মানুহৰ প্ৰকৃত আয়ুস কাল মাত্ৰ চল্লিচ (৪০) বছৰহে । কিয়? জানো আহক
ভগৱানে সৃষ্টি সময়ত সকলো প্ৰাণীকে ৪০ বছৰকৈ আয়ুস দি পৃথিবীলৈ পঠাইছিল। কিন্তু জীৱশ্রেষ্ঠ মানুহে ইমান সুন্দৰ পৃথিবীখনত মাত্ৰ ৪০ বছৰ জীৱনকলৈ সন্তুষ্ট নাছিল। সেয়েহে ভগৱানৰ ওচৰত জীৱনৰ আয়ুস বৃদ্ধি কৰিবলৈ প্ৰাৰ্থনা জনালে। তেনেতে গাধৰূপী জীৱই ভগৱানক প্ৰাৰ্থনা কৰিলে যে, "হে, ভগৱান তুমিনো আমাক কি জীৱন দিলা। গোটেই জীৱনটো আনৰ বোজা কঢ়িয়াই থাকোতে যায়। পাৰিলে আমাৰ আয়ুস অলপ কম কৰি দিয়া।" গাধৰ প্ৰাৰ্থনা শুনি ভগবানে গাধৰ আধা আয়ুস কমাই সেই আধা আয়ুস মানুহক দিলে আৰু মানুহৰ আয়ুস ৪০ পৰা ৬০ বছৰলৈ বৃদ্ধি হ'ল। তথাপিও কিন্তু মানুহ সন্তুষ্ট হোৱা নাছিল। এইবাৰ কুকুৰে আহি ভগবানক প্ৰাৰ্থনা কৰিলে, "হে ভগৱান, আমাৰনো কি জীৱন দিলা। গোটেই জীৱনটো আনৰ ৰখীয়া হৈ থাকোতেই যায় আৰু আনৰ খাই জীয়াই থাকিবলগীয়া হয়। সেইবাবে আমাৰ আয়ুস অলপ কম কৰি দিয়া। " ভগৱানে কুকুৰ আয়ুসও আধা কৰি, কুকুৰৰ ২০ বছৰ আয়ুস মানুহকে দিলে। আৰু মানুহৰ আয়ুস ৮০ বছৰ হ'ল গৈ। তাৰপিছত ফেঁচা আহি ভগৱান প্ৰাৰ্থনা জনালে যে তেওঁলোকৰো আয়ুস কম কৰি দিব লাগে। কাৰণ দিনৰ দিনটো ফেঁচাই চকু-কাণ মুদি কণা-কলা হৈ বহি থকাৰ বাদে আন কোনো কাম নাই। ভগৱানে ফেঁচাৰ আয়ুস আধা কৰি ২০ বছৰ আয়ুসও মানুহকে দিলে আৰু মানুহে ১০০ বছৰ আয়ুস পাই পৰম সন্তুষ্টি লাভ কৰিলে। সেয়েহে মানুহে জীৱন কালৰ প্ৰথম ৪০ বছৰ আয়ুস প্ৰকৃত মানুহ হিচাপে অতিবাহিত কৰে৷। এই চল্লিচ কালত মানুহে জ্ঞান শিক্ষা আহৰণ কৰি বিভিন্ন দিশত নিজকে আগবঢ়াই লৈ যায়। চল্লিচ বছৰৰ পাছতেই মানুহৰ গাধৰ জীৱনকাল আৰম্ভ হয়। সংসাৰৰ সমস্ত বোজা কঢ়িয়াই লৈ ফুৰিব লগা হয়। ল'ৰা-ছোৱালীক পঢ়োৱা-শুনুৱাকে আদি কৰি বিয়া-বাৰু লৈকে সমস্ত দ্বায়িত্বৰ বোজা ল'বলগীয়া হয়। তাৰ পিছত ৬০ পৰা ৮০ বছৰলৈ মানুহৰ কুকুৰ জীৱন আৰম্ভ হয়। ল'ৰা-ছোৱালীক বা বোৱাৰীৰ ঘৰ ৰখীয়া হৈ থাকিবলগীয়া আৰু খোৱা-বোৱা সিহঁতৰ ওপৰতে নিৰ্ভৰশীল । কিবা কথা ক'লেও বুঢ়াৰ কথা কুকুৰে ভোকাৰ দৰে কোনোও কাণষাৰ নকৰে। ইয়াৰ পাছতেই ৮০ পৰা ১০০ বছৰলৈ মানুহে ফেঁচাৰ জীৱন পায়। চকুৰে নেদেখা হয়, কাণেৰে নুশুনা হয় আৰু শাৰিৰীকভাৱে চলা ফুৰা কৰিব নোৱাৰি ফেঁচাটোৰ দৰে জোপোকা মাৰি বহি-শুই থাকে। এইয়া হ'ল সম্পূর্ণ মানবীয় জীৱনৰ গাঠা।
Comments
Post a Comment