ল'ৰালিতে ধেমালিতে: বিহুঘৰৰ চোৰ

🙏ল'ৰালিতে ধেমালিতে🙏

🙏🙏বিহুঘৰৰ চোৰ🙏🙏
ল'ৰালি কালত মাঘবিহু আহিলে মনতো বহু দিনৰ আগৰে পৰা কৌতুহল আৰু অনাবিল আন্দেৰে ওপচি থাকে । এমাহ মান আগৰে পৰা বিহুঘৰৰ বাবে পাহাৰত খেৰ কাটিবলৈ যোৱা, ৰাতি বিহুঘৰত শুৱৰ বাবে পথাৰত ধানৰ নৰা কটা ইত্যাদি ইত্যাদি। আমাৰ ঘৰৰ ওচৰৰ পাহাৰটোত বহু দীঘল দীঘল উলু খেৰ আছিল। সেইবোৰ কাটিবলৈ ৰানাদাৰ লগত পাহাৰলৈ গৈছিলো। দিনজোৰা কাৰ্যসূচী, দুপৰীয়াৰ আহাৰ পযর্ন্ত লৈ গৈছিলো। ৰাতি আমাক বিহু ঘৰত থাকিবলৈ ঘৰৰ পৰা অনুমতি নিদিছিল। কেতিয়াবা কেতিয়াবা বহু কাকূতি-মিনতি কৰিলে ৰাতি বিহুঘৰত ৰাতি থাকিবলৈ অনুমতি পাইছিলো। বিহুঘৰত ৰাতি থকাৰ প্ৰধান উদ্দেশ্যটো হ'ল ৰাতি চোৰ কৰিবলৈ যোৱাটো। অৱশ্যে আমি চোৰ কৰিবলৈ ৰাতিলৈ অপেক্ষাই নকৰিছিলো। সন্ধিয়াৰ পৰাই নিজ নিজ ঘৰতে লগৰীয়াৰ সৈতে জেওৰাচোৰ, আলু, কবি চোৰ কৰিবলৈ আৰম্ভ কৰি দিছিলো। আমাৰ বিহুঘৰৰ চোৰ প্রধান গুৰু আছিল ৰানাদা। ৰানাদাই কিন্তু আমাক ৰাতি চোৰ কৰিবলৈ লগত নিনিয়ে কাৰণ আমি তেতিয়া সৰু আছিলো, "হাইস্কুলত পঢ়া ল'ৰা নট এলাউড"। এবাৰ ৰানাদাই আমাক চোৰ কৰিবলৈ লগত নিয়াৰ বাবে সন্মতি দিলে। কিন্তু ৰানাদাৰ কথা আখৰে আখৰে পালন কৰিব লাগিব। সন্ধিয়াৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হ'ল। কেনেকৈ গাত জোনৰ পোহৰ নপৰাকৈ গছৰ ছাঁয়ে ছাঁয়ে গছৰ শুকাল পাত নগচকাকে যোৱা, কেনেদৰে দুই-তিনি ঘন্টা লৰচৰ নকৰাকৈ জোপলৈ থাকিব লাগিব ইত্যাদি ইত্যাদি। সকলোধৰণৰ ট্ৰেইনিং লোৱা পাছত মই আৰু মোৰ বন্ধু এজন ৰানাদাহঁতৰ লগত চোৰ কৰিবলৈ বুলি ৰাতি ১১টা মান বজাত ওলালো। জোনাক ৰাতি নিজকে জোনৰ পোহৰৰ পৰা বচাই বচাই, ভৰি খোজ পৰা ঠাইৰ পৰা গছৰ শুকান পাতবোৰ আগতীয়াকৈ হাতেৰে আঁতৰাই আঁতৰাই আমি আগবাঢ়িলো। মহে-দাহে কামুৰিলেও শব্দ কৰি মাৰিব নোৱাৰিছিলো, হাতেৰে মোহাৰি থওঁ বা মুখেৰে ফু মাৰি দিওঁ। আমাৰ সিদিনা চোৰ কৰাৰ লক্ষ্য আছিল এখন ঘৰৰ এটা মুৰ্গী গঁৰাল । ৰানাদাহঁতে আগফালে চোপ ল'লে আমি পিছফালে । ৰানাদাৰ পৰিকল্পনা অনুসৰি মই গৈ মুৰ্গী গঁৰালত সোমাব লাগিব আৰু প্ৰথমে গঁৰালৰ ভিতৰত জ্বলি থকা লাইটৰ বাল্বটো খুলি ল'ব লাগিব। তাৰপিছত এটা এটাকৈ মুৰ্গীবোৰ ধৰি লগৰ জনক দিব লাগিব। জীৱনত কেতিয়াও নিজে পৰুৱা এটাও ধৰিবলৈ সাহস কৰা নাছিলো, চোৰ কৰাৰ আশাত মুৰ্গী ধৰিবলৈও প্ৰস্তুত হ'লো। ৰানাদাৰ নিৰ্দিষ্ট ইংগিত পোৱাৰ পাছত ৰাতি দুটামান বজাত মই মুৰ্গী গঁৰালত সোমালো। লাইটৰ বাল্বটো খুলিব ধৰোতেই 'ঠপ' কৰি শব্দ হৈ বাল্বটো ভাঙি গ'ল । শব্দ শুনি গৃহস্থ সাৰ পালে। ৰানাদাই গৃহস্থই মোক মুৰ্গী গঁৰালৰ ভিতৰতে ধৰিব বুলি জানিব পাৰি আগ ফালে জেওৰাবোৰ শব্দ কৰি কৰি ভাঙিবলৈ আৰম্ভ কৰিলে। তেতিয়া গৃহস্থই পাছফালে নাহি আগফালে সিহঁতক খেদিবলৈ যাওঁতে, মই মুৰ্গী গঁৰালৰ পৰা ওলাই পলাই সাৰিবলৈ সক্ষম হ'লো। বিহুঘৰৰ চোৰ কৰা আশা সিমানতে পৰিসমাপ্তি ঘটিল।
ড০ মনোজ কুমাৰ হাজৰিকা

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল