Careers in Commerce Course: বাণিজ্য পাঠ্যক্ৰমত কেৰিয়াৰ (বৃত্তিগত বা পেচাগত জীৱন)
বাণিজ্য পাঠ্যক্ৰমৰ commerce stream ৰ চমু পৰিচয় : আমাৰ ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছতে জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল ' ব লগীয়া হয়। কাৰণ কলা (Arts) , বিজ্ঞান (Science ) বা বাণিজ্য (Commerce ) যি কোনো এটা পাঠ্যক্ৰম তেওঁলোকে বাচি ল ' ব লাগে। আমাৰ ৰাজ্যত যিসকল মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক ডাক্তৰী বা ইঞ্জিনিয়াৰিং পঢ়িবলৈ সাধাৰণতে বিজ্ঞানৰ শাখা ত (Science stream) নাম ভৰ্তি কৰা দেখা যায় । আৰু বুৰঞ্জী , ৰাজনীতি বিজ্ঞান , সাহিত্য বা শিক্ষা বিষয়ত অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে কলা শাখা (Arts stream) টোকে বাচি লোৱা দেখা যায়। কিন্তু বাণিজ্য পাঠ্যক্ৰম ৰ ( Commerce stream ) বিষয়ে বহু তো ছাত্ৰ-ছাত্ৰী য়ে এতিয়াও ভালকৈ বুজি উঠা নাই। ক ' মাচ বা বাণিজ্য পাঠ্যক্ৰম হৈ বিভিন্ন বিষয়ৰ যেনে Accountancy হিচাপ বিজ্ঞান , Management ব্যৱস্থাপনা , Economics, Statistics আদি subject ৰ combination মানে বিষয়সমূহৰ সংযোজনৰ এটি সুকীয়া পাঠ্যক্ৰম । যাৰ দ্বাৰা এজন ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলাৰ লগতে ...