মই এজন হিন্দু সনাতন

 মই এজন হিন্দু, কাৰণ মই হিন্দু ধৰ্মাৱলম্বী পিতৃ-মাতৃৰ ঔৰসত জন্ম লভিছোঁ । মই মোৰ ধৰ্মকলৈ যিদৰে গৌৰৱ কৰোঁ, তেনেদৰে আনৰ ধৰ্মকো সমানে সন্মান কৰোঁ । মোৰ বাবে মন্দিৰ, মচজিদ, কোনো প্ৰভেদ নাই । সন্ধ্যা নামঘৰৰ দবা বজালে যেনেদৰে সেৱা কৰোঁ, মচজিদৰ আজান শুনিলেও সেৱা কৰোঁ আৰু ৰাতিপুৱা গীৰ্জাৰ ঘণ্টা বজা শুনিলেও সেৱা কৰোঁ। মোৰ মান সকলো সমান। সকলোতে মই সৰ্বশক্তিমান, সৰ্ববিদ্যমান, নিৰাকাৰ জনকে উপলব্ধি কৰোঁ। মই তথাকথিত ব্ৰাহ্মণ, গোসাই কুলত জন্ম নহ’লেও, ঘৰত নিত্য পূজা অৰ্চনা কৰোঁ । ভগবানৰ ওপৰত অগাধ বিশ্বাস আছে বাবে অন্ধবিশ্বাসৰ পৰা মই বহু আতঁৰত । সপ্তাহ এদিন হ’লেও মন্দিলৈ যাওঁ, পূজাৰীৰ আৰ্শীবাদ ল’বলৈ নহয়, মনৰ প্ৰশান্তিৰ বাবে । সামাজিক ৰীতি-নীতি পালন কৰি, দেৱ-দেৱীৰ পূজা অৰ্চনাত ভাগ ল'লেও, প্ৰকৃতাৰ্থৎ মই এজন সনাতন। এচাম লোকে কৰাৰ দৰে ধৰ্মকলৈ মই কোনো দিন ৰাজনীতি বা ব্যৱসায় কৰা নাই আৰু কেতিয়াও নকৰো । মোৰ মতে পৃথিৱীৰ কোনো ধৰ্মই মানৱ কল্যাণৰ পৰিপণ্হী হ’ব নোৱাৰে আৰু যদি হয় তেন্তে সেইয়া ধৰ্মই নহয় । অৱশ্যে এচাম দুস্কৃতিকাৰীয়ে সদায় নিজ নিজ ধৰ্মক বিপথে পৰিচালিত কৰি অহা দেখা যায় আৰু তাৰ সবল প্ৰতিবাদ আমি সকলোৱে কৰা উচিত । নিজৰ ধৰ্ম বেয়া বুলি আনৰ ধৰ্মৰ আশ্রয় লোৱাটোও উচিত নহয়। কাৰণ সকলো ধৰ্মতে ভণ্ড-গোড়া ভক্তৰ অধিপত্য থাকে। যি ধৰ্মত এইচাম লোকৰ সংখ্যা বৃদ্ধিপায় মানৱ সমাজত সেই ধৰ্ম হেয় প্ৰতিপন্ন হয় । সেইবাবে নিজৰ ধৰ্মৰ সংশোধনৰ কাৰণে নিজ নিজ ধৰ্মৰ লোকসকলে অহোপুষাৰ্থ কৰাটো অতি প্ৰয়োজনীয় । উচ্চ-নীচ, ধনী-দুখীয়া, অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্মীয় গোৰামী আদি পৰা পৰিত্ৰাণ পাবলৈহে আচলতে ধৰ্মৰ প্ৰয়োজন । নিজৰ ধৰ্ম ভাল পাবলৈ শিকা আৰু শ্ৰদ্ধা কৰা উচিত। লগতে আনৰ ধৰ্মকো সন্মান নজনোৱাকৈ থাকিব নালাগে । এনে কৰিলেহে প্ৰকৃততে এজন হিন্দু সনাতন হ'ব পাৰি । হিন্দু ধৰ্মৰ মূলতে হ'ল সনাতন ধৰ্ম অৰ্থাৎ চিৰন্তন-"যি আগেয়ে আছিল, এতিয়াও আছে আৰু ভৱিয্যতেও থাকিব" । ইয়াত কোনো ধৰ্মীয় নামাকৰণেৰে সংকীণ কৰিব নোৱাৰি ।

ড০ মনোজ কুমাৰ হাজৰিকা





Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল