ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) এক অপ্ৰতিৰোধ্য আৰু আপোচবিহীন ৰাষ্ট্ৰ সেৱক
🙏ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) এক অপ্ৰতিৰোধ্য আৰু আপোচবিহীন ৰাষ্ট্ৰ সেৱক 🙏
আজিও একশ্ৰেণীৰ লোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ: এছ:এছ: (RSS) ক লাঞ্ছনা কৰিবলৈ এৰা নাই কিয় ? RSS কিবা নিষিদ্ধ সংগঠন নেকি? RSS য়ে সন্ত্ৰাসবাদক কেতিয়াবা প্ৰশ্ৰয় দিছে নেকি? নে ৰাষ্ট্ৰী নিৰ্মাণত RSS য়ে বাধাৰ কৰিছে? যদি নাই কৰা তেনে কিয় বাৰে বাৰে RSSক বদনাম কৰিবলৈ লক্ষ্য কৰি লোৱা হয় ? স্বামী বিবেকানন্দই আজিৰ পৰা এশবছৰ আগতেই কৈছিল "হিন্দুত্ববাদৰ অবিহনে ভাৰত ৰাষ্ট্ৰ গঠন অসম্ভৱ"। হিন্দু শব্দটোৱে কোনো এটা শেষ ধৰ্ম বা religion ক বুজোৱা নাই। ই এটা প্ৰথা, এটা সংস্কৃতি, জীৱন ধাৰণৰ শৈলী এক অৰ্থত ক'বলৈ হ'লে সনাতনবাদ। যি ৰাষ্ট্ৰ গঠনৰ সপোন চাণক্যই দেখিছিল, তেতিয়া যদি সতানতি সংস্কৃতিৰ এনাজৰী ডালেৰে সকলো ভাৰতীয়ক একগোট কৰিব পাৰিলে হেতেন, কি মোগল , কি বৃটিছ কোনো বিদেশী শক্তিয়ে ভাৰতবৰ্ষক পৰাস্ত বা শাসন কৰিব নোৱাৰিলে হয়। কিন্তু আমি ইতিহাস পৰা জ্ঞান লব'লৈ নিবিচাৰোঁ। কিন্তু কিছুমান ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষতা (Secularism) টুপী এটা পিন্ধাই সদায় হিন্দুত্ববাদক এলাগী কৰাই আহিছে। লাহে লাহে ভাৰতীয় সকলে বুজিব পৰা হৈছে যে এই ধৰ্মনিৰপেক্ষতা টুপীটো অকল সনাতনী ধৰ্মাৱলম্বী লোকৰ বাবেহে প্ৰযোজ্য, আন ধৰ্মালম্বী লোকৰ বাবে নহয় । বহুতে আকৌ বিকৃত হোৱা ইতিহাসৰ কবলত পৰি ভাবে মোগলসকল নহা হ'লে আমি তাজমহল নাপালো হেতেন!, ইংৰাজ সকল নহা হ'লে আমি পশ্চিমীয়া সংস্কৃতিৰে সভ্য হ'ব নোৱাৰিলোঁ হেতেন! কিন্তু বিদেশী শাসক সকলে আমাৰ নালন্দা নিচিনা বিশ্ববিদ্যালয় ধ্বংশ কৰিছিল, আমাৰ পৱিত্ৰ মঠ-মন্দিৰ সমূহ, সংস্কৃতি আৰু সংস্কাৰ নষ্ট কৰিছিল। জাপান, চীনদেশ আদি দেশসমূহ পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱ অবিহনেই একো একোখন উন্নত ৰাষ্ট্ৰ। ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত নাগপুৰ যদিও এই সংঘৰ প্ৰতিষ্ঠা হৈছিল যদিও ই কোনো বিদেশী সংগঠন নহয়। এচামে আকৌ ইয়াক নাগপুৰীয়া বুলি তাচ্ছিল্য কৰে, কিন্তু মাওঁবাদী বাওঁপন্থীক প্ৰশ্ৰয় দিয়ে। অসমত আকৌ একশ্ৰেণীৰ লোকে আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ কথা কৈ সদায় বিভেদৰ সৃষ্টি কৰি আহিছে। যদি ৰাষ্ট্ৰই নাথাকে, তেনে হ'লে আনৰ গোলাম হৈ জানো আঞ্চলিকতাবাদ, জাতীয়তাবাদ জীয়াই ৰাখিব পৰা যাব ?RSS ৰ মূল লক্ষ্য আৰু উদ্দেশ্য হিন্দু সংস্কাৰ আৰু নীতিৰে চৰিত্ৰ গঠন কৰি হিন্দু সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰি এক সুস্থ সবল হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰা। স্বাধীনতা পিছত তিনিবাৰকৈ সংঘক বিনা দোষত নিষিদ্ধ ঘোষণা কৰাতোঁ বিদেশী ৰাষ্ট্ৰৰ স্বাৰ্থ জড়িত নথকা নহয়। স্বাধীনোত্তৰ কালৰে পৰা যেনেদৰে হিন্দুসকলৰ ওপৰত অত্যাচাৰ, ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে তাক বাধা দিয়াৰ একমাত্ৰ পৃথিৱীৰ সৰ্ববৃহৎ সংঘ হৈছে RSS। সেইবাবে RSS একশ্ৰেণীৰ বাবে সদায় মুৰৰ কামোৰনি। মনত ৰখা উচিত যে, RSS য়ে কেতিয়াও অন্য কোনো ধৰ্মক বিৰোধিতা কৰা নাই। কেৱল মাত্ৰ নিজ ধৰ্মৰ লোকসকলক যাতে আনে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ ওপৰতহে সতৰ্কতা অৱলম্বন কৰি আহিছে । পাহাৰীয়া ৰাজ্য সমূহৰ কথা নকওয়ে, সনাতনী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী এতিয়া বৃহৎ ধৰ্মান্তৰৰ গোষ্ঠীৰ কবলত। ইতিমধ্যে অসমৰ ট্ৰাইবেল্ট ব্লকসমূহ গ্ৰাস কৰিছে। এইবোৰ দেখি শুনি চকুমুদা কুলি হৈ থকাটো জানো উচিত? অখণ্ড ভাৰতবৰ্ষ গঢ় দিবলৈ হ'লে আৰু নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে আমি এক হ'বই লাগিব। যিটো বিদেশী ৰাষ্ট্ৰসমূহে কেতিয়াও নিবিচাৰে। মই কোনো RSSৰ স্বয়ংসেৱক নহয়, কিন্তু এজন প্ৰকৃত ভাৰতীয় আৰু সনাতনী সংস্কৃতিৰ সাধক হিচাপে সদায় RSSক সমৰ্থন কৰি আহিছোঁ আৰু কৰি যাম। আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া সফল যাত্ৰা অতিক্ৰম কৰা বিশ্বৰ একমাত্ৰ সামাজিক অনুষ্ঠান হিচাপে তেজপুৰ নেহৰু ময়দানত বিজয়া দশমী কাৰ্যক্ৰম অনুষ্ঠিত কৰে। আমাৰ হিয়া আমঠু সদ্য প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত এখন প্ৰদৰ্শনীৰো আয়োজন কৰে । তেজপুৰৰ সকলো বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তথাপিও কিন্তু একশ্ৰেণীয়ে সংঘক বদনাম কৰাৰ পুৰণি প্ৰৱনতা ত্যাগ কৰিব পৰা নাই। তথাপিও কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) এক অপ্ৰতিৰোধ্য আৰু আপোচবিহীন ৰাষ্ট্ৰ সেৱক সংঘ।
জয় ভাৰত মাতা
জয় আই অসম
ড০ মনোজ কুমাৰ হাজৰিকা
#RSS100Years #modi #HimantaBiswaSarma

Comments
Post a Comment