Careers in Commerce Course: বাণিজ্য পাঠ্যক্ৰমত কেৰিয়াৰ (বৃত্তিগত বা পেচাগত জীৱন)
বাণিজ্য পাঠ্যক্ৰমৰ commerce streamৰ চমু পৰিচয়:
আমাৰ ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছতে জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'ব লগীয়া হয়। কাৰণ কলা (Arts) , বিজ্ঞান (Science ) বা বাণিজ্য (Commerce ) যি কোনো এটা পাঠ্যক্ৰম তেওঁলোকে বাচি ল'ব লাগে। আমাৰ ৰাজ্যত যিসকল মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক ডাক্তৰী বা ইঞ্জিনিয়াৰিং পঢ়িবলৈ সাধাৰণতে বিজ্ঞানৰ শাখাত (Science stream) নাম ভৰ্তি কৰা দেখা যায় । আৰু বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, সাহিত্য বা শিক্ষা বিষয়ত অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে কলা শাখা (Arts stream) টোকে বাচি লোৱা দেখা যায়। কিন্তু বাণিজ্য পাঠ্যক্ৰমৰ (Commerce stream ) বিষয়ে বহুতো ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও ভালকৈ বুজি উঠা নাই।
ক'মাচ বা বাণিজ্য পাঠ্যক্ৰম হৈ বিভিন্ন বিষয়ৰ যেনে Accountancy হিচাপ বিজ্ঞান, Management ব্যৱস্থাপনা, Economics, Statistics আদি subjectৰ combination মানে বিষয়সমূহৰ সংযোজনৰ এটি সুকীয়া পাঠ্যক্ৰম । যাৰ দ্বাৰা এজন ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলাৰ লগতে ব্যৱসায়িক জগতখনৰ, বিশেষকৈ ক’ৰ্পৰেট জগত (Corporate Worl)d খনত প্ৰয়োজন হোৱা মানৱ সম্পদৰ (Human Resource) চাহিদা পূৰণ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়।
যদিও প্ৰথম অৱস্থাত বাণিজ্য পাঠ্যক্ৰম টো অসমত সিমান জনপ্ৰিয় নাছিল বিশেষকৈ অসমীয়া থলুৱা সমাজত। কিন্তু লাহে লাহে ছাত্ৰ-ছাত্ৰী সকল বাণিজ্য পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে । ইয়াৰ প্ৰধান কাৰণ হ’ল চৰকাৰী চাকৰি সমূহ নাইকীয়া হৈ অহাৰ বাবে আৰু বেচৰকাৰী চাকৰি বজাৰ খন লাহে লাহে ডাঙৰ হৈ অহাৰ বাবে বাণিজ্য পাঠ্যক্ৰমৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ আগ্ৰহ বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। তথাপিও কিনতু অন্য ৰাজ্য সমূহৰ তুলনাত এতিয়াও অসম এই ক্ষেত্ৰত বহু পিছত।
আগতে ব্যৱসায় লগত জড়িত যেনে মাৰোৱাৰী, বিহাৰী, বেঙ্গলী বা অনা অসমীয়া ছাত্ৰ-ছাত্ৰী আৰু বহু কম সংখ্যক অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্য পাঠ্যক্ৰমটো বাচি লোৱা দেখা গৈছিল। (মোৰ ব্যক্তিগত অভিজ্ঞতা: commerceত নাম ভৰ্তি কৰা বাবে কম নম্বৰ পোৱাৰ বুলি বহুতে ভাবিছিল।)
বাণিজ্য
পাঠ্যক্ৰমৰ বৃত্তিগত বা পেচাগত দিশসমূহ:
বাণিজ্য পাঠ্যক্ৰমে হৈছে একমাত্ৰ পাঠ্যক্ৰম যি পাঠ্যক্ৰমে এজন
ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলে আৰু উদ্যোগিক ব্যক্তি (Entrepreneur) হিচাপে গঢ়ি তুলিব পাৰে
। আৰু বাণিজ্য পাঠ্যক্ৰমত যি সকলে অধ্যয়ন কৰে
তেওঁলোকে হে সচাৰচতে নিয়োগ সৃষ্টি (employment
generate) কৰিব পাৰে কৰিব পাৰে । এই বিষয়ে আমি পাছত আলোচনা কৰিম,
প্ৰথমেই আহো বাণিজ্য
পাঠ্যক্ৰমে চাকৰি জগতখনত কেনেধৰণৰ সুযোগ আগবঢ়াই। এই পাঠ্যক্ৰমত পঢ়িলে বহুতো
পেচাদাৰী পাঠ্যক্ৰম (Professional Course) পঢ়াৰ সুবিধা
লাভ কৰে। তাৰে ভিতৰত লেখত ল’ব লগীয়া সমূহ হ’ল:
1) CA - Chartered Accountant অকল বাণিজ্য বিভাগত পঢ়িলে Chartered Accountant হোৱাৰ সুযোগ লাভ কৰে। Chartered accountant হ'ল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ স্বীকৃতিপ্ৰাপ্ত হিচাপ পৰীক্ষক। এই স্বীকৃতি প্ৰদান কৰে Institute of Chartered Accountants of India- ICAI য়ে। বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত এন্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰি ৫ বছৰৰ ভিতৰত CA ডিগ্ৰী লাভ কৰিব পাৰে। ডিগ্ৰী লাভ কৰাৰ পাছত নিজাববীয়াকৈ CA Firm খুলিব পাৰে বা বিভিন্ন কোম্পানীসমূহত মুটা অংকৰ দৰমহাৰ চাকৰি কৰিব পাৰে।
2) CPA Certified Public Accountant: CPA হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ CA. আমাৰ দেশত যেনেদৰে ICAI য়ে CA ডিগ্ৰী প্ৰদান কৰে American Institute of Certified Public Accountants AICPA এই ডিগ্ৰী প্ৰদান কৰে। ই হৈছে Globally Recognised degree বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী আৰু বৰ্তমান সময়ত ইয়াৰ চাহিদা বহু বেছি।
3) CFA Chartered Financial Analysis: Chartered Accountant হোৱাৰ পাছত CFA পৰীক্ষাত উত্তীৰ্ণ হৈ CFA হ'ব পাৰে । CFA হৈ Globally Recognised Degree আৰু বিশ্বৰ চাকৰি বজাৰখনত ইয়াৰ চাহিদা বৰ বেছি।
4) Cost Accountant: ব্যয় হিচাপক CMA- Cost & Management Accountant: আজিকালি প্ৰতিযোগিতাৰ যুগ, বজাৰত কোনো এটা বস্তু তিকি থাকিবলৈ হ'লে সদায় বস্তু বা সামগ্ৰীটোৰ ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ cost control থাকিব লাগিব। সদায় কম মূল্যত ভাল সামগ্ৰী যোগান ধৰিব লাগিব। আজিকালি সেইবাবে সকলো Manufacturing company য়ে উৎপাদনকাৰী প্ৰতিস্থানে Cost Accounting Department বুলি এটা সুকীয়া বিভাগ স্থাপন কৰে। সেই বিভাগৰ কাম-কাজ হৈছে উৎপাদিত ব্যয়ৰ হিচাপ সমূহ ৰখা আৰু ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ কৰা যাতে কোনো কাৰণতে অপব্যয় নহয়। ভাৰতীয় কোম্পানী আইন ২০১৩ নিৰ্দেশ অনুসৰি আজিকালি সকলো উৎপাদনকাৰী প্ৰতিষ্ঠানে Cost Accounting Department ৰখাটো ব্যধতামূলক । CMA ডিগ্ৰী Institute of Cost & Management Accountants of India ( ICMAI) আগতে Institute of Cost and Works Accountants of India (ICWAI) হিচাপে জনাজাত আছিল। বাণিজ্য বিভাগৰ স্নাতক ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰতিষ্ঠানৰ অধীনত CMA ডিগ্ৰী লৈ সহজে উৎপাদনকাৰী কোম্পানী Cost Accountant পদত চাকৰি পাব পাৰে।
5) Company Secretary- CS: কোম্পানী এটাৰ বিভিন্ন ধৰণৰ আইনগত বিধি-বিধান সমূহ যেনে কোম্পানীবোৰৰ সভা সমিতি সমূহ সময়মতে অনুষ্ঠিত কৰা , প্ৰতিবেদন সমূহ বিভিন্ন বিভাগত দাখিল কৰা, বিবৃতিসমূহ সময়মতে প্ৰকাশ কৰা ইত্যাদি ইত্যাদি কামসমূহ নিয়াৰিকৈ কৰিব বাবে Company Secretary Post সমূহৰ প্ৰয়োজন হয়। Institute of Company Secretary of India (ICSE) ই Company Secretary তিনিবছৰীয়া পেচাদাৰী পাঠ্যক্ৰম আগবঢ়ায়।
6) Company Executive: Masters of Business Administration (MBA): MBA Degree যিকোনো পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী কৰাৰ পাছত MAT বা CAT বাছনি পৰীক্ষা পাছ কৰি বিশ্ববিদ্যালয় বা Management School সমূহৰ পৰা কৰিব পাৰে। কিন্তু বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে এই ডিগ্ৰী লাভ কৰাত বিশেষ সুবিধা হয়। কাৰণ বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ MBA ৰ বিষয়সমূহৰ আভাস পায়। MBA ডিগ্ৰী লাভ কৰি সহজেই এটা কাৰ্যকৰী পদ Executive Post যি কোম্পানী বা প্ৰতিষ্ঠানত লাভ কৰিব পাৰে।
7) Jobs in Banks & Financial Institutions: বেংকৰ নিয়োগৰ ক্ষেত্ৰতো বাণিজ্য পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে সুযোগ (advantage) আৰু অগ্ৰাধিকাৰ লাভ কৰে। কিয়নো বাণিজ্য পাঠ্যক্ৰমত ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে বেংক আৰু Finance ৰ বিষয়ে বিশদভাবে অধ্যয়ন কৰে।
8) Jobs in Insurance Sector বীমা খণ্ডৰ কোম্পানী সমূহতো বাণিজ্য পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে সুযোগ (advantage) আৰু অগ্ৰাধিকাৰ লাভ কৰে। বাণিজ্য পাঠ্যক্ৰমত বীমা বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক আগতীয়াকৈ শিকোৱা হয়। Insurance Regulatory And Development Authority Act 1999-IRDA Act বিষয়ে আগতীয়াকৈ তেওঁলোক অৱগত হয় ।
9) স্হানীয় ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ চাকৰিসমূহ: যেনে accountant, Sales Representative, cashier, supervisor আদি চাকৰিত বাণিজ্য পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলে সদায় অগ্ৰাধিকাৰ লাভ কৰে।
তাৰ বাহিৰেও অন্যান্য professional work বৃত্তিগত বা পেচাগত কামসমূহ যেনে
Financial Adviser
Management Consultant
Tax Consultant
IFRS International Financial Reporting Standards Adviser
ইত্যাদি ইত্যাদি কামসমূহো বাণিজ্য পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলে কৰিব পাৰে।
·
অসমত বাণিজ্য শিক্ষাৰ
বিকাশ আৰু প্ৰসাৰ *
বাণিজ্য পাঠ্যক্ৰমত ইমানবোৰ scope বা সুবিধা থকাৰ পিছতো অসম লগতে উত্তৰ পূৰ্বাঞ্চলত বাণিজ্য বিভাগৰ বিকাশ যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। বাহিৰৰ ৰাজ্যসমূহৰ আগশাৰীৰ মহাবিদ্যালয়সমূহ যেনে Shree Ram College of Commerce, Lady Shree Ram College, Hansraj College, Hindu College of Delhi University, Christ College Bangalore, Doulat Ram College, Mumbai আদি ৯৫ শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েও নামভৰ্তিৰ সুবিধা নাপায় । কোনো কোনো কলেজত বাণিজ্য পাঠ্যক্ৰমত ৯৯ শতাংশ নম্বৰ কাটঅফ হোৱা দেখা যায়। কিন্তু অসমৰ বহু বিদ্যালয় আৰু মহাবিদ্যালয়ত বাণিজ্য বিভাগৰ পাঠ্যক্ৰম এতিয়াও হোৱা নাই। কিন্তু এটা কথা, বাণিজ্য বিভাগৰ পাঠ্যক্ৰম অবিহনে বা বিকাশৰ অবিহনে এখন ৰাজ্য শিক্ষা খণ্ড কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে।
ধন্যবাদ
ড০ মনোজ কুমাৰ হাজৰিকা
বাণিজ্য বিভাগ
দৰং মহাবিদ্যালয়
তেজপুৰ
Comments
Post a Comment