মহাবিদ্যালয় অধ্যক্ষৰ ছমহীয়া অভিজ্ঞতা:
📝মহাবিদ্যালয় অধ্যক্ষৰ ছমহীয়া অভিজ্ঞতা:📝
যোৱা ইং ৬ ডিচেম্বৰ ২০২৪ তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষপদত নিযুক্তি লাভ কৰি অধ্যক্ষ হিচাপে যোগদান কৰিলোঁ। ২৩ বছৰ কাল দৰং মহাবিদ্যালয়ত বাণিজ্য বিভাগত অধ্যাপনা কৰিছিলোঁ। শিক্ষকতা কৰাৰ মাদকতা অলপ বেলেগ। প্ৰতিবছৰে নতুন নতুন ছাত্ৰ-ছাত্ৰী সকলৰ লগত নিজকে বিলীন কৰি দিব পৰা যায় । প্ৰায় ১৪৫ জন অধ্যাপকৰ এজন মই আছিলোঁ। এটা বৃহৎ পৰিয়াল এজন সদস্য যেন অনুভৱ হয় । কিন্তু অধ্যক্ষ জন একেবাৰে অকলশৰীয়া ব্যক্তি, কাৰণ মহাবিদ্যালয়ত অধ্যক্ষ এজনেই থাকে। বাকী সকলৰ লগত এটা ব্যৱধান বজাই ৰাখিব লগীয়া হয় । প্ৰতিটো মূহুৰ্ততে এটা গধুৰ দ্বায়িত্ব মুৰৰ ওপৰত থাকে, আজৰি সময় বুলি একো নাথাকে। কি সোমবাৰ, কি শনিবাৰ, কি দেওবাৰ প্ৰতিদিনে একেই ব্যস্ততা । গৰমৰ বন্ধ বুলিবলৈ নাই, ছাত্ৰ-ছাত্ৰীসকলৰ লগত শৈক্ষিক ভ্ৰমণলৈ বা বনভোজ খাবলৈ যোৱাৰ কোনো পৰিস্থিতি নাথাকে। কিন্তু কাম কৰা বহুত সুযোগ থাকে। যিবোৰ শৈক্ষিক চিন্তা বা উন্নয়নৰ পৰিকল্পনা মহাবিদ্যালয়ৰ বাবে আগতে কৰিছিলো, কিন্তু কতৃপক্ষক সৈমান কৰাব পৰা নাছিলোঁ, এতিয়া চিন্তা পৰিকল্পনা অনায়াসে ৰূপায়ন কৰিব পৰা হ'লো । মই তেজপুৰ মহাবিদ্যালয়ত অধ্যক্ষও নাটকীয় ভাৱে হৈছোঁ। অধ্যক্ষ হোৱাৰ কোনো পূৰ্বৰ পৰিকল্পনা মোৰ নাছিল যদিও অৱশ্যে অধ্যক্ষ হোৱাৰ সম্পূৰ্ণ যোগ্যতা আৰু অৰ্হতা মোৰ আছিল। তেজপুৰ মহাবিদ্যালয়খন কলিবাৰীতে হোৱাৰ বাবে আৰু মোৰ সহধৰ্মিণীৰ লগতে মোৰ সহ-অধ্যাপক ড০ গকুল দাস, ড০ দুলাল দাস আৰু ড০ চিত্তৰঞ্জন বৰুৱাৰ অনুৰোধ ৰক্ষা কৰি অধ্যক্ষ পদৰ বাবে আবেদন জনাইছিলোঁ । সেইবাবে ইন্টাৰভিউ ব'ডত এইটোৱেই মোৰ প্ৰথম আৰু শেষ অধ্যক্ষ পদৰ ইন্টাৰভিউ বুলি মুকলি কৈ জনাইছিলোঁ । হয়তো দেৱাদিদেৱ মহাদেৱৰ ইচ্ছা, সেইবাবে মহাভৈৰৱ বাবাই তেজপুৰ মহাবিদ্যালয়ক সেৱা কৰাৰ সুযোগ আগবঢ়াইছে । তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পদত যোগদান কৰাৰ দিনা পৰা তেজপুৰীয়া ৰাইজৰ, ছাত্ৰ-ছাত্ৰী সকলৰ , মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু মোৰ শুভাকাংশী সকলে মোক যেনেদৰে আশীৰ্বাদ, সন্মান, মৰম আৰু সহযোগিতা কৰিছে, সেইয়া মোৰ বাবে অদ্ভূতপূৰ্ব। লগতে তেওঁলোকে মোৰ পৰা মহাবিদ্যালয় খনৰ শৈক্ষিক- সাংস্কৃতিক- ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ দিশে আগুৱাই নিয়াৰ যি আশা কৰিছে, ই মোৰ দ্বায়িত্ব কৰ্তব্য পালনত আৰু বেছি চাপৰ সৃষ্টি কৰিছে। ভগৱান ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে মই মোৰ দ্বায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰিব পাৰোঁ আৰু মহাবিদ্যালয় খনক উত্তৰণ এক নতুন দিশত আগুৱাই নিব পাৰোঁ। এই কেইদিনত কেইটামান নতুন অভিজ্ঞতা নোহোৱা নহয় । এজন ছপাশালৰ মালিকে আহি মোৰ হাতত এটা টকাৰ পেকেট গুজি দিলে । তেখেতক মই আগৰেপৰাই চিনি পাওঁ। কাৰণ তেজপুৰ মোৰ জন্মভূমি, শিক্ষাভূমি আৰু কৰ্মভূমি বাবে তেজপুৰৰ প্ৰায়ই সকলো ব্যক্তি মোৰ চিনাকি বা মোক চিনি পায় । তেওঁক মই সুধিলো যে এই টকাখিনি মই তেওঁৰ পৰা পাব লগা আছিল নেকি? তেওঁ ক'লে নহয় ছাৰ, এইটো এটা নিয়ম, ছপা কাম কৰালে কিবা এটা উপহাৰ দিয়া হয়, যাতে আগলৈকো কাম পাই থাকো। মই তেতিয়া তেওঁ ক'লো ," মই দুৰ্নীতি নকৰোঁ নহয়, দুৰ্নীতি কৰা মানুহক ধৰোহে ।" তোমাৰ কাম ভাল হ'লে আগলৈও তুমি কাম পাই থাকিবা। অৱশ্যে মই নতুন বুলি মোক জোখিও চাব পাৰে মানে ছাৰ পইচা খোৱা মানুহ হয় নে নহয় ।আকৌ এবাৰ এজন ব্যৱসায়ীয়ে এটা কামৰ হিচাপ দিওঁতে ১০ শতাংশ এটা আছুতীয়াকৈ ৰাখি দিলে । মই সুধিলোঁ এইটো কিহৰ বাবে । তেখেতে ক'লে এইটো সাধাৰণতে ৰখা হয় কমিচন হিচাপে। পাছত সেই কামটো মই বাতিল কৰিব লগীয়া হ'ল। হয়তো এনেধৰণে উন্নয়নমূলক কাম-কাজ সমূহ চলে। সেইবাবে এইবোৰ একেবাৰে সাধাৰণ কথা, তাতে মোৰ অভিজ্ঞতা শূণ্য। আগতে দুৰ্নীতিৰ কথা শুনিছিলোঁ , প্ৰতিবাদ কৰিছিলোঁ ।এতিয়া দেখিছোঁ আৰু তাৰপৰা কেনেদৰে আতঁৰি সদপথৰে নিজৰ দ্বায়িত্ব কৰ্তব্য পালনত কৰিব পাৰি সেইটোহে ডাঙৰ কথা। আগলৈ.....

Comments
Post a Comment