লক-ডাউন আৰু অনলাইন শিক্ষাদানৰ ব্যৱস্থা

🙏লক-ডাউন আৰু অনলাইন শিক্ষাদানৰ ব্যৱস্থা🙏


কৰ'ণা ভাইৰাছ কভিড-১৯ৰ আৱিৰ্ভাৰ লগেলগে আমাৰ দেশত লক-ডাউনৰ সমস্যাই দেখা দিলে, তাৰ লগেলগে দৈনন্দিন জীৱন যাত্ৰা শৈলী স্তব্ধ হৈ পৰিল। স্কুল কলেজসমূহ মৰশালিত পৰিণত হোৱা যেন হ'ল। কেতিয়া আকৌ স্বাভাবিক অৱস্থালৈ ঘূৰি আহিব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু নতুন প্ৰযুক্তি কৌশল সৎ ব্যৱহাৰৰ দ্বাৰা ছাত্র-ছাত্রীসকলক বহুপৰিমাণে সকাহ দিবলৈ পৰা যায়। অসমীয়াত এষাৰ কথা আছে "মন কৰিলে ছন, বাকৰি মাটিতে ধন" (Where there is will, there is way) । আজিৰ যুগ, বিজ্ঞান প্ৰযুক্তি যুগ, ইন্টাৰনেটৰ যুগ। বৰ্তমান সময়ত আটাৰ চাহিদাকৈ ডাটাৰ(Data) চাহিদাহে বেছি। প্ৰায়বোৰ কলেজীয়া ছাত্র-ছাত্ৰীৰ হাতত এনড্রয়েড (Android) জাতীয় ম'বাইল ফোন উপলব্ধ, চৰকাৰেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বা দ্বিতীয় শ্ৰেণীত উত্তীর্ণসকলক লেপটপ কম্পিউটাৰ দিয়া ব্যৱস্থা কৰিছে। ভাৰতবৰ্ষত জিঅ' (Jio) ফোনৰ আৰম্ভণি লগে লগে ইন্টাৰনেটৰ ডাটা সুলভ আৰু সহজ লভ্য হৈ পৰিল। বৰ্তমান সময়ত বিনামূল্যে উপলব্ধ গুগল ক্লাছৰূম (Google Classroom), দীক্ষা (Diksha NCRT) , চে নমস্তে (Say Namaste), জুম (Zoom) , ইউটিউব (Youtube) আদি মাধ্যমসমূহ (Application) ব্যৱহাৰ কৰি সুন্দৰভাৱে অনলাইন মাধ্যমযোগে নিৰ্বিচ্ছন্নভাৱে শিক্ষাদান কৰিব পৰা যায়। উদাহৰণস্বৰূপে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে গুগল ক্লাছৰূমৰ দ্বাৰা ৯০% ৰো অধিক ছাত্র-ছাত্ৰীক সামৰি ল'বলৈ সক্ষম হৈছে। প্ৰথমে গুগল ক্লাছৰূমৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ। গুগল ক্লাছৰূমৰ হৈছে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইনযোগে শিক্ষাদান কৰিব পৰা এক অতি সৰল মাধ্যম। গুগল ক্লাছৰূমৰ দ্বাৰা প্ৰত্যক্ষভাৱে বা কালসংহতভাৱে (Synchronizing) আৰু পৰোক্ষভাৱে বা অকালসংহতভাৱে (Non-synchronizing) ছাত্র-ছাত্ৰীসকলক পাঠদান কৰাৰ ব্যৱস্থা আছে । লগতে এই ব্যৱস্থাত সংগবদ্ধভাৱে কোনো এটা বৰ্ষৰ বা ছেমিস্টাৰৰ বিভিন্ন বিষয়ৰ ক্লাছসমূহ বহুকেইজন শিক্ষকে একেলগে কৰাৰ সুবিধা আছে । অকল লিখিত বা ভিডিও পাঠদানেই নহয়, এছাইনমেন্ট (Assignment) দিয়া, পৰীক্ষা পতা আদিৰো ব্যৱস্থা আছে। দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ (Internal Assessment) পৰীক্ষাও সফলতাৰে অনুষ্ঠিত কৰিছে। অকালসংহত (Non-synchronizing) মাধ্যমত ক্লাছসমূহ ছাত্র-ছাত্ৰীসকলৰ সুবিধা বা ৰুচি অনুসৰি কৰাৰ ব্যৱস্থা থাকে। জুমত (Zoom) ক্লাছ কৰিলে সেই সুবিধা পোৱা নাযায়। অৱশ্যে জুমৰ ক্লাছটো ৰেকৰ্ড কৰি ইউটিউব দিয়াৰ ব্যৱস্থা কৰিলে ছাত্র-ছাত্ৰীসকলে অকালসংহত (Non-synchronizing) মাধ্যমত শিক্ষাগ্ৰহণ কৰিব পাৰিব। এজন শিক্ষক হিচাপ আমাৰ প্ৰধান ধৰ্ম হৈছে কোনো কাৰণতে যাতে শিক্ষাদানৰ প্ৰক্ৰিয়া স্তব্ধ হৈ নাযায়। অৱশ্যে কিছুমান পিছপৰা অঞ্চল বা দুখীয়া ছাত্র-ছাত্ৰীৰ বাবে এই ব্যৱস্থা ফলপ্রসূ নহ'বও পাৰে। কিন্তু ১০ % ছাত্র-ছাত্ৰীৰ বাবে ৯০% ছাত্র-ছাত্ৰীক বঞ্চিত কৰাটো জানো উচিত হ'ব। এই ১০% বাদ পৰি যোৱা ছাত্র-ছাত্ৰী বাবে পিছৰ পৰ্যায়ত বেলেগ ব্যৱস্থাৰে অৱলম্বন কৰিব পৰা যাব। এই লক-ডাউনৰ বা মহামাৰীৰ পৰিস্থিতিত ছাত্র-ছাত্ৰীসকলক কিবা প্ৰকাৰে অলপ সহায় কৰিব পৰাটো আমাৰ পক্ষে ডাঙৰ কথা, " নাই মোমাইতকৈ কণা মোমাইয়েই ভাল। " বহুতেই আকৌ হোৱাটআপৰ (WhatsApp) জড়িয়তে পাঠদান কৰিব বিচাৰে। কিন্তু মোৰ মত অনুসৰি হোৱাটআপৰ মাধ্যম অনলাইন পাঠক্রমৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয়। কাৰণ হোৱাটআপৰ এটা যোগাযোগৰহে মাধ্যম শিক্ষাদানৰ মাধ্যম নহয়। ইয়াৰ দ্বাৰা আমি আমাৰ দায়িত্বহে পালন কৰিব পাৰিম, কিন্তু ছাত্র-ছাত্ৰী সকলক বিশেষভাৱে উপকৃত নহ'ব। সেইবাবে যিসকল শিক্ষক-শিক্ষয়ত্ৰীয়ে গুগল ক্লাছৰূমৰ বিষয়ে জ্ঞাত নহয় তেওঁলোকে মোৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে। মোৰ সীমিত জ্ঞানেৰে যিমানখিনি পাৰো সহায় কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ
ড০ মনোজ কুমাৰ হাজৰিকা
দৰং মহাবিদ্যালয়, তেজপুৰ
ম'বাইল: 9613418906

Comments

Popular posts from this blog

"ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি অভিশাপ নে আৰ্শীবাদ"

এৰি অহা দিনবোৰ

জুবিন গাৰ্গ ইতিহাস হ'ল