চাণক্যৰ ব্যৱস্হাপনা তত্ত্ব (Chanakya’s Management Theory)
চাণক্যৰ ব্যৱস্হাপনা তত্ত্ব
Chanakya’s Management Theory
আধুনিক ব্যৱস্হাপনা বা মডাৰ্ন মেনেজমেন্ট (Modern Management) ১৯৫০ চনৰ পৰাহে চৰ্চা কৰা হৈছিল আৰু পিটাৰ ড্ৰাকাৰক এই ব্যৱস্হাপনাৰ জনক হিচাপে স্বীকৃতি দিয়া হয় । কিন্তু পিটাৰ ডাকাৰ যুগৰ বহু আগৰে পৰা আমাৰ ভাৰতবৰ্ষত ব্যৱস্হাপনাকে আদি কৰি বিভিন্ন দিশৰ ওপৰত চিন্তা-চৰ্চা কৰা হৈছিল ।
এগৰাকী মহাত্মাৰ মতে আমাৰ মাতৃভুমিত বহু কিংবদন্তীৰ জন্ম হৈছিল আৰু ইয়াৰ বুৰঞ্জীও আছিল অতি প্ৰাচীন । আমাৰ ঋষিমুনি সকল সাধাৰণ শ্ৰেণীৰ লোক নাছিল । তেওঁলোকে তেওঁলোকৰ আধ্যাত্মিক শক্তিৰ দ্বাৰা সৌৰজগত, বিশ্ব ব্ৰহ্মাণ্ডকে
আদি কৰি বিভিন্ন দিশত জ্ঞান আহৰণ
কৰিবলৈ সক্ষম হৈছিল । আমি যদি আমাৰ গৌৰৱময় ইতিহাসৰ পাত লুটিয়াই চাওঁ আৰু আমাৰ মহাকাব্যসমূহ অধ্যয়ণ কৰো, বৰ্তমানৰ বহুতো সমস্যাৰ সমাধান বিচাৰি পাবলৈ সক্ষম হ’ম । আমাৰ মহাকাব্যসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু উপনিষদত ব্যৱস্হাপনা বিষয়ে বহুতো ব্যাখ্যা আৰু কৌশল (Strategies) আগবঢ়োৱা হৈছে । কিন্তু আমি সদায় পশ্চিমীয়া আধুনিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি চলিব বিচাৰো, সেয়েহ এই সমুহৰ ওপৰত বিশেষ গুৰুত্ব
আৰোপ নকৰো । আধুনিক ব্যৱস্হাপনাৰ বহুতো তত্ত্ব ইতিমধ্যে বহু বছৰ আগেয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰ বৰ্ণনা কৰা হৈছিল । আৰু এটা কথা, আমাৰ দেশৰ ব্যৱস্হাপনাৰ লগত জড়িত সমস্যাসমূহ আমাৰ দেশীয় ব্যৱস্হাপনা তত্ত্বসমূহৰ দ্বাৰাহে সহজে সমাধান পাৰি ।
খীষ্টপূৰ্ব ৩৭০ বছৰ আগতে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা কৌটিল্যক চাণক্য, বিষ্ণুগুপ্ত আদি নামেৰেও জনা গৈছিল । চাণক্য গোটেই শতাব্দীটোৰে এজন অতি প্ৰতিভাশালী ব্যক্তি হিচাপে পৰিগণিত হৈছিল,
যিজন ব্যক্তিয়ে ব্যৱস্হাপনা, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, আইনশাস্ত্ৰ, নেতৃত্বৰ তত্ত্ব , শাসননীতি, জনকল্যাণকামী নীতি, সৈন্য-কৌশল, হিচাপবিদ্যা আৰু হিচাপকৰণৰ পৰীক্ষা
আদি বহুতো বিষয়ত বিশাৰদ আছিল । তেখেতে ৬,০০০ সূত্ৰৰ (Formula) বিশ্লেষণ ১৮০ বিষয়ৰে (Subject) ১৫০ পাঠত (Unit) বিভক্ত কৰি ১৫ খন গ্ৰন্হত সন্নিবিষ্ট কৰিছিল । তেখেতেই নন্দ বংশক শাসন উচ্ছেদ কৰি,
তেখেতৰ শিষ্য চন্দ্ৰগুপ্ত মৌৰ্য্যক ৰজা পাতি মৌৰ্য্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰাইছিল । যাৰ বাবে তেওঁক ৰাজপ্ৰতিষ্ঠাপকৰ (Kingmaker) আখ্যা দিয়া হৈছিল । তেখেতে বীৰ আলেকজেণ্ডাৰক বিশ্বজয়ৰ বাধা দিয়াৰ গুৰুচিন্তক (Mastermind) ব্যক্তি আছিল । এজন ৰাজনীতিকবিদ হিচাপে তেওঁয়েই পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ৰাষ্ট্ৰ নিৰ্মানৰ কাৰ্য্যক প্ৰতিপন্ন কৰিছিল । সেইসময়ত ভাৰতবৰ্ষখন বিভিন্ন ৰাজ্যত বিভক্ত আছিল আৰু সেই ৰাজ্যসমূহৰ মাজত একতা আৰু বুজা-বুজিৰ অভাৱ আছিল । যাৰ বাবে বহিঃ শত্ৰু ৱে অতি সহজতে আক্ৰমণ কৰি তেওঁলোকক পৰাভূত কৰিব পাৰিছিল । তেখেতৰ তত্পৰাতে সেই সময়ক ‘আৰিয়াৱস্হ’ নামেৰে এখন ৰাষ্ট্ৰৰ নিৰ্মান হৈছিল । পাছলৈ সেই ৰাষ্ট্ৰখনেই ভাৰতবৰ্ষত পৰিণত হ’ল ।
কোনো এটা কোম্পানি প্ৰতিষ্ঠানে
বৰ্তমানৰ ক’পোৰেট পৃথিৱীখনত প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ হ’লে ব্যৱসায়ী ব্যৱস্হাপনাত (Business Management) ক্ষমতাশালী হ’ব লাগিব । চাণক্যই প্ৰকৃত ক্ষমতাশালী বা শক্তিশালী হৈ থাকিব পৰা চাৰিটা প্ৰধান উপাদানৰ বিষয়ে উল্লেখ কৰিছিল । যিকেইটাই তেতিয়া সময়ৰ এজন ৰজাই এখন ৰাজ্য বা ৰাষ্ট্ৰ কেনেদৰে সুচাৰুৰূপে পৰিচালিত কৰিব লাগে সেই বিষয়ে সম্যক জ্ঞান আগবঢ়াইছিল, আৰু বৰ্তমান সময়ত এজন সফল ব্যৱসায়ীক ।
১) বুদ্ধিমক্তা বা জ্ঞান শক্তি ( Intellectual Power) : জ্ঞান শক্তি হৈছে বৰ্তমান
ব্যৱসায়ী জগতৰ মূল শক্তি, কাৰণআজিৰ ক’পোৰেট পৃথিৱীখনক নেতৃত্ববহন কৰিছে জ্ঞানৰ শ্ৰমিকে । এই জ্ঞান হৈছে কোনো এটা ব্যৱসায়ীক সংগঠনৰ অদৃশ্যমান সম্পত্তি । গোটেই জগতৰ ব্যৱস্হাপনাৰ গুৰুসকলে (Management Guru) জ্ঞানৰ বিপ্লৱক লৈ হাবাথুৰি খাই ফুৰিছে । কাৰণ জ্ঞানেই ভৱিষ্যৎৰ এবিধ প্ৰধান সামগ্ৰীত পৰিণত হ’ব । পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা মাইক্ৰছফট কোম্পানিৰ স্বতাধীকাৰ ‘বিল গেট’ৰ ব্যৱসায় হৈছে জ্ঞান লগত জড়িত অৰ্থাৎ আাই. টি. (IT)
জ্ঞান । তেনেদৰে ভাৰতীয় মূলৰ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ‘সুন্দৰ পিচাই’
ধনৰ বলত নহয় জ্ঞানৰ বলতহে প্ৰতিষ্ঠানটোৰ মুৰব্বী হ’ব পাৰিছে । আজিকালি কোনো এটা প্ৰতিষ্ঠানৰ এজন উচ্চ কাৰ্য্যবাহী বিষয়াৰ দৰমহাও তেওঁৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয় ।
২) মানৱ শক্তি (Man Power): এটা ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰকৃত সম্পদ হ’ল মানৱ । মানৱশক্তি দুটাধৰণৰ থাকে - আভন্তৰীণ আৰু বাহ্যিক । চাণক্য মতে আভন্তৰীণ মানৱ শক্তি হ’ল ৰাজ্যৰ মন্ত্ৰী, বিষয়া, সৈন্যসকল, আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সঞ্চালকমণ্ডলী আৰু অংশীদাৰ সকল । বাহ্যিক মানৱ শক্তি হ’ল দেশৰ প্ৰজা আৰু বহিঃ ৰাজ্যৰ নাগৰিক ।
তেনেদৰে ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত গ্ৰাহক আৰু যোগানকাৰীসকল হ’ল বাহ্যিক মানৱ শক্তি । পৰিচালনাৰ ক্ষেত্ৰত সকলোতকৈ কঠিন কাৰ্য্যটো হ’ল মানৱ শক্তি পৰিচালনা । য্ন্ত্ৰ এটা যিমান সহজে পৰিচালনা কৰিব পাৰি, কিন্তু মানৱ শক্তি পৰিচালনা কৰাটো সিমানেই কঠিন । সেইবাবে মানৱ পৰিচালনা (Personnel Management) বিষয়ৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে ।এজন ৰজাই যেনেদৰে তেওঁৰ ৰাজ্যৰ প্ৰজাসকলৰ সুখ শান্তি, সন্তুষ্টি বিষয়ে বুজিবলৈ চেষ্টা কৰিব লাগে, তেনেদৰে এটা ব্যৱসায় প্ৰতিষ্ঠানেও গ্ৰাহকসকলৰ ৰুচি (Choice), সন্তুষ্টি (Satisfaction) বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে । পিটাৰ ড্ৰাকাৰৰ মত অনুসৰিও, “বেচা-কিনাৰ লক্ষ্য হৈছে আমাৰ গ্ৰাহসকলক বিষয়ে জনালৈ আৰু বুজাবলৈ বিচৰা, যাতে আমাৰ সামগ্ৰী আৰু সেৱাসমূহ তেওঁলোকৰ বাবে যথাযোগ্য হয় আৰু নিজে নিজে বিক্ৰী হয় ।“( “The aim of the marketing is to know and understand our
customers, so that the product and service fits them and sell itself”)
৩) বিত্তীয় শক্তি (Financial
Power):
বিত্তীয় বা আৰ্থিক শক্তিয়ে প্ৰতিষ্ঠান এটাৰ প্ৰগতি নিশ্চিত কৰে । এখন সুস্হ উদ্ধৃত পত্ৰই (Balance
Sheet) হৈছে কৰ্মচাৰী, অংশীদাৰ,ব্যৱসায়ৰ স্বাৰ্থজড়িত লোকসকলে অপৰিবৰ্তীত ভাৱে প্ৰতিষ্ঠানক আগবঢ়োৱা সহাৰিৰ পৰিমাখক । বিত্তীয় শক্তিয়ে অকল লাভাংশ বিতৰণকে নহয় প্ৰতিষ্ঠানত পুণৰ বিনিয়োগৰ অৰ্থৰো যোগান ধৰে । যাৰবাবে প্ৰতিষ্ঠানটোৱে গৱেষণা আৰু বিকাশত (R&D) পৰ্যাপ্ত পৰিমাণৰ
অৰ্থ ব্যয় কৰিবলৈ সক্ষম হয়,
নতুন প্ৰকল্পৰ আৰম্ভ আৰু পৰিকল্পনা হাতত ল’ব পাৰে । এনেদৰে প্ৰতিষ্ঠান এটা অনুকূল বিকাশলৈ (Sustainable
Development) গতি কৰে ।
৪) উদ্যম আৰু নৈতিক শক্তি (Power of Enthusiasm and Moral): এইটো উপাদন হৈছে আগৰ তিনিওটা উপাদনৰ সৰ্বোত্তম । কাৰণ এজন প্ৰকৃত নেতাৰ যদি উদ্যম আৰু নৈতিক শক্তি থাকে তেওঁ বাকী তিনিটা উপাদান অনায়াসে আয়ত্ত কৰিব পাৰিব । এই উপাদানৰ অবিহনে বাকী তিনিটা উপাদান ক্ষণস্হায়ী । কাৰণ সকলোবোৰ সফল ব্যৱসায় প্ৰতিষ্ঠানৰ এজন অনুপ্ৰাণিত আদৰ্শবান নেতা থাকে, যাৰদ্বাৰা প্ৰতিষ্ঠানটো সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয় ।
[ৰাধাকৃষ্ণণ পিল্লাই দেৱৰ ‘ক’পোৰেট চাণক্য’ (Corporate Chanakya) প্ৰথম অধ্যায়ৰ পৰা অনুবাদিত]
তাং: ১৮/৪ ২০২০ ড০ মনোজ কুমাৰ হাজৰিকা

Comments
Post a Comment