মেধাসম্পন্ন যুৱক মাধুৰ্য্যৰ কলিতাৰ পৱিত্ৰ সোঁৱৰণত

🙏মেধাসম্পন্ন যুৱক মাধুৰ্য্যৰ কলিতাৰ পৱিত্ৰ সোঁৱৰণত🙏




পলে পলে অনুভৱ কৰো
মাথো তোমাৰ,
ক্ষণে ক্ষণে বিচাৰি ফুৰো
মাথো তোমাক।
নেদেখিলো জীবন্তে
এবাৰো তোমাক,
নহ’ল পৰিচয় মোৰ
ভিনিহি বুলি তোমাৰ ।
বিবাহসূত্ৰে সমদ্ধ হ’ল
বাইদেউৰাৰ লগত,
খুলশালি বুলি গৌৰৱ কৰো
সকলোৰে আগত ।
পলে পলে অনুভৱ কৰো
তোমাৰ অনুপস্হিতি,
তোমাৰ স্মৃতিৰি আৱৰি আছে
আমাৰ সংসাৰখনি।
থাকিলা যদিহে তুমি
এই মৰতত,
বিচাৰি পালো হয় তোমাক
এই জনমত ।
থাকিলা যদিহে তুমি
বিদেশৰ কোনো এটা কোণত,
লগ কৰিলোঁহেতেন তোমাক
জয় কৰি দিগন্তক ।
তোমাৰ মুখখনি মিলাব বিচাৰো
বহুজনৰ লগত,
তোমাৰ গুণসমূহ ভাহি থাকে
বহু মহাপুৰুষৰ মাজত ।
ল’বানে জনম তুমি
আমাৰ ঔৰসত,
হ’বনে তোমাৰ পিতৃৰ পৰিচয়
মোৰ সৌভাগ্যত ।
ৰৈ আছে তোমাৰ পিতৃ-মাতৃ
বহু সপোন দেখি,
মাতিবানে তুমি তেওঁলোকক
আইতা ককা বুলি।
শৰীৰৰ বাবেহে মৃত্যু
মাথো এই মৰতত,
ল’বনে আত্মাই তোমাৰ
জনম আকৌ আমাৰ মাজত ।
........মনোজ কুমাৰ হাজৰিকা
তাং: ২ মাৰ্চ ২০০৮

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল