মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ বছৰীয়া জন্মদিন উপলক্ষে
🙏Living Legend Honourable Prime Minister of India Narendra Modi 🙏
সনাতন ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিক বিশ্বদৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰা নৰেন্দ্ৰ নাথ দত্তৰ ( স্বামী বিবেকানন্দ) পাছত আন এজন নৰেন্দ্ৰ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধা বিশ্বগুৰু ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী । তেখেতৰ ৭৫ বছৰীয়া ওপজা দিনত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰালোঁ।
ৰাম ৰাজ্যৰ দেখা নাই কিন্তু ৰাম ৰাজ্যৰ বিষয়ে শুনিছোঁ। ৰামকো হেনো জনসাধাৰণে সমালোচনা কৰিছিল। আমি সঁচাই ভাগ্যবান যে মোদী ৰাষ্ট্ৰৰ নাগৰিক আমি। আমি বা মই কিয় মোদী সৰ্মথন কৰিব লাগে বা কৰো ?!। তেখেত যি ৰাজনৈতিক দলৰে নহওঁক কিয়, সকলো ৰাজনৈতিক দলৰ উধ্বত তেওঁ আৰু মোদীয়ে হৈছে সৰ্বত্ৰ। কোনোবাই মোক ভক্ত বুলি ইতিকিং কৰিলেও বেয়া পাবলগীয়া একো নাই। নিজৰ জাতি, ধৰ্ম, সংস্কৃতিক ভাল পোৱা প্ৰতিজন ভাৰতীয়ই মোদীৰ ভক্ত। প্ৰথমে এজন বাণিজ্য বিভাগৰ ছাত্র হিচাপে বিমুদ্ৰাকৰণ , জিএচটি য়ে ক'লাধন ৰোধ কৰাত কিমান যে ফলপ্ৰষু হ'ব অনুধাৱন কৰিব পাৰিছিলো । বিমুদ্ৰাকৰণ, জিএচটি বিপক্ষে কোন সকলেনো আৰ্তনাদ কৰিছে, যি সকল নিজৰ ক'লাধন ৰক্ষা কৰাত বিফল হৈছে বা যিসকলৰ ক'লাধন উপাৰ্জনৰ বাট জটিল হৈ পৰিছে । তেওঁলোকে ব্যক্তিগত শোক ৰাজহুৱা কৰিব নোৱাৰি, ৰাজপথত ভুৱা আস্ফালন কৰিছে । এইসকলোবোৰ সুফল লাগে লাগে ভাৰতীয় নাগৰিকে লাভ কৰিবলৈ সক্ষম হৈছে। বুজি পোৱাৰে পৰা আজিলৈকে দুৰ্নীতি কৰা বিষয়া, মন্ত্ৰীৰ শাস্তি বিহা দেখা শুনা নাছিলো । এটা সময়ত চাকৰি লাগিলে যিয়ে নহওক বাহিৰা পইচা থকা চাকৰি সকলৰহে সন্মান বেছি আছিল । স্বাধীনতাৰ পিছত বাংলাদেশৰ বোজা নল'লে অৰ্থনৈতিক অবৰোধৰ ভাবুকি দিয়া, বিপদৰ সময়ত অসম ১৯৬২ চনতে বাই বাই দিয়া প্ৰধান মন্ত্ৰীৰ বিষয়েও শুনিছিলো । অসমৰ ভাড়াঘৰত থকাৰ আলমলৈ ৰাজ্যসভাৰ পদবীৰে প্ৰধান মন্ত্ৰী পতা Accidental Prime Minister কথা দেখিছো শুনিছো । যিজনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈও Madam ৰ অনুমতি নাপায় আদি প্ৰধান মন্ত্ৰী পাছত মোদী ডাঙৰীয়া হৈছে আমাৰ বাবে অৱতাৰ সদৃশ। ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগাসন দিৱসৰ মান দি বিশ্ববাসীক সু-স্বাস্থ্যবান হোৱাৰ পথ দেখুৱালে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যাক অৱজ্ঞা কৰিব নোৱাৰে, চিনৰ ৰাষ্ট্ৰপতিয়ে যাক হাত বাউলী দি মাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ যি পৰম মিত্ৰ সেইজনাই হ'ল আমাৰ মোদী । আগলৈ continued....
#PMModiji #NarendraModi #HimantaBiswaSarma

Comments
Post a Comment