চাইবাৰ চোৰ

Beware of Cyber Thieves
চাইবাৰ চোৰৰ পৰা সাৱধান:
আগতে মানুহে পকেটত পইচা লৈ বজাৰ কৰিবলৈ গৈছিল, তেতিয়া চোৰ, পকেটমাৰৰ পৰা সাৱধান হৈ থাকিব লগিয়া হৈছিল। আজিকালি মানুহে বিভিন্ন ধৰণৰ কাৰ্ডত পইচা নিয়া হ'ল। পকেটে মাৰসকলৰ সংস্থাপন গ'ল। আগেয়ে ঘৰ টকা পইচা ৰাখিলে চোৰ-ডকাইটৰ ভয় আছিল। আজিকালি চৰকাৰে ঘৰত বেছি পইচা ৰাখিবলৈ অনুমতি নিদিয়ে। সেইবাবে বেংকসমূহত পইচা ৰাখিবলগীয়া হয়। সাধাৰণ চোৰ-ডকাইটৰ পৰাতো হাত সাৰিলেও বা আচল চোৰ-ডকাইট কেইটাৰ পৰা কেনেকৈ সাৰিব।কিন্তু বেংকত থোৱা ধনৰো আজিকালি একো চিকিউৰিটি নাই। বেংক বন্ধ হৈ গ'লে সকলো শেষ। তাৰোপৰি, চাইবাৰ চোৰকেইটাই অনবৰতে চোৰ কৰাৰ বিভিন্ন কৌশল বিচাৰি থাকে।  আজিকালি চোৰবোৰো উচ্চ শিক্ষিত হ'ল, ৰাস্তাই ঘাটে বা ৰাতি নহয় দিনে পোহৰে, এ:চি: ৰূমত বহি অনলাইন কৰে । চাইবাৰ চোৰবোৰে বিভিন্ন সময়ত বিভিন্ন কৌশল অবলম্বন কৰি থকা আমাৰ সকলোৰে জ্ঞাত। সিদিনা মোৰ লগত অবলম্বন কৰা এটা লেটেষ্ট কৌশল কথা আপোনালোকক জনাব বিচাৰিছো যাতে আপোনালোকো  সাৱধান থাকিব পাৰে। OLX নামৰ বয়-বস্তু বিক্রী কৰা এপটোত  মই মোৰ গাড়ী এখন বিক্রী কৰাৰ বাবে বিজ্ঞাপন দিছিলো। কাতি বিহু দিনাৰ সন্ধিয়া মোলৈ  96256  22130 নম্বৰটোৰ পৰা অজয় পাল সিং নামৰ লোক এজনৰ  ফোন আহিল, মোৰ গাড়ীখন কিনিৰ বাবে। তেওঁ ক'লে জ্যোতিষীৰ মতে তেওঁ আজি শুভ মুহূর্তৰ ভিতৰতে আগধন (advance) দিব বিচাৰিছে। কিন্তু তেখেত আছে কলিকতাত। সেইবাবে তেওঁ মোক আগধন দিবৰ বাবে phonepe বিচাৰিলে, মই  phonepe নাই বুলি তেওঁক ক'লো। তাৰপিছত googlepay বিচাৰিলে, আকৌ মই নাই বুলি ক'লো। তাৰ পিছত তেওঁ মোৰ ATM কাৰ্ডৰ নম্বৰ বিচৰাত মোৰ সন্দেহ হ'ল। কথাটো মোৰ ভাইটি এজনক জনালোঁ। তেওঁ বুদ্ধি কৰি তেওঁৰ পইচা জমা নথকা একাউন্ট এটাৰ বিষয়ে মানুহজনক জনালে। তেতিয়া গ'ম পোৱা গ'ল যে, সেই বদমাচ মানুহজনে পইচা নথকা একাউন্টটোৰ পৰা  অহৰহ ২০ হাজাৰ, ২৫ হাজাৰ টকা উলিয়াবলৈ চেষ্টা কৰি আছে। মানুহজনক আমি কথাৰে বেস্ত কৰি ৰাখি ১০০ নম্বৰত খৱৰ দিলো, যাতে তেওঁ ধৰিব পৰা যায়। কিন্তু একো সুফল নাপালে। সেয়েহে phonepe, google pay ব্যৱহাৰ কৰা সকল সাৱধান হওঁক। সিদিনা অলপ অসাৱধান হোৱা হেতেন মোক সৰ্বস্বান্ত কৰিলে হয়। কঙালী বিহুত কঙ্গাল কৰিলে হয়।

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল