Posts

Showing posts from 2019

তিনি ভক্তৰ কাহিনী

Image
😃😆😄 তিনি ভক্তৰ কাহিনী 😄😆😃 এবাৰ তিনিজন ভক্তই মহাদেৱৰ তপস্যাত বহিল । কাৰণ মহাদেৱক সহজে সন্তুষ্ট কৰিব পৰা যায় আৰু বৰ লাভ কৰিবলৈও সহজ। ভক্ত তিনিজনৰ তপস্যাত সন্তুষ্ট হৈ মহাদেৱ তেওঁলোকৰ সন্মুখত আৱিৰ্ভাৱহৈ কি বৰ লাগে সোধিলে । তেতিয়া প্ৰথমজন ভক্তই বিচাৰিলে যে তেওঁক হেনো এনেকুৱা এটা বৰ লাগে যাতে তেওঁৰ চাৰিওফালে টকাই টকা থাকে । টকাৰ মাজতে যেন তেওঁ সদায় থাকিব পাৰে ।  দ্বিতীয়জনে বিচাৰিলে তেওঁৰ চাৰিওফালে যেন মদেই মদ থাকে, দেশী-বিদেশী সকলো ধৰণৰ মদ । তৃতীয় জনে বৰ হিচাপে বিচাৰিলে যে তেওঁ যেন সদায় ধুনীয়া ধুনীয়া ষোল্লসী গাভৰু মাজত  থাকিব পাৰে । মহাদেৱে তথাস্তু বুলি বৰসমূহ দি অন্তৰ্ধান হৈ গ'ল । পাছত, প্ৰথম জন ভক্ত হ'ল বেংকৰ কেচিয়াৰ, অনবৰত টকাৰ লগতে জড়িত টকাৰ মাজতে থাকে, কিন্তু তাৰ পৰা নিজে এটাও খৰচ কৰিব নোৱাৰে । দ্বিতীয়জন হ'ল মদ-বাৰৰ বাৰটেন্দাৰ (bartender), যিজনে বিভিন্ন দেশী-বিদেশী মদৰ লগতে খেলা কৰি থাকে, কিন্তু তাৰ পৰা নিজে এপেগো খাব নোৱাৰে । আৰু তৃতীয়জন ভক্ত হ'ল কণ্যা মহাবিদ্যালয়ৰ অধ্যাপক । ধুনীয়া ধুনীয়া ষোল্লসী গাভৰু মাজতে থাকে , কিন্তু শ্ৰীকৃষ্ণ হ'ব নোৱাৰে। আৰু ...

ৰণ'দাৰ পবিত্র স্মৃতিত

Image
🙏🙏ৰবীন পটঙ্গীয়া ওৰফে ৰণ'দাৰ পবিত্র স্মৃতিত🙏🙏 তেজপুৰ কলিবাৰী অঞ্চল ব্ৰিটিছৰ দিনৰে পৰা এখন বাসস্থানৰ বাবে উপযোগী ঠাই হিচাপে বিবেচিত হৈ আহিছে। সেইবাবে এই অঞ্চল বহুতো গণ্যমান্য  ব্যক্তিৰ বাসস্থান হিচাপে পৰিচিত। কলাগুৰু বিষ্ণু ৰাভা, নটসূৰ্য ফণী শৰ্মা, সাহিত্য কাণ্ডাৰী  পদ্মনাথ গোহাঁই বৰুৱাকে আদিৰ কৰি অসমৰ বিভিন্ন স্থানৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলে কলিবাৰীত নিগাজিকৈ বাস কৰিছিল। কলিবুঢ়ী নামেৰেই কলিবাৰী হ'ল।  এই কলিবুঢ়ীৰ পৰিয়ালেই হৈছে প্ৰখ্যাত পটঙ্গীয়া পৰিয়াল। এই পৰিয়ালৰে এজন স্বৰ্গীয় ৰবীন পটঙ্গীয়া যাক বহুতেই ৰাণ'দা বুলি সম্বোধন কৰে । তেখেতে আছিল ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম কৰ্মী, অভিনেতা - পৰিচালক, সমাজকৰ্মী তথা মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ খ্যাতিসম্পন্ন অভিনেত্ৰী বীণা পটঙ্গীয়াৰ স্বামী। যদিও কলিবাৰী মিউনিচিপাল্টি এলেকাৰ ভিতৰতে পৰে তথাপিও ইয়াত গাঁৱলীয়া পৰিবেশ, ইঘৰৰ লগত সিঘৰৰ নিবিড় সম্পর্ক। বিহুৰ হুচৰি, বিয়া-বাৰু, পূজা-পাতল, নাম কীৰ্ত্তন  আদিত সকলো ক্ষেত্রতে ৰাণ'দা নহ'লে নহয়।  কলিবাৰীৰ ৰাইজৰ হৈ আশীর্বাদ দিয়া মানুহজন হ'ল ৰাণ...

উদ্ৰোপন

Image
উদ্ৰোপন: গছপুলি ৰোপণৰ এক অভিনৱ প্ৰচেষ্টা 'Global warming' আৰু জলবায়ু পৰিবৰ্তনৰ ভয়াৱহতাৰ পৰা ৰক্ষা পৰিবলৈ গছ গছনিৰ কিমান আৱশ্যকতা সকলোৱে অনুমান কৰিব পাৰিছে। গছপুলি ৰোপণৰ বাবে চৰকাৰ, 'NGO' লগতে বহুতো সংগঠন বা ব্যক্তিয়ে নিজাববীয়াকৈ ও বিভিন্ন ধৰণৰ পদক্ষেপ আৰু কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। যাতে অনাগত বিভীষিকাৰ পৰা পৃথিবীখনক অলপ হ'লেও সকাস দিব পৰা যায়। তেনে এক মহান উদ্দেশ্য আগত ৰাখি তেজপুৰ দৰং মহাবিদ্যালয় ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক হৰেন্দ্র নাথ মৰাং ডাঙৰীয়াই 'উদ্ৰোপন' নামৰ এটি বিশেষ অনুষ্ঠানৰ জন্ম দিছে। যাৰ মূখ্য উদ্দেশ্য হৈছে উৎসৱত লগত সংগতি ৰাখি গছপুলি ৰোপণ।  মৰাং ডাঙৰীয়া আমাৰ মহাবিদ্যালয়ৰ এজন প্ৰকৃতি প্ৰেমী হিচাপে খ্যাত আৰু আমাৰ মহাবিদ্যালয়ৰ 'যাদব পায়েং' বুলিলেও মিছা নহয়। সাম্প্ৰতিক সময়ত নগৰীয়া লোকসকলৰ উৎসৱৰ দিনত বা কোনো এটা শুভদিন গছপুলি এটা ৰোৱলৈ বাৰী বা বাগিচা বুলিবলৈ একো নাথাকে। সেইবাবে মৰাং ডাঙৰীয়াই উদ্ৰোপনৰ জৰিয়তে উৎসৱ বা শুভদিনবোৰত গছপুলি ৰোপণেৰে তেজপুৰ চহৰত এক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ঠিক তেনেদৰে বহু ...

শ্ৰদ্ধাৰ সোমেন্দ্ৰ শইকীয়া ছাৰ

Image
🙏🙏তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া:🙏🙏 ১) 'অ মেৰা পপনি'  মানে কি?  ২) MRF ৰ সম্পুর্ন নামটো কি?  ৩) Rain Queen Office কোন?  উপৰোক্ত প্ৰশ্ন কেইটা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বৰ্তমানৰ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধা সোমেন্দ্ৰ শইকীয়া ছাৰৰ। তেজপুৰ গভৰ্ণমেন্ট বয়জ স্কুলৰ সপ্তম মান শ্ৰেণীত ছাৰে আমাক  ভূগোল পঢ়াইছিল। ভূগোল মোৰ বাবে একেবাৰে বেয়া পোৱা বিষয় আছিল, কাৰণ তেতিয়াটো  'গুগোল' ও নাছিল। ছাৰে ইমান সুন্দৰ সুন্দৰ উপমা দি আমাক ভূগোল পঢ়াইছিল যে ভূগোল মোৰ সকলোতকৈ  প্ৰিয় বিষয় হৈ পৰিছিল।  ছাৰে ক্লাচত বিভিন্ন ধৰণৰ খুহুতীয়া কথা কৈ ছাত্ৰসকলক ক্লাচত সহজ কৰিবলৈ সদায় চেষ্টা কৰিছিল, কাৰণ ভয় জ্ঞান লোৱাতকৈ  হাঁহি-ধেমালিৰে জ্ঞান লোৱাৰ ওপৰত তেওঁ বেছি জোৰ দিছিল। সেইবাবেই তেওঁ সকলো ছাত্ৰৰ অতি প্ৰিয় শিক্ষক আছিল। তেখেত আছিল এজন ভাল খেলুৱৈও। এবাৰ ছাৰে ক্লাচত  কৈছিল যে তেওঁ হেনো ক্ৰিকেট খেলত এটা বলত 22 ৰাণ কৰিছিল । আমি আচৰিত হোৱাত, তেওঁ কৈছিল যে কেইদিনমান আগতে  ক্ৰিকেট খেল পথাৰখনত চাৰ্কাছ হৈ গৈছিল আ...

এৰি অহা দিনবোৰ

Image
😢😢😢এৰি অহা দিনবোৰ: তেজপুৰ গভৰ্ণমেন্ট বয়জৰ 😢😢😢 প্ৰাইমাৰী স্কুলত নাম লগোৱাৰ পিছৰে পৰা মাত্ৰ  দুটা প্ৰধান লক্ষ্য, এটা হ'ল চতুর্থ শ্রেণীৰ বৃত্তি পোৱা আৰু আনটো হ'ল তেজপুৰ গভৰ্ণমেন্ট বয়জত অৰ্থাৎ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিট পোৱা। মই অলপ চুটি চাপৰ হোৱাৰ বাবে সকলোৱে মোক ভয় খোৱাইছিল যে গভৰ্ণমেন্ট বয়জ স্কুলত চিট পালেও মই তাৰ বেঞ্চবোৰ ঢুকি  নাপাম বুলি।  ১৯৮৪ চনৰ গভৰ্নমেন্ট বয়জৰ চিট পৰীক্ষাত মই চিট পালো। ঘৰ ওচৰ চুবুৰীয়াৰ শুভেচ্ছা বাণীৰে ভৰি পৰিছে, যেন মই ডাক্তৰ ইন্জিনিয়াৰীং পঢ়িবলৈহে চিট পাইছো। তেতিয়াৰ দিনত গভৰ্ণমেন্ট বয়জ স্কুলত চিট পোৱাটো ডাক্তৰ ইন্জিনিয়াৰীং পঢ়িবলৈ চিট পোৱা দৰেই আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ এখন লেখত ল'বলগীয়া শিক্ষা অনুষ্ঠান। ক্লাচ ফাইভত   অলপ আচহুৱা আচহুৱা  যেন অনুভৱ হৈছিল। কাৰণ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা মই অকলশৰীয়া আছিলো। কাৰ্মে মেমোৰিয়েল স্কুল আৰু চিলভাৰ জুবিলি স্কুলৰ ল'ৰাবোৰ লগত পাত্তাই পোৱা নাছিলো। প্ৰথম মোৰ লগত বন্ধু হৈছিল মাধুর্য মহন্ত আৰু পৰিমল সৰকাৰ। মাধুর্য আছিল ফাৰ্ষ্ট বয় আৰু পৰ...

ভাড়াঘৰৰ চুক্তি

Image
😀😆😃 ভাড়াঘৰৰ চুক্তি: আলহী আহিব পাৰিব কিন্তু লেট্ৰিন ব্যবহাৰ কৰিব নোৱাৰিব 😁😀😆 এম: কম: ডিগ্ৰী লাভ কৰাৰ পাচত তেজপুৰৰ পৰা গৈ ২০০০ চনত গুৱাহাটিৰ এখন ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিলো ।  দৰ্মহা একেবাৰে কম আছিল।  অকলে এটা ভাড়াঘৰ থাকি চলাটো মোৰ বাবে সম্ভৱপৰ নাছিল ।  সেইখন মহাবিদ্যালয়ৰে কেইজন মান ছাত্ৰৰ লগত মোৰ ভাল সম্পৰ্ক গঢ়লৈ উঠিছিল ।  সিহঁতে ক’লে, “ছাৰ আমাৰ মেচত এটা ৰূম খালি হৈছে, অসুবিধা নাপালে আপুনিও আমাৰ লগত থাকিব পাৰিব”।  মই সিহঁতৰ প্ৰস্তাবত সন্মতি দিলো, কাৰণ সিহঁত মোৰ প্ৰাই বন্ধুৰ দৰে হৈ পৰিছিল।   আমাৰ মহাবিদ্যালয়ৰ ওচৰতে  লাচিতনগৰতে ভাড়াঘৰটো আছিল।  ভাড়াঘৰটোৰ মালিক আছিল এগৰাকী  আইতা আৰু তেওঁ অবিবাহিতা কন্যা, যি আমাৰ সকলোৰে বাবে বাইদেউ ।   মই তেওঁলোকৰ লগত থাকিম বুলি কোৱাত ঘৰৰ মালিকনী আইতাই বৰ ভাল পাইছিল, তেওঁ ভাবিছিল মই তাত থাকি এজন তত্ত্বাৱধায়ক হিচাবে ল’ৰাবোৰক শাসন কৰিম।  কিন্তু মই অহাৰ পিচৰে পৰা ল’ৰাবোৰৰ উৎপাত দিনক দিনে বাঢ়িবলৈহে ধৰিলে । যেনে ৰূমত ৰাতি এপৰৰলৈ চিঞৰি চিঞৰি গান গোৱা, চ...

পাৰ্ছেল

Image
😆😆😆পাৰ্ছেল 😆😆😆  সৰুৰে পৰাই মোৰ কেমেৰাৰ বৰ চখ আছিল। কিন্তু তেতিয়াৰ দিনত কেমেৰা আৰু ফটো তোলা সিমান সুলভ নাছিল। কেনেবাকৈ কেমেৰা এটা গোটাব পাৰিলেও ফটো তুলি সেইবোৰ ধুৱোৱা বৰ খৰচী আছিল। আজিকালিৰ নিচিনাকৈ বজাৰ কৰা তালিকাখনো ফটো মাৰি নিয়াৰ কথা তেতিয়াৰ দিনত ভাবিবই পৰা বিধৰ নাছিল।  ৯০ৰ দশকৰ বাতৰিকাকতসমূহৰ শেষৰ পৃষ্ঠাত প্ৰায়েই কিছুমান বেনামী প্ৰতিষ্ঠানে কিছুমান অংক কৰিবলৈ দিছিল। যিবোৰৰ শুদ্ধ উত্তৰ দিব পাৰিলে কেমেৰা, ঘড়ি আদি পুৰস্কাৰ দিয়া কথা উল্লেখ আছিল। অংকবোৰ সিমান টান নাছিল, অলপ চেষ্টা কৰিলেই পাৰি । তেনেকুৱা এটা অংক মই কেমেৰা এটা পোৱা আশাত কৰি পঠাইছিলো। সেই কথাটো আমাৰ ঘৰৰ ওচৰৰ খুড়া এজনেও জানিছিল। তেওঁৰো কেমেৰাৰ প্ৰতি বৰ চখ আছিল। তেওঁ মোক প্ৰায়েই লগ পালে সোধে মোৰ কেমেৰাটো আহি পালে নে নাই। এদিন মোৰ কেমেৰাটো ভি: পি: পি: পষ্টত (Value Payable Parcel) ডাক যোগে আহি পালে। মই ১২৯ টকা দি মই পাৰ্ছেলটো খুলিব লাগে। সেই সময়ত ১২৯ টকা যোগাৰ কৰাতো মোৰ বাবে সিমান সহজ কথা নাছিল। তাতে ফটো দেখুৱাৰ মতে 'ইয়াচিকা' কেমেৰা বজাৰৰ দাম ৫০০ টকাৰো অধিক। সেইবাবে মই মাক খাটনি জোৰি ১০০ টকাৰ...

চাইবাৰ চোৰ

Image
Beware of Cyber Thieves চাইবাৰ চোৰৰ পৰা সাৱধান: আগতে মানুহে পকেটত পইচা লৈ বজাৰ কৰিবলৈ গৈছিল, তেতিয়া চোৰ, পকেটমাৰৰ পৰা সাৱধান হৈ থাকিব লগিয়া হৈছিল। আজিকালি মানুহে বিভিন্ন ধৰণৰ কাৰ্ডত পইচা নিয়া হ'ল। পকেটে মাৰসকলৰ সংস্থাপন গ'ল। আগেয়ে ঘৰ টকা পইচা ৰাখিলে চোৰ-ডকাইটৰ ভয় আছিল। আজিকালি চৰকাৰে ঘৰত বেছি পইচা ৰাখিবলৈ অনুমতি নিদিয়ে। সেইবাবে বেংকসমূহত পইচা ৰাখিবলগীয়া হয়। সাধাৰণ চোৰ-ডকাইটৰ পৰাতো হাত সাৰিলেও বা আচল চোৰ-ডকাইট কেইটাৰ পৰা কেনেকৈ সাৰিব।কিন্তু বেংকত থোৱা ধনৰো আজিকালি একো চিকিউৰিটি নাই। বেংক বন্ধ হৈ গ'লে সকলো শেষ। তাৰোপৰি, চাইবাৰ চোৰকেইটাই অনবৰতে চোৰ কৰাৰ বিভিন্ন কৌশল বিচাৰি থাকে।  আজিকালি চোৰবোৰো উচ্চ শিক্ষিত হ'ল, ৰাস্তাই ঘাটে বা ৰাতি নহয় দিনে পোহৰে, এ:চি: ৰূমত বহি অনলাইন কৰে । চাইবাৰ চোৰবোৰে বিভিন্ন সময়ত বিভিন্ন কৌশল অবলম্বন কৰি থকা আমাৰ সকলোৰে জ্ঞাত। সিদিনা মোৰ লগত অবলম্বন কৰা এটা লেটেষ্ট কৌশল কথা আপোনালোকক জনাব বিচাৰিছো যাতে আপোনালোকো  সাৱধান থাকিব পাৰে। OLX নামৰ বয়-বস্তু বিক্রী কৰা এপটোত  মই মোৰ গাড়ী এখন বিক্রী কৰাৰ বাবে বিজ্ঞাপন দিছিলো। কাতি বিহ...

ট্ৰেভেলাৰৰ অভিজ্ঞতা

Image
******  ট্ৰেভেলাৰত ট্ৰেভেল কৰাৰ অভিজ্ঞতা ******** দুবছৰ মান আগতে গুৱাহাটীৰ পৰা তেজপুৰলৈ এবাৰ বাছেৰে আহিবলগীয়া হৈছিল । তেতিয়া সময় সন্ধিয়া ৫ বাজিছিল, মই খানাপাৰাত ৰৈ থকা গহপুৰলৈ যাবলগীয়া ট্ৰেভেলাৰ গাড়ী এখন দেখিলো ।  গাড়ীৰ চালকৰ আসনত বহিত থকা ব্যক্তিজনে ক’লে গাড়ীখন যাবৰ হৈছে আৰু গাড়ীখন বাইপাচ হৈ যাব, নগাওঁ টাউনত নোসোমাই । মানুহজন অলপ অভিজ্ঞ ড্ৰাইভাৰ যেন লাগিছিল আৰু  ঘৰ  সোনকালে আহি পোৱা আশাত সেই গাড়ীখনতে উঠি দিলো ।  যাত্ৰীৰ আশা গাড়ীখন প্ৰায়ই ডেৰঘণ্টামান তাতে আগুৱাই পিছুৱাই ৰাখিলে ।   তেজপুৰ, বিশ্বনাথ চাৰিআলি বা গহপুৰলৈ যাবলগীয়া যাত্ৰী পালে বাইপাচ  হৈ যাব বুলি কৈ গাড়ী উঠায় আৰু নগাঁৱলৈ যাবলগীয়া যাত্ৰী  পালে নগাওঁ চহৰ হৈ যাব বুলি কৈ গাড়ীত মানুহ উঠাই আছে । এনেদৰে প্ৰায়ই বিশ পচিশজন মান মানুহ হোৱা পাছত, বাছত আগৰে পৰা বহি থকা যাত্ৰীসকলৰ  আপত্তিত গাড়ীখন চাৰে-ছয়মান বজাত গতি কৰিবলৈ আৰম্ভ কৰিলে ।  গাড়ীৰ চালকৰ আসনত আগৰে পৰা বহি থকা ব্যক্তিজন নাই,  বিশ পঁচিশ বছৰমান বয়সৰ এজন জন-জাতি ল’ৰাহে গাড়ীখনৰ প্ৰকৃত ড্ৰাইভৰ ।  গাড়ীখন প্ৰথম...

নমতা বিয়া খোৱা পৰ্ব : ৪) বিয়াৰ উপহাৰৰ বিভ্ৰান্তি

Image
৪ )   বিয়াৰ উপহাৰৰ বিভ্ৰান্তি : বিবাহ বা জন্মদিনত উপহাৰ দিয়াটো আজিকালি এটি সামাজিক প্ৰথাত পৰিণত হৈছে। কেতিয়াবা কেতিয়াবা এই মৰমৰ টোকনৰ বাবে কিছুমান অসুবিধাত পৰিব লগা হয়। এই উপহাৰ দিয়া প্ৰথা ৰাখিবলৈ গৈ বহুতে , সময় আৰু সুবিধাৰ অভাবত কিছুমান অলাগতিয়াল উপহাৰ দিয়াও পৰিলক্ষিত হয়। কোনো কোনো ক্ষেত্ৰত উপহাৰ সময়মতে যোগাৰ কৰা অভাবত নিমন্ত্রণ ৰক্ষা কৰা কঠিন হৈ পৰে।   আমাৰ বিয়াৰ সময়ত বিয়াবাৰুৰ বাবে সুলভ উপহাৰ আছিল গিলাচৰ চেট বা বাতিৰ চেট , ২০ বা ২৫ টকাতে পোৱা গৈছিল। অৱশ্যে সেই উপহাৰবোৰ সিমান কামত ন ' হা বিধৰো নাছিল। মোৰ বিয়াত ইমানেই গিলাচৰ আৰু বাতিৰ চেট উঠিছিল যে সেইবোৰৰে মই বহুতো বিয়া-বাৰু প্ৰায় দুবছৰমান খালো । কিছুমান উপহাৰৰ তো পেকিঙেই নোখোলাকে জোকাৰি চাইয়ে গ ' ম পাইছিলো , ভিতৰত কি আছে। কেতিয়াবা এনেকুৱাও হৈছিল ছাগৈ , মোক দিয়া উপহাৰটোকে মই আকৌ তেওঁলোকৰ বিয়া-বাৰোত উপহাৰ হিচাপে ঘুৰাই দিয়া । সেইবাবে আজিকালি বহুতে বিবাহৰ নিমন্ত্রণি পত্ৰত উপহাৰ আনিব নালাগে বুলি অনুৰোধ জনায়। আজি এখন বিশেষ বিয়াৰ কথা জনাব বিচাৰিছো। সেইখনেই এতিয়ালৈকে মোৰ জীবনৰ অন্তিমখন নমতা বিয়া খোৱা।...

নমতা বিয়া খোৱা পৰ্ব : (৩) নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ

Image
( ৩ ) নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ : স্কুলীয়া জীৱন সমনীয়াৰ লগত বহুতো নমতা বিয়া খোৱাৰ অভিজ্ঞতা হৈছিল , বিশ্ববিদ্যালয়তো প্ৰায়েই নমতা বিয়াবোৰ সুবিধা পালে খাবলৈ গৈছিলো , লগৰ কোনোবা এটা চিনাকি বিয়া ঘৰত দেখিলেই হ ’ ল ।   ১৯৯৮চনৰ কথা , এবাৰ বিশ্ববিদ্যালয়ৰ আৰ : চি : চি :   ৪ নং ছাত্ৰাবাসত বন্ধু এজনৰ ৰূমত বহি আছিলো ।   বন্ধুজনৰ ৰূমমেটক বিয়ালৈ মাতিবলৈ নগাওঁৰ পৰা দুজন লোক আহি ।   বন্ধুজনৰ ৰূমমেটজন সিদিনা ৰূমত নাছিল , সেইবাবে আমাৰ হাততে চিঠিখন দি ভদ্ৰতাসূলভ আমাকো পাৰিলে যাবলৈ নিমন্ত্ৰণ এটা দি গ ’ ল । কেইদিনমান পাছত মই আন এজন বন্ধু ৰমেশৰ লগত দেওবাৰ এটাত হোষ্টেলৰ গেইটৰ ওচৰত বহি আছিলো ।   ৰমেশে ক ’ লে , “ আজি বিয়াৰ তাৰিখ , বিয়া এখন খাব পাৰিলে ভাল আছিল । “ লহে লহে মোৰ মনত পৰিল নগাওঁৰ বিয়াখনৰ কথা   । ৰমেশৰ ঘৰ নামনি অসমত ,   মই ক ’ লো , “ আমাৰ ফালৰ বিয়াবোৰত বিৰাট ফূৰ্টি হয় । ঢোলে ডগৰে গম গমাই থাকে । তাতে ছোৱালীৰ বিয়া হ’লে কথাই বেলেগ, কন্যাৰ...