নমতা বিয়া খোৱা পৰ্ব : ৪) বিয়াৰ উপহাৰৰ বিভ্ৰান্তি
৪) বিয়াৰ উপহাৰৰ বিভ্ৰান্তি :
বিবাহ বা জন্মদিনত উপহাৰ দিয়াটো আজিকালি এটি সামাজিক প্ৰথাত পৰিণত হৈছে। কেতিয়াবা কেতিয়াবা এই মৰমৰ টোকনৰ বাবে কিছুমান অসুবিধাত পৰিব লগা হয়। এই উপহাৰ দিয়া প্ৰথা ৰাখিবলৈ গৈ বহুতে, সময় আৰু সুবিধাৰ অভাবত কিছুমান অলাগতিয়াল উপহাৰ দিয়াও পৰিলক্ষিত হয়। কোনো কোনো ক্ষেত্ৰত উপহাৰ সময়মতে যোগাৰ কৰা অভাবত নিমন্ত্রণ ৰক্ষা কৰা কঠিন হৈ পৰে। আমাৰ বিয়াৰ সময়ত বিয়াবাৰুৰ বাবে সুলভ উপহাৰ আছিল গিলাচৰ চেট বা বাতিৰ চেট, ২০ বা ২৫ টকাতে পোৱা গৈছিল। অৱশ্যে সেই উপহাৰবোৰ সিমান কামত ন'হা বিধৰো নাছিল। মোৰ বিয়াত ইমানেই গিলাচৰ আৰু বাতিৰ চেট উঠিছিল যে সেইবোৰৰে মই বহুতো বিয়া-বাৰু প্ৰায় দুবছৰমান খালো । কিছুমান উপহাৰৰ তো পেকিঙেই নোখোলাকে জোকাৰি চাইয়ে গ'ম পাইছিলো, ভিতৰত কি আছে। কেতিয়াবা এনেকুৱাও হৈছিল ছাগৈ, মোক দিয়া উপহাৰটোকে মই আকৌ তেওঁলোকৰ বিয়া-বাৰোত উপহাৰ হিচাপে ঘুৰাই দিয়া । সেইবাবে আজিকালি বহুতে বিবাহৰ নিমন্ত্রণি পত্ৰত উপহাৰ আনিব নালাগে বুলি অনুৰোধ জনায়। আজি এখন বিশেষ বিয়াৰ কথা জনাব বিচাৰিছো। সেইখনেই এতিয়ালৈকে মোৰ জীবনৰ অন্তিমখন নমতা বিয়া খোৱা। সেইদিনা মই মোৰ বন্ধু এজনৰ দোকানত বহি আছিলো। বন্ধু য়ে ক'লে, " আমি একেলগে বহুতো নমতা বিয়া খাইছো। কিন্ত্ত আজি এনেকুৱা এখন বিয়া জয়মতী পথাৰত পাতিছে যে সেইখন নাখালে আমি খোৱা সকলোবোৰ নমতা বিয়া অসাৰ। " মই ক'লো, আগৰ কথা বেলেগ আছিল এতিয়া মই এখন নাম থকা মহাবিদ্যালয়ৰ অধ্যাপক। এতিয়া আৰু মই নমতা বিয়া খাই ফুৰিলে বৰ লাজ কথা হ'ব। তেওঁ ক'লে, "নমতা বিয়া নহয়, বিয়াৰ নিমন্ত্রণি পত্র এখন মোৰ লগত আছে। " হয়তো তেওঁ কাৰোবাৰ পৰা সেইখন যোগাৰ কৰিছিল। মই তেওঁ এটা চৰ্ত দিলো। তেওঁ মোৰ লগত মোৰ বান্ধবী এগৰাকীৰ বিয়া খাবলৈ যাব লাগিব। তেওঁক মই সোধিছিলো বিয়া দিব পৰা কিবা উপহাৰ তেওঁৰ দোকানত আছে নেকি? আগেয়ে বিয়া-বাৰুত আমি উপহাৰ দিয়াৰ কোনো কথা নাছিল। কিন্তু কলেজৰ প্ৰফেচাৰ হোৱাৰ পিছৰে পৰা কেনেকৈ নো সুদা হাতে যাওঁ। বন্ধু জনে ক'লে, " দোকানত নাই, কিন্তু ঘৰত আছে । আমাৰ মায়ে বিয়া এখনলৈ বুলি প্ৰেজেন্ট এটা আনি থৈছিল কিন্তু বিয়াখনলৈ নগ'ল। সেই প্ৰেজেন্টটো তুমি কিনিব পাৰা? বাতিৰ চেট, ২০ টকা দিলেই হ'ব।" মই বোলো হ'ব সেইটোকে দিয়া। আমি দুয়ো অলপ সময় পাছত বন্ধুৰ সেই বিশেষ মাৰুতি গাড়ীখন লৈ ওলালো। তেতিয়া সময় সন্ধ্যা ৭:৩০ মান বাজিছিল। আমি প্ৰথমে গৈ জয়মতী পথাৰৰ বিয়াখনত সোমালো। এই বিয়াখনলৈ মোক মতা নাছিল। বন্ধুৰ পাল্লাত পৰি আহিছো। কিন্তু বিয়াখনলৈ বিষয়ে মই আগৰে পৰা জানিছিলো। তেজপুৰৰ এজন ডাঙৰ ডাক্তাৰৰ ছোৱালীৰ বিয়া। ৰভাখন ইমান ওখ কৰি দিছিল যে মই সেইখন দেখি জয়মতী পথাৰলৈ চাৰ্কাছ পাৰ্টি আহিছিল বুলি ভাবিছিলো । বন্ধুৱে ক'লে, "তোমাৰ প্ৰেজেন্টটোকে দিয়া হাতত লৈ যাবলৈ। চিন্তা নকৰিবা এইখন বিয়াত এটা প্ৰেজেন্টটো নিদিও তুমি সিখন বিয়াতেই দিবা। " এইবুলি আমি দুয়ো গাড়ী পৰা নামিছো হে মাত্ৰ, মোৰ এজন চিনাকি দাদাই দেখা পাই লগে লগে আমাক আদৰি সাদৰি কইনাৰ ওচৰ পোৱালেগৈ। কইনাৰ লগত চিনাকি কৰি দিয়াত বন্ধুৱে উপায়হীন হৈ লগত নিয়া মোৰ সিখন বিয়া উপহাৰটোকে দি দিলে। এতিয়া আৰু আমাৰ হাতত সিখন বিয়াত দিবলৈ উপহাৰ নাই। বন্ধুয়ে ক'লে যে ৰাস্তাৰ দোকানৰ পৰা আৰু এটা উপহাৰ মোৰ বান্ধবীৰ বিয়াৰ বাবে কিনি ল'ম বুলি। কিন্তু জয়মতী পথাৰৰ বিয়াখনৰ আদপ-কায়দা চাই থাকোতেই আমাৰ বহু দেৰি হৈ গ'ল। ৰাস্তাৰ সকলো দোকান-পোহাৰ বন্ধ হৈ গ'ল। মই বন্ধুক ক'লো যে এতিয়া কি কৰা যায়? বান্ধবীৰ বিয়া খালী হাতে যাবও নোৱাৰো আৰু নগ'লে কথাটোও বেয়া হ'ব। বন্ধুৱে মোক ক'লে যে তেওঁ কিবা এটা মেনেজ কৰিব আৰু সোধিছিল, " তুমি আগতে কেতিয়াবা সেই বান্ধবীগৰাকীৰ ঘৰলৈ গৈছিলা নে? " মই বোলো হয় গৈছিলো এবাৰ। তেওঁ আকৌ সোধিলে, " তেনেহ'লে ঘৰৰ পিছফালে যোৱাৰ ৰাস্তা চিনি পোৱা ছাগে?" মই বোলো কিয় সোধিছা এইবোৰ কথা? তেওঁ ক'লে, "চিন্তা নকৰিবা। সময়ত সকলো গ'ম পাবা। " এইবুলি আমি দুয়ো প্রথমে বিয়া ঘৰৰ পিছফালে গ'লো। পিছফালৰ এটা ৰূমত এজন মানুহক বিয়াৰ উপহাৰসমূহৰ ৰখীয়া হৈ থকা দেখা পালো। আমি তেখেতক সোধিলো, "দাদা প্ৰজেন্ট এটা দিব নেকি? " তেওঁৰ প্রথমে বৰ খং উঠিছিল আৰু কৈছিল, "কিয় দিম হে, মোক এনেই ৰখীয়া পাতিছে নেকি?" আমি ক'লো নহয় মানে দৌৰা দৌৰিত প্ৰেজেন্ট অনা নহ'ল। বান্ধবীৰ বিয়া খালী হাতে খাওঁ কেনেকৈ? আপুনি চিন্তা নকৰিবা। প্ৰেজেন্টটো আকৌ ঘুৰি ইয়ালৈ কে আহিব। আমাৰ কথা শুনি মানুহজনে হাঁহি এটা মাৰি ভালৰো ভাল প্ৰেজেন্ট এটা আমাৰ হাতত দিলে। আমি আকৌ বিয়া ঘৰৰ পদুলিৰে সোমাই কইনাক উপহাৰটো দিলো। এইখিনিতে এটা অথন্তৰ ঘটিল। আমি দিয়া ধুনীয়া উপহাৰটো কইনাৰ সখীয়েকে দিছিল আৰু সখীয়েক কইনাৰ কাষতে বহী থকাৰ বাবে আমি দিয়া উপহাৰটো চিনি পালে। আমি অহাৰ পিছত বিয়া ঘৰত আচল কথাটো ওলাই পৰিল। বিয়াৰ পাছত বান্ধবীগৰাকীয়ে লগ পালে প্ৰায়েই সোধে, " আজিকালি বিয়া লৈ গ'লে প্ৰেজেন্ট নিয়া নে নিনিয়া?"
Comments
Post a Comment