বক্তৃতা: স্বামী বিবেকানন্দজী বিষয়ে কিছু কথা
🙏 স্বামী বিবেকানন্দজী বিষয়ে কিছু কথা🙏
ওঁ সহনাববতু, সহ নৌ ভুনক্তু, সহ বীর্যং কৰবাবহৈ। তেজস্বীনাবধীতমস্তু, মা বিদ্বিষাবহৈ। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।।"
- এইটো এটি শান্তি মন্ত্র, যাক সাধাৰণতে স্কুল বা অন্যান্য শিক্ষাপ্রতিষ্ঠানত পাঠ কৰা হয়। এইয়া অর্থ হল, "হে ঈশ্বৰ, আপুনি আমাৰ উভয়কে (শিক্ষক ও শিক্ষার্থী) একলগে ৰক্ষা কৰক, একেলগে আমাক বিদ্যাফল দান কৰক, একেলগে আমাক শক্তিশালী হৈ, আমাৰ অধ্যয়ন উজ্জ্বল হওক তথা আমাৰ মাজত বিদ্বেষ নাথাকক। ওঁ শান্তি, শান্তি, শান্তি।" [১, ২] এই মন্ত্রটি কৃষ্ণ যজুর্বেদৰ তৈত্তিৰীয় উপনিষদৰ পৰা লোৱা হৈছে । আজি আমি এজন মহান ব্যক্তি বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যাতে কোৱা জন আৰু শুনাজন দুয়োপক্ষ উপকৃত হয়।
নমস্কাৰ,
আপোনালোকে এই অভাজনক আমন্ত্ৰণ কৰি সনাতন ধৰ্মৰ বিশ্বগুৰু স্বামী বিবেকানন্দ জী বিষয়ে দুএষাৰ ক'ব লৈ সুযোগ দিয়াৰ বাবে আয়োজন সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বামী বিবেকানন্দ জী বিষয়ে আপোনালোকৰ সন্মূখত নতুনকৈ কোৱাৰ মোৰ ধৃষ্টতা মোৰ নাই। তথাপিও মোৰ সীমিত জ্ঞানৰে তেখেতৰ বিষয়ে অলপ ব্যক্ত কৰিবলৈ ওলাইছো ভুল ভ্ৰান্তি হ'লে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।
আমি জীৱনটো সদায় "বয়স বছৰৰে নহয় , কৰ্মৰে হে জুখিব লাগে।" মাত্ৰ ৪৯ বছৰ বয়সৰ জীৱন কালত স্বামী জীয়ে জগতক যিখিনি দি গ'ল আৰু সনাতন ধৰ্মলৈ তেখেতৰ যি অৱদান তাক কাৰো লগত তুলনা কৰিব নোৱাৰি। বিশ্ব সনাতন ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ যি ভূমিকা বৰ্তমানৰ ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পালন কৰিছে , তেনেধৰণৰ এক ভূমিকা আন এজন নৰেন্দ্ৰ (নাথ দত্ত) যাক আমি স্বামী বিবেকানন্দ জী বুলি জানো তেখেতে আজিৰ পৰা প্ৰায় দেৰ শতিকা আগৰ পৰাই পালন কৰিছিল। তেখেতে সনাতন ধৰ্মৰ চিন্তা আৰু আদৰ্শক বিশ্ববাসীক জনাবলৈ ৰামকৃষ্ণ মিচন স্থাপন কৰিছিল, যি আজিও সমগ্ৰ বিশ্বতে এই কাৰ্য সম্পন কৰি আছে।
আমি ১১ চেপ্তেম্বৰত অৰ্থাৎ 9/11 ত বিশ্বত ঘটা ঘটনা বুলিলে ২০০০ চনত সংগঠিত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰ সংগঠিত কৰা সন্ত্ৰাসবাদী ওচামা বিন লাডেৰ আক্ৰমণ কথা বুজো। কিন্তু ১৮৯৩ চনৰ একেটা দিনতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত সনাতন সংস্কৃতিৰ অমৃত বাণী বিলাই মাত্ৰ ৩০ বছৰ বয়সতে সকলোকে স্তম্ভিত কৰা স্বামী বিবেকানন্দ জী সেই ঐতিহাসিক ভাষণৰ কথা মনলৈ নানো। কি আছিল স্বামী জীৰ সেই আৰম্ভণি মাত্ৰ ৫ টকা শব্দৰ ভাষণত যাৰবাবে ৭ হাজাৰ লোকে দুই মিটিন জুৰি থিয় হৈ হাত চাপৰি মাৰিছিল। "My Sisters and Brothers of America" মোৰ আমেৰিকাৰ ভগ্নী আৰু ভাই সকল"। যিটো আছিল বিশ্ব ভাতৃত্ববোধৰ (Universal Brotherhood ) এক জ্বলন্ত নিদৰ্শন। ই হৈছে সনাতন সংস্কৃতিৰ আধাৰ " বসুধৈব কুটুম্বকম্ ("বসুধা=পৃথিবী" + "এব=প্রকৃতপক্ষে" + "কুটুম্বকম্=পৰিয়াল") মূলত হিন্দু গ্রন্থ মহা উপনিষদত উল্লেখিত এই বাক্য ফাকিৰ অৰ্থ হ'ল যে, "গোটেই পৃথিৱীখন এটি পৰিয়াল মাথোঁ।"
আৰু এটা মন কৰিবলগীয়া কথা, তেখেতে নাৰীসকলক ভগ্নী হিচাপে প্ৰথমে সম্বোধন কৰিছিল। ইয়াৰ অৰ্থ হ'ল যে নাৰী সমাজক তেতিয়াই তেওঁ আগস্থান দিছিল।
তেখেতৰ বিশ্ব ভাতৃত্ববোধ আৰু সহনশীলতা নীতিৰ বিষয়ে শুনি আমেৰিকাৰ পণ্ডিত সকলে কৈছিল আমি ভাৰতলৈ মিচনেৰী সকলক পঠায় ভুল হে কৰিছোঁ কাৰণ এনে আদৰ্শে পৰিবেষ্ট এখন দেশত মিচনেৰী সকলক কাম নাই। ভাৰতবৰ্ষৰ পৰাহে পৃথিৱীৰ অন্যান্য ঠাইলৈ মিচনেৰী পঠোৱা উচিত।
Harvard University ৰ প্ৰবক্তা হেনৰী ৰাইটে কৈছিল " বিশ্ববিদ্যালয়ৰ আটাইবোৰ প্ৰবক্তাৰ সন্মিলিত জ্ঞানতকৈও এখেতৰ জ্ঞান বেছি।"
তেখেতে বিশ্ব ধৰ্ম মহাসভা লৈ যাওঁতে প্ৰায় এমাহমান আগতেই আমেৰিকা পাইছিল গৈ। কাৰণ তেতিয়া টো যাতায়তৰ সু-ব্যৱস্থা নাছিল। তাতে তেওঁ ঠিকনাটো খেলিমেলি হ'ল। সেই ডেৰমাহ সময় তেওঁ অতি কষ্টৰে পাৰ কৰিবলগীয়া হৈছিল। বহু ঠাইত বহুবাৰ তেওঁক নিগ্ৰু বুলি ভাবি Black Dog ক'লা কুকুৰ বুলি গালি দি খেদি দিছিল। কিন্তু এই সকলোবোৰ অপমান আমেৰিকাত সয্য কৰিও তেখেতে আমেৰিকান বাসীক মৰমেৰে my sisters and brothers of America বুলিয়েই সম্বোধন কৰিছিল। কাৰণৰ সনাতন সংস্কৃতি অনুযায়ী সহ্য কৰাটো গুণ আমাৰ দিনতে আছে। দেৱাদিদেৱ মহাদেৱে বিষ প্ৰাণ কৰি অমৃত বিলাই ছিল।
সন্ন্যাস লোৱাৰ আগতে স্বামী বিবেকানন্দ জীৰ নাম "নৰেন্দ্ৰ নাথ দত্ত আৰু সকলোৱে তেওঁক নৰেন বুলি মাতিছিল। তেখেতৰ জন্ম হৈছিল ১৮৬৩ চনৰ ১২ জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনা কলিকতাত। আৰু হিন্দু শাস্ত্ৰ অনুসৰি এই দিনটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। তেখেতে দেউতাক বিশ্বনাথ দত্ত কলিকতা হাইকৰ্টৰ attorney at law অৰ্থাৎ অধিবক্তা আছিল আৰু মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল।
দত্ত পৰিয়াল সমাজৰ এক সমৃদ্ধিশালী, শিক্ষিত আৰু সন্মানীয় পৰিয়াল হিচাপে জনাজাত আছিল।
সৰুৰে পৰা নৰেন্দ্ৰ অতি দয়ালু আছিল। দুখীয়াজনৰ দুখ কষ্ট দেখিলে তেওঁৰ অন্তৰে কান্দিছিল । সৰুতে নিজৰ গাৰ কাপোৰ খুলি দুখীয়া লোকক দান কৰাৰ বহু উদাহৰণ আছে। এদিন নৰেনৰ মাকে পাকঘৰত কাম কৰি থাকোতে কটাৰি এখন বিচৰাত নৰেনে ধাৰ অংশটো নিজৰ ফালে ৰাখি নাল থকা অংশটো মাকৰ ফালে আগবঢ়াই দিছিল। তেতিয়া তেওঁৰ তিনিবছৰ মান আছিল। মাকে তেতিয়াই ভৱিষ্য বাণী কৰিছিল যে , নৰেন্দ্ৰ এদিন এজন দয়ালু মানুহ হিচাপে জগতত পৰিচিত হ'ব।
যুৱ অৱস্থাত নৰেন্দ্ৰ এজন পশ্চিমীয়া ভাবধাৰে শিক্ষিত এজন ছাত্ৰ আছিল আৰু ইংৰাজী সলসলীয়াকৈ ক'ব পাৰিছিল। সেইবাবে বিশ্ব ধৰ্ম মহাসভাত তেওঁ ইংৰাজীতে সনাতন ধৰ্মৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰিছিল। ডেকা অৱস্থাত তেওঁ "ব্ৰাক্ষ সমাজৰ " প্ৰতি আকৰ্ষিত হৈছিল আৰু নিৰাকাৰ ভগৱানৰ ওপৰতহে বিশ্বাস কৰিছিল। গুৰু শ্ৰীৰামকৃষ্ণ পৰমহংসৰ শৰণ লাভ কৰাৰ পাছতহে মূৰ্তি পূজা মানি লৈছিল। তেখেতৰ গুৰুৰ প্ৰতি ইমানেই শ্ৰদ্ধা ভক্তি আছিল গুৰু যেতিয়া অচিন বেমাৰত পৰিছিল গুৰুৰ পৰিচৰ্যাৰ সমস্ত দায়িত্ব তেখেতে মুৰ পাতি লৈছিল। আনকি গুৰুৰ থু খেকাৰ আদি চাফা কৰাৰো।
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু দেৱো মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈ শ্ৰীগুৰুৱে নম: ।
গুৰু আদি, গুৰু অন্ত, গুৰু আমাৰ বাবে ব্ৰহ্মাণ্ড। গুৰু আমাৰ পথ প্ৰদৰ্শক। গুৰু অবিহনে আমাৰ জীৱন নিৰৰ্থক। সেইবাবে আমাৰ শাস্ত্ৰত পিতৃ মাতৃৰ লগত একে আসনতে গুৰুক ৰখা হৈছে।
যুৱ প্ৰজন্মৰ কল্যাণ হ'কে স্বামী জীৰ পাঁচটা মহান বাণী:
১) উঠা , জাগা , লক্ষ্য প্ৰাপ্তি নোহোৱা লৈকে থমকি নৰ'বা ( Arise, awake, donot stop until you reach the goal)
এই উক্ত ফাকিয়ে মই বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত অমৃত বাণী হিচাপে কাম কৰিছিল।
২) তোমাৰ মনত যদি সত্য আছে কিবা কৰিব বিচাৰিলে পাৰিবা আৰু যদি নাই অজুহাত বহুত পাবা। (Where there is will there is way.)
৩) সাহসী লোকে হে ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। ( Be bold)
৪) বিশ্ব একো একোটা ব্যায়ামাগাৰ , আমি নিজেই নিজকে শক্তিশালী কৰিব লাগিব। ( Survival of Fittest)
৫) নিজৰ ওপৰত বিশ্বাস নাথাকিলে, ভগৱান ওপৰত বিশ্বাস নাথাকে।( Self confidence )
এনে এজন মহান ব্যক্তিৰ বিষয়ে কবিগুৰু ৰবীন্দ্ৰনাথৰ ঠাকুৰে কৈছিল আপুনি যদি ভাৰতবৰ্ষক জানিব বিচাৰে তেতিয়া হ'লে স্বামী বিবেকানন্দ জীৰ লেখা সমূহ পঢ়ক ।
১৯০২ চনৰ ৪ জুলাই তাৰিখে কলিকতাত স্বামীজীয়ে ৰাতি পুৱা ৮ পৰা ১১ বজালৈ ধ্যান মগ্ন হৈ ইহলীলা সম্বৰণ কৰে।
ওম সর্বে ভবন্তু সুখিনঃ,
সর্বে সন্তু নিৰাময়াঃ,
সর্বে ভদ্রানি পশ্যন্তু,
মা কশ্চিদ দুঃখ ভাগ ভবেৎ।
ড০ মনোজ কুমাৰ হাজৰিকা
অধ্যক্ষ
তেজপুৰ মহাবিদ্যালয়

Comments
Post a Comment