দৰং মহাবিদ্যালয় মোৰ প্ৰথম পৰিচয়
🙏 দৰং মহাবিদ্যালয় মোৰ প্ৰথম পৰিচয় 🙏
***প্ৰথম অধ্যায় (ছাত্ৰ হিচাপে): ১৯৯০ চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত নামভৰ্তি কৰিছিলোঁ। দেউতাই বিচাৰিছিল যে ঘৰৰ ওচৰৰে তেজপুৰ মহাবিদ্যালয়ত ক'লা শাখাত নামভৰ্তি কৰি বুৰঞ্জী বিভাগত অধ্যয়নটো। কিন্তু সৰুৰে পৰা মই মনত এটা ব্যৱসায়ী চিন্তা পুহি ৰখাৰ বাবে আৰু মানস লহকৰৰ বন্ধুত্বৰ প্ৰেৰণাত বাণিজ্য বিভাগত পঢ়িবলৈ দৰং মহাবিদ্যালয়তে নাম লগাইছিলোঁ। কাৰণ তেজপুৰ মহাবিদ্যালয়ত বাণিজ্য বিভাগ সেই সময়ত খোলা হোৱা নাছিল। মানসৰ দেউতাক প্ৰয়াত বদন লহকৰ আছিল সেইসময়ৰ তেজপুৰৰ এজন সকলোৰে পৰিচিত সফল ব্যৱসায়ী। তেওঁলোকৰ ঘৰৰ আদপ-কায়দা দেখি মোৰ ব্যৱসায়িক মনতো আৰু বেছি প্ৰাণ পাই উঠিছিল। দেউতাই বহু দিনৰ পাছতহে গম পাইছিল যে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত হে মই পঢ়ি আছোঁ বুলি। তেতিয়া দৰং মহাবিদ্যালয়ৰ বাণিজ্য ভৱনটো নিৰ্মাণ হোৱা নাছিল। দৰং মহাবিদ্যালয়ৰ দক্ষিণ-পশ্চিম দিশৰ আসাম আৰ্হিৰ ঘৰটোত তেতিয়া আমাৰ ক্লাছ সমূহ হৈছিল। শাৰী শাৰী আমলখি গছবোৰ মাজত যেন আমাৰ যৌৱন-যমুনাই প্ৰাণ পাই উঠিছিল। কিন্তু সেইবোৰ মহেন্দ্ৰ কেওঁটছাৰৰ Mahendra Keot গালিত আৰু মমিনুৰ ৰহমানছাৰৰ ৰঙা চকুত ধূলিস্যা হৈছিল। আমাৰ সময়ত বাণিজ্য বিভাগত বহু কম ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল। বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ আৰু অনাঅসমীয়া ব্যৱসায়িক পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰে অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আঙুলি মূৰত গণিব পাৰি। ৰহমান ছাৰৰ হিচাপ বিদ্যাৰ (accountancy) ক্লাছ বুলি ক'লে আমাৰ পেটতে হাত ভৰি লুকাইছিল । ছাৰৰ ক্লাছত চকু ক্লাছৰূমৰ পৰা ইফাল-সিফাল হ'লেই সৰ্বনাশ। তাতে ছাৰ বোলে নগাঁও কলেজৰ 'boxing champion' আছিল, কথাই কথাই প্ৰত্যাহ্বান (challenge) জনায়। এবাৰ আমাৰ লগৰ পল্লবে ছাৰক 'challenge' কৰি গোটেই বাৰান্দা দৌৰি পলাই ফুৰিব লগা হৈছিল। মহেন্দ্ৰ কেওঁটছাৰৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত যোগান-চাহিদা পাঠ এনেদৰে মুৰত সুমুৱাই দিছিল, আজিলৈকে পাহৰা নাই। হৰেণ শৰ্মাছাৰৰ Haren Sharma মেনেজমেন্টৰ ক্লাছসমূহ, সুচিত্ৰা দেৱী Suchitra Devi বাইদেউৰ ভাৰতীয় অৰ্থনীতিৰ ক্লাছসমূহ, স্বাধীনতা মহন্ত বাইদেউ, পুণেশ্বৰ নাথছাৰ আৰু গহণ মহন্তছাৰৰ অসমীয়া বিষয়ৰ ক্লাছবোৰ, বৈশ্যছাৰৰ ইংৰাজী বিষয়ৰ ক্লাছবোৰ আজিও মোৰ চকুৰ আগত সজীৱ হৈ আছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰি আকৌ দৰং মহাবিদ্যালয়তে স্নাতক বাণিজ্য শাখাত নামভৰ্তি কৰিলোঁ। স্নাতক বাণিজ্য শাখাৰ ক্লাছসমূহ সেইসময়ত ৰাতিপুৱা ৭ বজাৰ পৰা নতুন বাণিজ্য ভৱনত হৈছিল আৰু ১০:৩০ বজাত প্ৰায়বোৰ ক্লাছ শেষ হৈছিল। সেইবাবে কলেজৰ বহুতে আমাৰ বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলক চিনি পোৱা নাছিল বাবে আমাক সিমান গুৰুত্বও দিয়া নাছিল। আমাৰ সহপাঠী ব্যৱসায়িক পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ব্যৱসায়ত পৰিয়ালক সহায় কৰিছিল। কিন্তু আমাৰ পৰিয়ালৰ কোনো ব্যৱসায় নাছিল, সেইবাবে মোৰ সহপাঠী সুৰুজ বৰুৱা Suraj Baruah আৰু মই ৰিক্সা ভাড়াৰ দিয়া ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আৰু তাৰ পৰা আমাৰ হাত খৰচ ওলাই থাকে। এবাৰ মহাবিদ্যালয় সপ্তাহৰ মূল সাংস্কৃতিক সন্ধিয়াত ( আমাৰ সময়ত সাংস্কৃতিক সন্ধিয়া আছিল আজিকালি সাংস্কৃতিক দুপৰীয়া বা অনুষ্ঠান হ'ল) বাণিজ্য বিভাগৰ পৰা মোক নাচিবলৈ আমাৰ লগৰ নলিনীয়ে Nalini Saikia বৰ জোৰ কৰিছিল। কিন্তু মোক নাচিবলৈ দিবলৈ সাংস্কৃতিক সম্পাদকজন ৰাজী হোৱা নাছিল। সেইসময়ত মই হিন্দীগীতত নৃত্য বা break-dance জাতীয় নৃত্য ও কৰিছিলোঁ। ১৯৯১ চনত তেজপুৰ নেহৰু ময়দানত মৃদুল চেতিয়াৰ নাটক ' ভগৱান আহি আছে ' ত মই এজন 'break dancer' হিচাপে ওলাইছিলোঁ । নলিনীয়ে দ'ম-চ'ম দি মোক মঞ্চত নৃত্য কৰিবলৈ উঠাই দিলে । মই মঞ্চত নৃত্য কৰি আছোঁ, সকলোৱে বিৰাট চিঞৰ-বাখৰ কৰি আছে। মই ভাবিছিলোঁ মোৰ নাচ দেখি দৰ্শকে খুব ভাল পাইছে । নলিনীয়ে ভিতৰৰ পৰা মাত লগালে ' নামি আহ, গান বজা নাই সাংস্কৃতিক সম্পাদকে গানৰ কেছেটোকে লৈ পলাল।" মই মঞ্চত একো গ'ম পোৱা নাছিলোঁ , কাৰণ সেই সময়ত মঞ্চত গান শুনিবলৈ monitor বোলা একো ব্যৱস্থা নাছিল।
'B. Com. Part-I' ত 'নিগম বিত্ত যোগান' (Corporate Finance) নামৰ এটা বিষয় আছিল, যিটো বিষয় সকলোৱে বৰ বেয়া পাইছিল আৰু পৰীক্ষাত নম্বৰো বৰ কম পাইছিল। কিন্তু সেইসময়ত দৰং মহাবিদ্যালয়ত নতুনকৈ চাকৰিত যোগদান কৰা শুভাংষু শেখৰ সৰকাৰ Subhrangshu Sekhar Sarkar ছাৰে বিষয়টো এনেদৰে পঢ়িছিল যে ৰাতিপুৱা ৭ বজাত থকা ছাৰৰ ক্লাছটোত ছাত্ৰ-ছাত্ৰী বহিবলৈ ঠাই নোহোৱা হৈছিল। আৰু সকলোৱে সেইবাৰ পৰীক্ষাত সেই বিষয়টো ভাল নম্বৰ লাভ কৰিছিল। সেইসময়তে নতুনকৈ চাকৰিত যোগদান কৰা খীৰেন্দ্ৰ হালৈছাৰৰ Khirendra Haloi কোম্পানী আইনৰ ( SPCL) ক্লাছসমূহ আৰু চন্দ্ৰ প্ৰভা দেৱী বাইদেউৰ Chandra Probha Devi পৰিসংখ্যা বিজ্ঞানৰ ক্লাছসমূহো আমি বৰ আগ্ৰহেৰে কৰিছিলোঁ।
দৰং মহাবিদ্যালযত পঢ়ি থাকোতে আমাৰ 'কৃষ্টি' নামৰ এটা সাংস্কৃতিক গোট আছিল আৰু এই গোটৰ মূল ব্যক্তিজন আছিল আমাৰ লগৰ প্ৰয়াত সৌমক মৈত্ৰ । বৰ্তমানৰ দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া Palashmoni Saikia আৰু ইংৰাজী বিভাগৰ অধ্যাপক দেৱৰাজ শৰ্মাকে Debraj Sharma আদি কৰি প্ৰয়াত ৰিংকু বৰ্মন, সৌমাৰ শৰ্মা (জিচু) Saumar J. Sharma , দ্বীপম মুখাৰ্জী, প্ৰণিতা শইকীয়া, দ্বীপান্দীতা শইকীয়া, মধুমিতা শইকীয়া Madhumita Saikia , কুলু শইকীয়া, মনোজ নাথ Manoj Nath , মনোজ বৰা আদি এই কৃষ্টি গোটৰ সদস্য আছিল।
আমি এই গোটৰ জৰিয়তে দিল্লী, নাইনিতাল, কলিকতা, পণ্ডিচেৰী আদি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ ছাত্ৰ অৱস্থাতে অসমৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বিশেষকৈ বিহু মাৰিবলৈ গৈছিলোঁ । এবাৰ নাইনিতালত অনুষ্ঠান কৰিবলৈ যাওঁতে টেষ্ট পৰীক্ষা দিব নোৱাৰাৰ বাবে ৰহমানছাৰে মোৰ মেজৰ কাটি দিছিল। কিন্তু সৰকাৰ ছাৰ জড়িয়তে অনুৰোধ জনায় যেনে তেনে মেজৰটো ৰাখিলোঁ, নহ'লে মোৰ 'M.Com.' পঢ়া নহ'লহেতেন । ৰাতিপুৱা আমাৰ ক্লাছসমূহ শেষ হোৱাৰ পাছত আমাৰ লগৰবোৰে নিজ নিজ পৰিয়ালৰ ব্যৱসায়সমূহত লাগি যায় । সেইবাবে মই আৰু মোৰ লগৰ সূৰুয বৰুৱাই পঢ়াৰ লগতে ৰিক্সা ব্যৱসায় আৰম্ভ কৰিছিলোঁ। ৰিক্সাবোৰ ভাড়াত দিওঁ আৰু তেতিয়া এখন ৰিক্সাত দহ টকাকৈ দৈনিক ভাড়া পাইছিলোঁ । আমি এনেদৰে দৰং মহাবিদ্যালয়ত পঢ়ি থাকোতে ব্যৱসায় কৰি মোৰ ৮খন আৰু সূৰুযৰ ৪৫খন ৰিক্সা হৈছিল। ১৯৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰি সৰকাৰছাৰৰ পৰামৰ্শত ৰিক্সাৰ ব্যৱসায় বন্ধ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত 'M. Com.' ত নামভৰ্তি কৰিছিলোঁ । তথাপিও কিন্তু ব্যৱসায়িক মনতো এৰি দিয়া নাছিলোঁ, কাৰণ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কেইদিনমান গুৱাহাটীৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অধ্যাপনা কৰি আকৌ তেজপুৰ লৈ ঘূৰি আহি এটা নতুন ব্যৱসায় আৰম্ভ কৰিছিলোঁ।
***দ্বিতীয় অধ্যায়: (অধ্যাপক হিচাপে)
২০০০ চনত তেজপুৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ এটা অধ্যয়ন কেন্দ্ৰ (study centre) খুলিছিলোঁ । কেন্দ্ৰটো এবছৰ ভালকৈ চলিল, কিন্তু চৰকাৰী নিষেধাজ্ঞাৰ বাবে কেন্দ্ৰটো ২০০১ চনত বন্ধ কৰিব লগা হ'ল। সেইসময়তে মোৰ এগৰাকী বান্ধৱী কল্যাণী শৰ্মা Kalyani Sarma Saikia জনালে যে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত ৰবি জৈনছাৰ আমেৰিকালৈ যোৱা বাবে এটা অস্থায়ী অধ্যাপকৰ পদ খালী হৈছে । কিন্তু দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ কথাটো মই তেতিয়া ভাবিবই পৰা নাছিলোঁ, তাতে আকৌ বাণিজ্য বিভাগৰ মুৰব্বী ৰহমানছাৰ । কল্যাণীয়ে সেইসময়ত দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগতে অধ্যাপনা কৰি আছিল। তাইৰ নেৰানেপেৰা অনুৰোধত আৰু যিহেতু মোৰ ব্যৱসায় বন্ধ হোৱাৰ পথত, সেইবাবে দৰং মহাবিদ্যালয়ৰ মৌখিক সাক্ষাৎকাৰৰ লৈ গ'লো। ২০০১ চনৰ ১ নবেম্বৰ তাৰিখে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত মই এজন অস্থায়ী অধ্যাপক হিচাপে প্ৰথমে যোগদান কৰোঁ। দৰং মহাবিদ্যালয়ত মোৰ জীৱনৰ দ্বিতীয় অধ্যায় আৰম্ভ হ'ল। যোগদান কৰাৰ দিনাই লাইব্ৰেৰীৰ পৰা এবস্তা মান কিতাপ ঘৰলৈ আনিছিলোঁ । লগৰবোৰে দৰং মহাবিদ্যালয়ত চাকৰি পোৱাৰ কাৰণে পাৰ্টি লাগে বুলি হুলস্থোল কৰিছিল, মই হে গ'ম পাওঁ, কাইলৈ ক্লাছৰ কাৰণে সাজু হ'ব নোৱাৰিলে ক্লাছত বোবা হৈ থাকিব লাগিব নাইবা বেমাৰ বুলি ছুটি ল'ব লাগিব। ক্লাছ প্ৰস্তুতিৰ (preparation) বাবে বিয়া-বাৰু খোৱা সকলো বাদ দিলোঁ। মায়ে কৈছিল, " তই দৰং মহাবিদ্যালয়ত চাকৰি পোৱাৰ পিছত যেনেদৰে দিনেৰাতিয়ে পঢ়িছ, আগতে পঢ়া হ'লে IAS পালি হয়" । তাতে মই ক্লাছ কৰি থাকিলে ৰহমান ছাৰে পাছফালৰ পৰা চাই থাকিছিল। এদিন ব'ডত 'miscellaneous' শব্দটোৰ বানান ভুল কৈ লিখাৰ বাবে শিক্ষক জিৰণি কোঠাত কৈছিল বানান শুদ্ধ কৈ লিখ নোৱাৰিলে সম্পূৰ্ণ শব্দটো নিলিখিলেও হয়। লাহে লাহে মই ৰহমান ছাৰৰ কাষ চাপিবলৈ সুযোগ পালোঁ, তেতিয়াহে ৰহমানছাৰ আচল মানুহজনক চিনি পাবলৈ সক্ষম হ'লো। ছাৰ আছিল নাৰিকলৰ নিচিনা, বাহিৰৰ পৰা কঠোৰ কিন্তু ভিতৰি এজন কোমল হৃদয়ৰ গৰাকী। ২০০৪ চনত ৰহমান ছাৰৰ দুয়োটা কিডনী বেয়া হৈ গৈছিল। তথাপিও তেওঁ কলেজত ক্লাছ কৰিবলৈ এৰা নাছিল। এদিন মোক কৈছিল যে ডাক্তৰ মতে হেনো তেখেতৰ expiry date পাৰ হৈ গ'ল বুলি কৈছিল, তথাপিও মহাবিদ্যালয়ত ক্লাছ কৰিয়েই আছে। কাৰণ ক্লাছ নকৰিলে তেওঁ হেনো শান্তি জীয়াই ও থাকিব নোৱাৰে আৰু মৰিবও নোৱাৰে। ২০০৫ বৰ্ষৰ পৰা যোৱা ২০ বছৰে তেওঁৰ পৱিত্ৰ স্মৃতিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত হিচাপ বিদ্যা (accountancy) বিষয়ত সৰ্ব্বোচ্চ নম্বৰ পোৱা সকলক " মমীনুৰ ৰহমান স্মৃতি বঁটা" আগবঢ়ায় আহিছোঁ। লাহে লাহে মোৰো ক্লাছ বোৰ কৰিবলৈ ভাল লগা হৈ আহিল আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ লগত এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিল । মই উপলব্ধি কৰিবলৈ ল'লো যে, যদিও মই ঘটনাক্ৰমে (accidentally) এই বৃত্তি লৈ আহিছিলোঁ, আচলতে এইটোৱেই মোৰ বাবে সঠিক (perfect profession) পেচা । নিজে ব্যৱসায়ী হ'ব নোৱাৰিলে ও আনক ব্যৱসায়ী হিচাপে গঢ়ি তুলিবতো পাৰিম। সেইবাবে মই ছাত্ৰ-ছাত্ৰী সকলক ক্লাছৰ ভিতৰে-বাহিৰে সদায় ব্যৱসায়-বাণিজ্য কৰিবলৈ উদ্গনি জনায় আহিছোঁ।
মোৰ দৰং মহাবিদ্যালয়ৰ চাকৰি কালত পোৱা তিনিও জন অধ্যক্ষৰ মই প্ৰিয়পাত্ৰ আছিলোঁ। মই পোৱা প্ৰথমজন অধ্যক্ষ ড০ অৱনি কুমাৰ শৰ্মা ছাৰ মোৰ পিতৃ স্বৰূপ আছিল । তেখেতৰ দিনতে মই চাকৰিত যোগদান কৰিছিলোঁ আৰু তেখেতৰ দিনতে মোৰ চাকৰি নিয়মীয়াকৰণ হৈছিল। তাৰ পিছত অধ্যক্ষ হিচাপে পালোঁ ড০ জয় শংকৰ হাজৰিকাছাৰক। তেখেতে মোৰ জেষ্ঠ্যভাতৃ সদৃশ আছিল। তেখেতৰ ১৬ বছৰীয়া অধ্যক্ষ পদৰ কাৰ্যকালত তেখেতৰ লগত মই ওতপ্ৰোতভাৱে জড়িত আছিলোঁ । তেখেতে মোক, মোৰ ভাল লগা প্ৰতিটো কাম কৰিবলৈ পূ্ৰ্ণ স্বাধীনতা দিছিল। যাৰ বাবে মই শিক্ষকতা লগতে মহাবিদ্যালয়ৰ আন বহুতো কাম শিকিবলৈ সুবিধা পাইছিলোঁ । আৰু বৰ্তমানৰ দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া মোৰ সহপাঠী আছিল । সেইবাবে তেখেতৰ লগত মোৰ সদায় বন্ধুত্ব সুলভ আচৰণ আছিল। দৰং মহাবিদ্যালয়ত ২৩ বছৰীয়া অধ্যাপনাৰ কালচোৱা আছিল মোৰ জীৱনৰ আটাইতকৈ উৎকৃষ্ট সময়। ইয়াতেই বিচাৰি পাইছিলোঁ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ডেইজী ৰাণী কলিতাক Dr-Daisy Rani Kalita Hazarika মোৰ জীৱনৰ জীৱন সংগিনী হিচাপে। । দৰং মহাবিদ্যালয়খন হৈ পৰিল মোৰ প্ৰথমখন ঘৰ য'ত মই বেছি সময় দিছিলোঁ। ক্লাছৰ ভিতৰত, ফিল্ডত , প্ৰেক্ষাগৃহত, মঞ্চত সকলোতে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মোৰ এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰী সকলৰ লগত শৈক্ষিক ভ্ৰমণ (excursion) যোৱা, পিকনিক যোৱা মোৰ বাবে বাধ্যতামূলক আছিল নহ'লে ছাত্ৰ-ছাত্ৰী সকলে নেৰে। ২০০৫ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত দৰং মহাবিদ্যালয়ৰ দ'লে বিশ্ববিদ্যালয়ৰ শ্ৰেণীকো পৰাস্ত কৰি শ্ৰেষ্ঠ দ'লৰ থিতাপ পাবলৈ সক্ষম হৈছিল। সেইবাৰ আমাৰ দ'লত আছিল অংশুমান ভূঞা, দিগন্ত মাধৱ গোস্বামী Diganta Madhav Goswami , প্ৰয়াত বিজয় শংকৰ শইকীয়া, পূজা ৰজক Puja Kshatriya , ডিম্পী সোণোৱাল Dimpy Sonowal , জ্যোতিপ্ৰসাদ গৌড়, ধৃতিমান দত্ত Dhritiman Dutta , ভাস্কৰ জ্যোতি আচাৰ্য Bhaskar Jyoti Acharjya দৰে ছাত্ৰ-ছাত্ৰী আৰু মই আছিলোঁ সেইবাৰৰ সাংস্কৃতিক তত্বাৱধায়ক । আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ কাল মই সাংস্কৃতিক তত্বাৱধায়কৰ দ্বায়িত্ব পালন কৰি আহিবলগীয়া হৈছিল। মই যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত আগৰেপৰাই জড়িত আছিলোঁ, সেইবাবে ৰাতি দুটা বজালৈকে মহাবিদ্যালয়ত সাংস্কৃতিক প্ৰতিযোগিতাসমূহ চলাই নিয়াত বা এই অনুষ্ঠান সমূহত একেৰাহে লাগি থকাত বিৰক্ত হোৱা নাছিলোঁ, বৰঞ্চ লাহে লাহে নিজেও গায়কহে হৈ পৰিলোঁ।
***তৃতীয় অধ্যায় ( প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে):
১৯৯৫ চনৰ ২৬ জুলাই তাৰিখে দৰং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দৰং মহাবিদ্যালয়ৰ প্ৰথমজন স্নাতক মেজিষ্ট্ৰেট তাৰা প্ৰসাদ শইকীয়াদেৱক সভাপতি হিচাপে আৰু ড০ অৱনি কুমাৰ শৰ্মাছাৰক সম্পাদক হিচাপে লৈ দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা (Alumni Association ) প্ৰতিষ্ঠা কৰা হৈছিল। ২০০৫ চনত মই দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ আজীৱন সদস্য সন্মান লাভ কৰোঁ। ২০০৯ চনত ড০ অৱনি কুমাৰ শৰ্মাছাৰৰ Abani Sharma পাছত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক পদৰ গুৰু দ্বায়িত্ব সকলো সদস্যই মোৰ ওপৰত অৰ্পণ কৰিছিল। সেই সময়ত সংস্থাৰ সভাপতি আছিল ইস্কে আলাম ছাৰ। মই সাধাৰণ সম্পাদক হিচাপে দ্বায়িত্ব লোৱাৰ সময়ত সংস্থাত মাত্ৰ ১৮ জন আজীৱন সদস্য আৰু ৫৩ সাধাৰণ সদস্য আছিল। প্ৰতি বছৰে ২৬ জুলাই তাৰিখে সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰু মহাবিদ্যালয়ৰ মূল্যায়নৰ বাবে 'NAAC' অহাৰ আগে আগে প্ৰতিজন সদস্যক ঘৰে ঘৰে গৈ মহাবিদ্যালয় লৈ আমন্ত্ৰণ জনাইছিলোঁ। জেষ্ঠ্য সদস্যসকল বছৰত এবাৰ হ'লেও তেওঁলোকৰ আপোন মহাবিদ্যালয়খনলৈ আহিলে ভাত এসাজ খোৱাৰ পাৰিলে মোৰ মনত বৰ আনন্দ লাগে। আৰু এটা উল্লেখযোগ্য কথা যে 'NAAC' মূল্যাংকনত 'Alumni' শিতানত মহাবিদ্যালয়ে প্ৰতিবাৰ সুফল দেখুৱাবলৈ সক্ষম হৈ আহিছে। প্ৰতি বছৰে মহাবিদ্যালয়ৰ উন্নয়নমূলক কাম-কাজত সংস্থাৰ তৰফৰ পৰা সহায়-সহযোগিতা আগবঢ়োৱা হয় । মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ গেইট নিৰ্মাণ কৰা, পেলনীয়া সামগ্ৰী বাবে ডাজবিন ক্ৰয় কৰি দিয়া, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাছুল আৰু হোষ্টেলৰ মাছুল দিয়া, কিতাপ পত্ৰ আদি কিনি দিয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা চেমিনাৰ, 'career guidance' কৰ্মশালা অনুষ্ঠিত ইত্যাদি ইত্যাদি সৰু-সুৰা উন্নয়নমূলক কাম-কাজ প্ৰতি বছৰে কৰা হয়।
২০১৮ চনৰ সাধাৰণ সভাত আলম ছাৰৰ শাৰীৰিক অসুস্থতাৰ বাবে সংস্থাৰ সভাপতি দ্বায়িত্বভাৰ প্ৰয়াত হেমন্ত কুমাৰ বৰুৱা দেৱৰ ওপৰত অৰ্পণ কৰা হয়, কিন্তু সাধাৰণ সম্পাদক হিচাপে ময়েই দ্বায়িত্ব ভাৰ পালন কৰিবলগীয়া হয়। ২০১৯ চনৰ ৩০জুন তাৰিখে এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয় য'ত প্ৰায়েই ৫০০ অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ২০২১ চনৰ ২৯ অক্টোবৰ দিনা সংস্থাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাদেৱৰ অকাল মৃত্যুয়ে সকলোকে মৰ্মাহত কৰি তোলে। ২০২২ চনৰ ২৬ জুলাই তাৰিখে অনুষ্ঠিত হোৱা সাধাৰণ সভাত ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাছাৰক Dharmendra Sarmah সংস্থাৰ সভাপতিৰ দ্বায়িত্ব ভাৰ অৰ্পণ কৰা হয় আৰু সাধাৰণ সম্পাদকৰ দ্বায়িত্ব আকৌ এই অভাজনৰ ওপৰতে দিয়া হয় । ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাছাৰে প্ৰথমখন কাৰ্যনিৰ্বাহকৰ সভাতেই এটা ডাঙৰ প্ৰস্তাৱ ৰাখে যে প্ৰায়ই ৩০ লাখ টকাৰে দৰং মহাবিদ্যালয়ত এটা গেলাৰী ক্লাছৰূম নিৰ্মাণ কৰিব আৰু এই গেলাৰী ক্লাছৰূমটো সম্পূৰ্ণভাৱে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ পৰা পোৱা বৰঙণিৰে নিৰ্মাণ কৰা হ'ব। প্ৰথমে প্ৰস্তাৱটো মোৰ বাবে অবাস্তৱ যেন লাগিলেও ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাছাৰৰ তৎপৰতাত ২০২২ চনৰ ৩০ অক্টোবৰ তাৰিখে গেলাৰী শ্ৰেণীকোঠাৰ লাইখুটা স্থাপন কৰা হয়। ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাছাৰৰ কথা মতেই কাম, লগে লগে ৫ হাজাৰ টকীয়া আজীৱন সদস্যৰ লগতে একলাখ টকীয়া সদস্য, ৫০ হাজাৰ টকীয়া সদস্য, ২৫ হাজাৰ টকীয়া সদস্যৰ বৰঙণিৰে এবছৰৰ ভিতৰতে ৩০ চেপ্টেম্বৰ ২০২৩ তাৰিখে ৫০ লাখ টকাৰো অধিক টকাৰ ব্যয়েৰে দৰং মহাবিদ্যালয়ত ২৫০ ছাত্ৰ-ছাত্ৰী বহিব পৰা অত্যাধুনিক গেলাৰী শ্ৰেণীকোঠা নিৰ্মাণ কৰা হয়। ই অকল দৰং মহাবিদ্যালয়ৰ ইতিহাসতে নহয় সমগ্ৰ দেশৰ বাবে এটা বিৰল নিদৰ্শন হিচাপে পৰিগণিত হৈছে। অসমৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে 'Tweet' যোগে ইয়াৰ শলাগ লয়। ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাছাৰে নিজে ১৮ লাখ টকাৰ বৰঙণি আগবঢ়োৱাৰ লগতে প্ৰায় ১১লাখ টকাৰ ধাৰ তেওঁ অৱসৰৰ পাছত নিজৰ 'GPF' ধনৰ পৰা পৰিশোধ কৰে। তেখেতলৈ এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ২০২৪ চনৰ সাধাৰণ সভাত এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। এই সভাত সকলো সদস্যক কৰযোৰে অনুৰোধ কৰাত মোক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়ে। ২০০৯ চনৰ পৰা ২০২৪ চনলৈ সুদীৰ্ঘ ১৪ বছৰ কাল মই দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক পদৰ দ্বায়িত্ব বহন কৰিছিলোঁ। মই নিজে নাজানো, সংস্থাক মই কি দিব পাৰিছিলোঁ, কিন্তু সংস্থাৰ পৰা মই এটা ডাঙৰ অনুভৱ লাভ কৰিছোঁ। আৰু সেইয়া হৈছে লক্ষ লক্ষ প্ৰাক্তন দৰঙিয়ানৰ পৰিয়ালৰ এজন সদস্য হোৱাৰ পৰম তৃপ্তিৰ অনুভৱ। বহুতৰ লগ চিনাকি হোৱা সুযোগ লাভ কৰিছিলোঁ । নেতা-মন্ত্ৰী, শিক্ষাবিদ, উদ্যোগী - ব্যৱসায়ী, IAS, IPS, ASC, ডাক্তৰ- ইঞ্জিনিয়াৰ দেশে-বিদেশে কোন নাই, প্ৰাক্তন দৰঙিয়ানৰ তালিকাত ?
দৰং মহাবিদ্যালয় মোৰ বাবে কেতিয়াও পৰিহাৰ কৰিব নোৱাৰা এটা আবেগ, এটা মিঠা অনুভুতি । কাৰণ দৰং মহাবিদ্যালয়ৰ পৰাই মোৰ সৃষ্টি হৈছে অৰ্থাৎ ইয়াৰ পৰাই মোৰ কেৰিয়াৰ আৰম্ভ হৈছে আৰু দৰং মহাবিদ্যালয়ৰ বাবে মই আজি সমাজত পৰিচিত। যোৱা ৬ ডিচেম্বৰ ২০২৪ তাৰিখে আকৌ ঘটনাক্ৰমে ( Accidentally) তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি লাভ কৰি যোগদান কৰিলোঁ। আজি প্ৰায় ১০ মাহ হ'ল, মোৰ মুখৰ পৰা কিন্তু 'আমাৰ দৰং কলেজ' শব্দ কেইটা এতিয়াও আঁতৰ হোৱা নাই আৰু চাগৈ আগলৈও আঁতৰ নহ'ব। জয়তু দৰং মহাবিদ্যালয়।
[উক্ত লেখাটিত যদি অনিচ্ছাকৃত ভাবে কাৰোবাৰ নাম বা কোনো উল্লেখযোগ্য ঘটনা বাদ পৰি গৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ।]
ড০ মনোজ কুমাৰ হাজৰিকা
অধ্যক্ষ
তেজপুৰ মহাবিদ্যালয়
#darrangcollege Darrang College - Autonomous, Tezpur, Assam Darrang College Students Union
Darrang College Alumni Association Dar #darrangcollege

Comments
Post a Comment