদক জন অন্তৰ্ধান হ'ল। জুবিনো বিবুধিত পৰিল, আমি সুধিছিলোঁ এক লাখ টকা দিব লাগিবনে ? তেতিয়া জুবিনে কৈছিল যে তেওঁ এক পইচা নোলোৱাকৈ গান গাবলৈ ৰাজি কিন্তু বাদ্যযন্ত্ৰ সংগত কাৰী সকলৰ বাবেহে মামনিৰ দৰকাৰ। আৰু ক'লে হাৰমনিয়াম এটাৰ আৰু তবলা এযোৰৰ ব্যৱস্থা কৰি দিলে তেওঁ এনেই গীত গাই দিব। সেইদিনা উপলব্ধি কৰিলোঁ যে জুবিন এজন সঁচাই মহান শিল্পী । বহুতে সেইসময়ত কৈছিল যে জুবিনে echo বা heavy music কহে গান গাব পাৰে । কিন্তু জুবিনে সেইদিনা হাৰমনিয়াম বজাই গোৱা চাৰিটা গীতে সকলোৰে হৃদয় চুই গ'ল। তাৰে এটা আছিল 'এন্ধাৰ হ'ব নোৱাৰোঁ ', যি মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় গীত। জুবিনৰ বহু কেইখন বিহুৰ অনুষ্ঠান তেজপুৰ প'ল ফিল্ড, কলেজিয়েট ফিল্ডত ৰাতিপুৱা লৈকে চোৱা মনত আছে। ২০১৪ চনৰ ডিচেম্বৰৰ মাহত গুৱাহাটীৰ খানাপাৰাৰ Tea Board ৰ এখন exibition ত জুবিন গাৰ্গক দেখা পাই আমাৰ চাৰিবছৰীয়া ময়ূৰে 'জুবিন, জুবিন ' বুলি চিঞৰি ছিল। জুবিনে দেখা পাই তাক মৰম কৰিছিল। ২০১৭ চনত দৰং মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মিছন চাইনা বোলছবিৰ প্ৰচাৰ কৰিবলৈ জুবিন গাৰ্গ আহিছিল। সেই বছৰৰ দৰং মহাবিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰা Uddeepana Goswami য়ে মোক অনুৰোধ জনালে যে তাইৰ জুবিন গাৰ্গৰ লগত গান গোৱা এটা সপোন আছিল। মই কৈছিলোঁ মই তোমাৰ সপোনটো পূৰণ কৰাৰ চেষ্টা কৰিম । কিন্তু উদ্দীপনাক জুবিনৰ লগত অহা অভিনেত্ৰী কেইজনীয়ে ষ্টেজতে উঠিব নিদিলে আৰু কৈছিল যে তেওঁলোকৰ বাহিৰে আনে জুবিনৰ লগত গান গাব নোৱাৰিব। মই জুবিন গাৰ্গক সুধিছিলোঁ , "জুবিন তোমাৰ লগত আমাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকা উদ্দীপনা গোস্বামীয়ে "দিন জ্বলে, ৰাতি জ্বলে" গীতটো গাব বিচাৰে । তেতিয়া জুবিনে সুধিলে তাই ক'ত আছে । মই ক'লো তাইক ষ্টেজত উঠিবলৈ দিয়া নাই। সময়ত জুবিন গাৰ্গে তাইক ষ্টেজলৈ মাতি আনি গানটো একেলগে গালে । জুবিনে মোৰ সেই সৰু অনুৰোধ ৰক্ষা কৰাৰ বাবে মই চিৰ কৃতজ্ঞ। আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। আৰু যদি দহবছৰ মান জীয়াই থাকিলে হয়, অসমৰ সাংস্কৃতিক আৰু বোলছবি জগতখনৰ বাবে আৰু বহু কিবাকিবি কৰি যাব পাৰিলে হয়! 

ক্ৰমাশ....

#ZubeenGarg #zubeengargmusic

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ