নমতা বিয়া খোৱা পৰ্ব : (৩) নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ


() নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ :

স্কুলীয়া জীৱন সমনীয়াৰ লগত বহুতো নমতা বিয়া খোৱাৰ অভিজ্ঞতা হৈছিল, বিশ্ববিদ্যালয়তো প্ৰায়েই নমতা বিয়াবোৰ সুবিধা পালে খাবলৈ গৈছিলো, লগৰ কোনোবা এটা চিনাকি বিয়া ঘৰত দেখিলেই  ১৯৯৮চনৰ কথা, এবাৰ বিশ্ববিদ্যালয়ৰ আৰ: চি: চি:  নং ছাত্ৰাবাসত বন্ধু এজনৰ ৰূমত বহি আছিলো   বন্ধুজনৰ ৰূমমেটক বিয়ালৈ মাতিবলৈ নগাওঁৰ পৰা দুজন লোক আহি   বন্ধুজনৰ ৰূমমেটজন সিদিনা ৰূমত নাছিল, সেইবাবে আমাৰ হাততে চিঠিখন দি ভদ্ৰতাসূলভ আমাকো পাৰিলে যাবলৈ নিমন্ত্ৰণ এটা দি কেইদিনমান পাছত মই আন এজন বন্ধু ৰমেশৰ লগত দেওবাৰ এটাত হোষ্টেলৰ গেইটৰ ওচৰত বহি আছিলো  ৰমেশে লে, “আজি বিয়াৰ তাৰিখ, বিয়া এখন খাব পাৰিলে ভাল আছিল “ লহে লহে মোৰ মনত পৰিল নগাওঁৰ বিয়াখনৰ কথা  ৰমেশৰ ঘৰ নামনি অসমত,  মই লো, “আমাৰ ফালৰ বিয়াবোৰত বিৰাট ফূৰ্টি হয় ঢোলে ডগৰে গম গমাই থাকে তাতে ছোৱালীৰ বিয়া হ’লে কথাই বেলেগ, কন্যাৰ লগৰ ধুনীয়া ধুনীয়া ছোৱালী ৰভা ঘৰ শুৱনি হৈ থাকিব আৰু আমি ইউনিভাৰ্চিটিৰ যোৱা বুলি পালে, আমাৰ ডিমাণ্ডই বেলেগ  মোৰ কথা শুণি ৰমেশে নগাওঁ ননৈ বিয়াখন খাবলৈ ইচ্ছুক হৈ পৰি  তেতিয়া সময় দিনৰ প্ৰায় ১২ বাজি গৈছিল মই আৰু ৰমেশ নগাৱঁলৈ বুলি বিয়া খাবলৈ ওলালো আৰু লগত সযতনে বিয়াৰ চিঠিখনো লো, বিয়াঘৰৰ ঠিকনাটোৰ থা আছেতো সন্ধ্যা মান বজাত আমি নগাওঁ চহৰ পালো, কিনকিনীয়া বৰষুণ দি আছে আন্ধাৰো হৈ আহিছে, বাটৰুৱা এজনক সোধাত পালো যে ননৈ লৈ বোলে আৰু বহুত যাব লাগিব  তেতিয়া মোৰ মনত পৰিল আমাৰ গাৱঁৰে নগাৱলৈ নতুনকৈ বিয়া হৈ অহা বাইদেউ এগৰাকীৰ কথা নগাৱঁৰ পানীগাৱলৈ বিয়া দিছে, বিয়াত কন্যা বলৈ আহিছিলো সেইবাবে ঘৰখন মনত আছে আমি দুয়োতা গৈ  বাইদেউহতঁৰ ঘৰ  ওলালোগৈ বিয়াৰ পিছত আমি দুয়োৱেই বাইদেউৰ মাকৰ ঘৰৰ ফালৰ প্ৰথম আলহি, সেইবাবে আলপৈচানো অলপ বেছিকৈ ধৰিছে ভিনদেউৱে লে, “এই বৰষুণ কেনেকৈ ননৈ বিয়া খালৈ যাবা, তাতে এতিয়া যাবলৈ গাড়ীগুৰা একো নাপাবা ইয়াতে আজি ৰাতিটো থাকি কাইলৈ গুছি যাবা মই  বোলো নহয়, “ইমান দূৰৰ পৰা আহিছো যেতিয়া, কিবা এটা কৰি যাব লাগিব, নহলে বিয়াঘৰৰ মানুহেও বৰ বেয়া পাব, বৰকৈ মাতি পঠিয়াইছে ইফালে ৰমেশৰ আশাটো চেচা পানী পৰিব  ভিনদেউৱে লে,”এই প্ৰিয়া স্কুটাৰ খন চলাব পৰা যদি লৈ যোৱা, ৰাস্তা কিন্তু বৰ বেয়া মনত ৰাখিবা ডেকা কালৰ জৌ, প্ৰিয়া স্কুটাৰ কি হেলিকপ্টাৰ দিলেও চলাই দিম   বিশ-পছিশ বাৰ মান কিক্ মৰাৰ পিছত যেনেতেনে ভূমিকম্প হোৱাৰ নিচিনা শব্দ কৰি স্কুটাৰখন স্টাৰ্ট এইবাৰ হেডলাইটটো জ্বলাইছো, একো পোহৰেই হোৱা নাই ভিনদেউৱে লে, “আগলৈ আহি চোৱা, তেতিয়াহে দেখিবা তাৰমানে হেডলাইটৰ একেবাৰেই ফৌকা নাই, আগলৈ আহি চালেহে গ’ম পোৱা যায় যে মাটিচাকিৰ দৰে কিবা এটা জ্বলি আছে ।  চকা দুটাৰ  ফালে চাবই নোৱাৰি, গ্ৰীপ বোলা একো বস্তুৱেই নাই, পুৰা সমান, অনুপম খেৰৰ মুৰটোৰ দৰে তথাপিও আমি যিকোনো প্ৰকাৰে বিয়া খাবলৈ যামেই   আমি দুয়ো পেট্ৰল দুই লিটাৰ ভৰাই ননৈ লৈ বুলি ওলালোঁ অলপ দুৰ যোৱাৰ পাছত মাটিৰ ৰাস্তা আৰম্ভ হ, তাতে কিনকিনীয়া বৰষুণ, স্কুটাৰৰ চকাৰ গ্ৰীপো নাই মাটিৰ ৰাস্তায়েদি  অলপ দূৰ আগবঢ়াৰ পিছতেই দুয়োটা স্কুটাৰৰ সৈতে পিচল খাই পৰিলো  কাপোৰ-কানিবোৰত বোকা লাগিল প্ৰথমবাৰ আমি দুয়োটাই নিজৰ নিজৰ কাপোৰ-কানিবোৰ ঠিক ঠাক কৰি ললো তাৰপাছত মুঠ ছয়বাৰমান পৰিলো, পিছৰ পৰাবোৰত কাপোৰ-কানিলৈ আৰু আমি বিশেষ ধ্যান নিদিলো স্কুটাৰৰ সৈতে বাগৰি পৰো আৰু আকৌ উঠি বিয়াঘৰলৈ বুলি আগবাঢ়ো এনেদৰে পৰি-ধৰি গৈ ৰাতি ১০ মান বজাত আমি দুটা বিয়া ওলালো গৈ  এইবাৰ বিয়া ঘৰত চিনাকী পৰ্ব বিয়াঘৰত আমাক কোনেও চিনি নেপাই, বন্ধুৰ ৰূমমেটজনো বিয়ালৈ অহা নাই  তাতে আমাৰ কাপোৰ-কানিবোৰ দেখি তেওঁলোকে বেলেগ কিবাহে চিন্তা কৰিছে  বিয়াঘৰৰ মানুহসকল চিন্তাত পৰিল, ইউনিভাৰ্চিটিত নো তেওঁলোকৰ কোন পঢ়ে  অলপ পাছত গম অমুকৰ লৰাৰ লগৰ হব ছাগৈ বুলি বিয়াঘৰলৈ সোমালো, ৰমেশক বৰ্ণনা কৰাৰ এখন বিপৰীত ছৱিহে বিয়াঘৰখনত দেখিলো ঢ়োল-ডগৰৰটো কথাই নাই, টেপ-ৰেকডাৰ এটাও বজা নাই  বিয়াখন একেবাৰে নিমাওমাও, সকলো ব্যস্ত আৰু চিন্তিত: দৰা পাৰ্টি নহয়  যেন ইনকামটেস্কৰ ৰেড কৰা পাৰ্টি হে আহিব যেন  তাতে ব্ৰাহ্মণ সম্পদায়ৰ ছোৱালীৰ বিয়া, সম্পূৰ্ণ নিয়ম নীতিৰে বিয়াখন পাতিব বিচাৰিছে , সেইবাবে সকলোবোৰ মানুহ বিৰাট চিৰিয়েচ, ফুৰ্টি কৰিবলৈ কাৰো সময় নাই  আমিও বিয়াঘৰত বহি বহি বৰহৈ ভাবিলোঁ, খোৱাঘৰৰ বিলোৱা-মেলা কামতে অলপ সহায় কৰি দিও বুলি  আমাৰ বিলোৱা-মেলা কাম দেখি ভাল পাই কন্যাৰ বাপেকে আহি কলে, “আপোনালোক কৰ পৰা আহি ওলাইছে নাজানো, দৰাঘৰৰ মানুহসকলক আপোনালোকেই চলাই দিব লাগিব আমিও বাকী চিন্তা বাদ দি  খোৱাঘৰৰ বিলোৱা-মেলা কামত লাগি গলো   পিছদিনা কন্যাক বিদায় দিয়াৰ পাছত কন্যাৰ বাপেকে আমাক দুখন গামোচাৰে সম্বৰ্ধনা জনায় বিদায় দিলে আৰু মোৰো  আকৌ এখন নমতা বিয়া খোৱাৰ অভিজ্ঞতা হ


Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল