Posts

নমতা বিয়া খোৱা পৰ্ব : (২) পগল ভিক্ষাৰী বুলি ভাবি মাটিত বহুৱালে

Image
( ২ ) পগল ভিক্ষাৰী বুলি ভাবি মাটিত বহুৱালে : ১৯৯৪ চনৰ বিধান সভাৰ নিৰ্বাচনৰ সময় , আমি তেতিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ।   মোৰ বন্ধু মানস লহকৰ দেউতা বদন লহকৰ ভাৰতীয় জনতা পাৰ্টিৰ ( বিজেপি ) তেজপুৰ বিধান সভা সমষ্টি প্ৰাৰ্থী । আমি সকলোবোৰ নিৰ্বাচনী প্ৰচাৰত ব্য স্ত ।   সেইসময়ত তেজপুৰলৈ নিৰ্বাচনী   প্ৰচাৰৰ বাবে হিন্দী চিনেমা জগতৰ অভিনেতা শত্ৰোঘ্ন সি ন হাদেৱ আহিছিল ।   ভাস্কৰদাই মোক আৰু মোৰ বন্ধু এজনক তেজপুৰ চহৰত নিৰ্বাচনৰ পষ্টাৰ বোৰ মাৰিবলৈ দায়িত্ব দিলে ।   আমি ভা বিলো যে বেলেগক হাজিৰা দি পষ্টাৰ বোৰ লগোতৱাতকৈ নিজেই ৰাতি ৰাতি লগালে হাজিৰাৰ পইচা কেইটা আমিয়েই পাম ।   সেইবাবে মই আৰু মোৰ বন্ধু য়ে ময়দাৰ আঠা বনাই মুৰত গামোচা - চামোচা মাৰি এফালৰ পৰা পষ্টাৰ বোৰ মাৰিবলৈ আৰম্ভ কৰি দিলো ।   এইদৰে পষ্টাৰ বোৰ মাৰি থাকোতে এদিন ৰাতি প্ৰায় ১১টা মান বজাত আমি তেজপুৰ ল ’ ৰা এম : ভি : স্কুল খনৰ ওচৰ পালো গৈ ।   তেনেতে দেখিলো ওচৰৰ কেদাৰমল বিবাহ বাহত বিয়া এখনৰ দৰা আহিছ...

নমতা বিয়া খোৱা পৰ্ব : (১) বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো

Image
( ১ ) বিয়া বুলি শ্ৰাদ্ধ ঘৰত সোমালো : কথাতে কয় বোলে “ মাতিলে ৰণলৈও যাবা , নামাতিলে সবাহলৈও নাযাবা ” । কিন্তু আমাৰ শৈশৱ আৰু ল ’ ৰালি কালত এই কথাষাৰে আমাৰ ওপৰত বিশেষ কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল । সেইসময়ত আমি নমতা বিয়া অৰ্থাৎ যিবোৰ বিয়ালৈ আমাক নিমন্ত্ৰণ কৰা নাই , তেনেকুৱা কিছুমান বিয়া খাই ফুৰিছিলো আৰু নমতা বিয়া এখন খাই আহি তাত হোৱা ঘটনাবোৰ লগৰীয়াৰ আগত বৰ্ণনা   কৰাৰ মজাই বেলেগ আছিল ।   ‘ মাখি ’ বোলা মানুহ এজনে নমতা বিয়া - বা ৰু বোৰ খাই ফুৰা বিভিন্ন কাহিনীও আমি সেইসময়ত আলোচনা কৰি বৰ ৰস পাইছিলো । এবাৰ আমি এঘৰ মানুহৰ ঘৰত ৰভা দেখি   সোমাই গ ’ লো । তেতিয়া   আমি ‘ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ’ ( গভৰ্মেন্ট বয়জৰ ) ছাত্ৰ আছিলো ।   বগা ইউনিফম যোৰৰ লগত এটা বেলেগ ৰঙৰ চোলা লৈ ফু ৰি ছিলো ।   সেইদিনা চোলাটো সলাই লগৰীয়া কেইজনৰ সৈতে মই নমতা বিয়া ঘৰ এখন ত সোমালো গৈ । তেতিয়া দিনত আজিকালিৰ নিচিনাকৈ বিয়া বাবে ৰঙীন কাপোৰৰ পেণ্ডেল , শ...

এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি

Image
এ.চি. টি. এ. ৰ সদস্যসকললৈ মুকলি চিঠি             অহা অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা ছয়গাওঁ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্হাৰ ৬০তম বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হ’ব, সেইবাবে এ.চি. টি. এ. ৰ সকলো সদস্যলৈ আহ্বান জনাইছো যে এই অধিৱেশনখনত আলোচনা হ’বলগীয়া বিষয়বস্তু সমূহৰ ওপৰত যেন বিশেষ মনোযোগ দিয়ে ।  ‘পাঞ্চিং মেচিন ব্যৱহাৰ কৰা বা নকৰাৰ’ লেখিয়া প্ৰস্তাৱসমূহ যেন এইবাৰ গ্ৰহণ নকৰে ।  যোৱাবাৰ কৰিমগঞ্জ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অসম কলেজ শিক্ষক সংস্হাৰ ৫৯তম বাৰ্ষিক অধিৱেশনখনত সুযোগ বুজি গ্ৰহণ কৰা তেনে এক অবাঞ্চিত প্ৰস্তাৱে অসমৰ কলেজ শিক্ষকসকলক   ৫ চেপ্তেম্বৰ ২০১২ৰ শিক্ষকদিৱসৰ  পৰা  ছাত্ৰ-ছাত্ৰী  তথা সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰাইছিল আৰু ইয়াৰ কাৰণে বৌদ্বিক মহলতো বিশৃংখলতাৰ সৃষ্টি  হৈছিল ।  কলেজশিক্ষকসকল সংবাদ মাধ্যমতো এনে প্ৰস্হাৱৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ঠায়ে ঠায়ে কেইজনমান কলেজশিক্ষকে বা কেইটামান কলেজগোটে ইয়াৰ বিৰোধীতা কৰিছিল যদিও সংবিধান আৰু একতাৰ খাতিৰত তেনে অনৈতিক প্ৰস্তাৱ মানি ল’বলৈ ব...