নমতা বিয়া খোৱা পৰ্ব : (১) বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো


() বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো :

কথাতে কয় বোলে মাতিলে ৰণলৈও যাবা, নামাতিলে সবাহলৈও নাযাবা কিন্তু আমাৰ শৈশৱ আৰু ৰালি কালত এই কথাষাৰে আমাৰ ওপৰত বিশেষ কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল সেইসময়ত আমি নমতা বিয়া অৰ্থাৎ যিবোৰ বিয়ালৈ আমাক নিমন্ত্ৰণ কৰা নাই, তেনেকুৱা কিছুমান বিয়া খাই ফুৰিছিলো আৰু নমতা বিয়া এখন খাই আহি তাত হোৱা ঘটনাবোৰ লগৰীয়াৰ আগত বৰ্ণনা  কৰাৰ মজাই বেলেগ আছিল  মাখি বোলা মানুহ এজনে নমতা বিয়া-বাৰুবোৰ খাই ফুৰা বিভিন্ন কাহিনীও আমি সেইসময়ত আলোচনা কৰি বৰ ৰস পাইছিলো এবাৰ আমি এঘৰ মানুহৰ ঘৰত ৰভা দেখি  সোমাই লো তেতিয়া  আমি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (গভৰ্মেন্ট বয়জৰ) ছাত্ৰ আছিলো  বগা ইউনিফম যোৰৰ লগত এটা বেলেগ ৰঙৰ চোলা লৈ ফুৰিছিলো   সেইদিনা চোলাটো সলাই লগৰীয়া কেইজনৰ সৈতে মই নমতা বিয়া ঘৰ এখন সোমালো গৈ তেতিয়া দিনত আজিকালিৰ নিচিনাকৈ বিয়া বাবে ৰঙীন কাপোৰৰ পেণ্ডেল, শ্ৰাদ্ধৰ বাবে বগা কাপোৰৰ পেণ্ডেল, ৰাজনৈতিক সভাৰ বাবে জাতীয় পতাকা ৰঙৰ পেণ্ডেলৰ ব্যৱস্হা নাছিল ডি: আৰ: ডি: : টিং পাত আনি কাষত মন্দিৰৰ দৰে ছৱি থকা কেইখনমান স্কীন বা বিচনা চাদৰৰে বেছিভাগ  ৰভাৰ কাম চলোৱা হৈছিল আমি বহু সময় অপেক্ষা কৰাৰ  পাছত  আমাক খাবলৈ মাতিলে, কাৰণ অচিনাকি মুখৰ সকলক প্ৰায়বোৰ বিয়াতে দেৰিকৈ খাবলৈ নিমন্ত্ৰণ জনাই খাই উঠি ঘৰলৈ যোৱাৰ সময়ত পদুলি মুৰত এজন ব্যক্তিক পাগুৰি মাৰি থকা দেখি দৰা যেন অনুমান সৌজন্যতাৰ খাতিৰত সোধি পেলালো,”ৰাতি দৰা কেই বজাত যাব ?’ তেওঁ লাহেকৈ উত্তৰ দিলে,” ভাইটি এইখন বিয়া নহয়, শ্ৰাদ্ধ ঘৰহে লগে লগে তাৰ পৰা পতং দিলো আৰু পাছত লগৰীয়াবোৰৰ গালি খাইছিলো যে “তোৰ আৰু সোধিবলৈ কাম নাছিল

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল