নমতা বিয়া খোৱা পৰ্ব : (৩) নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ
(৩) নমতা বিয়া খাবলৈ বুলি নগাওঁ ননৈ লৈ :
স্কুলীয়া জীৱন সমনীয়াৰ লগত বহুতো নমতা বিয়া খোৱাৰ অভিজ্ঞতা হৈছিল, বিশ্ববিদ্যালয়তো প্ৰায়েই নমতা বিয়াবোৰ সুবিধা পালে খাবলৈ গৈছিলো, লগৰ কোনোবা এটা চিনাকি বিয়া ঘৰত দেখিলেই হ’ল । ১৯৯৮চনৰ কথা,
এবাৰ বিশ্ববিদ্যালয়ৰ আৰ:
চি: চি: ৪ নং ছাত্ৰাবাসত বন্ধু এজনৰ ৰূমত বহি আছিলো । বন্ধুজনৰ ৰূমমেটক বিয়ালৈ মাতিবলৈ নগাওঁৰ পৰা দুজন লোক আহি । বন্ধুজনৰ ৰূমমেটজন সিদিনা ৰূমত নাছিল, সেইবাবে আমাৰ হাততে চিঠিখন দি ভদ্ৰতাসূলভ আমাকো পাৰিলে যাবলৈ নিমন্ত্ৰণ এটা দি গ’ল । কেইদিনমান পাছত মই আন এজন বন্ধু ৰমেশৰ লগত দেওবাৰ এটাত হোষ্টেলৰ গেইটৰ ওচৰত বহি আছিলো । ৰমেশে ক’লে, “আজি বিয়াৰ তাৰিখ, বিয়া এখন খাব পাৰিলে ভাল আছিল ।“ লহে লহে মোৰ মনত পৰিল নগাওঁৰ বিয়াখনৰ কথা । ৰমেশৰ ঘৰ নামনি অসমত, মই ক’লো, “আমাৰ ফালৰ বিয়াবোৰত বিৰাট ফূৰ্টি হয় । ঢোলে ডগৰে গম গমাই থাকে । তাতে ছোৱালীৰ বিয়া হ’লে কথাই বেলেগ, কন্যাৰ লগৰ ধুনীয়া ধুনীয়া ছোৱালী ৰভা ঘৰ শুৱনি
হৈ থাকিব । আৰু আমি ইউনিভাৰ্চিটিৰ যোৱা বুলি গ’ম পালে,
আমাৰ ডিমাণ্ডই বেলেগ হ’ব । মোৰ কথা শুণি ৰমেশে নগাওঁ ননৈ বিয়াখন খাবলৈ ইচ্ছুক হৈ পৰি । তেতিয়া সময় দিনৰ প্ৰায় ১২ বাজি গৈছিল । মই আৰু ৰমেশ নগাৱঁলৈ বুলি বিয়া খাৱবলৈ ওলালো আৰু লগত সযতনে বিয়াৰ চিঠিখনো ল’লো, বিয়াঘৰৰ ঠিকনাটোৰ কথা আছেতো । সন্ধ্যা ৬ মান বজাত আমি নগাওঁ চহৰ
পালো, কিনকিনীয়া বৰষুণ দি আছে । আন্ধাৰো হৈ আহিছে, বাটৰুৱা এজনক সোধাত গ’ম পালো যে
ননৈ লৈ বোলে আৰু বহুত যাব লাগিব । তেতিয়া মোৰ মনত পৰিল আমাৰ গাৱঁৰে নগাৱলৈ নতুনকৈ বিয়া হৈ অহা বাইদেউ এগৰাকীৰ কথা । নগাৱঁৰ পানীগাৱলৈ বিয়া দিছে, বিয়াত কন্যা থ’বলৈ আহিছিলো সেইবাবে ঘৰখন মনত আছে । আমি দুয়োতা গৈ বাইদেউহতঁৰ ঘৰ ওলালোগৈ । বিয়াৰ পিছত আমি দুয়োৱেই বাইদেউৰ মাকৰ ঘৰৰ ফালৰ প্ৰথম আলহি,
সেইবাবে আলপৈচানো অলপ বেছিকৈ ধৰিছে । ভিনদেউৱে ক’লে, “এই বৰষুণ কেনেকৈ ননৈ বিয়া খাবলৈ যাবা,
তাতে এতিয়া যাবলৈ গাড়ীগুৰা একো নাপাবা । ইয়াতে আজি ৰাতিটো থাকি কাইলৈ গুছি যাবা । মই বোলো নহয়, “ইমান দূৰৰ পৰা আহিছো যেতিয়া, কিবা এটা কৰি যাব লাগিব, নহ’লে বিয়াঘৰৰ মানুহেও বৰ বেয়া পাব, বৰকৈ মাতি পঠিয়াইছে ।“ইফালে ৰমেশৰ আশাটো চেচা পানী পৰিব । ভিনদেউৱে ক’লে,”এই প্ৰিয়া স্কুটাৰ খন চলাব পৰা যদি লৈ যোৱা, ৰাস্তা কিন্তু বৰ বেয়া মনত ৰাখিবা । ডেকা কালৰ জৌছ, প্ৰিয়া স্কুটাৰ কি হেলিকপ্টাৰ দিলেও চলাই দিম । বিশ-পছিশ বাৰ মান কিক্
মৰাৰ পিছত যেনেতেনে ভূমিকম্প হোৱাৰ নিচিনা শব্দ কৰি স্কুটাৰখন স্টাৰ্ট হ’ল । এইবাৰ হেডলাইটটো জ্বলাইছো, একো পোহৰেই হোৱা নাই । ভিনদেউৱে ক’লে, “আগলৈ আহি চোৱা, তেতিয়াহে দেখিবা । “ তাৰমানে হেডলাইটৰ একেবাৰেই ফৌকাছ নাই, আগলৈ আহি চালেহে গ’ম পোৱা যায় যে মাটিচাকিৰ দৰে কিবা এটা
জ্বলি আছে । চকা দুটাৰ ফালে চাবই নোৱাৰি,
গ্ৰীপ বোলা একো বস্তুৱেই নাই, পুৰা সমান,
অনুপম খেৰৰ মুৰটোৰ দৰে । তথাপিও আমি যিকোনো
প্ৰকাৰে বিয়া খাবলৈ যামেই । আমি দুয়ো পেট্ৰল দুই লিটাৰ
ভৰাই ননৈ লৈ বুলি ওলালোঁ । অলপ দুৰ যোৱাৰ পাছত মাটিৰ ৰাস্তা
আৰম্ভ হ’ল, তাতে কিনকিনীয়া বৰষুণ,
স্কুটাৰৰ চকাৰ গ্ৰীপো নাই । মাটিৰ ৰাস্তায়েদি অলপ দূৰ আগবঢ়াৰ পিছতেই
দুয়োটা স্কুটাৰৰ সৈতে পিচল খাই পৰিলো । কাপোৰ-কানিবোৰত বোকা
লাগিল । প্ৰথমবাৰ আমি দুয়োটাই নিজৰ নিজৰ কাপোৰ-কানিবোৰ ঠিক ঠাক কৰি ল’লো । তাৰপাছত মুঠ ছয়বাৰমান পৰিলো, পিছৰ পৰাবোৰত কাপোৰ-কানিলৈ আৰু আমি
বিশেষ ধ্যান নিদিলো । স্কুটাৰৰ সৈতে বাগৰি পৰো আৰু
আকৌ উঠি বিয়াঘৰলৈ বুলি আগবাঢ়ো । এনেদৰে পৰি-ধৰি গৈ ৰাতি ১০ মান বজাত আমি দুটা বিয়া ওলালো গৈ । এইবাৰ বিয়া ঘৰত চিনাকী পৰ্ব । বিয়াঘৰত আমাক কোনেও চিনি নেপাই, বন্ধুৰ ৰূমমেটজনো বিয়ালৈ অহা নাই । তাতে আমাৰ কাপোৰ-কানিবোৰ
দেখি তেওঁলোকে বেলেগ কিবাহে চিন্তা কৰিছে । বিয়াঘৰৰ মানুহসকল চিন্তাত পৰিল, ইউনিভাৰ্চিটিত নো তেওঁলোকৰ কোন পঢ়ে । অলপ পাছত গ’ম অমুকৰ ল’ৰাৰ লগৰ হ’ব ছাগৈ বুলি । বিয়াঘৰলৈ সোমালো, ৰমেশক বৰ্ণনা কৰাৰ এখন বিপৰীত ছৱিহে বিয়াঘৰখনত দেখিলো । ঢ়োল-ডগৰৰটো কথাই নাই, টেপ-ৰেকডাৰ এটাও বজা নাই । বিয়াখন একেবাৰে নিমাওমাও, সকলো ব্যস্ত আৰু চিন্তিত: দৰা পাৰ্টি
নহয় যেন ইনকামটেস্কৰ ৰেড কৰা পাৰ্টি হে আহিব যেন । তাতে ব্ৰাহ্মণ সম্পদায়ৰ
ছোৱালীৰ বিয়া, সম্পূৰ্ণ নিয়ম নীতিৰে বিয়াখন পাতিব
বিচাৰিছে , সেইবাবে সকলোবোৰ মানুহ বিৰাট চিৰিয়েচ, ফুৰ্টি কৰিবলৈ কাৰো সময় নাই । আমিও বিয়াঘৰত বহি বহি ব’ৰহৈ
ভাবিলোঁ, খোৱাঘৰৰ বিলোৱা-মেলা কামতে অলপ সহায় কৰি দিও বুলি।
আমাৰ বিলোৱা-মেলা কাম দেখি ভাল পাই কন্যাৰ বাপেকে আহি ক’লে, “আপোনালোক ক’ৰ পৰা আহি ওলাইছে
নাজানো, দৰাঘৰৰ মানুহসকলক আপোনালোকেই চলাই দিব লাগিব ।“ আমিও বাকী চিন্তা
বাদ দি খোৱাঘৰৰ বিলোৱা-মেলা
কামত লাগি গ’লো । পিছদিনা
কন্যাক বিদায় দিয়াৰ পাছত কন্যাৰ বাপেকে আমাক দুখন গামোচাৰে সম্বৰ্ধনা জনায় বিদায় দিলে
আৰু মোৰো আকৌ এখন নমতা বিয়া খোৱাৰ অভিজ্ঞতা
হ’ল ।
Comments
Post a Comment