প্ৰসংগ ডেকাৰগাওঁ ৰেলষ্টেচনত পাৰ্কিংৰ ব্যৱস্থা ( Parking at Dekargaon Railway Station): অসমীয়া লোকৰ অব্যৱসায়িক চিন্তাধাৰা
ডেকাৰগাওঁ ৰেলষ্টেচন তেজপুৰ চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত। তেজপুৰ ষ্টেচনৰ পৰা ৰেল চলাচল কৰা বন্ধ হোৱাৰ পাছৰে পৰা ৰেলেৰে যাত্ৰা কৰিবলৈ হ'লে যাত্ৰীসকল ডেকাৰগাওঁ ৰেলষ্টেচনলৈ যাবলগীয়া হয়। দূৰণিবতীয়া ৰেল সমূহৰ সময়সূচী সাধাৰণতে ব্ৰহ্ম পুৱাতে থাকে। সেইবাবে নিজৰ ব্যক্তিগত বাহন বা বাইক-স্কুটিৰে ষ্টেচনলৈ গ'লে ৰেল ধৰিবলৈ সুবিধা হয়। কিন্তু ডেকাৰগাওঁ ৰেলষ্টেচনত বা ওচৰে পাজৰে আজি দহ বছৰে ভাড়া দি গাড়ী বাইক-স্কুটি ৰখাৰ ব্যৱস্থা গঢ়লৈ উঠা নাই । কেতিয়াবা কোনোবাই নিজৰ গাড়ী বা বাইক-স্কুটিৰে ষ্টেচনলৈ যাবলগীয়া হ'লে ষ্টেচনৰ ওচৰৰ চিনাকি মানুহৰ ঘৰ বিচাৰি ফুৰিব লগীয়া হয়। ৰাতিপুৱা খুব সোনকালে কাৰোবাৰ আমনি কৰাটোও উচিত নহয়। ডেকাৰগাওঁ ৰেলষ্টেচনৰ ওচৰত বেছিভাগ অসমীয়া থলুৱা লোকে বসবাস কৰে। যদি সেইঠাইত অনা-অসমীয়া লোকে বসবাস কৰিলে হেঁতেন এই দহ বছৰত সেই অঞ্চলত পেইড পাৰ্কিং লগতে অন্যান্য ব্যৱসায় বাণিজ্যৰে ডেকাৰগাওঁ ৰেলষ্টেচন বাণিজ্য কেন্দ্ৰলৈ পৰিণত হ'ল হয় । আমাৰ সৰ্বসাধাৰণৰ অসমীয়ালোকে বজাৰ অঞ্চলৰ পৰা আতঁৰি থাকিব বিচাৰে । বজাৰ মানেই যেন বজৰুৱা বুলি ধাৰণা কৰোঁতে কৰোঁতে বজাৰসমূহ অনা-অসমীয়াৰ দখললৈ গুচি গ'ল। প্ৰায়বোৰ ৰেল ষ্টেচনৰ ওচৰত একোখন কৈ বজাৰ গঢ় লৈ উঠা দেখা যায়। কিন্তু অসমীয়ালোক বসবাস কৰা অঞ্চলসমূহত তেনে দেখিবলৈ নাপাব। ৰেল ষ্টেচনসমূহৰ ওচৰত একোখন কৈ বজাৰ গঢ় লৈ উঠাৰ কাৰণ যাতায়তৰ সুবিধা বাবে বিভিন্ন ঠাইৰ পৰা কম খৰছত বয়-বস্তু আনি কম দামতে বেচিব যায়। মদ, জুৱা, নাৰী ব্যৱসায় বাদে যিকোনো ব্যৱসায় ৰেলষ্টেচনৰ ওচৰত গঢ়লৈ উঠাটো দেশৰ অৰ্থনীতিৰ বাবেও বাঞ্ছনীয়। কিন্তু আমাৰ অসমীয়া জাতিৰ অব্যৱসায়িক চিন্তা ধাৰাৰ বাবে অনা-অসমীয়ালোক বসবাস কৰা অঞ্চলৰ তুলনাত অসমীয়ালোক বসবাস কৰা সকলো অঞ্চলতে ব্যৱসায় বাণিজ্যৰ সংখ্যা একেবাৰে সীমিত। অসমীয়াৰ বজাৰ গ'ল, পথাৰ গ'ল, ভাষা গ'ল মাথোঁ বাকী থাকিল অসমীয়াৰ স্বভিমান । যাক অসমীয়াই সদায় জেপট ভৰাই লৈ ফুৰিব লাগিব। সেইবাবে আকৌ এবাৰ ক'ব বিচাৰো আনৰ তলত বা অকল চৰকাৰী চাকৰি কৰি নাইবা আন্দোলন কৰি জাতি এটা বচাব নোৱাৰি । জাতি এটা মুৰ দাঙি জীয়াই থাকিবলৈ নতুন নতুন চিন্তাধাৰাৰে ন' ন' ব্যৱসায়ী-উদ্যৌগীক লোকৰ নিতান্তই প্ৰয়োজনীয়।
ধন্যবাদ
ড০ মনোজ কুমাৰ হাজৰিকা
Comments
Post a Comment