যেতিয়া নিজৰ ইনকাম (আয়) নাথাকে, তেতিয়া পইচা বচোৱাই হ'ল ইনমাম
জোনাকী হলত এদিন চিনেমা চাবলৈ যাওঁতে মোৰ এজন স্কুলীয়া বন্ধু লগ পালোঁ। মই তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলো আৰু মোৰ বন্ধুজনে দিল্লী বিশ্ববিদ্যালয়ত অৰ্থনৈতিক বিভাগত অধ্যয়ন কৰি আছিল । বহুদিনৰ মূৰত দুয়ো দুয়োকে লগ পোৱাত আন্তৰিকতাৰ জোৱাৰ নামি আহিছিল। তেনেতে বন্ধুজনে মোক সুধিলে, " তই চিনেমাখনৰ টিকেট কিনিলি নেকি? " মই বোলো "নাই কিনা।" সি ক'লে, "তেন্তে ঠিক আছে । মই মানে চিনেমা চোৱাৰ কথা নাছিল, কিন্তু খুড়া এজনে মোক ড্ৰেচ চাৰকুলৰ ( ভি: আই: পি: ক্লাচৰ) টিকেট এটা কিনি দিলে। তই যদি ইচ্ছা ক'ৰ মোৰ টিকেটটোকে কিনি চিনেমাখন চাব পাৰ। " মই বোলো ঠিক আছে। মই বন্ধুজনৰ পৰা টিকেটটো কিনি চিনেমাখন চালো। চিনেমাখন শেষ হোৱাৰ পাছত বন্ধুজনকো চিনেমা হ'লৰ ছেকেণ্ড ক্লাচৰ পৰা চিনেমাখন চাই ওলাই অহা দেখিলো। মই সুধিলো "তইটো চিনেমা চোৱাৰ কথা নাছিল ? " সি ক'লে পিছত মন গ'ল বাবে চাই দিলো"। সি মোক অৰ্থনীতিৰ নতুন ফৰ্মুলা এটা কথা শিকাই দিলে যে "যেতিয়া নিজৰ ইনকাম (আয়) নাথাকে, তেতিয়া পইচা বচোৱাটোৱেই হ'ল ইনকাম।" সি ড্ৰেচ চাৰকুলৰ টিকেটটো মোক বেচি, পইচা বচাই ছেকেণ্ড ক্লাচতে চিনেমাখন চালে। সেইটোৱেই তাৰ ইনকাম।
ড০ মনোজ কুমাৰ হাজৰিকা
Comments
Post a Comment