প্ৰাত:ভ্ৰমণ (Morning Walk)
প্ৰাত:ভ্রমণ মোৰ এক পুৰণিকলীয়া অভ্যাস। সৰুতে মায়ে কৈছিল "শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে" । এই কথাষাৰেই মোৰ পোহৰ হোৱাৰ পাছত বিচনাত শুই থাকিব দিয়া নাছিল। পঢ়ি থকাৰ কালচোৱাত আন্ধাৰে-মোন্ধাৰে মৰ্নিংৱাক কৰিবলৈ যাওঁ। এবাৰ উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে ঘড়িৰ এলাম বজা শব্দ নুশুনি লৰালৰিকৈ উঠি মৰ্নিংৱাক লৈ ওলালোঁ। ভাবিলোঁ আজি বহু দেৰিয়েই হ'ল, কাৰণ আনদিনা দেখাৰ দৰে ঘৰৰ ওচৰৰ মহেন্দ্র বৰদেউতাই ফুল চিঙি থকা দেখা নাই। অচিন্তদাৰ মায়েও আনদিনাৰ দৰে বেলপাত পাৰি থকা দেখা পোৱা নাই, মাত্র জিলীপোকৰ ঝিঁ ঝিঁ শব্দহে মোৰ কাণত বাজি আছে। লাহে লাহে দৌৰি দৌৰি অগ্নিগড় পাহাৰৰ ফালে আগুৱাই গ'লো। তেতিয়া অগ্নিগড় পাহাৰ আজিৰ দৰে বেৰাৰে আগুৰা নাছিল। গছ গছনিৰে ভৰা এটি মুক্ত পাহাৰ আছিল য'ত মৰ্নিংৱাকত অহা প্ৰায় সকলো মানুহে আসন ব্যয়াম আদি কৰিছিল। এনেদৰে লাহে লাহে দৌৰি গৈ মই জিলা কাৰাগাৰৰ (জেলৰ)ওচৰ পালোঁ গৈ। সেইসময়ত আলফা পহৰা দিবলৈ টঙিঘৰ সাজি পুলিচে পহৰা দি আছিল। এজন পুলিচে টঙিঘৰৰ পৰা মাত লগাগে " ভাইটি আজি যে মাজৰাতিতে আহিলা কিয়?" মই প্ৰথমে ভাবিলোঁ, মোক চাগৈ ঠাট্টাহে কৰিছে, পিছতহে গ'ম পালোঁ তেতিয়া ৰাতি এটা বাজিছিল। অগ্নিগড়ৰ ওপৰত পায় মই এই কথা গ'ম পোৱা হ'লে কি হ'ল হয় বুলি ভাবি হাত-ভৰি কপিবলৈ ধৰিলে। তেতিয়া মোৰ এটা অন্ধবিশ্বাসৰ কথা মনলৈ আহিল, মানুহে যে কয় ৰাতি মাছ মাৰিবলৈ বাকে মাতিলৈ গৈ মানুহ মাৰে বুলি। আচলতে মোৰদৰে চাগৈ তেওঁলোকৰো ভ্ৰম হে হয়।
Comments
Post a Comment