কলিবাৰী নামৰ ইতিবৃত্ত
🙏🙏 কলিবাৰী নামৰ ইতিবৃত্ত🙏🙏
তেজপুৰৰ কলিবাৰী ঠাইডোখৰ অসমৰ এক লেখত ল'বলগীয়া অঞ্চল । কাৰণ এই ঠাই ডোখৰৰ পৰা আধুনিক অসমীয়াৰ সাংস্কৃতিক বিপ্লৱৰ সূচনা হৈছিল । ইয়াতেই বাস কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, লম্বোদৰ বৰা, অসমীয়া বোলছবি জগতৰ ভোটাতৰা নিপন গোস্বামী দেৱৰ পিতৃ মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আদি বহুতো স্বনামধন্য লোকে। এই পূণ্য ভূমিতে বাস কৰিছিল ১৮৭২ চনত কলেজৰ মুখ দেখা অসমৰ পঞ্চম জন আৰু তেজপুৰৰ প্ৰথমজন ছাত্ৰ বেথাৰাম শৰ্মা । এই ঠাইতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বহু কেইজন গুণী-জ্ঞানী , গণ্য-মান্য লোকে নিগাজিকৈ বাস কৰিছিল । এইসকল স্বনামধন্য ব্যক্তিয়ে ইয়াত বাস কৰাৰ প্ৰধান কাৰণ মোৰ বোধেৰে দুটা, কলিবাৰী ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ, বাসস্থানৰ বাবে বৰ উপযোগী অঞ্চল আৰু এই ঠাইডোখৰৰ তেজপুৰ কাছাৰীৰ ওচৰতে অৱস্থিত । অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী 'বন্তি' কলিবাৰীৰ পৰাই ওলাইছিল, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (অঃভাঃউঃসাঃ সভা)তেজপুৰৰ শাখা ১৮৮৮ চনত কলিবাৰীতে স্থাপিত হৈছিল, যাৰ বন্তি আজিও নুমুৱা নাই । ১৯২৭ চনত অঃভাঃউঃসাঃ সভাই পাতিছিল অসমৰ প্ৰথমখন 'মঞ্চ বিহু' এই কলিবাৰীতে, অসমীয়াৰ প্ৰথমটো আধুনিক ৰঙ্গমঞ্চ বাণ থিয়েটাৰৰ জন্ম কলিবাৰীত, ভাৰতবৰ্ষৰ দ্বিতীয়খন মানসিক ৰোগীৰ চিকিৎসালয় কলিবাৰী অঞ্চলতে স্থাপিত । এই পুণ্য ভূমিতে জন্ম গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় ভলিবল দলৰ খেলুৱৈ আৰু ২০০৮ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা অলিম্পিক ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা প্ৰখ্যাত ভৱানী চৰণ ভট্টাচাৰ্য্য পৰিয়ালৰ শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্যই । অসমৰ এই বিখ্যাত ঠাইডোখৰৰ নাম কেনেদৰে কলিবাৰী হ'ল, অসমৰ ৰাইজে জনাটো অতি প্ৰয়োজনীয় । ইংৰাজী ভাষাত বহুতে 'Kalibari' বুলি লিখে বাবে ইয়াত বহুতে দেৱী কালিৰ মন্দিৰ আছে বুলি ভাৱে । যিটো সচৰাচৰ পশ্চিম বংগৰ ঠাই সমূহৰ ক্ষেত্ৰত শুনিবলৈ পোৱা যায় । সেইবাবে এই সুযোগতে সকলো অসমীয়া প্ৰেমি ৰাইজক ইংৰাজী ভাষাত কলিবাৰী লিখোতে 'K' ৰ পাছত 'a' vowelৰ ঠাইত 'o' ব্যৱহাৰ কৰি 'Kolibari' বুলি লিখিবলৈ অনুৰোধ জনালোঁ । আচলতে কলিবাৰী ঠাইডোখৰ নাম ক'লিবুঢ়ী বা কলিবুঢ়ী বুলি খ্যাত এগৰাকী মহিলাৰ পৰা জনাজাত হৈছে । এই কলিবুঢ়ী আছিল ওঠৰশ শতিকাতে আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰা এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধবা মহিলা । সেইসময়ত স্বৰ্গদেউ শিৱ সিংহৰ পটেশ্বৰী ফুলেশ্বৰী কুঁৱৰীয়ে দেৱী পূজা কৰিছিল আৰু বলিৰ তেজৰ ফোঁট সকলোকে দিয়াইছিল । সত্ৰসমূহ আৰু বৈষ্ণৱ ধৰ্মীৰ লোকসকলৰ ওপৰতো অমানুষিক অত্যাচাৰ চলাইছিল, যাৰ ফলত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল । সেই বিদ্ৰোহ দমনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কলিবুঢ়ীয়ে প্ৰকৃত নামটো জানিব পৰা নগ'ল, ব্ৰহ্মপুত্ৰ নদীয়েদি নাওঁৰে চাৰি পুত্ৰৰ সৈতে আৱশ্যকীয় বয়বস্তুলৈ ভতিয়াই আহে । তাৰে এজন গহপুৰত নামে আৰু বাকী তিনিজনৰ সৈতে সুবিধাজনক ঠাই বিচাৰি আকৌ ভতিয়াই গৈ থাকে । কলিবুঢ়ী আৰু তেওঁৰ দুজন পুত্ৰ তেজপুৰত নামি যায় আৰু এজন পুত্ৰই অকলে নগাঁৱৰ ফালে ভতিয়াই গৈ থাকে । নগাঁৱৰ ফালে যোৱা পুত্ৰজনৰ পিছত কোনো সুংসূত্ৰ পোৱা নগ'ল । কিন্তু গহপুৰত নাৱৰ পৰা নমা জনৰ বংশ বৰ্তমানৰ দত্তৰাম মণ্ডল বুলি জনা যায় । তেওঁৰ একমাত্র জীয়ৰীক বিয়া কৰাইছিল হৰিবিলাস আগৰৱালাৰ পুত্ৰ ধীৰেণ আগৰৱালাই । শিৱসাগৰ জিলাৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা আহি তেজপুৰৰ এই বিশেষ অঞ্চলত বাস কৰা কলিবুঢ়ী আছিল নাওঁ চলোৱাত বৰ পাৰ্গত । বাৰিষা ব্ৰহ্মপুত্ৰৰ ধল পানীত নাওঁ পাৰ কৰাবলৈ কোনেও সাহস কৰা নাছিল, কিন্তু কলিবুঢ়ীয়ে সেইসময়ত সকলোৰে নাৱসমূহ পাৰ কৰাইছিল আৰু নাৱৰীয়াসকলৰ পৰা দুই-এপইচা লাভ কৰিছিল। এই কথা এদিন ৰজাৰ কাণত পৰিল আৰু ৰজাই কলিবুঢ়ীক মাতি নিছিল। ৰজাই তেওঁৰ বিষয়ে সবিশেষ জানিব পাৰি সেই ঘাট কলিবুঢ়ীক প্ৰদান কৰিছিল । লাহে লাহে সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হ'ল গৈ আৰু পিছলৈ সেই গোটেই অঞ্চলটোৰ নাম কলিবাৰী বুলি জনাজাত হৈ পৰিল । ১৯০৫ চনত পণ্ডিত হেমচন্দ্ৰ গোস্বামী তেজপুৰৰ প্ৰশাসনিক বিষয়াহৈ থাকোতে পদ্মনাথ গোহাঞি বৰুৱাক কৈছিল যে কলিবাৰী নামটো বৰ আচহুৱা যেন লাগে, পাৰিলে নামটো সলাই দিব লাগে । তেতিয়া গোহাঞি বৰুৱাদেৱে কৈছিল, "কলিবাঈ নামৰ পোহাৰীজনীৰ নামেৰেই ঠাইটুকুৰাৰ নামে চহৰ ভেদিলে । কি কৰিব !" কলিবুঢ়ীৰ লগত তেজপুৰত থকা পুত্ৰ দুজনৰ নাম আছিল ভোলাই আৰু নাহৰ । ভোলাই আছিল জ্যেষ্ঠ পুত্ৰ আৰু নাহৰ আছিল কনিষ্ঠ। নাহৰৰ সোনকালে মৃত্যু হোৱাৰ বাবে তেওঁৰ বংশ বৃদ্ধি নহ'ল । ভোলাইৰ দুজন পুত্ৰ আছিল , এজনক বৰবুঢ়া আৰু আনজনক সৰুবুঢ়া বুলি জনা গৈছিল । সৰুবুঢ়াৰ পুত্ৰ আছিল তিতিৰাম আৰু গুটিৰাম । তিতিৰামৰ পুত্ৰ গুণাই আৰু ভোদাই আছিল, কিন্তু বংশ সিমানতে অন্ত পৰিল । আনহাতে বৰবুঢ়াৰ একমাত্ৰ পুত্ৰ আছিল লেৰেলা। লেৰেলাৰ পুতেক লেশ্বৰ আৰু তেওঁৰ পুতেক সনোৰাম। সনোৰামৰ পুতেক কেশৰামে নাম সলনি কৰি সোনাৰাম হৈছিল আৰু পটঙ্গীয়া উপাধি লৈ কলিকতালৈ পঢ়িবলৈ গৈছিল। সোণাৰাম পটঙ্গীয়াৰ পাঁচজন পুত্ৰ ক্ৰমে বোধৰাম পটঙ্গীয়া, সোমনাথ পটঙ্গীয়া, পূৰ্ণানন্দ পটঙ্গীয়া, মহেন্দ্ৰ পটঙ্গীয়া আৰু কনক পটঙ্গীয়া । তেওঁৰ ভিতৰত সোমনাথ পটঙ্গীয়া (১৮৯২-১৯২৬) আছিল অবিভক্ত দৰং জিলাৰ প্ৰথমজন বিজ্ঞান স্নাতক । সোনাৰাম পটঙ্গীয়া আটাইকেইজন পুত্ৰৰ বংশ-পৰিয়াল কলিবাৰীতে বৰ্তমানেও বিদ্যমান । পটঙ্গীয়া পৰিয়ালৰ ঊনৈশ শতিকাতে লিখা এখন পুথিৰ পৰা এই সমল লাভ কৰা হৈছে।
ড০ মনোজ কুমাৰ হাজৰিকা
Comments
Post a Comment