তেজপুৰ মহাবিদ্যালয়ৰ প্ৰথম গৰাকী স্থায়ী গ্ৰন্থাগাৰিক: অমূল্য শইকীয়া
তেজপুৰ মহাবিদ্যালয়ৰ প্ৰথম গৰাকী স্থায়ী গ্ৰন্থাগাৰিক: অমূল্য শইকীয়া
অতি অমায়িক, সদালাপী, অধ্যয়নপুষ্ট, মুখত এটা মিচিকিয়া হাঁহিৰে সকলোকে সম্ভাষণ জনাই নিজৰ ফালে আকৃষ্ট কৰিব পৰা ভদ্ৰলোক জন আছিল অমূল্য শইকীয়া। নামটোৰ লগত যেন মানুহজনৰ ব্যক্তিত্ব বহু মিল আছিল, সঁচাই তেওঁ অমূল্য যাক মূল্যৰে জুখিব নোৱাৰি। এই প্ৰচাৰবিমুখ ব্যক্তিজনে সাহিত্যসেৱা আৰু সাংবাদিকতা কৰিছিল অতি নিৰলসভাৱে। সদায় কান্ধত কাপোৰৰ জোলোঙা এটা লৈ ফুৰা এই মানুহজন জাতীয়তাবাদী শিবিৰৰ মুখপাত্ৰ স্বৰূপ। তেওঁ জাতীয়তাবাদী ভাৱধাৰা নিয়মীয়াকৈ প্ৰতিফলন হয় সেইসময়ত তেজপুৰৰ পৰা প্ৰকাশিত একমাত্ৰ বাতৰি-কাকত "মহাজাতি' ত। অতি সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা অমূল্য শইকীয়া এজন UGC ৰ উচ্চ বেতনধাৰী সহযোগী গ্ৰন্থাগাৰিক হৈও নিজৰ এখন ব্যক্তিগত বাহন বাদেই এখন চাইকেলো নাছিল। সদায় ডেকাৰগাৱঁৰ পৰা চিটি বাছত ওলমি ওলমি তেজপুৰ মহাবিদ্যালয় লৈ অহা-যোৱা কৰাৰ শইকীয়া আছিল 'Simple living, high thinking " বোলা উক্তি ফাকিৰ জ্বলন্ত নিদৰ্শন। সদায় কাপোৰৰ জোলোঙাটোতে লৈ ফুৰিছিল জ্ঞানৰ ভঁৰাল। ১৯৪৮ চনৰ নৱেম্বৰ মাহৰ ১৭ তাৰিখৰ এটি শুভক্ষণত দেউতাক উত্তম শইকীয়া আৰু মাতৃ যমুনা শইকীয়াৰ ঔৰসত ঠাকুৰবাৰী চাহ বাগিচাত জন্ম হৈছিল অমূল্য শইকীয়াৰ। চতিয়াৰ বগলীবাৰীৰ মোমায়েকৰ ঘৰত থাকি ১৯৬৫ চনত চতিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭০ চনত অৰ্থনীতি বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ লগতে একেসময়তে কিতাপৰ প্ৰতি ধাউতি থকাৰ বাবে নিশাৰ লাইব্ৰেৰী চায়েন্স পাঠ্যক্ৰম নামভৰ্তি কৰি লাইব্ৰেৰী চায়েন্সটো ডিগ্ৰী লাভ কৰে। তাৰপিছত নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি কিছুদিন পাৰ্লিয়ামেন্ট লাইব্ৰেৰীত চাকৰি কৰে। দিল্লীৰ পৰা ঘুৰি আহি তেখেতে কেইদিনমান শ্বিলংতো পৰিসংখ্যা বিষয়া হিচাপে সেৱা আগবঢ়াই আকৌ কিতাপৰ প্ৰতি থকা প্ৰেমৰ বাবে মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ লাইব্ৰেৰীতো কাম কৰিছিল। ১৯৭৪ চনৰ ২ চেপ্টেম্বৰ তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত প্ৰথমজন স্থায়ী গ্ৰন্থাগাৰিক হিচাপে যোগদান কৰিছিল অমূল্য শইকীয়াই। তেতিয়া তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল চন্দ্ৰ মোহন মেধি ছাৰ। যি গৰাকী অধ্যক্ষই তেজপুৰ মহাবিদ্যালয়খনক পূৰ্ণতাৰ ৰূপ দিছিল। তেখেতৰ অতি প্ৰিয় আছিল অমূল্য শইকীয়া। সহকৰ্মী সকলে অমূল্য শইকীয়াক মেধি ছাৰৰ পোষ্যপুত্ৰ বুলিও আখ্যা দিছিল। মেধি ছাৰৰ অতি প্ৰিয়পাত্ৰ হোৱাৰ একমাত্ৰ কাৰণ আছিল যে অমূল্য শইকীয়াই তেখেতেক তেখেতৰ প্ৰিয় আৰু সুন্দৰ সুন্দৰ কিতাপ সমূহৰ যোগান ধৰিছিল। অমূল্য শইকীয়া আছিল সেইসময়ৰ গুগল ( Google ) স্বৰূপ। কোৰোবাক কিবা কিতাপৰ বাবে কিবা তথ্যৰ প্ৰয়োজন হ'লে অমূল্য শইকীয়াৰ ওচৰলৈ আহিলেই হ'ল। ১৯৯০ চনত তেখেতৰ এক অচিন ৰোগে দেখা দিছিল। তেখেতে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল। আৰু তাত তেখেতে গ'ম পাইছিল যে ভয় কৰিবলগীয়া একো নাই, সাধাৰণ গল্ডব্ৰাডাৰৰ অপাৰেচনহে । সেইবাবে বাবে ঘুৰি আহোঁতে দুই বস্তা কিতাপ কিনি আনিছিল। তেওঁ সকলোকে কিতাপ উপহাৰ দি ভাল পাইছিল। জুয়ে পুৰা তিৰাশীত তেখেতে চৰকাৰক মহাজাতি বাতৰি কাকতৰ জৰিয়তে ক্ষুৰধাৰ সমালোচনা কৰিছিল। মহাজাতি প্ৰেছত লিখা-মেলা কৰি থাকোতে তেখেতৰ প্ৰায় ৰাতি বহু পলম হৈছিল আৰু প্ৰায়েই প্ৰেছৰ পৰা ডেকাৰগাওঁলৈ খোজ কাঢ়ি গৈছিল। কোনোবাই তেখেতেক আগবঢ়ায় থৈ আহিব বিচাৰিলে তেখেতৰ চিৰ পৰিচিত মিচিকিয়া হাঁহিটো মাৰি কৈছিল, " নে লাগে, মই লাহে লাহে গৈ থাকিম।" তেখেতে কেতিয়াও কাকো অসুবিধা দিব বিচৰা নাছিল। অমূল্য শইকীয়া আছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ভক্ত। দিল্লীৰ পৰা এটা ৰেকৰ্ড প্লেয়াৰ লৈ আহিছিল আৰু সেই ৰেকৰ্ড প্লেয়াৰত ড০ ভূপেন হাজৰিকাৰ HMV ৰেকৰ্ডৰ বাহিৰে কেতিয়াও আন গান বজাই নাছিল। সদায় ৰাতি ড০ ভূপেন হাজৰিকাৰ গীত নবাজিলে তেখেতৰ টোপনি নাহিছিল। ২০০৫ চনত ডেকাৰগাঁও শইকীয়া চুবুৰীৰ নামঘৰ তোৰণখন পিতৃ উত্তম শইকীয়া আৰু মাতৃ যমুনা শইকীয়াৰ পৱিত্ৰ স্মৃতিত অসমৰ যশস্বী ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাসৰ দ্বাৰা নিৰ্মাণ কৰাইছিল। আৰু সেই তোৰণখন উন্মোচন কৰাইছিল ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত ড০ ভূপেন হাজৰিকাৰ দ্বাৰা। সদায় পৰ্দাৰ আঁৰত থকা অমূল্য শইকীয়াৰ প্ৰচেষ্টাত ডেকাৰগাওঁ অঞ্চলত প্ৰথম আৰু শেষবাৰৰ বাবে ড০ ভূপেন হাজৰিকাৰ পদধূলা পৰিছিল। ২০০৬ চনৰ ৩১ আগষ্ট তাৰিখে লাইব্ৰেৰীৰ কিতাপৰ মাজতে তেখেতৰ এটা মেজৰ ষ্ট্ৰোক হৈছিল কিন্তু কোনোও গ'ম পোৱা নাছিল। তেখেতৰ লগৰ ড০ প্ৰাণজিৎ হাজৰিকাক গাটো বেয়া লগা বুলি কৈ অলপ সময় কলেজৰ চকীদাৰ ৰাম দাসৰ কোৱাৰ্টাৰত কিছুসময় জিৰণি লোৱাৰ পাছত ড০ প্ৰদীপ মহন্তই তেখেতেক ডেকাৰগাওঁ ঘৰত শেষ বাৰৰ বাবে থৈ আহিছিল।
তেজপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক বিশিষ্ট নিবন্ধকাৰ, নিৰ্ভীক ক্ষুৰধাৰ সমালোচক, সাংবাদিক অমূল্য শইকীয়া মোৰ বাবে আছিল মোৰ শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক। সম্পৰ্কত মোৰ মাৰ একমাত্ৰ ককায়েক হিচাপে। অমূল্য শইকীয়া আছিল 'মামা' আৰু আমাৰ বাবে আছিল 'পোনামামা'। 'মামা' শব্দটো দুটা 'মা' শব্দৰ সমষ্টি অৰ্থাৎ মোৰ বাবে দুগৰাকী মাতৃসম। সৰুতে গৰমৰ বন্ধবোৰ মই ডেকাৰগাঁওৰ মায়াহতঁৰ ঘৰত কটাবলগীয়া হৈছিল। মামাই প্ৰায়েই ৰাতি পলমকৈ ঘৰ আহি সোমাই বাবে আইতাই এনেদৰে গালি পাৰি থাকে , " সি মহাজাতি প্ৰেছতে ৰাতিটো থাকি গ'লেই হ'ল। ঘৰলৈ কিয়নো আহিব লাগে !" ৰাতি আহি ভূপেন হাজৰিকাৰ গান বজায় কিতাপ পঢ়ি থাকে। গাৱঁৰ মানুহে মামাক কিতাপৰ পোক বুলি কয় । মই থকা সময়তছোৱাত প্ৰায়েই ৰাতিপুৱা গাঁৱৰ মানুহে মামাক লগ কৰিবলৈ আহিছিল, কাৰোবাক আবেদন লিখি দিব লাগে, কাৰোবাৰ লেখা চাই দিব লাগে। ডেকাৰগাওঁ অঞ্চলৰ এজন প্ৰখ্যাত ব্যক্তি থানুৰাম বৰা প্ৰায়েই মামাৰ ওচৰলৈ আত্ম জীৱনী লিখাবলৈ আহিছিল। তেওঁ নিজৰ জীৱনকালৰ কথা বোৰ কয় গৈছিল আৰু আমাৰ মামাই একান্ত মনে সেইবোৰ লিখি গৈছিল। মোৰ এতিয়া এনে ভাৱ হয় যে, ব্যাসদেৱে গণেশ হতুৱাই মহাভাৰতহে লিখাই আছিল। আত্মজীৱনীখন পিছলৈ কি হ'ল গম নাপালো। এনেবোৰ কামত লিপ্ত থকাৰ বাবে চাগৈ মামাৰ কেতিয়াবা কেতিয়াবা কলেজ গৈ পাওঁতে দেৰি হয় । মামাৰ কোঠাটোৰ চকী, টেবুল, ৰেগ, আলমাৰি, বিছনা সকলোতে কিতাপ মাথোঁ কিতাপ। কিন্তু কিতাপ সমূহ বৰ সুন্দৰ কৈ পৰিপাটিকৈ থৈছিল। মামাৰ কোঠাৰ কিতাপৰ গোন্ধ এতিয়াও মই জিলা পুথিভঁৰাল, তেজপুৰ মহাবিদ্যালয়, দৰং মহাবিদ্যালয় আদিৰ লাইব্ৰেৰী সমূহত পাওঁ। ডেকাৰগাওঁৰ মামাহতঁৰ ঘৰখন গৰু-গাই, খেতি-পথাৰ, লগুৱা-চাকৰেৰে পৰিপূৰ্ণ আছিল। আমাৰ কলিবাৰী ঘৰলৈ পুৱাৰ ভাগতে ডেকাৰগাৱঁৰ গাখীৰ আহি পাই গৈছিল। মামাই ডেকাৰগাৱঁৰ পৰা গাখীৰ আনি তেজপুৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ চেনাৰামদাৰ ( চেনাৰাম বৰা) হাতত আমাৰ ঘৰলৈ পঠাইছিল। মই দৰং কলেজত পঢ়ি থাকোতে দৰকাৰী কিতাপ বিচাৰি প্ৰায়েই তেজপুৰ কলেজৰ লাইব্ৰেৰীলৈ গৈছিলো। তাত থকা গৌৰীপেহীয়ে ( গৌৰী ভট্টাচাৰ্য্য ) প্ৰায়েই হাঁহি হাঁহি মোক কৈছিল, "তোৰ মোমায়েৰ আহি পোৱা নাই" । মই বি: কম: পাছ কৰাৰ পাছত প্ৰতিযোগিতামূলক পৰীক্ষা (Competitive Exam ) সমূহ দিবলৈ মামাই বিভিন্ন ধৰণৰ মেগাজিন সমূহৰ যোগান ধৰিছিল। আনকি মোৰ পি এইচ ডি বিষয়টো মামাই তেতিয়াই অৰ্থাৎ ২০০৫ চনতে ঠিক কৰি দিছিল । ২০০৬ চনৰ ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনা মামা সন্ধিয়া পৰত আহি আমাৰ ঘৰত উপস্থিত হৈছিল। সেইসময়ত আমাৰ ঘৰত মোৰ টিউটনৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱস উদযাপন কৰি আছিল। মামাক দেখি মই হতভম্ব, দুদিন আগতে খৱৰ কৰি আহিছিলোঁ সাধাৰণ গেষ্টিক বুলি কৈছিল এতিয়াও দেখোন উশাহে ল'ব পৰা নাই। মই ততাতৈয়াকৈ ওচৰৰ বি কে মে'মৰীয়েল হস্পিতাললৈ লৈ গ'লো। ডা০ অৰুণ কুমাৰে 'ইচিজি' খন চাই ক'লে হাৰ্টতত ব্লিডি হৈ আছে পালছ একেবাৰে কম। অতি শীঘ্ৰে গুৱাহাটীৰ 'জিএন আৰ চি' হস্পিটেল লৈ যোৱা উচিত হ'ব বুলি তেখেতে কৈছিল। মই সময় নষ্ট নকৰি মোৰ গাড়ীতে বাহিৰে বাহিৰে গুৱাহাটীলৈ লৈ গ'লো। 'জিএন আৰ চি'ৰ ডাক্তৰে কৈছিল হাতত সময় বহু কম আছে বুলি। সেইবাবে ল'ৰাজনক ( ৰাহুলক) বাঙ্গালোৰৰ পৰা আৰু ছোৱালী গৰাকীক ( মিতাক) দিল্লীৰ পৰা মতাই অনা হৈছিল। মামাক বচাবলৈ আমি বহু চেষ্টা কৰিছিলোঁ কিন্তু বিধিৰ বিধান 'জিএন আৰ চি'ত দুদিন চিকিৎসা কৰাৰ পাছত ২০০৬ চনৰ ৮ ছেপ্টেম্বৰৰ দিনা মামাই শেষ নিশ্বাস ত্যাগ কৰিছিল। সিদিনা আছিল তেওঁৰ প্ৰিয় শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম দিন । মামাই যেন ৰুগীয়া ড০ ভূপেন হাজৰিকাক নিজৰ আয়ুস কন দি গ'ল। পিছদিনা অসমৰ প্ৰতিখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত অমূল্য শইকীয়াৰ কৰ্মৰাজি আৰু মৃত্যুৰ বাতৰিৰে ভৰি পৰিছিল। ডেকাৰগাৱঁৰ পৰা মামাৰ যি শেষযাত্ৰা ওলাইছিল, সেই শেষ যাত্ৰাই প্ৰমাণ কৰিলে মানুহজনৰ মহানতাৰ কথা । কাক কিমান আৰু কেনেকৈ সহায় কৰিছিল সেইদিনা সকলোৰে মুখে মুখে আলোচনা হৈছিল। গায়ন বায়নেৰে দীঘলীয়া প্ৰছেচনেৰে মামাৰ শেষ যাত্ৰা আৰম্ভ হ'ল ডেকাৰগাৱঁৰ পৰা তেজপুৰ কলেজ, মহাজাতি প্ৰেছ, দৰং কলেজ আদি বিভিন্ন স্হানলৈ। পৰ্দাৰ আৰঁত থকা নিৰৱ সাধকজনক সেইদিনা হে ৰাইজে চিনি পাইছিল। ড০ ভবেন্দ্ৰনাথ শইকীয়াছাৰে কৈছিল, "তোমাৰ সন্মান সিমানেই হ'ব, শেষ যাত্ৰাত তোমাৰ সহযাত্ৰী যিমান হ'ব।" সেই কথা ফাকি যেন মামাৰ লগত প্ৰযোজ্য হ'ল। দৈব ক্ৰমে যোৱা ২০২৪ চনৰ ৬ ডিচেম্বৰ তাৰিখে মই তেজপুৰ মহাবিদ্যালয়ত অৰ্থাৎ মামাৰ কলেজতে অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিলোঁ। কলেজখন ভৰি থৈয়েই সকলোতে মামাৰ কথা অনুভৱ কৰিলোঁ, বিশেষকৈ লাইব্ৰেৰীত সোমালে। মামাৰ বাবে একো কৰিব নোৱাৰিলেও তেখেতৰ পৱিত্ৰ স্মৃতিত প্ৰতি বছৰে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে "অমূল্য শইকীয়া শ্ৰেষ্ঠ লাইব্ৰেৰী ব্যৱহাৰকাৰী বঁটা" আগবঢ়োৱাৰ সিদ্ধান্ত ল'লো। মোৰ বিদ্যায়তনিক জীৱনত দিগদৰ্শনকাৰীৰ ভূমিকা পালন কৰা অমূল্য মামালৈ ভক্তি প্ৰদানৰ এয়া মাথোঁ এক ক্ষুদ্ৰ প্ৰয়াস ।
ড০ মনোজ কুমাৰ হাজৰিকা

Comments
Post a Comment