ৰাজপথৰ আন্দোলন বনাম ব্যৱসায়-বাণিজ্য

 

গণতান্ত্রিকভাবে দেশৰ জনতাই চৰকাৰী পক্ষৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ এক সৰল মাধ্যম হ'ল আন্দোলন, অসহযোগ বা সত্যাগ্ৰহ। কিন্তু ৰাজপথৰ আন্দোলন আৰু ব্যৱসায়-বাণিজ্যৰ উন্নয়ন যেন এটা মুদ্রা দুটা বেলেগ বেলেগ পিঠি। উন্নয়ন হ'লে আন্দোলনৰ সৃষ্টি সাধাৰণতে নহয় আনহাতে আন্দোলন আকৌ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান হেঙাৰ স্বৰূপ। যিখন দেশত বা ৰাজ্যত প্ৰায়ে আন্দোলন, অৰাজকতা সৃষ্টি হৈ থাকে, বন্ধ সংস্কৃতিয়ে গঢ় লৈ উঠে, আইন-কানুনৰ ব্যৱস্থা অতি দূৰ্বল সেই দেশত বা ৰাজ্যত অৰ্থনৈতিক উন্নয়ত আশা কৰাটো কল্পনাৰ অগোচৰ। এটা কথা ঠিক, জাতিৰ পিতা মহাত্মা গান্ধীয়ে বৃটিছৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবৰ বাবে যি গণ আন্দোলন কৰিছিল তাৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। কিন্তু ইতিহাসৰ পাতত এনে কিছুমান বিষয়বস্তু লুকাই আছে যি নেকি গান্ধীজীৰ সেই আন্দোলনক বহুক্ষেত্ৰত প্ৰত্যাহ্বান জনাই আহিছে। আচলতে বৃটিছসকলে ভাৰতবৰ্ষ ত্যাগ কৰাৰ একমাত্র কাৰণ স্বাধীনতা আন্দোলনই নেকি বুলি বহুতে প্ৰশ্নৰ উদয় কৰে। এইবোৰ বিতৰ্কিত বিষয়লৈ নোযোৱাই ভাল। কিন্তু অসমত পৰৱৰ্তী পৰ্যায়ত যিবোৰ আন্দোলন হৈছিল তাৰ বেছি ভাগৰে সুফলকৈ কুফলৰ প্ৰভাৱৰ ফলত জাতিটো যে বহু বছৰ পিছ পৰি ৰ'ল, তাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। প্ৰথমেই আহো ১৯৬০ চনৰ ভাষা আন্দোলন। ভাষা আন্দোলনত কেইবাজনো অসমীয়া যুৱক শ্বহীদ হৈছিল, কিন্তু অসম চৰকাৰী ভাষা আইন ১৯৬০ আজিলৈকে বলবৎ নহ'ল । ইয়াৰ প্ৰধান কাৰণ হ'ল এজন প্ৰকৃত অসমীয়া দক্ষ প্ৰশাসনিক বিষয়া আৰু এজন অসমীয়া দক্ষ আৰু সাহসী জনপ্ৰতিনিধিৰ অভাব। লগতে অসমীয়া ভাষাক প্ৰকৃততে ভালপোৱা অসমীয়ালোকৰ অভাব, যিসকলে নেকি নিজৰ ল'ৰা ছোৱালীক অসমীয়া ভাষাত শিক্ষা ল'বলৈ দিয়াত দ্বিধাবোধ কৰে, নেতা সকলৰ বিষয়েটো নকওঁয়েই বাৰু। তাৰ পিছত ১৯৮০ চনৰ পৰা আৰম্ভ হোৱা ৮৫৫ জন শ্বহীদ তেজেৰে ৰাঙলী হোৱা বিদেশী খেদা অসম আন্দোলনৰ প্ৰকৃত ফলাফল অসমীয়া ৰাইজে এতিয়াও ভোগ কৰি আছে আৰু আগলৈকো কৰি থাকিব। আৱশ্যে আবেগীক বা ভুৱা জাতীয়তাবাদীৰ ৰঙীন চচমাখন পিন্ধি থাকিলে হয়তো অনুভৱ কৰিবলৈ টান হ'ব। অসম আন্দোলনে মূলতে আমাক দুটা প্ৰধান উপহাৰ দিলে; এটা সুবিধাবাদী ৰাজনৈতিক দল আৰু কিছুমান ব্যক্তিত্ব-আদৰ্শহীন, অপৰিপক্ক নেতা। যিসকলে আঞ্চলিকতাবাদক ধুলিসাৎ কৰিলে আৰু অসমীয়া নৱপ্ৰজন্মক 'ইজি মানি' (Easy Money) ঘটাৰ পথসমূহ দেখুৱাই দিলে। শেহতীয়াকৈ "কা" আন্দোলনে আকৌ প্ৰমাণ কৰি দিলে যে আন্দোলন অসমীয়া জাতিৰ বাবে কিমান প্ৰয়োজনীয়। এইবাৰৰ বিধানসভা নির্বাচনত এটা সমষ্টিটো ই প্ৰভাৱ পেলাব নোৱাৰিলে। পাঁচজন নিৰীহ যুৱকক শ্বহীদ কৰালোঁ, কাৰ উচটনিত আৰু সেইসকলে এতিয়া কি কৰি আছে ? হয় অসমীয়াই তেল শোধানাগাৰৰ পৰা বিশ্ববিদ্যালয় স্হাপনলৈকে আন্দোলন কৰিবলগীয়া হৈছে, কিন্তু কিয়, আন একো পথ নাছিল নেকি? পূৰ্ণনাৰায়ণ সিংহৰ দৰে সাংসদ আমি কিয় কেন্দ্রলৈ পঠিয়াব পৰা নাই ? যাৰ বাবে বিনা আন্দোলনে ভোমোৰাগুৰি দলং স্হাপন হ'ল। বৰ্তমান সময়ত স্হাপন হৈ থকা মেডিকেল কলেজসমূহ বা বিশ্ববিদ্যালয়সমূহৰ বাবে অসমীয়া ৰাইজে আন্দোলন কৰিবলগীয়া হৈছে নেকি? তেনেকুৱা আৰু বহুত উদাহৰণ বিচাৰিলে ওলাব। সমস্যা কোন ৰাজ্যত নাই, সেই বুলি সকলো সমস্যাৰ সমাধানৰ বাবে আন্দোলনৰ পথকে বাচি লোৱাটো উচিত হ'ব জানো ? অসমত আন্দোলনসমূহে এনে পৰ্যায়ৰ পাইছে যে লাহে লাহে আমাৰ মাজত পেছাদাৰী আন্দোলনকাৰীৰো সৃষ্টি হৈছে। অসমৰ এখন বজাৰতো অসমীয়াৰ দখল আছেনে? সকলোতে মাথোঁ অনা-অসমীয়াৰ দপদপনি। ব্যৱসায়িক ক্ষেত্রখনত অসমীয়াৰ অৱস্থা একেবাৰে পুতৌ লগা। অনা-অসমীয়াৰ তলত সৰু-সুৰা এটা দুটা ব্যৱসায় কৰি থকাত অসুবিধা নাই যদিও, ওপৰলৈ উঠিবলৈ বিচাৰিলে অনা-অসমীয়াৰ প্ৰবল হেঁচাৰ সন্মুখীন হ'ব লগা হয়। হোৱাটো স্বাভাবিক কাৰণ ওপৰৰ স্তৰত অসমীয়া ব্যৱসায়ী কেইজন আছে ? যি এই প্ৰবল হেঁচাকো নেওচি ওলাই যাব পাৰি তেওঁলোক সফল হৈছে আৰু যি পৰা নাই তেওঁলোকে তিক্ত অভিজ্ঞতাৰে বিমুখ হৈছে। এনে উদাহৰণও আছে যে 'ডিলাৰছীপ' (Dealership) বা 'চি. এন. এফ.' (C&F) এটা লোৱাৰ ক্ষেত্রত অসমীয়াই নিজৰ উপাধি পৰ্যন্ত সলাবলগীয়া হৈছে, ইয়াতকৈ আৰু দুখৰ কথা কি আছে ! আমি ৰাজপথত যিমানেই আন্দোলন কৰোঁ এচাম অসাধু অনা-অসমীয়া ব্যৱসায়ীহে উপকৃত হয়, যি সকলে চান্দা দিয়াৰ নামত ধান্দা অৰ্থাৎ বেপাৰ কৰে। লাহে লাহে আমাৰ নৱপ্ৰজন্মই বুজি পাইছে যে ৰাজপথত আন্দোলন কৰাতকৈ ৰাজপথত দাঁতিত ব্যৱসায়-বাণিজ্য কৰিলেহে জাতিটোৰ বাবে মংগল হ'ব। পঢ়া-শুনা কৰি অকল চাকৰি কৰাতে সীমাবদ্ধ নাথাকি ব্যৱসায়-বাণিজ্যৰ ওপৰতো মনোনিবেশ কৰিছে। নতুন নতুন চিন্তাৰে"স্টাৰ্ট-আপছ" (Start-ups) ব্যৱসায় আৰম্ভ কৰিছে । দয়া কৰি, আকৌ আন্দোলনৰ ভুতটো জাপি নিদিয়ে যেন। আন্দোলন হ'ব লাগে, নিশ্চয় হ'ব লাগে। কৃষিকাৰ্য্যৰ বৈপ্লবিক বিকাশৰ বাবে আন্দোলন হ'ব লাগে, ব্যৱসায়-বাণিজ্য উন্নয়নৰ দ্বাৰা আন্দোলনৰ সৃষ্টি হ'ব লাগে, শিক্ষা আৰু কাৰিকৰী দিশত আন্দোলনৰ সৃষ্টি হোৱাটো উচিত।
ধন্যবাদ 🙏
ড০ মনোজ কুমাৰ হাজৰিকা
দূৰভাষঃ ৯৬১৩৪ ১৮৯০৬

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল