নমতা বিয়া খোৱা পৰ্ব : (২) পগল ভিক্ষাৰী বুলি ভাবি মাটিত বহুৱালে
(২) পগল ভিক্ষাৰী বুলি ভাবি মাটিত বহুৱালে:
১৯৯৪ চনৰ বিধান সভাৰ নিৰ্বাচনৰ সময়, আমি তেতিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰ । মোৰ বন্ধু মানস লহকৰ দেউতা বদন লহকৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) তেজপুৰ বিধান সভা সমষ্টি প্ৰাৰ্থী । আমি সকলোবোৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত । সেইসময়ত তেজপুৰলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে হিন্দী চিনেমা জগতৰ অভিনেতা শত্ৰোঘ্ন সিনহাদেৱ আহিছিল । ভাস্কৰদাই মোক আৰু মোৰ বন্ধু এজনক তেজপুৰ চহৰত নিৰ্বাচনৰ পষ্টাৰবোৰ মাৰিবলৈ দায়িত্ব দিলে । আমি ভাবিলো যে বেলেগক হাজিৰা দি পষ্টাৰবোৰ
লগোতৱাতকৈ নিজেই ৰাতি ৰাতি লগালে হাজিৰাৰ পইচা কেইটা আমিয়েই পাম । সেইবাবে মই আৰু মোৰ বন্ধুয়ে ময়দাৰ আঠা বনাই মুৰত গামোচা-চামোচা মাৰি এফালৰ পৰা পষ্টাৰবোৰ মাৰিবলৈ আৰম্ভ কৰি দিলো । এইদৰে পষ্টাৰবোৰ মাৰি থাকোতে এদিন ৰাতি প্ৰায় ১১টা মান বজাত আমি তেজপুৰ ল’ৰা এম: ভি: স্কুলখনৰ ওচৰ পালো গৈ। তেনেতে দেখিলো ওচৰৰ কেদাৰমল বিবাহ বাহত বিয়া এখনৰ দৰা আহিছে । কেদাৰমলত মাছ মাংসৰ ব্যৱহাৰ নচলে বাবে প্ৰায়েই তাত পতা বিয়াসমূহৰ খাদ্য তেজপুৰ ল’ৰা এম:ভি: স্কুলখনত খোওঁৱা হয় । আমাৰো পষ্টাৰবোৰ মাৰি মাৰি ভোক লাগিছিল । বন্ধুৱে ক’লে,”বলা বন্ধু, নমতা বিয়া খোৱাৰ অভ্যাস আছে যেতিয়া খোৱা ঘৰতে বহি দিও গৈ । “ আমি দুয়ো গৈ চুকৰ খালী ডেস্ক-বেঞ্চ এযোৰতে বহি দিলো । আমাৰ কাপোৰ-কানি দেখি বিয়া ঘৰৰ মানুহ এজনে আমাক ভিক্ষাৰী বা পগলা বুলি ভাবি ক’লে,”এই উঠ, উঠ,
তহঁতৰ জেগা ইয়াত নহয়, তলত বহ ।‘”
আমিও তল মূৰ কৰি পকাতে বহি নমতা বিয়াৰ ভাত খাই গুচি আহিলো ।
Comments
Post a Comment