ট্ৰেভেলাৰৰ অভিজ্ঞতা

******  ট্ৰেভেলাৰত ট্ৰেভেল কৰাৰ অভিজ্ঞতা ********
দুবছৰ মান আগতে গুৱাহাটীৰ পৰা তেজপুৰলৈ এবাৰ বাছেৰে আহিবলগীয়া হৈছিল । তেতিয়া সময় সন্ধিয়া ৫ বাজিছিল, মই খানাপাৰাত ৰৈ থকা গহপুৰলৈ যাবলগীয়া ট্ৰেভেলাৰ গাড়ী এখন দেখিলো ।  গাড়ীৰ চালকৰ আসনত বহিত থকা ব্যক্তিজনে ক’লে গাড়ীখন যাবৰ হৈছে আৰু গাড়ীখন বাইপাচ হৈ যাব, নগাওঁ টাউনত নোসোমাই । মানুহজন অলপ অভিজ্ঞ ড্ৰাইভাৰ যেন লাগিছিল আৰু  ঘৰ  সোনকালে আহি পোৱা আশাত সেই গাড়ীখনতে উঠি দিলো ।  যাত্ৰীৰ আশা গাড়ীখন প্ৰায়ই ডেৰঘণ্টামান তাতে আগুৱাই পিছুৱাই ৰাখিলে ।   তেজপুৰ, বিশ্বনাথ চাৰিআলি বা গহপুৰলৈ যাবলগীয়া যাত্ৰী পালে বাইপাচ  হৈ যাব বুলি কৈ গাড়ী উঠায় আৰু নগাঁৱলৈ যাবলগীয়া যাত্ৰী  পালে নগাওঁ চহৰ হৈ যাব বুলি কৈ গাড়ীত মানুহ উঠাই আছে । এনেদৰে প্ৰায়ই বিশ পচিশজন মান মানুহ হোৱা পাছত, বাছত আগৰে পৰা বহি থকা যাত্ৰীসকলৰ  আপত্তিত গাড়ীখন চাৰে-ছয়মান বজাত গতি কৰিবলৈ আৰম্ভ কৰিলে ।  গাড়ীৰ চালকৰ আসনত আগৰে পৰা বহি থকা ব্যক্তিজন নাই,  বিশ পঁচিশ বছৰমান বয়সৰ এজন জন-জাতি ল’ৰাহে গাড়ীখনৰ প্ৰকৃত ড্ৰাইভৰ ।  গাড়ীখন প্ৰথমৰ পৰাই অতি তীব্ৰগতি চলাবলৈ আৰম্ভ কৰিলে । যোৰাবাটৰ ৰাস্তাখিনিত যাত্ৰীসকল চিটত বহি থাকিব নোৱাৰা অৱস্হা, এবাৰ ইফালে এবাৰ সিফালে হালিজাৰি থাকিবলগীয়া হৈছিল। মোৰ কাষৰ চিটটো দুগৰাকী মহিলা বহি আহিছিল, তেওঁলোকৰ অৱস্হা আৰু বেয়া,  মোৰ দৰে তেওঁলোকেও বৰ ভয় খাইছিল ।  মই বাৰে বাৰে ড্ৰাইভাজনক গাড়ী লাহে লাহে চলাবলৈ অনুৰোধ কৰিছিলো, কিন্তু মোলৈ কোনো ভুক্ষেপ কৰা নাই ।  আচৰিত কথা বাছখনৰ আন যাত্ৰীসকল একেবাৰে নিমাত, অকল মহিলা দুগৰাকীৰ বাদে ।  এবাৰ উপায় নাপায় মই বাছখনৰ কন্ডাক্টৰজনকে মাতি ক’লো যেন ড্ৰাইভাজনক গাড়ীখন লাহে লাহে চলাবলৈ ক’ব লাগে বুলি ।  কিন্তু তেওঁ মোক ইতিকিং কৰিহে কৈছিল, “আপুনি দূৰণিবটীয়া গাড়ীত আগতে উঠা নাই নেকি ? সময়ৰ কথা আছে, গহপুৰ সময়ত পাব লাগিব” ।  মই ক’লো, “তেনেহ’লে  পাঁচ বজাত আহিবলগীয়া  গাড়ীখন ডেৰঘন্টা পলমকৈ কিয় এৰিছিলা” ? তেওৰ লগত মোৰ তৰ্কাতৰ্কি আৰম্ভ হ’ল, তেতিয়াও বাকী সকল যাত্ৰী নিমাত ।  ইফালে ৰাতিও হৈ আহিছে  ।  মই ভাবিলো বহুদিন আনে চলোৱা গাড়ীত উঠা নাই বাবে ছাগৈ,  মইহে মিছাতে  বেছি ভয় খাইছো । এইবুলি ভগবানৰ নাম স্মৰণ কৰি মনে মনে বহি থাকিলো ।  ড্ৰাইভাৰে কোনো ধৰণৰ ট্ৰেফিকৰ নিয়ম মানি গাড়ীখন চলোৱা নাছিল, মাত্ৰ গাড়ীৰ গতিহে বৃদ্ধি কৰাত তেওঁ ব্যস্ত ।  বিপৰীত দিশৰ পৰা অহা ট্ৰাক, বাছসমূহৰ চালক সকলে গালি পাৰি পাৰি যোৱা দৃশ্য দেখি মই অনুমান কৰিব পাৰিছিলো যে আমাৰ গাড়ীখন  চালকজনে কেনেদৰে চলাইছিল ।  ট্ৰাৰনিং লওঁতেও আন গাড়ীক অভাৰটেক কৰিছিল, তেওঁ এনেদৰে গাড়ীখন চলাইছিল যে ৰাস্তাটো অকল তেওঁৰ বাবেহে, এম্বুলেন্স, ভি:আই: পি: গাড়ী একোবাদ পৰা নাই ।  এনেদৰে আহি আহি পুৰণি গুডামৰ ট্ৰাৰনিংটোত  আন এখন ট্ৰেভেলাৰ গাড়ীক অভাৰটেক কৰিবলৈ লওঁতে বিপৰীত দিশৰ পৰা এখন বাহন কঢ়িওৱা ট্ৰলি আহি ওলাল ।  আনখন ট্ৰেভেলাৰ চালকজনে আমাৰ খনক বচাবলৈ  গৈ তেওঁ গাড়ীখন ৰাস্তাৰ পৰা নামি যাবলগীয়া হৈছিল ।  অলপ সময়ৰ পাছত আমি আহি আমনি পালোহি, আমনিত চাহ খাবলৈ আমাৰ গাড়ীখন ৰখিল । গাড়ীৰ পৰা নামি আমাৰ ড্ৰাইভাজনে মাত লগালে যে, “গাড়ী চলাই থাকোতে কোন পেছেঞ্জাৰে  ড্ৰাইভাক গালি পাৰি আছিল, আগে পিচে গাড়ীত উঠি পোৱা নাই নেকি ?” এইদৰে মোকহে ধমক দিবলৈ লাগিল । তেনেতে আমি অভাৰটেক কৰি অহা ট্ৰেভেলাখন আহি পালেহি । সেইখন ট্ৰেভেলাৰ চালকজনে আমাৰ জনক উদ্দেশ কৰি ক’লে, “এইটোৱে সেই  ড্ৰাইভাটো, যাৰ বাবে আজি আমি  কথমপি ৰক্ষা পৰিছো,  ই আকৌ পেছেঞ্জাৰে গাড়ী লাহে লাহে চলাবলৈ ক’লে কাইজিয়া কৰে, মাৰ ইয়াক”।  বুলি কৈ তাক ভালকৈ উত্তম মাধ্যম সোধালে ।  আমাৰ ড্ৰাইভাৰজনৰ চেহেৰাৰ এনেই অৱস্হা নাই, কেলটেং মেলটেং, তাৰ মাতটোহে ডাঙৰ ।  সিহঁতৰ এটা এটা চৰত সি তিনি পাকমান ঘূৰে।  যেনেতেনে মইহে সিহঁতৰ হাতৰ পৰা তাক ৰক্ষা কৰিলো।  তাৰ অৱস্হা একেবাৰে কাহিল পৰিল, সি আৰু এতিয়া গাড়ী চলাব পৰা অৱস্হা নাই ।  তেতিয়া ৰাতি ৯ মান বাজিছিল ।  বাকীসকল যাত্ৰী এইবোৰ দেখি শুনি অন্তৰ্ধান হ’ল । মই আৰু মহিলা দুগৰাকীহে বাকী আছো ।  এতিয়া গাড়ী চলাব পৰা কোনো মানুহ নাই, কন্ডাক্টৰজনও চলাব নাজানে ।  মই ড্ৰাইভাজনক বুজাছিলো যে এনেদৰে গাড়ী চলাব নাপাই, নিজৰ জীৱনটো লগতে যাত্ৰীসকলৰ জীৱনৰ কথাও ভাবি লাগে ।  মোক তোমালোকে গাড়ীচলোৱাৰ কথা কোৱা, তুমি জন্ম হোৱাৰ আগতেই মই এলঃ এমঃ ভিঃ লাইচেঞ্চ লাভ কৰিছিল”।  এইবুলি  কোৱাৰ লগে লগে  বাকীসকলে মোকেই গাড়ীখন চলাবলৈ হেঁচা মাৰি ধৰিলে ।  আকৌ নাইট চাৰ্ভিচ বাছত আহিবলৈ হ’লে গোটেই ৰাতি কটাব লগীয়া হ’ব বুলি ভাবি, ময়েই গাড়ী চলোৱাৰ দ্বায়িত্ব ল’লো।  গাড়ীৰ ড্ৰাইভিং চিটত বহি উপলব্ধি কৰিব পাৰিছিলো যে, এই গাড়ীবোৰ চালকসকলে কিয় ইমান তীব্ৰগতিত চলায় ।  এক্সেলেটৰত  ভৰি দিবই  নোৱাৰি ।  তাতে আকৌ পাৱাৰ স্টেয়েৰিং ।  সেইবাবে ল’ৰামতীয়া ড্ৰাইভাবোৰে এইবোৰগাড়ী যুদ্ধ-বিমান চলোৱাদি চলাই ।  গাড়ী কোম্পানীবোৰক ৰাজহুৱা যান-বাহন নিৰ্মাণৰ ক্ষেত্ৰত স্পীদ কণ্ট্রোলৰ ব্যৱস্হা কৰাটো চৰকাৰে ব্যধতামূলক কৰাব লাগে ।  পৰোৱা চাৰিআলিত মহিলা দুগৰাকীক নমাই,  মই মিচন চাৰিআলিত ড্ৰাইভিং চিটৰ পৰা নামি দিলো । পিছদিনা গাড়ীখনৰ ফটো আৰু নম্বৰ প্লেটৰ ফটোৰে তেজপুৰ সদৰ থানা এটা গোচৰ দিলো । তাৰপিছত কি হ’ল আৰু একো গ’ম নাপালো ।

তাং:২৫/৯/২০১৯ ড০ মনোজ কুমাৰ হাজৰিকা

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল